দৃষ্টিকোণ: ফটা কম্বলৰ ফাঁকেৰে জুমি চাই… (প্রিয়ংকু নাৰায়ণ বৰুৱা)

দৃষ্টিকোণ: ফটা কম্বলৰ ফাঁকেৰে জুমি চাই

 

হৃদয়ৰ পৰা হৃদয়লৈ বাঢ়ি অহা দূৰত্ব বোৰে ক’ব নোৱাৰাকৈয়ে এখন বাধাৰ প্রাচীৰ সৃষ্টি কৰে। প্রতিযোগিতাৰ নিগনি দৌৰত দৌৰি ফুৰা তথাকথিত ছফি’ষ্টিকেটেড শ্রেণীক জানো সুখী মানুহৰ শাৰীত ধৰা হয়? বিপ্লৱৰ নামত আভুৱা ভৰা শ্রেণীটো জানো সুখী হ’ব পাৰিলে? আমোলা-বিষয়া, মন্ত্রী-ঠিকাদাৰ অথবা দালাল শ্রেণীটো জানো চিন্তা মুক্ত? দুর্নীতি অনিয়মৰ ভৰত কোঙা গণতন্ত্র। লাল নিচানৰ তলত ফটিকা খাই প্রলাপ বকে ভণ্ড সমাজ সেৱক-জাতি উদ্ধাৰৰ পুৰোহিতে! চতুর্থ স্তম্ভ বিক্ৰী হ’ল টি.আৰ.পিৰ অংকত। জাতিটোৰ সংকতৰ সর্বদিশৰ আগ্রাসী ক্ষণত নিজৰ মাজত খোৱা-কামোৰাৰ অর্থ জাতিধ্বংসী যজ্ঞত পূর্ণাহুতি দিয়া সদৃশহে হ’ব। কাহানিও চাগে’ আজিৰ অসমীয়াই সেই কথা নুবুজিব! প্রজন্মৰ ব্যৱধানত কি ভয়ংকৰ অৱক্ষয়। কেৱল ঢাক-ঢোল বজাই আন্দোলন কৰিলেই নহ’ব। গঠনমূলক সৃষ্টিশীলতাৰে সমাজব্যৱস্থাৰ কেৰোণসমূহ চিনি উলিয়াই অপতৃণসমূহ দূৰ কৰি ন-পুৰণিৰ ঐক্যবদ্ধ চেষ্টাৰে ঐতিহাসিক গৌৰৱৰ পুনৰ উদ্ধাৰ আৰু প্রয়োজনীয় সংশোধনৰ প্রয়োজন আছে। সমগ্র অসমতে এনে উদ্যোগ হাতত ল’ব পাৰে অসমক ভালপোৱা প্রতিজনে। বিদ্যালয়-মহাবিদ্যালয়ত গভীৰভাৱে চিনাকি কৰাই দিব পাৰে নতুন যুৱচামক ৰসৰাজ, নটসূর্য, অগ্নিকবি, বিহগীকবি, জগতগুৰু, কলাগুৰু, ৰূপকোঁৱৰ আদি বহুজনৰ সৈতে। এইসকলৰ অৱদান অবিহনে অসমীয়া জাতিৰ অস্তিত্বইবা কোনখিনিত? দুখৰ বিষয়, নতুন প্রজন্মৰ বহু মেধাৱীৰ শুদ্ধ-অশুদ্ধ আখৈফুটা ইংৰাজীৰ চুনামীত পিষ্ট নতুন সমাজখনে কিন্তু পুত্র-জীয়ৰীক শিকাবলৈ পাহৰিছে জাতিৰ জনক সকলৰ কথা। অৱশ্যেই হয়তো এইসকলৰ কথা ৰাষ্ট্রীয় পর্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাত অহাৰ অৱকাশ ন্যুনতম। সেইবাবেই এলাগী বোধহয়! অসমীয়া গান বুলিলে কেৱল জুবিন গার্গৰ গায়কীৰ কথা কোৱা অধিক সংখ্যক নতুন প্রজন্মই ভূপেন দা, পুলক বের্নাজী, ৰাণা দা আদিৰ গান নুশুনে… “.ফিলিং ছুপাৰ বোৰৰ”..যদি এয়ে হয় তেন্তে ক’ম ধিক উত্তৰ-আধুনিক সংস্কাৰ। তাতোকৈ ধিক্ সেইসকল এৰিষ্ট্র’কেট, যিয়ে কাহানিও নিজ পুত্র-কন্যাক জাতিটোৰ ইতিহাসৰ সৈতে সামান্যতমো চিনাকি কৰাই দিয়াৰো তাগিদা অনুভৱ কৰা নাই।

 

জংঘলৰ পৰা নহয়, নিজৰ জাতিৰ, নিজৰ মাটিত অৱস্থান গ্রহণ কৰি নিজৰ স্থিতি সবল কৰিব লাগিব নিজৰ ভূমিত হাল কোৰ বাই আজিৰ অসমীয়াই। আমি আশা কৰিম অসমীয়া সমাজখনে এনে বহু শুভ পদক্ষেপেৰে একত্রিত হওঁক, সংমিশ্রণৰ মাদকতাৰে মহীয়ান হৈ সকলোৱে কৈ উঠক “চিৰ চেনেহী মোৰ ভাষা জননী।”

 

নীলাভ দুচকুৰ সাতোৰঙী কবিতাত স্থিত সপোনৰ সলিল সমাধি। ভিৰ কৰেহি দুখৰ অজস্র কোলাহ’ল। অগস্ত্যৰ অভিশাপত ভোগা জাতি উদ্ধাৰৰ স্বপ্ন দেখা আমিবোৰে ছটফটাই থাকোঁ, উচুপি উঠোঁ কিন্তু সময়ৰ কুটিল চলনাত বিভ্রান্ত দিক বুজি নাপালোঁ আজিও..তাহানিও..আপোনজনৰ তেজেৰে ৰাঙলী দুহাত!

 

চান্দ্রুপ জাংখাৰত শোক সভা পাতে শ্বহীদৰ মৃত আত্মাই। কানু স্যানাল, চাৰু মজুমদাৰ অথবা হীৰকজ্যোতি, কবিৰঞ্জনৰ আদর্শ বাহকৰ দেশপ্রেমৰ আদৱ-কায়দাই নগ্নপ্রায় ৰূপত তুলি ধৰে দেশপ্রেমৰ-জাতিপ্রেমৰ নির্ল্লজ স্খলনৰ ছবি। জাক জাক ফল’ষ্টাপৰ টোকা বহীত যোগ হয় নিত্য-নতুন ভণ্ডামিৰ অজস্র কাৰনামা। য’ত সৱ “কিচ্ছা কুৰসী কা”! জাতি উদ্ধাৰৰ শ্লোগান দিয়া সকলৰ দুচকুৰ ঘৰিয়ালৰ চকুপানী দেখি আৱেগত উঠলি উঠা জনতাই পাহৰে প্রতাৰণাৰ সহস্র কাহিনী। বিৰাট ভুঁৱা।

 

বুভুক্ষাৰ যন্ত্রণাত ছটফটাই উঠা এজাক মানুহ, পৰুৱাৰ দৰে লানি নিছিগা শাৰী পাতি আগবাঢ়ি অহা জাক জাক ভিকহুৰ দল, পদপিষ্ট হয় মানুহ, মেনহ’লত পৰি শৱ হয়। ধর্ষিতা হয় শিশু কন্যা। মৰি মৰি জীয়াই থকাজনক বাৰে বাৰে হত্যা কৰা হয়। বাঘে-ছাগে একে ঘাটত বহি চুলাই টনা পাষাণৰ পাশা খেলত সর্বস্রান্ত হয় গৰীৱ জনতা। পুঁজিপতিৰ চক্ৰান্তত ভূমিহীন কৃষক, ভূ-মাফিয়াৰ ভয়ত সন্ত্রস্ত গঞা, বেদখল, ভূমি আগ্রাসন, অবৈধ প্রবজনৰ কুটিল অভিসন্ধি। জাতি যায়, দেশ যায়, মান যায়হে এথোন। চৰাঘৰত দুর্বৃত্তই টিঘিল-ঘিলাই ফুৰিছে, জীয়ৰী-বোৱাৰীৰ নিৰাপত্তাহীন অৱস্থা অথচ স্বর্গদেউৰ নীৰৱ ভূমিকা। পৃথকত্ববাদী চেতনা, আন্ত:ৰাজ্যিক সংঘাট, নিকৃষ্ট ৰাজনৈতিক অৰিয়াঅৰিকেন্দ্রীক ভাৰতীয় গণতন্ত্রত সম্প্রতি ৰাজনীতি এক মূল্যবোধবিহীন নৈৰাজ্যৰ কেন্দ্রস্তৰত উপনীত হোৱাটো চৰম দূর্ভাগ্যজনক ভেঁটি। জনগোষ্ঠীয় সংঘাত, সন্ত্রাসবাদ, নিবনুৱা সমস্যা, জাতিভেদ-বর্ণবৈষম্যৰ আগ্রাসী স্বৰূপ আর্থ-সামাজিক জীৱনৰ চূড়ান্ত স্খলনৰ উদাহৰণ। ধর্ম-জাতি-ভাষাক লৈ ৰাজনীতিৰ নিকৃষ্ট দলিয়াদলি চলা এইখন দেশৰ প্রস্তাৱনাত সন্নিৱিষ্ট ভাৰতবর্ষ সার্বভৌম সমাজবাদী ধর্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য বোলা আদর্শৰাজিৰ অস্তিত্ব মূর্মুষু স্থিতিত নহয়নে? গোষ্ঠী সংঘর্ষত মৰে হাজাৰ মানুহ, বৃহৎ নদীবান্ধে কঢ়িয়ায় অভিশাপ, শিক্ষা-স্বাস্থ্যৰ শোচনীয় অৱস্থা, দৰিদ্র-ভোকাতুৰৰ অন্তিম আশ্রয় পদপথ নাইবা ফুটপাথ। নিতৌ মৰে মানুহ অনাহাৰে-অনিদ্রাই। “ৰজাৰ প্রসাদত ভোগ, প্রজাৰ জুপুৰিত মহাশোক” এয়াই উন্নয়নৰ বাস্তৱ ছবি। ৰঙা দলিছা পাৰি স্বাগতম জনোৱা বিদেশী বহুজাতিক প্রতিষ্ঠানে গঢ়ি দিব জানো সাধাৰণ মানুহৰ সুৰক্ষা দিব পৰাকৈ আন্ত:গাঁথনি? কমিবনে অত্যাৱশ্যকীয় সামগ্রীৰ বজাৰ মূল্য? মুদ্রামানৰ নিম্নগামীতা, নিম্ন জনমূৰি আয়ৰ সমস্যাত ককবকাই থকা ভাৰতবর্ষত সাধাৰণ মানুহৰ কল্যাণৰ বাবে কাম কৰিব পৰাকৈ ৰচনা হ’বনে কাহানিবা এখন উপযুক্ত বাজেট? গৰীৱী হটাওঁ এক বিৰাট প্রহসন। তেন্তে সুখী কোন? তেৰাসৱৰো ভীষণ নৰীয়া। কেলেংকাৰী ফাদিল হোৱাৰ ভয়ে খুলি খুলি খায়। ধৰা নপৰিলে গান্ধীবাদী, ধৰা পৰিলে বজ্জাতৰ উপাধিৰে সংবাদ শীর্ষত। গান্ধীটুপী ভেজাল হ’ল, কলংকিত হ’ল তাৰ ইতিহাস। পৰশ্রীকাতৰ ভাৰতীয়, জাতিদ্রোহী অসমীয়াৰ আত্মম্ভৰী চৰিত্রই গেলাই পেলালে স্বাধীন সত্বাৰ এক সুগভীৰ ইতিহাস। এতিয়া চৌপাশে দুর্গন্ধ। পুতিগন্ধময় চৌপাশ! অসমৰ মানুহৰ বৌদ্ধিক চেতনাত কিয় ঘূণে ধৰিছে। বিয়োগোম পণ্ডিতসকলৰ মতিভ্রম ঘটিছে নেকি? পৰকিতি লৰিছে সাহিত্যসভাৰ দৰে জাতীয় অনুষ্ঠানৰ গুৰি ধৰোঁতাসকলৰ একাংশৰো! অসমৰ জাতীয় কৃষ্টিৰ সেউজ পথাৰখনত ইমান অপতৃণ গজি উঠিল কেনেকৈ? আমাৰ অসাৱধানতা-অসচেতনতাৰ ফলতেই নহয় জানো? জিৰোসকলক হিৰোৰূপে বীৰ পূজা দি প্রকৃতজনক বঞ্চিত কৰাৰ পাপত ভূগিছে নেকি সমগ্র অসমীয়া জাতি।

 

প্রতিক্রিয়াশীল চক্রৰ উত্থান, ৰাষ্ট্রযন্ত্রৰ সন্ত্রাস আৰু পৰিস্থিতিতান্ত্রিক নৈৰাজ্যৰ গ্রাসত অসম আৰু অসমীয়াৰ অস্তিত্ব। Systemঅত থাকি System ঘোলা কৰাসকলেই পায় ৰাজ আতিথ্য! কি অসম, কি ভাৰত একেই পানী ঘোলা কৰা কাৰবাৰ। অন্ত:সাৰশূন্য দ্বন্দ্বাত্মক আদর্শৰ জটিল উপস্থাপনে সহজ-সৰল মানৱীয় প্রমূল্যক কুঁটি কুঁটি নিশেষ কৰি আহিছে প্রতিপল। বিভিন্ন সময়ত বহুজনে অসমীয়া কোন/খাটি অসমীয়া, উজনি-নামনি আদি ক্ষুদ্র চিন্তা সম্ভূত প্রক্ষেপণেৰে অসমৰ জাতীয় জীৱন ঠেক ইছ্যু ভিত্তিক চর্চাৰে কলুষিত কৰি আহিছে। এনেবোৰ ক্ষুদ্র চিন্তা আৰু আহঁফলা ৰাজনীতিৰ কৱলত পৰি সোলোক ঢোলোক সম্প্রতি বৰ অসমৰ এনাজৰী। থলুৱা কোন কোন কৰি থাকোতেই ভূপতিত খিলঞ্জীয়া ঐক্য? জনগোষ্ঠীয় ভাষা-সাংস্কৃতিক বিনিময়ৰ ক্ষেত্রত সচেতন সকলৰ পথ নির্দেশ অথলে যোৱাৰ উপক্রম হ’ল। সকলো স্তৰৰ অসমীয়াই যদি স্ব-নৃগোষ্ঠীয় পৰিচয়ৰ মাজতে সীমাবদ্ধ হৈ পৰে তেন্তে কোন হ’ব অসমৰ অসমীয়া……কাক লৈ বাচি থাকিব অসম? স্বাভাৱিকতেই ভাই ভাই সংঘাতত নামি ধর্ম, ভাষা, জাত-কুল, উজনি-নামনি, জনগোষ্ঠীয়-অজনগোষ্ঠীয় কৰি থাকোতেই অসম হৈ পৰিব [পৰিছে?] অবৈধ বিদেশীৰ চৰণীয়া পথাৰ। মূলতঃ অতি আবেগজনিত সংবেদনা, উগ্র জাত্যাভিমান, ইতিহাসৰ অপবাখ্যা আৰু বৌদ্ধিক চাতুৰিজনিত ভুল পথ নির্দেশ, ৰাজনৈতিক অৰিয়াঅৰিৰ কেবাতৰপীয়া ভৰ সহিব নোৱাৰি বর্তমান অস্তিত্ব সংকটত অসমৰ সামাজিক-ৰাজনৈতিকঐক্য।

 

বৌদ্ধিক ষড়যন্ত্র,ৰাজনৈতিক অভিসন্ধি,চুকত বহি বুকুত কামোৰা সকলৰ নিত্য নতুন সমীকৰণে ঘনে সলনি কৰে ৰাষ্ট্র যন্ত্রৰ চৰিত্র। পৰীক্ষাগাৰৰ গিণিপিগত পৰিণত সাধাৰণ মানুহ। মুদ্রাস্ফীতি, মূল্যবৃদ্ধিৰ কলাজ্বৰে মহামাৰীৰ ৰূপ ধৰে। হাঁহাকাৰত ছটফটাই শিক্ষিত নিবনুৱা। চমৎকাৰী ঘোষণাৰে চমক দিয়ে প্রতি নতুন চৰকাৰে। কোনোৱে বৰাক-ব্রহ্মপুত্রৰ বিভেদ বিচাৰে, আন কোনোৱে আকৌ উজনি-নামনিৰ ৰাজনীতি কৰে। অস্বাস্থ্যকৰ পৰিৱেশ। ক’ত পাষানেৰে ভৰি পৰিল তাইৰ চৌপাশ.. জাক জাক ৰঘূমলাই চুহি চুহি নষ্ট কৰিলে তাইৰ দেহ সুষমা.. আপোন পুত্রহঁতৰ খোৱা কামোৰা, ভাই-ভাই তেজপিয়া! মাতৃৰ লাঞ্ছনাৰ উমান সিহঁতে নাপায়? মাতৃ ভোগ লিপ্সাও জাগে নেকি সিহাঁতৰ? ধিক্-কদর্য?

 

জটিল অংক চম্ভালিব নোৱাৰি থৰকাছুটি হেৰায় মূঢ়মতি গঞাৰ। ছবি চাই ভোট দি অনুতাপ কৰে। নেতাই ভোট ভিক্ষা কৰে কম্বল বিলাই, অযুত অসমীয়াই ফটা কম্বলৰ ফাঁকেৰে জুমি চাই দেখে সীমান্তৰ সীপাৰৰ পৰা দিনে দিনে বগুৱা বাই আহি ক্রমাৎ অসমৰ বুকুতে বহি পৰা লক্ষ লক্ষ অচিন মুখ। হতাশা আৰু ক্লান্তিত ভাগি পৰা অসমীয়াই আন্দোলনৰূপী চিঞৰ বাখৰৰ নামত আপোনভোলা হৈ থকা সময়তে এপদ এপদকৈ সুলকি পৰে শৰীৰৰ প্রতি তৰপ বস্ত্র-অলংকাৰ। উলংগপ্রায় অসমীয়াই মাথোঁ চিঞৰে, আমাক পৰিৱর্তন লাগে! কিন্তু পৰিৱর্তন জানো এনেকৈ আহে?

 

বিনিময় আৰু বিতৰণৰ চলিত ধাৰাটোক একে কোবে নস্যাৎ কৰি অতি অভীষ্পা দেখুওৱাতকৈ উৎপাদন, বিনিয়োগ আৰু বিতৰণ ব্যৱস্থাটো কেনেদৰে অসমৰ মানুহৰ হাতলৈ আনিব পাৰি আৰু অসমৰ ভূমি-সম্পদৰ পৰা প্রাপ্য প্রকৃত আয়ৰ পৰা যাতে কর্মৰত কৃষক, সাধাৰণ মানুহখিনি বঞ্চিত নহয় তেনে কোনো পৰিকল্পনা তৈয়াৰ কৰাটোহে সমিচীন হ’ব।

“Following the ethnic Assamese model of identity movement, even the Adivasi are also organizing themselves either to establish or to protect their own respective identities. All these have resulted into the creation of numerous “identity boxes” increasingly posing greater challenge towards social stability and polity management in post-Accord Assam.”

 

এটা জাতিৰ জাতীয় পৰিচয়ৰ শক্তিশালী স্থিতিৰ মাপকাঠী হৈছে জাতিটোৰ স্ব-অস্তিত্বৰ সঠিক মূল্যায়ন। বহু বিশৃংখল চিন্তাই খেলিমেলি লগোৱা সময়ত আমি বহল মানৱতাৰ দাবীৰে আশা কৰিম ক্ষুদ্র ৰাজ্য গঠনৰ দাবীসমূহ আৰু তাৰ লগত জড়িত নৈৰাজ্যময় বিশৃংখলতাৰ অন্ত হওঁক। কেন্দ্রীয় চৰকাৰ আৰু সমান্তৰালভাৱে ৰাজ্য চৰকাৰসমূহেও বিভিন্ন জনগোটৰ ক্ষোভৰ কাৰণসমূহ যথার্থ বিশ্লেষণ সাপেক্ষে বৃহৎ ভাৰতীয় সংবিধানৰ আওঁতাত এনেধৰণৰ দাবীসমূহৰ পৰিকল্পিত সমাধান অর্থে ন্যার্য বিকল্প নিশ্চিত কৰাটো জৰুৰী কিন্তু ক্ষুদ্র ক্ষুদ্র ৰাজ্য গঠনৰ দাবী জাতিটোৰ বৃহত্তৰ স্বার্থৰ পৰিপূৰক হ’ব বুলি আমি বিশ্বাসী নহয়।

 

অৱশ্যেই অসমৰ প্রেক্ষাপটত মার্কিন প্রভুত্বৰ বিৰোধীতাৰ নমুনাস্বৰূপ “ৱাল ষ্ট্রীট” আন্দোলনৰ লেখিয়া বিৰল গণ অভ্যুত্থান সমসাময়িক সময়ছোৱাত বিক্ষিপ্ত চিন্তনহে যদিও মার্কিন প্রভূত্ববাদলৈ এনে সঁকিয়নি নিশ্চয়কৈ তাৎপর্যপূর্ণ। কেৱল পৰিৱর্তনৰ নামত পৰিৱর্তন বিচাৰিলেই পৰিৱর্তন নাহে। পৰিৱর্তনৰ ভেটি গঢ়িব লাগিব। কেৱল ঢাক-ঢোল বজাই আন্দোলন কৰিলেই নহ’ব। আমি পৰিৱর্তনত বিশ্বাসী। এটা ধাৰাৰ সৃষ্টি হ’ব, এজাক তৰুণে শত বাধা গৰকি আগুৱাই আহিব। তুলি ধৰিব জাতিটোৰ বিজয় নিচান। সঁচা অর্থত এজাক যোদ্ধাই জাতি উদ্ধাৰৰ মন্ত্রেৰে দীক্ষিত হ’ব।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মানবেন্দ্ৰ বৰঠাকুৰ
7 years ago

উচিত কথা লিখিছে….ভাল লাগিল পঢ়ি….

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক