দৃশ্যান্তৰ: মেঘালী দিহিঙীয়া

ঘটনাটো ঘটি যোৱা আজি পাঁচদিনেই হ’লহি। খবৰ এটা কৰিবলৈহে যাব পৰা নাই। তাতে এই চাৰিদিন স্কুলো বন্ধ আছিল পূজাৰ বাবে। ভাবি আছিলোঁ সোমবাৰে স্কুলৰপৰা আহোতে সোমাই আহিম। এওঁহে পুৱাই ক’লে- “আবেলিলৈ তামুলী ছাৰৰ ঘৰৰপৰা আহিমগৈ এপাক, ওলাবা।”
সিদিনা পুৱাতে হেডছাৰে ফোন কৰিছিল তামুলী ছাৰৰ এক্সিডেণ্টৰ খবৰটো দিবলৈ। বাইক এক্সিডেণ্ট। ট্ৰাকৰ সৈতে মুখামুখি সংঘর্ষ। স্পট্ ডে’ড। থৰ হৈ পৰিছিলোঁ ঠাইতে, কিছুপৰলে। আগদিনাখন মাথোঁ লগ পাই আহিছোঁহে বজাৰত, ল’ৰা আৰু ল’ৰাৰ মাকৰ বাবে পূজাৰ কাপোৰ কিনিবলৈ আহিছিল। ল’ৰাৰ মাক এইবাৰ পূজা চাবলৈ আহিব নোৱাৰে। গাত লেঠা, এইমাহৰে শেহলৈ তাৰিখ পৰিছে। “এযোৰ কিনিছো আৰু বুজিছা, পূজা চাবলৈ আহিব নোৱাৰিলেও ঘৰতে পিন্ধিব। নহ’লে ওচৰৰ চবকে নতুন কাপোৰ লোৱা দেখিলে মন বেয়া নালাগিব জানো?” – লাজ লাজকৈ কৈছিল তেখেতে। ছাৰৰ ল’ৰা মোৰেই ছাত্ৰ। আমাৰ স্কুলতে পঢ়ে, তৃতীয় শ্ৰেণীত। ছাৰ আমাৰ স্কুলখনৰ কাষতে লাগি থকা হাইস্কুলখনৰ শিক্ষক, ইংৰাজী পঢ়ায়। ভেঞ্চাৰ স্কুল, প্ৰাদেশিকীকৰণ হোৱা নাই এতিয়াও। দৰমহা-পাতি তেনেকৈ নহয়। দুই এটা টিউশ্যন কৰি বছৰেকৰ খেতিটোৰ সৈতে টুক্ টাক্ কৈ চলাই আছে ঘৰখন।
গাঁৱৰ প্ৰাইমেৰী স্কুলখনত মোৰ চাকৰিটো হোৱা তিনিবছৰেই হ’ল। চাকৰিৰ দৰকাৰ তেনেকৈ হোৱা নাছিল। এখেতৰ বেংকৰ চাকৰি, ঘৰ সোমাওঁতে সন্ধিয়াই হয়। শহুৰ-শাহু থাকে বৰজনাৰ পৰিয়ালৰ সৈতে, যোৰহাটত। আমি ডিব্ৰুগড়ত। বিয়াৰ সাতবছৰ পাৰ হ’ল, সংসাৰ বঢ়া নাই এতিয়াও। দিনটো অকলে থাকিলে সময়বোৰ নাযায় নুপুৱাই যেন লাগে। এখেতেই কৈছিল- “সৰু-সুৰা কিবা এটা কৰি থাকিব পাৰা দেখোন এনেয়ে থকাতকৈ, একাডেমিক ৰেকৰ্ডো বেয়া নহয়।” সেই সময়তে চৰকাৰে TET পৰীক্ষা পাতিলে। দিলোঁ, পাছো কৰিলোঁ। ভাবিছিলোঁ, চাকৰিটো দূৰৈত পালে নকৰোঁ। কেনেকৈ কি মিলিল নাজানো, চাকৰি কিন্তু ওচৰতে হ’ল। ঘৰৰপৰা ৭/৮ কিলোমিটাৰমান হ’ব। বেছি আওহতীয়াও নহয় স্কুলখন, মেইন ৰোডৰপৰা ডেৰ কিলোমিটাৰমান সোমাব লাগে। এওঁ স্কুটী এখন কিনি দিলে। যাওঁ, ল’ৰা-ছোৱালীবোৰৰ সান্নিধ্যত মনটো আহ্লাদ-প্ৰশান্তিৰে ভৰি থাকে। স্কুলৰ চাকৰিটো কৰি ভাল লাগিছে, সময়বোৰো গৈ আছে গতানুগতিকভাৱে।
তামুলী ছাৰক সেই তেতিয়াৰ পৰাই চিনি পাওঁ। আমাৰ স্কুলখন থকা গাঁওখনতে ঘৰ, বয়স ৩৭/৩৮ ৰ বেছি হোৱা নাই। বিহু-পূজা, সভাই-সমিটিয়ে সকলোতে আগৰণুৱা। গাঁওখনৰ সৰল মানুহখিনিৰ খুবেই প্ৰিয়পাত্ৰ তেওঁ। অত্যন্ত অমায়িক স্বভাৱৰ। ঘৰুৱা অৱস্থা সিমান ভাল নহয়, তথাপি সাতবছৰীয়া পুত্ৰ পত্নী আৰু বৃদ্ধা মাতৃৰ সৈতে সুখৰ সংসাৰ। তেখেতৰ পৰিবাৰো খুবেই অমায়িক। বয়সত মোক সমবয়সীয়াই হ’ব, সৰুও হ’ব পাৰে দুই এবছৰ। ছাৰৰ সৈতে বয়সৰ যথেষ্ট ব্যৱধান যদিও প্ৰেমবিবাহেই আছিল হেনো। শুনামতে ছাৰৰেই ছাত্ৰী আছিল। মেট্ৰিক দিয়েই বিয়া সোমাল, ছাৰে জোৰ দিছিল যদিও কলেজলৈ যোৱাৰ কথা চিন্তা নকৰিলে। গাঁৱৰ সহজ সৰল পৰিৱেশত বোৱা কাপোৰসাজৰ সৈতে কপালত ডাঙৰকৈ সেন্দুৰৰ ফোঁট লোৱা মানুহজনীক মই বৰ ধুনীয়া দেখোঁ। মোৰ স্কুললৈ ছাৰৰ ঘৰৰ সন্মুখেদিয়েই যাব লাগে। প্ৰায়েই লগ পাওঁ ছাৰৰ পৰিবাৰক। কথা খুব কম কয়। আজি অলপদিন ধৰি দেখা নাই মানুহগৰাকীক। হয়তো গাটো বাঢ়ি অহাৰ বাবে ওলোৱা সোমোৱা কৰাটো অলপ কমাইছে। কাষৰ অঙ্গনবাড়ী কেন্দ্ৰত প্ৰতি বুধবাৰে স্বাস্থ্যপৰীক্ষা হয়। তাত পাঁচমহীয়া বেজী লবলৈ আহোতেই ভালকৈ লগ পাইছিলোঁ। “এইবাৰ ছোৱালী হ’লে এখেতে বৰ ভাল পাব” – লাজ লাজকৈ কৈছিল।
সেইজন তামুলী ছাৰৰে এক্সিডেণ্ট। খবৰটো পাই লগে লগেই যাবলৈ ওলাইছিলোঁ যদিও যোৱা নহ’ল। প্ৰেগনেন্সীৰ ফ’ৰ মান্থচ্ চলি আছে মোৰ। মৃতকৰ ঘৰলৈ যোৱাত মানা। মই এইবোৰ তেনেকৈ নামানো, এখেতেও। তথাপি ক’লে, “আজিয়েই যাব নালাগে দিয়া, তিনিদিনীয়া কাজফেৰা হৈ যাওক।” একো নক’লোঁ। বিয়াৰ সাতবছৰ হৈ গ’ল। বহু খৰচ-পাতি, মেডিকেল ট্ৰিটমেন্টৰ পাছত এইবাৰ কোনোমতে সন্তানৰ মা হ’বলৈ আগবাঢ়িছোঁ। কেছটো এতিয়াও কমপ্লিকেটেদ হৈ আছে। মাহত দুবাৰকৈ চেক্-আপত যাওঁ। এখেতেও মোৰ যত্ন লোৱাত অলপো ক্ৰুটি ৰখা নাই। ঘৰৰ কামত হাত লগাবলৈকে নিদিয়ে। কামকৰা মানুহ এজনী ৰাখিছোঁ, সকলো তায়েই কৰে। ঘৰৰ পৰাও সহায়ৰ বাবে আহিব পৰাকৈ মানুহ নাই। বৰজনা-জা দুয়ো চাকৰিয়াল। শাহু অসুখীয়া। মাৰ ঘৰখনতো সেই একেই। নবৌৰ দুমহীয়া কেঁচুৱা, মা ঘৰৰপৰা ওলাবই নোৱাৰে। ভণ্টিৰো যোৱাবছৰেই বিয়া হৈ গ’ল। সেয়ে মোৰ সকলোখিনি দায়িত্ব এওঁৰ ওপৰতে। মানুহজনৰ কাণ্ডবোৰ দেখিলে হাঁহিও উঠে। প্ৰেগনেন্সী টেষ্ট কনফাৰ্ম হোৱাৰ দিনাৰেপৰাই স্কুটীৰ চাবি লুকুৱাই ৰাখিছে। ওচৰৰে দ্ৰাইভাৰ এজন ঠিক কৰি দিছে, স্কুললৈ গাড়ীখনত অহা-যোৱা কৰিছোঁ এইকেইমাহ। তেওঁ নিজে বাইকখন লৈ অফিচলৈ যায়। মই একো নামাতোঁ, মাতিলেও মোৰ কথা নৰজে। মানুহজনলৈ মৰমবোৰ বাঢ়ি আহে। নিশাটো সাৱটি ধৰি সোমাই থাকোঁ তেওঁৰ বুকুৰ মাজত, যেন তাতেই আছে পৃথিৱীৰ সমস্ত সুখৰ আকৰ, নিৰাপত্তাৰ সমস্ত ঠিকনা।
আবেলি চাৰিমান বজাত গাড়ীখন লৈ ওলালোঁ। মণিক অলপ সোনকালেই পঠিয়াই দিলোঁ। তাই পুৱা ছয়বজাতে আহে, দিনটোৰ কামখিনি কৰি সন্ধিয়া পাঁচমান বজাত যায়গৈ। গিৰিয়েক ঢুকোৱা দুবছৰমান হ’ল। খুব মদ খাইছিল মানুহটোৱে। হঠাৎ এদিন নোহোৱা হ’ল, এসপ্তাহৰ পাছত নৈত উটি আহিল মৰা মানুহটো। কোনোবাই মাৰিলে নে নিজেই পানীত পৰি মৰিলে সেই কথাৰ বৰকৈ বিচাৰ কৰিবলৈ নহ’ল। মণিৰ ইমানবোৰ কথা ভাবিবলৈ সময় নাই। ঘৰখনত তিনিটাকৈ ল’ৰা-ছোৱালী, বেমাৰী শহুৰেক, তায়েই চাব লাগে সকলো। ইঘৰ সিঘৰত কাম কৰি মানুহজনীয়ে কোনোমতে পৰিয়ালটো পোহপাল দি আছে। আমাৰ ঘৰত কাম কৰিবলৈ অহা চাৰিমাহমানেই হ’ল। মানুহজনী ভাল, মোক একো কামত হাত লগাবলৈকে নিদিয়ে। পাকঘৰৰ ৰন্ধা-বঢ়াৰপৰা বাথৰুমৰ গা ধোৱা কাপোৰলৈকে সকলোখিনি নিয়াৰিকৈ চম্ভালে। মই মাথো স্কুল যাওঁ, খাওঁ, আৰু আৰাম কৰোঁ।
ছাৰৰ ঘৰলৈ মাথো পোন্ধৰ মিনিটৰ ৰাস্তা। বাটতে এখেতে বজাৰত সোমাই বুট-মগু আৰু অলপ ফল-মূল ললে । গাওঁখন আজি আনদিনাতকৈ নিমাত-নিতাল যেন লাগিছে । কালি পূজাৰ দেৱী বিসৰ্জন দিছে মাথো, অথচ হৈ যোৱা উৎসৱৰ উলহ-মালহৰ কোনো চিন-মোকাম নাই ।
গাঁৱৰ ৰাস্তাটোৰে অকণমান সোমায়েই ছাৰৰ ঘৰ । গাড়ীখন পদূলিমুখতে ৰখাই নঙলা খুলি সোমাই গ’লোঁ দুয়ো । মাটিৰে লেপা বেৰৰ ওপৰত চূণ দিয়া এটা সাধাৰণ অসম আৰ্হিৰ ঘৰ । পিৰালিমুখতে দুজোপামান ফুল— নয়নতৰা, নাৰ্জি, গধূলি গোপাল… শেৱালি এজুপিও ফুলি আছে চোতালখনৰ একাষত । তাৰ কাষতে জেওঁৰা দি বেৰি থোৱা সৰু এডৰা শাকনি । গুটি সিঁচা চাগে বৰ বেছিদিন হোৱা নাই, সেউজীয়া হৈ কোমল পাতবোৰ ওলাইছে মাথো । ভিতৰত মানুহ আছিলেই, প্লাষ্টিকৰ চকী দুখন আজৰাই চৰাঘৰতে আমাক বহিবলৈ দিলে । মই ইফালে সিফালে এবাৰ চালোঁ, প্ৰায়বিলাকেই মোৰ চিনাকি মুখ । স্কুললৈ অহাযোৱা কৰোঁতে এই তিনিবছৰত প্ৰায়খিনি মানুহেই মোৰ চিনাকি হৈ পৰিছে । এখেতক তাতে বঢ়িবলৈ কৈ ফলমূলৰ মোনাটোৰ সৈতে মই ভিতৰলৈ সোমাই গ’লোঁ । চৰাঘৰৰ পিছৰ কোঠাটো মুকলি । কাষতে শোৱনীকোঠা, বিপৰীতফালে ৰান্ধনীঘৰ । ৰান্ধনীঘৰৰ কাষতে আন এটা সৰু কোঠা, সম্ভৱতঃ তাত ছাৰৰ মাক শোৱে । মুকলি কোঠাটোত চকী-টেবুল একোৱেই নাই । চুক এটাত অলপ ধানখেঁৰৰ ওপৰত এখন পাটী পাৰি থোৱা আছে । পাটীখনৰ ওপৰত থমথমকৈ বহি আছে ছাৰৰ পৰিবাৰ । যেন এক প্ৰস্তৰ মূৰ্তি । মানুহগৰাকীৰ স্ফীত উদৰটোলৈ চকু পৰাত বুকুখন চিৰিংকৈ উঠিল মোৰ । এই ন মাহৰ সগৰ্ভা মানুহজনীয়ে মাটিৰ ওপৰত পাৰি থোৱা খেৰৰ বিছনাখনত এনেকৈ বহি থাকিবলৈ কষ্ট পোৱা নাই নে… ?
কোঠাটোত কেইবাগৰাকীও মহিলা বহি আছে । তাৰে বেছিভাগ গাঁৱৰে । কাষতে পীৰা এখন পাৰি বহিবলৈ লৈয়ো ৰৈ গ’লোঁ, এখেতে মোক চাপৰ আসনত বহিবলৈ একেবাৰে নিদিয়ে । বৰকৈ তললৈ হাউলি মেলি থকাটোও পছন্দ নকৰে । ইফালে সিফালে চাওঁতেই এগৰাকীয়ে প্লাষ্টিকৰ চকী এখন আনি দিলে । চকীখনত বহি লৈ আকৌ এবাৰ ছাৰৰ পৰিবাৰলৈ চালোঁ । মানুহগৰাকীয়ে এবাৰো মূৰ ডাঙি চোৱা নাই । কোঠাটোলৈ কোন আহিছে, কোন গৈছে একোৰে খবৰ নাই । একেদৰেই বহি আছে আঁঠুত মুখ গুঁজি । উহ্… পেটটো… দুখ পোৱা নাইনে পেটটোত…!!
ছাৰৰ ল’ৰা পলাশক দেখোঁ নেকি বুলি চালোঁ এপাক । নাই । ক’ৰবাত চাগে সমনীয়াৰ সৈতে খেলি আছে । সৰু ল’ৰা, এইবোৰ কি হৈছে বুজাৰ বয়সেই হোৱা নহ’ব । ছাৰৰ মাক আনটো কোঠাত শুই আছে । অসুখীয়া বৃদ্ধাগৰাকীক কি বুলিনো মাতষাৰ লগাম ভাবি নাপালোঁ । বহিয়েই থাকিলোঁ একেঠাইতে ।
বেছিসময় বহিবলৈ নহ’ল । এওঁৰ জৰুৰী ফোন এটা আহিল, খৰধৰকৈ যাবলৈ ওলাল । বহুসময় বহাৰ দৰকাৰো নাছিল অৱশ্যে । আচৰিত ধৰণৰ এক অস্বস্তিত ছটফটাই আছিলোঁ ভিতৰি । শোকাৰ্ত কান্দোন এধাৰ বৈ আহিছিল বুকুৰে । শুকুলা সাজ পৰিহিতা সেই স্ফীতোদৰা নাৰীৰ জঠৰতা আৰু উদাসীনতাই যেন চেপি আনিছিল মোক বহা ঠাইতে । একোৱেই ক’ব নোৱাৰিলোঁ তেওঁকো । কি কম, কেনেকৈ মাতিম… একোৱেই ভাবি নাপালোঁ । যাবলৈ উঠি আকৌ এবাৰ চালোঁ… একেই ভংগীমাত বহি আছে আঁঠুত থুতৰি গুজি । নিস্তেজ দুচকু, যেন চকুলোৰ আন্ধাৰত গোট মাৰি শিল হোৱা দুটা বিষণ্ণ শিল, দৃষ্টি মাটিত নিবদ্ধ । বগা চাদৰখনেৰে ঢাকি ৰখা স্বত্বেও অনায়াসে চকুত পৰা স্ফীত পেটটো… কেনেকৈ আছে! কেনেকৈ আছে এই মানুহগৰাকীয়ে… উহ্ প্ৰভু!!
ওলাই আহোতে এগৰাকীয়ে ক’লে, ‘ডেলিভাৰীৰ তাৰিখ এইমাহতে । কোনোমতে ১৬ দিনীয়া কাজফেৰা হৈ গ’লেই হয় ।’
ঘৰলৈ আহি মন বহাব নোৱাৰিলোঁ একোতে । কাপোৰকেইটা কোনোমতে সলাই থমথমকৈ বিচনাতে বহি ৰলোঁ । টিভিৰ দেওবৰীয়া প্ৰগ্ৰেম কেইটাও চোৱা নহ’ল । এওঁ দুবাৰমান চাই গ’লহি, একো নক’লে । মই কোনসময়ত কি ৰূপ লওঁ এখেতে ভালদৰেই জানে । সাতটা বছৰ একেলগে থাকি মোৰ ভিতৰৰ মানুহজনীক মোতকৈও ভালদৰে বুজি পোৱা হৈছে । সকলো সময়তে মোক আৱৰি ৰাখে মানুহজনে । গছ এজোপাৰ দৰে ছাঁ দিয়ে, উমনিত বহা কুকুৰাজনীৰ দৰে মোক ঢাকি ৰাখে । এওঁ কাষত থাকিলে মই নিজৰ বাবে একো ভাবিবলগা নহয়, নিজলৈ বুলি চিন্তা কৰিবলৈ মোৰ একোৱেই বাকী নাথাকে ।
ৰাতি টোপনি দেৰিকৈ আহিল । বাৰে বাৰে চকুৰ আগত দুলি থাকিল সেই স্ফীতোদৰা নাৰীৰ বিষণ্ন প্ৰতিচ্ছবি । কুৰুকি কুৰুকি এখেতৰ বুকুলৈ সোমাই গ’লোঁ । বুকুৰ নোমবোৰ লেখি লেখি অলপপৰ ফোঁপালোঁ । মানুহজনে একো নক’লে, এখন হাতেৰে মূৰৰ চুলিবোৰৰ মাজত আঙুলি বোলাই দি আনখন হাতেৰে চপাই ললে বুকুৰ অৰণ্যলৈ । মাজে মাজে মোৰ সামান্য বাঢ়ি আহিব ধৰা তলপেটটো মোহাৰি থাকিল । লাহে লাহে শান্ত হ’লোঁ, টোপনি গ’লোঁ গিৰিহঁতৰ উমাল আবুৰত সোমাই ।
পিছদিনা পুৱাতে মণি আহিল । কামবোৰ কৰি গ’ল গতানুগতিক ব্যস্ততাৰে । এখেতো গা পা ধুই অফিচলৈ ওলাল । মই হেডছাৰলৈ ফোন এটা কৰিলোঁ- ‘গাটো অলপ বেয়া, স্কুল যাব নোৱাৰিম ।’ হেডমাষ্টৰজন ভাল, সুবিধা – অসুবিধা বুজি পায় । গা-মূৰ বেয়া হ’লে ফোন এটা কৰি কওঁ, মানি লয় । ড্ৰাইভাৰ ল’ৰাটোক ওভোটাই পঠালোঁ । এওঁ ব্যস্ত হৈ পৰিল- ‘গা বেয়া কিয়? কিমান? কেতিয়াৰপৰা?’ বাৰে বাৰে ক’লোঁ – একো হোৱা নাই । নিশা টোপনি দেৰিকৈ অহাৰ বাবে সামান্য মূৰৰ বিষ ।’ ‘সেয়ে মোৰ লগত নিবৰ মন নাছিল । অকলেই যাব লাগিছিল মই । সংসাৰখনৰ টেনচন সোপা নিজৰ মূৰত সোমোৱাই লব ।’ – ভোৰভোৰাই ভোৰভোৰাই মণিক মোৰ খোৱাৰ বাবে সৰু সুৰা নিৰ্দেশ দুটামান দিয়াত লাগিল এওঁ । বহুসময়ৰ মূৰত সামান্য আশ্বস্ত হৈ অফিচলৈ ওলাই গ’ল । মণিক দঢ়াই দঢ়াই কৈ গ’ল মোক চাবলৈ ।
স্কুললৈ নোযোৱাৰ দিনা আজিকালি মোৰ হাতত ধেৰ সময় । কাম সকলোখিনি মণিয়েই কৰে, মোলৈ একো নাথাকেগৈ । শাৰদীয় সংখ্যাৰ আলোচনী এখন মেলি লৈছিলোঁ, গল্প এটা আধালৈকে পঢ়ি সামৰি থলোঁ । চকুৰে আখৰবোৰহে চাই আছোঁ, মূৰত একোৱেই নোসোমাল । জুবিনৰ গান এটা লগাই ললোঁ, নাই, তাতো মন নবহিল ।মণিয়ে ঝুমুৰৰ কলি এটা গুণগুণাই পাকঘৰৰ বেচিন চাফা কৰাত লাগিছে । বৰ ফূৰ্তিবাজ এই মণিজনী । কাম কৰাৰ সময়ত অনবৰতে মুখত গান এটা থাকেই ।
: মণি …
জুবিনৰ গান বন্ধ কৰি মণিক চিঞৰিলোঁ । উধাতু খাই দৌৰি আহিল মণি ।
: কি হইল দিদি? কিবা লাগা হৈছি নাকি আপনাক? মাথা বিষাইছি? চাই খাব?
মণিৰ অসমীয়া স্পষ্ট নহয় । তাই আদিবাসী, গিৰিয়েক বাঙ্গালী আছিল । সানমিহলি ভাষা কয় প্ৰায়ে ।
: একো নালাগে অ’ মোক । তই বহচোন ইয়াতে । কথা আছে তোৰ লগত ।
: কথা? মোৰ সংগে কি বাত আছে আপনাৰ দিদি? – মণি অলপ আচৰিত হৈছে ।
: তই বেয়া নাপাৱতো?
: আমি আৰ আপনাকে কি বেয়া পাব? এইটা কি বাত বলছি দিদি?
: বাৰু বাৰু । শুনচোন… এই যে তই ইমান ফূৰ্তিত থাক, কামৰ সময়ত অনবৰতে গান গাই থাক, তোৰ অকণো দুখ নাইনে?
: দিদি, আমি হইল ছোট মানুচ । আমাৰনো আৰ চুখ কি, দুখ কি… টাকা নাই পাইলে আমাৰ দুখ । আমাৰ অখনে কাম আছে, আপনালকে টাকা ভী ঠিকঠাক দি আছে, অখন আমাৰ কুচ দুখ নেই ।
: নহয় মানে… এই যে… মানে, তোৰ মানুহটোলৈ অলপো মনত নপৰেনে?
মণি অলপ ৰ’ল । সামান্য হাঁহিলে ।
: মৰদটাকে আৰ কি য়াদ কৰবেন দিদি? জিন্দা থাকাতে দিনভৰ চুলাই খায় আৰ ৰাতি আসিকিনে আমাকে ধূলাই কৰে । চোকৰাগিলাক ভী মাৰে । ভালে হৈছি দিদি, সি জলে গিৰি মাৰা গৈছি, না হইলে আমিয়েই তাক একদিন দা দিয়ে কাটিম ভাবছিলাম । চুলাই খাৱা আৰ বাচ্ছা পেইদা কৰাৰ বাদে তাৰ আৰ কুচ কাম নাই জানে । অখন আমাৰ কোন চিন্তা নেই । চোকৰাগিলাকে বাগানেৰ স্কুলেত নাম লাগাই দিয়েছি । চোকৰাগিলা ডাঙৰ মানুষ হইলে আমি আৰ দুচৰা ঘৰে কাম কৰতে নাই লাগবেন ।
মণি কামত লাগিলগৈ । মই একেদৰেই বহি ৰলোঁ, একেঠাইতে । দুখভাৰে দোঁ খুৱাই পেলোৱা সেই সগৰ্ভা মানুহজনী আৰু ঝুমুৰৰ কলি গুণগুণাই কাম কৰি থকা এই মানুহজনী… একে সময়তে দুখন ছবিয়ে দোলা দি থাকিল মোৰ মনৰ অভ্যন্তৰত ।
দুপৰীয়ালৈ হেডছাৰৰ ফোন আহিল, অসুখ বেছি হৈছে নেকি সুধিলে । খবৰ এটাও দিলে । তামুলী ছাৰৰ পৰিবাৰৰ এজনী ছোৱালী জন্ম হৈছে অলপ আগেয়ে । ৰাতিয়েই লৈ যাবলগা হ’ল স্থানীয় হস্পিটেলখনলৈ, মাক আৰু সন্তান দুয়ো সুস্থ এতিয়া । স্বস্তিৰ নিশ্বাস এটা এৰি এখেতলৈ ফোন লগালোঁ, খবৰটো দিলোঁ । অফিচৰপৰা আহোতে হস্পিটেলখন বাটতে পায়, এপাক সোমাই আহিব পাৰিব । মই পাছে পৰে যাম ।
আবেলিলৈ মনটো অলপ মুকলি হ’ল । উপন্যাস এখন আধাপঢ়া হৈ আছিল, সেইখন শেষ কৰিলোঁ । দুয়োখন ঘৰলৈকে ফোন কৰি খবৰ ললোঁ । বাৰাণ্ডাত থকা ফুলৰ টাবকেইটাত পানী দিলোঁ । মণিৰ যাবৰ হৈছিল । আপেল আৰু কল সৰহকৈ আনি থোৱা আছিল, তাৰে কেইটামান তাইক দি পঠালোঁ । ল’ৰা-ছোৱালী কেইটাই খাব । আমাৰ ফ্ৰীজত বস্তুবোৰ এনেয়ে বেয়া হৈ যায়, এওঁ অলপদিনৰপৰা ফল-মূলৰ গোটেই বজাৰখনকে ঘৰত সোমোৱাওঁহি যেন কৰিছে । প্রেগনেণ্ট হ’লোঁ বুলিয়েইনো বাৰু ইমানকৈ খাব পাৰোনে? ক’লেও নুবুজে মানুহটোৱে ।
মণি যোৱাৰ পাছত মনটো আকৌ গোমা হৈ আহিল । এওঁ আহি পোৱা নাই । হস্পিতালত সোমাবলৈ হ’লে আৰু পলম হ’ব । উচপিচাই থাকিলোঁ কোঠাটোৰ ভিতৰতে । টিভিটো লগাই ললোঁ, মন নবহিল তাতো । বাৰে বাৰে ঘড়ীটোলৈ চালোঁ, উচপিচনি বাঢ়ি আহিল । মোৰ আজিকালি প্ৰায়ে এনেকুৱা হয় । এওঁ ক’ৰবাৰপৰা ঘূৰি আহি ঘৰ নোপোৱালৈকে অহেতুক ভয় এটাই মোক খেদি ফুৰে । উশাহবোৰ লাগি থকা যেন লাগে ক’ৰবাত । একোতে মন বহুৱাব নোৱাৰোঁ । ডাঙৰ কিবা শব্দ শুনিলেই উচপ খাই উঠোঁ । এওঁ আহি পালেহে শান্ত হওঁ । এখেতক কোৱা নাই এইবোৰ কথা, জানিলে তেওঁৰ চিন্তা বাঢ়িব । এই সময়ত এনেকৈ অস্থিৰ হোৱাটো ভাল কথা নহয় । জানো, তথাপি দেখোন ঠিক কৰিব নোৱাৰোঁ নিজক ।
আকৌ একেবোৰ কথাই মনলৈ আহিল । ছাৰৰ পৰিবাৰ, ল’ৰাটো, বৃদ্ধা মাতৃ, সদ্যোজাত সন্তানটো, মণি, মণিৰ ল’ৰা-ছোৱালী কেইটা… । কি আচৰিত এই জীৱন! কোন মুহূৰ্তত, কেনেকৈ সলনি হৈ যায় একো ক’ব নোৱাৰি । আহিবলগা দিনটোৱে কি লৈ আহিব একো নজনাকৈয়ে আমি সপোন দেখোঁ, ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰোঁ । নিয়তিক আমি বাধা দিব নোৱাৰোঁ, জীৱনক ইমান ভালপায়ো নিয়তিৰ ওচৰত কিমান অসহায় আমি! তথাপি জীৱন থকালৈকে জীয়াই থাকিবই যে লাগিব । জীয়াই থকাৰ বাবে কিবা নহয় কিবা এটা অজুহাত বিচাৰি লব লাগিব, সুখী হ’বৰ বাবেও । সুখী হ’বলৈ জীৱনতকৈ ডাঙৰ অজুহাত আৰু আছেনো কি!
সাত বাজিবৰ হ’ল । মোৰ মানুহজন আহি পাবৰ হৈছে । তেওঁতেই মোৰ জীৱন, আমাৰ এধানি আকাশ, এধানি পৃথিৱী । উচপিচাই থাকিলোঁ মই, ক্ৰমাৎ বেছিকৈ… মানুহজন আহি পোৱা নাই…

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

বাস্তৱ কাহিনীৰ আধাৰত নেকি? ভাল লাগিল পঢ়ি।

Anonymous
4 years ago

Val lagil pohi..