দূৰ্গা পূজাৰ নামত বলি বিধান প্রথা কেতিয়া বন্ধ হ'ব? (লক্ষ্য জ্যোতি নাথ)

দূৰ্গা পূজা সমাগত। এইকেইদিন বাতৰি কাকতত অমুকখন দেৱালয়ত ইমানটা ম’হ বলি দিয়া হ’ব, অমুকখন মন্দিৰত ইমানটা ছাগলী, পাৰ বলি দিয়া হ’ব আদি বাতৰি পঢ়ি আচৰিত হৈছোঁ। দূৰ্গা পূজাৰ নামত শ শ জীৱ-জন্তু বলি দিয়া কিমান যুক্তিসংগত?
এসময়ত সমাজখনক গ্ৰাস কৰা সতীদাহ প্রথা, নৰবলি প্রথা, ডাইনী হত্যা আদি বিশ্বাস কৰা লোকসকলৰ মানসিকতা আৰু বৰ্তমান দূৰ্গা পূজাৰ নামত নিৰীহ, মাতিব নোৱাৰা জীৱ-জন্তুক বলি দি শান্তি পোৱা মানুহৰ মানসিকতাৰ মাজত একো পাৰ্থক্য নাই বুলি মই ভাবোঁ।
মানুহ গৈ মংগল গ্ৰহ পালেগৈ, বিজ্ঞান আৰু প্রযুক্তিবিদ্যায়ে পৃথিৱীখন হাতৰ মুঠিত ধৰি ৰাখিব পৰা অৱস্থা সৃষ্টি কৰিলে কিন্তু ভাবিলে আচৰিত লাগে এতিয়াও এচাম মানুহে মাতিব নোৱাৰা নিৰীহ জীৱক হত্যা কৰিলে ভগৱান বা দেৱী সন্তুষ্ট হয় বুলি বিশ্বাস কৰে। কথাটো এনেকুৱাও নহয় যে দূৰ্গা পূজাৰ নৱমী দিনা ম’হ বলি দিয়া লোকসকল অশিক্ষিত বা বিজ্ঞানৰ জয় যাত্ৰাৰ কথা বা সতী দাহ প্রথা আদি কি আছিল নাজানে। তেওঁলোকৰ বেছিভাগেই স্মাৰ্ট ফোন ব্যৱহাৰ কৰে,  ফেচবুক-হোৱাটচএপ ব্যৱহাৰ কৰে, নিজকে আধুনিক বুজাবলৈ চুটি কাপোৰ পিন্ধে। কিন্তু পশ্চিমীয়া সংস্কৃতি অনুসৰণ কৰি চুটি কাপোৰ পিন্ধিলে বা হাতত স্মাৰ্ট ফোন ললেই জানো মানুহ আধুনিক হৈ যাব?  চুটি কাপোৰ পিন্ধক আপত্তি নাই, স্মাৰ্ট ফোন চলাওক কাৰো আপত্তি নাই কিন্তু সঁচাকৈয়ে আধুনিক হ’বলৈ হ’লে নিজৰ মানসিকতা সলনি কৰিব লাগিব। যেতিয়ালৈকে মানসিকতা আধুনিক নহয় তেতিয়ালৈকে বস্ত্র বা যন্ত্ৰৰ ব্যৱহাৰে কাকো আধুনিক কৰিব নোৱাৰে। হাতত স্মাৰ্ট ফোন লৈ যদি নিৰীহ জীৱ এটাক বলি দিলে দেৱী সন্তুষ্ট হ’ব বুলি ভাৱে তেন্তে সেইজন মানুহ কেতিয়াও আধুনিক হ’ব নোৱাৰে।
দূৰ্গা পূজাৰ নামত সেই শ শ জীৱ-জন্তুবোৰক হত্যা নকৰি যদি সেই জীৱ-জন্তুবোৰক মুকলিলৈ জীয়াই থাকিবলৈ এৰি দিয়ে তেতিয়া দেৱী সন্তুষ্ট হ’ব নে জীৱ-জন্তুবোৰক হত্যা কৰিলে সন্তুষ্ট হ’ব?
সৰুৰে পৰা কোৱা শুনো দলং বনোৱাৰ আগত বোলে কেঁচুৱা এটাৰ ডিঙি কাটি তেজ দিব লাগে, তেতিয়াহে দলংখন স্থাপন কৰিব পাৰি। এনে অযুক্তিকৰ কথাও বিশ্বাস কৰা মানুহ আগতে আছিল আৰু এতিয়াও আছে। মাজতে নিউজ চেনেলতে দেখিছিলোঁ এজন ভণ্ড তান্ত্রিকে গাওঁৰ প্রাথমিক বিদ্যালয় এখনৰ পৰা সৰু ল’ৰা এটা বলি দিবলৈ বিদ্যালয়ৰ পৰা ফুচুলাই লৈ আহিছিল। সেই সৰু কণমানিটোৰ ভাগ্য ভাল আছিল যে গাঁৱৰ মানুহে কথাটো গম পালে আৰু ভণ্ড তান্ত্রিকজনক লপা-থপা দি আৰক্ষীক গতাই কণমানিটোক উদ্ধাৰ কৰে। সেই মূৰ্খ ভণ্ড তান্ত্রিকজন আৰু দূৰ্গা পূজাৰ অষ্টমী-নৱমীত দেৱীক সন্তুষ্ট কৰিবলৈ শ শ জীৱ-জন্তুক বলি দিব বিচৰা এই আধুনিক (?) মানুহসকলৰ মাজত কিবা পাৰ্থক্য আছেনে বাৰু?
এটা সময়ত স্বামীৰ মৃত্যু হ’লে পত্নী জীয়াই থকা অধিকাৰ নাই বুলি মৃত স্বামীৰ চিতাত পত্নীক পেলাই দি জ্বলাই দিছিল। তেনে পাশৱিক নিয়ম যে অযুক্তিকৰ আছিল এটা সময়ত মানুহে বুজি পালে আৰু সমাজখন সচেতন হোৱাৰ বাবে বন্ধ হ’ল কিন্তু জীৱ-জন্তুক বলি দিয়া প্ৰথা আদি এতিয়াও থাকি গ’ল।
নিৰীহ মাতিব নোৱাৰা জীৱ-জন্তুক বলি দিয়া এই প্রথা বন্ধ হ’ব লাগে আৰু সেই জীৱ-জন্তুক পূজাত উৎসৰ্গা কৰিব বিচাৰে যদি পূজা কৰি মুকলিলৈ এৰি দিব লাগে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments