দেউতাৰ উপদেশ, প্ৰয়োগ, আৰু ফলাফল (ত্ৰিদীপ কুমাৰ বৰুৱা)

দেউতাৰ উপদেশ, প্ৰয়োগ, আৰু ফলাফল

 

ত্ৰিদীপ কুমাৰ বৰুৱা

 

 

 

জন্মৰ সূত্ৰে আমি এই পৃথিবীৰ বাতাবৰণৰ সংস্পৰ্শলৈ আহাৰে পৰা আমি শিকিবলৈ আৰম্ভ কৰোঁ আৰু আজীৱন এই প্ৰক্ৰিয়া অব্যাহত থকে। আমি প্ৰথমে শিক্ষা আৰম্ভ কৰোঁ নিজৰ ঘৰখনতে। আমি যেতিয়া লাহে লাহে ডাঙৰ হ’বলৈ ধৰোঁ তেতিয়া মা-দেউতাৰ লগতে ঘৰখনৰ অন্য সদস্যই আমাক এই জগতখনৰ লগত পৰিচয় হোৱাত বিভিন্ন ধৰণে সহায় কৰে। তেখেতসকলৰ মৰম, ভালপোৱা, শাসন, উপদেশ আদিবোৰে আমাৰ মন-মগজুত প্ৰতিক্ৰিয়া সৃষ্টি কৰে আৰু আমাৰ নিজৰ চৰিত্ৰ বা স্বভাৱ গঠনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাই। মোৰো শৈশৱ ইয়াৰ ব্যতিক্ৰম নাছিল। মোৰ সৰুকালটো যৌথ পৰিয়ালত পাৰ হোৱা বাবে ঘৰৰ জেষ্ঠ জনৰ পাৰ বিভিন্ন সময়ত বহুটো কথা শিকিবলৈ পাইছিলোঁ। আইতাৰ সাধু কথাত, বৰদেউতাৰ উপদেশত, দাদা বিলাকৰ শাসনত, মাৰ মৰম আৰু বুজনিত, দেউতাৰ যুক্তি আৰু উপদেশত আদি সকলোতে যেন কিবা নহয় কিবা এটা শিকিবলগীয়া কথা আছিল। দেউতাই প্ৰায়েই নিজৰ জীৱনত পোৱা বিভিন্ন অভিজ্ঞতা বিলাক সাধুকথাৰ দৰে সজাই পৰাই আমাক শুনাইছিল আৰু আমি অতি আগ্ৰহেৰে সেইবিলাক শুনি গৈছিলোঁ। দেউতাৰ পৰা পোৱা এই উপদেশ বিলাকে মোক বিভিন্ন সময়ত সহায়ক হৈ আহিছে। মই স্কুলত পঢ়ি থকা দিনৰ কথা এটা আপোনালোকৰ আগত ক’বলৈ ওলাইছোঁ।

তেতিয়া মই গুৱাহাটীৰ কামৰূপ একাডেমি স্কুলৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। কামৰূপ একাডেমি স্কুলৰ ছাত্ৰ বিলাক বৰ উত্পতীয়া বুলি এটা নাম আছিল। কথাটো পিছে একেবাৰে মিছা নাছিল। কামৰূপ একাডেমিৰ ছাত্ৰক নিয়ন্ত্ৰণ কৰা মুখৰ কথা নাছিল। সেই সময়ৰ আমাৰ স্কুলৰ উপ-অধ্যক্ষৰ পদত আছিল জহীনুৰ আলি চাৰ। ওখ-পাখ আৰু শকত-আৱত গাৰ গঠনেৰে আলি চাৰ এক সবল ব্যক্তিত্বৰ অধিকাৰী আছিল। আমাৰ স্কুলত আলি চাৰক সন্মান আৰু ভয় নকৰা ছাত্ৰ মোৰ বোধেৰে সেই সময়ত এজনো নাছিল। আলি চাৰে প্ৰায়েই প্ৰতিটো বিষয়ৰ শিক্ষা-ম্যাদৰ (period) অন্তত হাতত এডাল মোটা বাঁহৰ এছাৰিলৈ গোতেই স্কুলটোৰ পৰিদৰ্শনত ওলাইছিল। সেই সময়ছোৱা আমাৰ স্কুলখনত একেবাৰে বেজী সৰি পৰিলেও শুনা পোৱা নিঃশব্দতা বিৰাজ কৰিছিল। যদি কেনেবাকৈ কোনো ছাত্ৰই গণ্ডগোল কৰি থকা আস্থাত ধৰা পৰে তেতিয়া সেই ছাত্ৰজনে চাৰৰ হাতৰ সেই মোটা এছাৰিৰ কেই বেট খাবলগীয়া হৈছিল নকলেও বুজি পাইছে চাগৈ। মুঠৰ ওপৰত চাৰ ওলাল মানে চুপ-চাপ শ্ৰেণীৰ ভিতৰত বহি থকাটোৱেই মঙ্গল।

 

আমাৰ শ্ৰেণী-কোঠালীটো স্কুল চৌহদৰ সোঁমাজত থকা দুই-মহলীয়া নতুন স্কুল ঘৰটোৰ ওপৰ মহলাত অৱস্থিত হোৱা বাবে পুৰণি স্কুল ঘৰটোৰ দীঘলীয়া বাৰাণ্ডাখনৰপৰা বৰ ভালকৈ দেখা পোৱা গৈছিল। সেয়েহে আমি শ্ৰেণীত থকা খিৰিকীৰে আলি চাৰ স্কুল পৰিদৰ্শনত ওলোৱা কথা আগতেই গম পাইছিলোঁ আৰু সকলো বিলাক ছাত্ৰ অতি শান্ত-ভদ্ৰ ছাত্ৰৰ দৰে শ্ৰেণী-কোঠাত চুপ-চাপ বহি পৰিছিলোঁ। পিছে আমাৰ কোনোৱেই যে কেতিয়াও উৎপাত কৰি থকা অৱস্থাত চাৰৰ হাতত ধৰা পৰা নাছিল তেনে নহয়। বহু জনে বহু সময়ত হাতে-লোঁতে ধৰা পৰি এশিকনি পাই থৈছিল।

 

এদিনৰ কথা। সেই সময়ত অসম আন্দোলন জোৰদাৰ গতিত ছলি আছিল। ভূপেন হাজৰিকাৰ দেশ ভক্তিমূলক গান যিকোনো অসম প্ৰেমীৰ মুখেৰে স্বতঃস্ফূৰ্ত ভাবে নিগৰি ওলোৱাটো অতি সাধাৰণ কথা আছিল। দৈনন্দিন ওলোৱাৰ দৰে আলি চাৰ সিদিনাও স্কুল পৰিদৰ্শনত ওলাইছিল। সিদিনা আমাৰ কি হ’ল জানো! আমি কোনেও চাৰৰ আগমনৰ কথা গমেই নাপালোঁ। চাৰ যেতিয়া একেবাৰে আমাৰ স্কুল-ঘৰৰ ওপৰ মহলা পালেহি তেতিয়াহে আমি কথাতো ধৰিব পাৰি সকলো নিজৰ নিজৰ আসনত বহি পৰিলোঁ। অলপ সময়ৰ পিছতেই আলি ছাৰ আমাৰ শ্ৰেণী-কোঠাৰ ভিতৰলৈ সোমাই আহিল। ছাৰে সোমাই আহি সকলোৰে মুখলৈ এবাৰ ভালকে চাই লৈ প্ৰশ্ন কৰিলে। “এই শ্ৰেণীটোত কোনে গান গাই আছিল”? আমি সকলোবোৰ ছাত্ৰই মূৰ তল কৰি মনে মনে বহি থাকিলোঁ। মই মনতে ভাবিলোঁ, আজি আমাৰ ৰক্ষা নাই। পিছে আমাৰ শ্ৰেণীৰ ছাত্ৰ বিলাকৰ মাজত এটা বৰ ভাল বুজা-বুজি আছিল। আমি কেতিয়াও এজনে আনজৰ নাম নকৈছিলোঁ। আমাৰ পৰা একো উত্তৰ নাপাই এইবাৰ ছাৰে আৰু উচ্চ স্বৰত ক’লে। “কোনে গান গাই আছিল ক। নহ’লে সকলোকে ১০ বেটকৈ দিম”। মই ভাবিলোঁ এতিয়া কথা বিষম। এতিয়াও যদি কোনেও একো নকওঁ তেতিয়া চাৰৰ আৰু বেছি খঙ উঠিব আৰু ১০ নালাগে ২ বেটতেই পিঠি ৰঙা পৰি যাব। সেয়েহে ভাবিলোঁ কৈ দিয়াই ভাল হ’ব। সেই ভাবি মই থিয় দিলোঁ। শ্ৰেণীৰ বাকি বিলাক ছাত্ৰই মোৰ পিনে আচৰিত হোৱাৰ দৰে চাবলৈ ধৰিলে। এইবাৰ ছাৰে মোৰ পিনে চাই সুধিলে _ “ওঁ.. ক .. কোনে গান গাইছিল?”। মই মনত সাহস গোটাই নিৰ্ভীক ভাবে উত্তৰ দিলোঁ _ “মই গাই আছিলোঁ ছাৰ”। মনতে ভাবিলোঁ দেউতাই কোৱা ‘সৎসাহস ‘ বোলা বস্তুটো ইয়াকেই কয় হ’বলা। চাৰে কিছু সময় মৌন হৈ থাকিল। মই ভয় খোৱা নাছিলোঁ। “মোৰ লগত ব’ল”- বুলি কৈ চাৰ শ্ৰেণীৰ পৰা ওলাই গ’ল আৰু মই চাৰৰ পিছে-পিছে যাবলৈ ধৰিলোঁ।

 

শ্ৰেণীৰ সকলোবোৰ ছাত্ৰই মোৰ পিনে অবাক দৃষ্টিৰে চোৱা মই অনুভব কৰিলোঁ। সকলোৱে যেন মোক ক’ব খুজিছিলি _ “কিয়?”। “এতিয়া মজাটো পাবি”। মই চাৰৰ পিছে পিছে গৈ চাৰ বহা কোঠালীটোত সোমাই পৰিলোঁ। চাৰে হাতৰ এছাৰিডাল টেবুলত থৈ মোক প্ৰায় ৫ মিনিট মান সময় বহুত কথা বুজালে। শেষত ক’লে “আগলৈ এনে ভুল কেতিয়াও নকৰিবি। এতিয়া যা”। মই চাৰৰ কোঠাৰ পৰা ওলাই নিজৰ শ্ৰেণীৰ পিনে যাবলৈ ধৰিলোঁ। মই যেন বৰ হতাশ হৈ পৰিছিলোঁ। মই যেন এখন ডাঙৰ যুদ্ধত বিজয়ী হওঁ হওঁ অৱস্থাত উপনীত হৈও পৰাস্ত হ’লো। মোৰ লগৰ মখাই যেতিয়া গম পালে যে চাৰে মোক একো শাস্তি নিদিলে বুলি সকলোবিলাক আচৰিত হৈ গ’ল। সকলোৱে মোক সুধিবলৈ ধৰিলে – “কেনেকৈ ত’ই একো শাস্তি নোপোৱাকৈ আহিলি?” মই উত্তৰত ক’লো “সৎসাহস”।

 

সেইদিনা ৰাতি পঢ়া-শুনা কৰি অঁটাই স্কুলৰ ঘটনাটোৰ বিষয়ে আকৌ ভাবিবলৈ ধৰিলোঁ। ‘ সৎসাহস ‘ মানে ভুল কৰি তাক স্বীকাৰ কৰাক বুজাই নে নিজে কাৰা যিকোনো কামৰ দায়িত্ব স্বীকাৰ কৰি তাৰ ফলাফল ভোগ কৰাৰ সাহসক বুজাই? মোৰ এনে লাগিল যে সৎসাহস এটা শক্তি। যি শক্তিয়ে এজন ব্যক্তিক সকলো ভয়ৰ পাৰা মুক্ত কৰিব পাৰে। কিন্তু যিকোনো শক্তিক যিদৰে সমাজৰ উপকাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি তেনেদৰে সেই একেটা শক্তিকেই সমাজৰ বিস্তৰ ক্ষতি সাধন কৰিবৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰি। মোৰ মনত মাজত বহুটো চিন্তাই একেলগে আহি খেলিমেলি লগালে। তাৰমানে সৎসাহস বোলা শক্তিটোক যদি সঠিক ব্যৱহাৰ কৰা নহয় ই মোৰ নিজক লগতে আনৰো ক্ষতি কৰিব পাৰে। মনতে ভাবিলোঁ যদি আহা কালি মই স্কুলৰ খিৰিকীৰ আইনা এখন ভাঙো আৰু এইদৰে এটাৰ পিছত এটা বেয়া কাম কৰি গৈ থাকো আৰু স্বীকাৰ কৰি গৈ থাকোঁ আৰু তাৰ বাবত একো শাস্তি নাপাওঁ তেতিয়া সেয়া জানো ভাল হ’ব। এনে কাৰ্য্য সৎসাহসৰ অপপ্ৰয়োগ কৰা নহ’ব নে? তেনেহ’লে চাৰে মোৰ কিয় শাস্তি নিদিলে। মইতো শাস্তিৰ পৰা বাচিবৰ বাবে দোষ স্বীকাৰ কৰা নাছিলোঁ। মই ভাবিছিলোঁ মই ভুল কৰিছিলোঁ আৰু সৎসাহস দেখুৱাই মই মোৰ ভুল স্বীকাৰ কৰিলোঁ এতিয়া মই শাস্তি পাব লাগিছিলি। কালি যদি স্কুলৰ প্ৰতিটো ছাত্ৰই এনেদৰে স্কুলৰ নিয়ম ভঙ্গ কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু ভুল স্বীকাৰ কৰি শাস্তিৰ পৰা সৰি যায় তেতিয়া স্কুলখন জানো স্কুল হৈ থাকিব। দেউতাইটো আমাক ভুল কৰি স্বীকাৰ কৰিলে শাস্তি পোৱাৰ পৰা সাৰি যাব পৰি বুলি এবাৰো কোৱা মনত নপৰে। ভুল কৰি স্বীকাৰ কৰাৰ পিছটো শাস্তি নোপোৱা বাবে মই সেইদিনা বৰ হতাশ হৈ পৰিছিলোঁ। কিয় জানো!! মই আজিলৈকে বুজিব নোৱাৰিলোঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments