দেউতাৰ অসুখ,ডাক্তৰ আৰু কিছু তিতা-কেঁহা (ৰশ্মিতা কাশ্যপ বৰা)

১৯৯০ চনৰ কথা…তেতিয়া মোৰ বয়স প্ৰায় চাৰি বছৰ। এদিন পুৱা অফিচলৈ যাবলৈ ওলাই স্কুটাৰৰ কিক মাৰোঁতে ভৰি পিছল খাই কিকটোৱে আহি দেউতাৰ ভৰিত খুন্দা মাৰিলে, আঁঠুৰ ঠিক তলতে। বিষে মানুহটোক বাৰুকৈয়ে যন্ত্ৰনা দিলে। এক্স-ৰে কৰালে, নগাঁৱৰ ডাক্তৰে চাই ক’লে সিৰত দুখ পাইছে..চিন্তা কৰিবলৈ একোৱেই নাই। ডক্তৰৰ কথামতে তিনিমাহ মানুহটোৱে সিৰৰ ঔষধেই খালে। কিন্তু ভাল হওক চাৰি বেমাৰ বাঢ়িলহে। লাহে লাহে দেউতাই খোজ কাঢ়িব নোৱাৰা হৈ আহিল। বৰ কষ্টৰে অফিচলৈ অহা-যোৱা কৰিবলগীয়া হ’ল। ইফালে এমাডিমা আমি তিনিটা ল’ৰা-ছোৱালীক লৈ মাৰ নাজল-নাথল অৱস্থা।

মাৰ ক্ৰমে ডাক্তৰৰ ওপৰত বিশ্বাস হেৰাল আৰু দেউতাক জোৰ কৰিলে..”এবাৰ গুৱাহাটিলৈয়ে যাওঁ ব’লা”। দেউতা কিন্তু কোনোমতেই সন্মত নহয়, কাৰণ নগাঁৱৰ ডাক্তৰৰ ওপৰত তেওঁৰ অগাধ বিশ্বাস। তথাপিও মায়ে নেৰিলে। শেষত মান্তি হ’ল দেউতা। বা আৰু দাদাক আইতাৰ লগত এৰি, দেউতা আৰু মোক লৈ মা গুৱাহাটী পালেগৈ…সাৰথি হ’ল গুৱাহাটিত থকা আমাৰ মাহী। গুৱাহাটীৰ ডাক্তৰে তিনিমাহৰ আগৰ এক্স-ৰেখন চাই চিঞৰি উঠিল, “ক’ত আছিল ইমানদিন আপুনি। ভৰিৰ ফটা হাড়ডাল লৈ ইমানদিন কেনেকৈ আছিল আপুনি”। হয়, ভৰিৰ হাড় ফাটিছিল দেউতাৰ আৰু ৰোগীয়ে ভগৱান আখ্যা দিয়া ডাক্তৰে তিনিমাহ ধৰি দেউতাক সিৰৰ বেমাৰ নিৰাময়ৰ ঔষধ খুৱাই ক্ৰমে কোঙা কৰি পেলাইছিল।

ভৰিত ডেৰমাহৰ কাৰণে প্লাষ্টাৰ লৈ দেউতা আমাৰ বাবে হৈ পৰিল এঠেঙীয়া বগলী। সদায় গধুলি আমাক পঢ়িবলৈ মাতে কাৰণে আমি দেউতাই নুশুনাকৈ গাওঁ…এঠেঙীয়া বগলী, সদায় নাচে গধুলি। দেউতাৰ ভৰি ক্ৰমে ভাল হৈ আহিল। কিন্তু কাহিনী ইমানতে অন্ত নপৰিল। তিনিমাহ ধৰি খোৱা সিৰৰ ৰোগ নিৰাময়ৰ ঔষধবোৰে লাহে লাহে নিজৰ ৰূপ দেখুৱাবলৈ ল’লে। ভুল চিকিত্সাৰ বলি হৈ দেউতাৰ পেটৰ ভিতৰখন গেলি যোৱা যেন হৈ আহিল। অলপ কাহিলেই তেজ বমি কৰা হ’ল মানুহটোৱে। মায়ে আজিও সেই দিনবোৰ সুঁৱৰি শিঁয়ৰি উঠে আৰু কয়…”এই দুখন হাতেৰেই দেউতাৰৰ কিমান যে কেঁচা তেজ মই গামোছাত বান্ধি পুতি থৈছিলোঁ”। লাহে লাহে আমাৰ দেউতাটো শুকাই আহিল। দেউতাৰ ওপৰত সদা নিৰ্ভৰশীল আৰু ঘৰৰ পৰা বৰ বিশেষ প্ৰয়োজন নহ’লে ওলাই নোযোৱা মাজনীৰ ওপৰত যেন গোটেই সৰগখনেই আহি ভাঙি পৰিলহি। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰীজনৰ বেমাৰে সমগ্ৰ ঘৰখনকে প্ৰভাৱিত কৰিলে। ধাৰ আহি টেঁটু পালেহি। দেউতা মৰিব বুলিয়েই কোনেও আমাক টকা ধাৰে নিদিয়া হ’ল আৰু যিবোৰে দিছিল টকা বিচাৰি তেওঁলোকে প্ৰায়ে মাক আহি তাগিদা দি থকা হ’ল। তথাপিও মায়ে হাৰ নামানিলে অদৃষ্টৰ ওচৰত, অকলেই চলাই গ’ল সংগ্ৰাম। আমাৰ তিনিওটাকে আইতাৰ লগত এৰি এইবাৰ মায়ে দেউতাক লৈ ধাপলি মেলিলে ভেলোৰ অভিমুখে, লক্ষ্যস্থান খ্ৰীষ্টিয়ান মেডিকেল কলেজ হস্পিটেল। যদিও সৰু আছিলোঁ আজিও কিন্তু মনত আছে দেউতাহঁত যোৱাৰ সেই দিনটো.. তেওঁলোকৰ লগত যাম বুলি কান্দি-কাটি বাউলি হোৱা মইজনীয়ে সেই সময়ত তাত উপস্থিত থকা সকলোকে ব্যথিত কৰি তুলিছিলোঁ। ভাল হৈ ঘূৰি আহিম বুলি মনত আশা বান্ধি ওলোৱা দেউতাক গাঁৱৰ একাংশ মানুহে আশীৰ্বাদ দিলে…”ভেলোৰত মানুহটো ভালে কুশলে মৰে যেন” (এই আশীৰ্বাদ কিছু মানুহে দেউতাক আমাৰ সম্মুখতে দিছিল)।

সকলো বাধা নেওচি মা আৰু দেউতা ভেলোৰ পালেগৈ। তাৰ ডাক্তৰে গুৱাহাটীত কৰি যোৱা পৰীক্ষাবোৰৰ ৰিপৰ্টবোৰ চালে, এটা সৰু পৰীক্ষা নিজৰ ফালৰ পৰাও কৰালে আৰু মুঠ ৫৪ টকাৰ কেইটামান ঔষধ দি পঠিয়ালে। সেই ঔষধ খাইয়ে দেউতা সৰ্ম্পূণ সুস্থ হৈ উঠিল। দেউতা আজিও ঠিকে আছে, পাচে তেওঁৰ ভালে-কুশলে প্ৰাণ যাবলৈ আশীৰ্বাদ (নে আভিশাপ) দিয়া কেইজন কিন্তু বৰ্তমান ইহসংসাৰত নাই।

এটা সৰু দুৰ্ঘটনা আৰু এজন ডাক্তৰৰ ভুল চিকিত্সাই আমাৰ ঘৰখনলৈ নমাই অনা অমানিশা আমি আজিও পাহৰা নাই। ঠিক একেদৰে পাহৰা নাই ভেলোৰৰ সেই চিকিত্সকজনক… আজি তেওঁ ক’ত আছে আমি নাজানো, কিন্তু সদায় তেওঁৰ মংগল কামনা কৰোঁ।

ফাৰুক আজিজ: ভয় লগা কথাচোন! কিমান বা মানুহ এনে ভুল চিকিৎসাৰে মৃত্যু মুখত পৰিছে!

সঞ্জীৱ দত্ত: কিছুমান ডাক্তৰৰ বেপাৰি মনোবৃত্তি কিন্ত শলাবলগীয়া ৷ শতকৰা 70%

অনুৰাগ বৰপাত্ৰ গোহাঁই: আমাৰ ইয়াত বেমাৰীক লুটি পুটি খোৱাই তেওঁলোকৰ মহান উদ্দেশ্য !

মাধুৰীমা ঘৰফলীয়া: লেখাটো পঢ়ি বিশেষ আচৰিত নহলো । কাৰণ অসমৰ ডাক্তৰৰ পৰা পোৱা তিতা-কেঁহা অভিজ্ঞতা আমাৰো আছে। এবাৰ অকবতেই লিখিছিলোঁ। নিজকে দেৱতাৰ শাৰীত ৰখা অসমৰ ডাক্তৰ কিছুমান ডাক্তৰেই নে যম ধৰিবই নোৱাৰি।

ৰশ্মিতা কাশ্যপ বৰা: অসমৰ প্ৰায় ৮০% মানুহেই নিজৰ জীৱনকালত এবাৰ হ’লেও ডাক্তৰৰ ভুল চিকিত্সাৰ বলি হ’বলগীয়া হয়।

সঞ্জীৱ অনুৰাগ বৈশ্য: চিন্তনীয়…!! অভিজ্ঞতাখিনি হৃদয়স্পর্শী।

ৰূপম নাথ: ভুল চিকিৎসাৰ বাবেই মই মোৰ মাক অকালতে হেৰুৱাব লগীয়া হৈছে।

লোচন জুমন বৰদলৈ: হয়, এনেকুৱা ঘটনা নিশ্চয় বহুতৰে লগত ঘটিছে আৰু শুনিছোঁও। একো সন্দেহ নাই যে চি.এম.চি. ভেলোৰত বহুত ভাল ভাল চিকিৎসক থাকে, কিন্তু মোৰ লগৰ এজনৰ ইউৰ’লজীৰ সমস্যা এটা চি.এম.চি. ভেলোৰৰ চিকিৎসকে ভাল কৰিব নোৱাৰিলে। তাৰ সলনি গুৱাহাটী মেডিকেল কলেজৰ ইউৰ’লজীৰ হেডজনেহে মোৰ লগৰজনক সম্পূৰ্ণ আৰোগ্য কৰি তুলিলে।

উদ্দীপ তালুকদাৰ: নিজে এজন ডাক্তৰ কাৰণে এনে কথা চিধাই মানি ল’বলৈ টান পাওঁ। কিন্তু মই মানি ল’বলৈ টান পালেও ইয়াতে ভাল-নোহোৱা বহুতো ৰোগী ভেলোৰ-ত অতি সহজ চিকিৎসাতে ভাল হৈ আহে, সেইটো বিশ্বাস নকৰাকৈ থকাটো চকু থাকিও মুদি থকাৰ দৰে হ’ব। সেয়ে, এনে ধৰণৰ ৰোগীৰ অসমত দেখুওৱা কাগজ-পত্ৰ আৰু ভেলোৰত দেখুওৱা কাগজ-পত্ৰৰ তুলনা এটা কৰি চোৱাৰ মন আছে। অন্তত: গোলমালটো ক’ত আছে, সেইটো বুজি পালে আৰু ডাক্তৰসকলৰ কাণ চোৱাব পাৰিলে কথাবিলাক অলপ ভাললৈ আহিব। কাৰোবাৰ হাতত এনে ধৰণৰ ৰোগীৰ কাগজ থাকিলে, তাৰ স্কেন কপি মোলৈ ইনবক্সত পঠিয়াব পাৰে।

ৰাজীব ৰঞ্জন: এই কথাটো মোৰো জানিবৰ মন যায়, যে পাৰ্থক্যখিনি ক’ত আৰু কিয়? মোৰ চিনাকি ভাইটি এটাৰ অলপ দিন আগতে পেটৰ বিষ হৈছিল, গুৱাহাটীৰ ডাক্টৰে চাই মেলি কিডনীৰ কেন্সাৰ হোৱা বুলি ক’লে, এটা কিডনী কাটিব লাগিব বোলে৷ ভেলোৰত গৈ দেখুৱালে, কিবা অস্ট্ৰোপচাৰ এটা কৰিলে৷ কিডনীৰ পৰা এটুকুৰা মাংস কাটি দিলে, বচ্৷ ল’ৰাজন এতিয়া সুস্থ৷ এটা কিডনী আৰু অকণমান মাংস কটাৰ মাজৰ পাৰ্থক্যখিনি জানিবলৈ মন যায়৷

উদ্দীপ তালুকদাৰ: অস্ত্ৰোপচাৰ আদিৰ ক্ষেত্ৰত কথাটো অলপ বুজিব পাৰি। যেনে, কেতিয়াবা কিছুমান কৰ্কট ৰোগৰ চিকিৎসাৰ ধৰণ চিকিৎসকৰ অভিজ্ঞতা আৰু কৌশলতাৰ ওপৰত নিৰ্ভৰ কৰে। যেনে, অতি অভিজ্ঞ ছাৰ্জনে সম্পূৰ্ণকৈ কাটি নেপেলাই নিজে অভিজ্ঞতাৰে কিমানখিনিলৈ কাটিলে হৈ যাব, সেইটো জানিব পাৰে। লগতে, আজিকালি অস্ত্ৰোপচাৰ টেবুলতে কাটি পেলোৱা অংশটো কেন্সাৰ মুক্ত হয় নে নহয়, চোৱাৰ উপায় আছে, যিটো অসমত এতিয়ালৈ নাই (মই জনাত)। ইয়াৰোপৰি এনে ধৰণৰ কথাত সিদ্ধান্ত লোৱাটোৰো কিছুমান সমস্যা থাকে। যেনে, এটা স্কুলে যদি কয়, সম্পূৰ্ণ কাটি পেলাব, অইন এটা স্কুলে কয়, গোটেইখিনি নাকাটিলেও হয়। (এইটো মই অনুমানহে কৰিছোঁ, ৰাজীৱৰ ঘটনাটোত।) কিন্তু মূল পোষ্টটোৰ দৰে ঘটনাবিলাক এনে ধৰণেও বাখ্যা কৰিব নোৱাৰি।

অভিজিৎ ঠাকুৰীয়া: শুনিছোঁ আৰু নিজে দেখিছোঁ, চিকিৎসকৰ কিছুমান ভুল সিদ্ধান্তই এখন ঘৰ কেনেকৈ নৰকত পৰিণত হয়৷

আবিদ আজাদ: আমাৰ অসমত বহু ভাল ডাক্টৰ আছে, নাম কৈ দিব পাৰোঁ। কিন্তু তাৰ বাহিৰে বেছি ভাগেই ডকাইত, মাৰ্ডাৰাৰ। যাৰ নেকি ডকাইতি কৰাৰ শাস্তিও নাথাকে, মাৰ্ডাৰ কৰাৰ প্ৰমাণো নাথাকে। অসমত ডাক্টৰী মানে হৈছে পেচা আৰু পইছা। আৰু মানৱ সেয়া…. What is Manav Seva???!!!

পংকজ ঠাকুৰীয়া: মানুহৰ দেহাটো যন্ত্ৰৰ দৰে খুলি চাব পাৰিলে ডাক্টৰসকলৰ বাবে সুবিধা হ’লহেঁতেন। যিহেতু নোৱাৰি গতিকে যন্ত্ৰ সহাবত চাব লাগে। পেথলজিৰ বস্তুবোৰ নুবুজোঁ কিন্তু ভৌতিক আৰু জৈবিক ৰসায়নৰ যন্ত্ৰসমূহত কাম কৰাৰ অভিজ্ঞতাৰ পৰা দুটা কথা কওঁ। যিকোনো একোটা যন্ত্ৰৰ যিহেৰে পেথলজিৰ পৰীক্ষা কৰা হয় কিছুমান সীমাবদ্ধতা থকা। ধৰি লওঁ এম আৰ আই। কণ্ট্ৰাষ্ট কিমান হ’ব বা resolution সেইবোৰ বহু পৰিমাণে যন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। উন্নত যন্ত্ৰ একোটাৰ দাম সাধাৰন যন্ত্ৰ একোটাৰ দামৰ কেবাগুণ বেছি। কেইমাহমান আগতে লগৰীয়া দুজনমানে উচ্চ ক্ষমতাৰ চুম্বকৰ এম আৰ আই ৰ পৰীক্ষা এটাত ভলুন্টিয়াৰ হিচাপে গৈছিল, মানুহৰ মগজুৰ সুক্ষ্ম গঠন পৰীক্ষাৰ প্ৰকল্প এটাৰ বাবে। জানি আচৰিত হ’ব যে ডাটাখিনি চাবৰ বাবে পৃথিবীৰ দুই নম্বৰ শক্তিশালী চুপাৰ কম্পিউটাৰটো ব্যবহাৰ কৰিছিল। এই কথাখিনি আৰু সাধাৰণভাবে ক’ব পাৰি যে বিভিন্ন কম্পেনীৰ কেমেৰাত বিভিন্ন সা-সুবিধা থাকে। কিন্তু মই যিমান দেখিলোঁ অতি নিম্ন মানৰ কিছুমান যন্ত্ৰৰে আমাৰ তাত পৰীক্ষা কৰা হয়। এজন ডাক্টৰে পুৱাই ঘৰত পেট ভৰাই ভাত খাই যোৱা ৰোগীক গ্লুকজ পৰীক্ষা কৰাও দেখিছোঁ আৰু তাৰ পিছত ডাইবেটিক বুলি কৈ ঔষধ দিয়াও দেখিছোঁ। আনহাতে গাঁও অঞ্চলত যদি ঔষধ নিদিয়ে তেনে ডাক্টৰ বেয়া কিন্তু বুজি নাপায় যে ডাক্টৰে লক্ষণৰ ওপৰত ভিত্তি কৰি সকলো বেমাৰৰ ঔষধ দিব নোৱাৰে। মেডিচিন বা ডাইগনচিচ কিমান অসুবিধা বুজি পায়ো কিন্তু ডাক্টৰক মই জানো বা নাজানো সুধি চাওৱেই যে কিয় পৰীক্ষা কৰিছে আৰু লগতে প্ৰতিবেদনখন পোৱাৰ পিছতো বা পৰীক্ষাৰ সময়তো যিমান পাৰোঁ সুধি লওঁ। অজিত পটংগীয়া দেবে আৰু এইবাৰৰ সাহিত্য ডট অৰ্গৰ সম্পাদকে বেমাৰসমূহৰ বিষয়ে অসমীয়াত লিখি আমাক যথেষ্ট জনাইছে। বাকী থকা ডক্টৰসকলেও এই সুযোগতে এই বুজি নোপোৱা সমস্যাবোৰৰ কথা লিখি অকবৰ ৰাইজক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ।

পংকজ কলিতা: ময়ো এনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ। সেয়ে কেতিয়াবা কোনোবাই ডাক্তৰৰ কথা সুধিলে- এপ’লো বা ভেলোৰলৈ লৈ যাব কওঁ। আনকি তুলনামূলকভাৱে খৰছো বহুত কম পৰে।

চায়েদ উজ জামান: সকলো বেমাৰৰ natural course থাকে৷ সেইমতে কিছুমান বেমাৰ বেয়া আৰু কিছুমান নিজেই ভাল হয় বা চলিব পৰা অবস্থালৈ আহে৷ সেইমতে একে বেমাৰৰ বেলেগ বেলেগ চিকিৎসা বা অস্ত্ৰপচাৰ লাগে, তাৰ অবস্থান বুজি৷ চিকিৎসকৰ দক্ষতাক সন্দেহ কৰা আৰু উদভণ্ডালি আজিকালি সাধাৰণ কথা৷ Health education আৰু counselling-ৰ দ্বাৰা এই সামাজিক ব্যাধি দূৰ কৰিব লাগিব৷

দীপাংকৰ ৰাভা: বৰ ভয়ানক কথা দেখোন!! কিছু সংখ্যক চিকিৎসকে নিজকে ভগৱান বুলি ভাৱে, তেখেতসকলো সমস্যা সমাধান কৰিব পাৰে কিন্তু সময়তহে দেখা যায় কোন ফালে ধাল খা। এই অভিজ্ঞতা মই অলপ পাইছোঁ।

সাৰদা শ্ৰেষ্ঠ: আপোনাৰ দেউতা যে সুস্থ হৈ উভতি আহিল, জানিব পাৰি ভাল লাগিল। এটা কথা ঠিক কোনো ডাক্তৰে ৰোগীৰ বেয়া হওঁক বুলি চিকিৎসা নিশ্চয় নকৰে। কিন্তু অধিকাংশই তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি বৰ সচেতন নহয়।

উজ্জল দত্ত: মোৰ চিনাকী ডাক্তৰ এজনৰ নেৰানেপাৰা কাহ হৈছিল কেইদিন মানৰ আগতে। ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমত তিনিবাৰ চিটি স্কেন কৰিও বেমাৰ ধৰিব নোৱাৰিলে। এজন ডাক্তৰে টিবি হৈছে বুলি দৰৱ খুৱাই দিলে। অবস্থা বেয়া। উন্নত চিকিৎসাৰ বাবে চেন্নাই গৈছে বুলি শুনিছোঁ। এই মুলুকত ডাক্তৰৰ এই অবস্থা হ’লে আমাৰ কি গতি হ’ব???????

উচ্চজিৎ কলিতা: অসমত মাজে মাজে কিবা এটা ক’ৰবাত ভুল হয়। মই চেন্নাইত চাকৰি কৰি থকাৰ সময়ত বহুত অসমৰ ৰোগীক লগ পাইছিলোঁ, বহুতৰ লগত বিভিন্ন ধৰণে লাগি-ভাগি দিছিলোঁ। বন্ধুৰ বায়েক এগৰাকীক (৪০ বছৰ বয়সৰ) যকৃতৰ কৰ্কট ৰোগৰ শেষ অৱস্থাৰ ৰোগী বুলি অসমৰ আগশাৰীৰ চিকিৎসালয় এখনে নাবাচে বুলি কৈ দিয়াৰ পাছত চেন্নাইৰ আডিয়াৰ কৰ্কট প্ৰতিষ্ঠানত দুমাহৰ চিকিৎসাত সম্পূৰ্ণ ভাল হয় আৰু আমোদজনক কথাটো হ’ল তেওঁৰ পাকস্থলী আৰু যকৃতৰ মাজৰ কোনোবা এডোখৰ ঠাইত এটা বিৰল পাত্থৰ হৈছিল আৰু সেইটো কৰ্কটীয় নাছিল।

এবাৰ আকৌ অইন এজন বন্ধুৰ খুৰাক এজনৰ মধুমেহ ৰোগ চৰম পৰ্যায় পায় আৰু দুইটা বৃক্ক প্ৰায় বিকল হোৱা অৱস্থাত চেন্নাইলৈ নিয়া হয়। আমাৰ অসমৰ তিনিজনমান চিকিৎসকে তেওঁৰ বিশেষ একো নোহোৱা বুলিয়ে কৈ আছিল। আচলতে তেওঁলোকে বৃক্কীয় পৰীক্ষণ কৰায়ে নাছিল। চেন্নাইৰ আগশাৰীৰ চিকিৎসালয়ৰ চিকিৎসকে (তেওঁ আকৌ অসমীয়া) অতি দুখেৰে জনাইছিল যে মানুহজনক বৰ দেৰিকৈ পালে তেওঁলোকে। বিশেষ উপায় নাছিল। এমাহ পিছত খুৰা ঢুকাল।

এয়া দুই ধৰণৰ অভিজ্ঞতা হ’ল মোৰ ।

আবিদ আজাদ: ২০০৯ৰ কথা। ৰোগী নিজৰ ঘৰৰ। বয়স ৭০ বছৰ+। অসমৰ আটাইতকৈ নাম থকা নিউৰল’জী হোস্পিটেল খনৰ আটাইতকৈ নাম থকা চিকিৎসক গৰাকী (সকলোয়ে জানে তেওঁৰ নাম!) আমাৰ ৰোগীজনৰ এম, আৰ, আই কৰাই আৰু চাই পৰামৰ্শ দিলে যে, ব্ৰেইন টিউমাৰ হোৱাৰ সম্ভাৱনা আছে। মূৰৰ অপাৰেচন কৰাব লাগিব! লগত দিলে ৰাইফলৰ বুলেটৰ সমান দীঘল দীঘল কেপচুল-টেবলেটৰ তালিকা। সেইবোৰ খাই ৰোগীৰ পেট ভৰি যায়, অৱস্থা আৰু বেয়া হৈ গ’ল। বেছি ভবা-ভাবি কৰি নাথাকিলোঁ। এপ’ল’ চেন্নাই লৈ গ’লো ইমিডিয়েট। যি হয় তাতেই হ’ব ভাবিলোঁ। অঙহী-বঙহী গোট খাই প্ৰায় শেষ বিদায় দিলে। তাত ডায়েগোনাইজ কৰি তিনিদিনতে আমাক পঠিয়াই দিলে। লগত দিলে দুটা মান হাই প্ৰেচাৰ আৰু ডায়েবেটিছৰ টেবলেট। আজিও সেইবোৰেই খাই আছে। আৰু সবলো হৈ আছে।

দেৱব্ৰত গগৈ: আবিদ আজাদ, আপুনি উল্লেখ কৰা সেই ডাক্তৰজন ডাক্তৰ কম আৰু বেপাৰী বেছি, অসমখন কেৱল কিছুমান ৰাজনীতিকেই লুটা নাই, এইজনায়ো লুটিছে সমানে সমানে। ডাক্তৰে গেলামালৰ দোকান খোলা ক’ত দেখিছে? এইজনে খুলিছে।

আবিদ আজাদ: দেৱব্ৰত গগৈ ডাঙৰীয়া, আপুনি সমানে সমানে বুলি কৈ অলপ পক্ষপাতিত্বমূলক কথা কৈছে! ৰাজনীতিকে জিন্দা মানুহৰ পৰাহে লুটিব পাৰে; কিন্তু তেওঁ জিন্দা বাদেই, মূৰ্দাৰ পৰাও লুটে। ICU নামৰ ফেক্টৰিটো আছে নহয়!

ডা° ভপেন্দ্ৰ শইকীয়া: গোটেই কথোপকথন পঢ়ি মনত নিজে এজন অসমীয়া ডাক্তৰ হিচাবে কি অনুভৱ হৈছে তাক সংক্ষেপে বুজাব নোৱাৰোঁ৷ থুলমুলকৈ ডাক্তৰৰ অসচেতনতা, ৰোগীৰ প্ৰতি সময় নিদিয়া আৰু ভুল বুজাবুজিৰ বাবেই বিতৰ্কৰ সূত্ৰপাত হয়৷ ভুল চিকিৎসা (তাৰ ফলত মৃত্যুপৰ্যন্ত হোৱা) দক্ষিণৰ কেইবাখনো নামজ্বলা চিকিৎসালয়ৰ বিষয়েও আমি অৱগত হৈছোঁ৷ আনকি অত্যাধিক বিলত খৰচান্ত হোৱা ৰোগীৰ পৰিয়ালো লগ পাইছোঁ৷ আয়াৰলেণ্ডৰ দৰে উন্নত দেশতো ইউটেৰাচৰ টিউমাৰ অপাৰেচন কৰাৰ দুমাহৰ পিছত কিডনিৰ বৃহৎ পাথৰ ধৰা পৰাৰ দৰে ঘটনা মই নিজে দেখিছোঁ৷ চিকিৎসা বৃত্তিটো এটা দায়িত্বশীল বৃত্তি- মানুহৰ জীৱন-মৰণ ইয়াৰ লগত যুক্ত থাকে-গতিকে সামান্য অমনোযোগী হলেই নানান অঘটন ঘটিব পাৰে৷

 

 

বিঃদ্ৰঃ এই আলোচনা সম্পূৰ্ণ অসম্পাদিত ৰূপত দিয়া হৈছে | এই মন্তব্যসমূহ মন্তব্য কৰোতা সকলৰ |

এই আলোচনাৰ লিংকৰ বাবে ইয়াত ক্লিক কৰক |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments