দৃষ্টিহীনতাৰ প্ৰেমকাহিনীৰে – দীপিকা দাস কলিতা

চকুৰ ওপৰত বান্ধি থোৱা বগা কাপোৰৰ বেণ্ডেজটো চিকিৎসকজনে সযতনে এভাঁজ এভাঁজকৈ এৰুৱাই দিলে৷ তাৰপিছত হাতৰ তলুৱাৰে বন্ধ কৰি ৰখা দুচকুৰ পতাযুৰি লাহে লাহে মেলিবলৈ উপদেশ দিলে অৰ্চনাক৷ অচৰ্নাই চকু নেমেলাকৈয়ে সুধিলে,
“ডক্টৰ, আপোনাৰ মনত আছেনে৷ দুচকু মেলিয়েই মই যে প্ৰথমে অজিতক চাব বিচাৰো৷”
“নিশ্চয় মনত আছে মাজনী৷ তুমি বিচৰামতেই হ’ব৷” – এইবুলি বয়সস্থ ডক্টৰজনে তাইক চকু মেলাত সহায় কৰি দিলে৷ ডক্টৰ পত্নী নিৰ্মালীয়ে তাইৰ চকুৰ আগত দাঙি ধৰিলে অজিতৰ বিশাল ফটোখন৷ য’ত অৰ্চনায়ে অজিতৰ বুকুখনত ভেজা দি আছিল৷ হাঁহি এটি বিয়পি গ’ল অৰ্চনাৰ ওঁঠৰ ফাঁকেৰে৷ তাই লাহেকৈ মাত দিলে,
“মই চকুৰে নেদেখিলে কি হ’ব অজিত৷ তোমাৰ সৈতে পাৰ কৰা সেই প্ৰতিটো মুহূৰ্ত বুকুৰ মাজত ঘৰ কৰি আছেহি৷ মোৰ মনত আছে……… মনত আছে কেনেকৈ হাত আগবঢ়াই মোৰ কলা জগতখনত পোহৰ সিচিছিলা৷ আন্ধাৰতো বাট বুলাৰ প্ৰশিক্ষণ দিছিলা………৷ সেই সাহসতে আজি মই ইয়াতে৷ তোমাৰ বাবেই হয়তো আত্মাৰে উপলব্ধি কৰা ৰঙবোৰ দুচকুৰে চুই চাব পাৰিছো৷ হৈ গ’ল বচ্……… এতিয়া ওলাই আহা৷ সদায়ে অন্তৰ্দৃষ্টিৰে চুই চোৱা তোমাক আজি বাহ্যিক দৃষ্টিৰেও চুই চাওঁ৷ আহানা অজিত! “

ডক্টৰ নিৰ্মালীয়ে অৰ্চনাৰ দুবাহুত ধৰিছিল৷ বহি থকাৰ পৰা হাতত ধৰি খিৰিকিখনৰ কাষলৈ নিছিল৷
“ইমান ৰঙ বাহিৰত! অথচ মোৰ মনৰ ৰঙবোৰ যেন ক্ৰমশঃ নোহোৱা হৈ গৈছে, কিয় এনেকুৱা লাগিছে ডক্টৰ! “ আকৌ চকুযুৰি মুদি তাই বাহিৰৰ বতাহজাকৰ উমান লব বিচাৰিলে৷ নাই নহয়৷ এইজাক সেইজাক বতাহতো নহয়৷ ঠিকেই উমান লব পাৰিছিলে তাই৷
“সকলো প্ৰশ্নৰ উত্তৰ ইয়াতেই পাবা অৰ্চনা৷ “ ডায়েৰীখন হাতত তুলি দি নিৰ্মালীয়ে ক’লে, “ আহা তোমাক মই পঢ়ি শুনাও৷ “

———- সেইনিশা যথেষ্ট শেৱালি সৰিছিল৷ বাহিৰত ঠেটুৱৈ ধৰা জাৰ৷ পূজাথলীত হোৱা গানৰ অনুষ্ঠানটোত গীত পৰিৱেশন কৰি ঘৰমুৱা হৈছিলো মই৷ ঘৰমুৱা মানে ভাড়াঘৰ৷ গুৱাহাটী চহৰত নিজৰ চিনাকি বঢ়াবলৈয়ে প্ৰয়োজন হৈছিল ভাড়াঘৰটোৰ৷ আইৰ গাঁৱৰ ভেটিটোৰ পৰা বহু যোজন দুৰ ইয়ালৈ৷ উপায় নাই বুঢ়ী আইক হালোৱা কাই মঙলাৰ হাততে এৰিলো৷ জোলোঙা ভৰাই আইয়ে আশীৰ্বাদ দিছিল, ঘৰৰ পৰা লৈ অহা খালী জোলোঙাটো ভৰপুৰ কৰি ঘৰলৈ ওভতাই নিবলৈ৷ আইৰ সেই আশীৰ্বাদত দৃঢ়তা আছিল৷ নহলেনো…………! নহলেনো মই তোমাক পাওনে! বাৰু বাদ দিয়া সেইবোৰ……… বহুবাৰ শুনাইছো তোমাক মোৰ আইৰ উদং বুকুৰ গাথা৷ আজি ইমানতে থাকক৷ অনুষ্ঠানৰ পৰা অহাৰ আলিকেঁকুৰীটোত থকা শেৱালিজোপাৰ তলতে তুমি আমন জিমনকৈ ৰৈ আছিলা৷ মোৰ প্ৰথম পৰিচয় তোমাৰ সৈতে তেনেকৈয়ে, দুৰে দুৰে৷ জোনাকসিক্ত উজ্জ্বলতাত তোমাৰ দেহ পোহৰত উদ্ভাষিত হৈ উঠিছিল৷ তোমাৰ অনুমতি নলোৱাকৈয়ে মন্ত্ৰমুগ্ধৰ দৰে তধা লাগি সেই সুধা পান কৰিছিলো৷ ক্ষমা কৰি দিবা৷ কিন্তু কিছুসময় পিছতে কোনো এগৰাকী আদহীয়া মহিলাই তোমাক আঁতৰাই লৈ গৈছিল মোৰ চকুৰ সন্মুখৰ পৰা৷ দুখ লাগিছিলে মোৰ যদিও আঁতৰি আহিছিলো৷ সময়বোৰ পাৰ হৈছিল তেনেদৰে৷ বহুবাৰ শেৱালিজোপাৰ তলতে তোমাক দেখিছিলো৷ মাতিবলৈ সাহস নাছিল একেবাৰে৷ শাৰদীয় দুৰ্গোৎসৱৰ উলাহত মগন সকলোৱে ঢাকৰ শব্দত নাচিছিল, কিন্তু কিয়জানো মোৰ হৃদয়খন ঢাকৰ শব্দত ৰৈ ৰৈ বিনাইছিল৷ শেৱালিজোপাৰ ফালৰ খিৰিকিখন খুলি দিছিলো৷ তুমি আছিলা তাতেই, কিন্তু উচুপি৷ মোৰ বুকুত তোমালৈ মৰমবোৰ উথলি উথলি উঠিছিল৷ তোমাৰ মনত আছেই চাগে, কিমান সাহস গোটাই মাত লগাইছিলো মই তোমাক, হাতখন চুই কব বিচাৰিছিলো তোমাক৷ অথচ তুমি মোক আঁতৰাই পঠিয়াইছিলা৷ শেৱালি তলত তুমি উচুপিছিলা আৰু মই খিৰিকি মুখত ছটফটাইছিলো৷ কিয় জানা, ভাল পাই পেলাইছিলো তোমাক তোমাৰ অনুমতি অৱিহনে৷ একপক্ষীয় প্ৰেম মোৰ৷ দিনৌ বাঢ়িছিল৷ সেই মায়াসনা প্ৰেমৰ ৰাগীত মতলীয়া হৈ উঠিছিলো৷ ভাললগা কিবা এটা প্ৰতিমুহূৰ্তে বুকুত কঢ়িয়াই ফূৰিছিলো৷ তোমাৰ চকুলো মচিম বুলিয়ে মোৰ জীৱনৰ শেষ প্ৰণ লৈছিলো৷ সঁচাকৈয়ে মই বুজি উঠিছিলো, মই যে একো নজনাকৈয়ে তোমাৰ প্ৰেমত পৰিছিলো৷ সেয়েহে এবাৰ মাথোঁঁঁঁঁঁ এবাৰ তোমাক জনাবলৈ মনতে থিৰাং কৰিছিলো৷

————- মোৰ বগা টি চাৰ্টটোৰে নিজকে ধুনীয়া দেখো৷ বগা ৰঙটোৰ বাবেও হবপায়! কিবা যেন প্ৰশান্তি এটাই দেহ মন শিপাই যায়৷ আজি এই প্ৰশান্তিৰেই ভীষণ প্ৰয়োজন মোৰ৷ তোমাক আজি মনৰ কথা কমেই বুলি ডাঠি লৈছিলো৷ সেয়েহে হাতত হাচনাহানা এথোপা লৈ আলিকেঁকুৰীটোৰ পৰা থৰ লাগি চাই ৰৈছিলোঁ, শেৱালিতললৈ……৷ তোমাক নেদেখিলো৷ লাহে লাহে নিশা গাঢ় হৈছিল৷ ঢাকৰ মাত, শংখৰ শব্দৰ সৈতে ধামখুমীয়া পৰিৱেশটো শান্ত হৈ পৰিছিল৷ তোমালৈ ৰৈ ৰৈ বাটত থকা ডাঙৰ দেৱালখনতে ভেজা দি শুই পৰিছিলো কোনোবা এটা সময়ত৷ ক’ৰ’বাৰ পৰা অহা উতনুৱা ল’ৰাৰ জাক এটাই পোঁ পোঁ পোঁকৈ পুতলা পেপাঁবোৰ বজাই জগাই তুলিছিল মোক৷ এজনে উকিয়াই কৈ গৈছিল, “হেৰৌ, ঠগিলে নেকি তোক! “ কি জানিছিল সিহঁতে, মোৰযে প্ৰেম মাথো মোৰহে আছিল! একপক্ষীয় …………৷

…………………সেইদিনধৰি বহুবাৰ গৈছো সেই ঘৰটোলৈ৷ কোনেও নাজানো বুলিছিল তোমাৰ ঠিকনা৷ শেৱালিজোপাক বহুবাৰ জোকাৰি জোকাৰি সৰাই পেলাইছিলো৷ ঝৰঝৰকৈ কান্দিছিল গছজোপায়েও৷ মোৰ ঘৰৰ খিৰিকিখন খুলিয়ে থৈছিলো৷ তোমাৰ অনুপস্থিতিত বুজিছিলো, প্ৰেমৰ গভীৰতকৈও গভীৰ অৰ্থ৷ প্ৰেমৰ অন্ধতাক বুজিছিলো৷ যি কলাগহ্বৰত তুমি কোন, কেনেকুৱা, তোমাৰ উপস্থিতি, তোমাৰ চকুপানী……… একো নজনাকৈয়ে সোমাই পৰিছিলো নিতৌ৷ প্ৰতিটো পল, অনুপল, দণ্ড……… তোমাকে সঁপি দিছিলো৷ হয়তো মোৰ প্ৰেম আৰু গাঢ় এইবাবেই হৈছিল, তোমাক নজনাকৈ হঠাৎ তোমাৰ একো খবৰ নোপোৱাক লৈ৷ নতুবা সদায়ে দেখা তোমাৰ কৰুণ চকুহালক লৈ৷ তাতোকৈ ডাঙৰ কথা, মোক নিজকে তোমাত সঁপি দিয়াক লৈ…………৷

…………অঘৰী হৈ খবৰ বিচাৰি ফুৰিছিলো তোমাৰ৷ তেনেতে ডাঙৰ কথা এটাই বাট ভেদি ধৰিছিল মোৰ৷ তুমি হেনো দৃষ্টিহীন! প্ৰথমে মোকো জোকাৰি পেলাইছিলে কথাষাৰে৷ কেতিয়াও কল্পনা নকৰা কথাষাৰে নিশ্চয়কৈ বিন্ধিবই৷ কিন্তু চেকেণ্ডৰ ব্যৱধানো লগা নাছিল মোক৷ হয়……… মোৰ প্ৰেমৰ তুলাচনীত সেয়া তেনেই নগণ্য৷ মোৰ কান্ধ তোমাৰ বাবেই উছৰ্গা কৰিবলৈ সাজু হৈছিলো মনেপ্ৰাণে৷ তোমাৰ সন্মতিত তোমাক মোৰ জীৱনলৈ আদৰিবলৈ সাজু আছিলো প্ৰতিপলে৷ তাৰপিছততো তুমিও জানা অৰ্চনা৷ মনত আছেনে সেই দিনটোলৈ…………৷

অৰ্চনাই ভাবিলে, কেনেকৈ পাহৰিব পাৰে বাৰু তাই! সৰুতেই পিতৃ মাতৃহীন তাই৷ বিধৱা পেহীয়েকে তুলি ডাঙৰ কৰিলে৷ পেহীয়েকৰ বেমাৰৰ বাবে থকা ঘৰ মাটি সকলো বিক্ৰী কৰিলে৷ তেওঁ হস্পিটালত আৰু তাই মহিলা আশ্ৰয়গৃহত৷ অজিতে বিচাৰি নহাহেঁতেন হয়তো………! অন্ধ মানুহে হেনো স্পৰ্শতে চিনি, বুজি লয় মানুহৰ মন৷ তাইয়ো বুজিছিল, সেই প্ৰথম স্পৰ্শৰ পৰা প্ৰতিটো স্পৰ্শ৷ বিশ্বাসে ঘৰ সাজিছিল তাইৰো হৃদয়ত৷ এনেয়ে মৰম আকলুৱা অন্তৰখন সুলকি সুলকি পৰিছিল অজিতৰ সংস্পৰ্শত৷ সি লৈ গৈছিল তাইক৷ দুটি মন একেটি হবলৈ বেছি পৰ লগা নাছিল৷ শৰতৰ কুৱঁলিসনা এটি পুৱা দুয়ো মন্দিৰত ওৰেজীৱনৰ বাবে এজন আনজনৰ অৰ্দ্ধ অৰ্দ্ধ হৈয়ে সম্পূৰ্ণ পৰিপুৰক হৈ ৰ’ম বুলি অংগীকাৰবদ্ধ হৈছিল৷

———- নিয়ৰবোৰে দুৱৰিবোৰত মুকুতাৰ কণা ছটিয়াইছিলে৷ অৰ্চনালৈ লৈ অহা ভাল খবৰটোৱে যে অজিতৰ এটা চকু …………! হয়, অজিতে অৰ্চনালৈ ন জীৱনৰ উপহাৰ দিছিল নিজৰ এটা চকু৷ কিয়নো দুয়োযে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল, চিৰদিনলৈ পৰিপুৰক হৈ ৰ’ম বুলি অংগীকাৰবদ্ধ হৈছিল৷ ডক্টৰ নিৰ্মালীয়ে কৈ গৈছিল,
“ অজিতক আৰু দুদিন লাগিব আনটো চকুৰে চাবলৈ৷ তুমি বাধা দিবা বুলিয়ে সি জনাব দিয়া নাছিল৷ সুখী হোৱা দুয়ো৷ যোৱা সৌ কোঠাটোতে আছে সি৷ তোমাক দৃষ্টিৰ সোপান পান কৰিবলৈ সমৰ্থ কৰোৱা, তোমাৰ মনৰ মানুহজনক, তেওঁৰে অপহৃত দৃষ্টিৰে, হেঁপাহ পলুৱাই চাই লোৱাগৈ………, যোৱা………৷”

**

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক