দেউতাৰ চিঠি (- অঞ্জল বৰা)

(পুৰণি ডায়েৰিৰ পাতৰ মাজত সিদিনা বিচাৰি পালোঁ৷ ইন্দ’ৰলৈ কৰ্মসূত্ৰে অহাৰ পিছত কেইমাহমানলৈ মোৰ ম’বাইল নাছিল৷ ঘৰতো ম’বাইল নাছিল৷ গাঁৱৰ মাজৰ এঘৰত থকা লেণ্ডলাইন ফোন এটাৰেই দুই-এদিন কথা পাতিছিলোঁ৷ তাকো সময়ত মাতি দিবলৈ ক’ব লাগে৷ তেতিয়া মই ঘৰলৈ চিঠি লিখিছিলোঁ৷ (যোৱা ৬ বছৰতে কিমান যে পৰিৱৰ্তন হ’ল !!) মোৰ এখন চিঠিৰ উত্তৰত দেউতাই ১০/১০/০৬ তাৰিখে এখন চিঠি দিছিল৷ চিঠিখনৰ মাজত বহুত গুৰুত্বপূৰ্ণ কথা থকা বাবেই ইয়াক সাহিত্যৰ মৰ্যদাৰে পূৰ্ণপাঠ আগবঢ়ালোঁ৷ চিঠি মানুহৰ একান্ত ব্যক্তিগত৷ কিন্তু এনে চিঠিৰ কথাই এটা সময়ৰ লগতে এটা সামগ্ৰিক আহ্বান থাকে৷ আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব৷)

শ্ৰীমান মণ্টু,                                                                                                     কামদেৱাল, ১০/১০/০৬

আমাৰ মৰম, শুভেচ্ছা আৰু আশীৰ্বাদ সদায়েই আছে৷ আজিও আশীৰ্বাদ জনাইছোঁ৷ ভালেই আছা বুলি ভাবিছোঁ৷ লগৰ বাকীকেইজনৰো বোধহয় ভালেই৷ তেওঁলোকলৈও মোৰ শুভেচ্ছা থাকিল৷ তোমাৰ ৮/৮/০৬ তাৰিখে দিয়া চিঠিখন সেই মাহৰ শেষতহে পাইছোঁ৷ পিছে উত্তৰহে লিখা নহ’ল৷ চিঠি লিখাৰ এলাহতে সোনকালে পঠোৱা নহয়৷

আমাৰ আটাইৰে ভাল৷ মইহে শাৰীৰিকভাৱে কিছু দূৰ্বল হৈছোঁ যেন লাগিছে৷ তথাপি কিছু কামৰ তাগিদা, সভা-সমিতিবোৰ এৰিব নোৱাৰি৷ কিতাপ, আলোচনী, বাতৰিকাকতেৰে ঠাহ খাই থকা কোঠাটোত সোমাই থাকিলেও কিবা আচৰিত যেন লগা এইবাৰৰ গৰম আৰু মহৰ উত্পাতত যেন মোৰ লেখা-পঢ়াবোৰ হেৰাই গৈছে৷ “Global warming and no rain”ৰ কাৰণে এইবাৰৰ ৰাইজৰো খেতি-পথাৰ নাই৷ প্ৰকৃতিৰ ভাৰসাম্যহীনতাৰ কাৰণেই শৰতৰ শেৱালীয়েও যেন হাঁহি মৰাহি নাই৷ ৰহস্যময়ী প্ৰকৃতিৰ বুকুত এতিয়া কেৱল মানুহৰ কোলাহল৷ তাৰ মাজতেই কৰ্মীৰ কৰ্ম, সাধকসকলৰ সাধনা আৰু চিন্তাবিদসকলৰ সত চিন্তাৰে গঢ়িব পৰা সমাজবোৰৰ সামাজিকসকল সুচিন্তিতভাৱেই জীয়াই থাকিব লাগিব৷ সময়ৰ যেনেকৈ আহ্বান গ্ৰহণ কৰিব লাগিব তেনেকৈ প্ৰত্যাহ্বানো থাকিব৷ প্ৰত্যাহ্বান জনাব পাৰিব লাগিব৷ Discourage cannot make a man perfect. Determination and encouragement only can take a turning point in the life of a man. Do your duty by which you can do your life a great, noble and wise. In every where only remember the bless of God. God is overhead.

কৰ্মত কোনো সমস্যা আহিলে আলোচনাৰে সমস্যা সমাধান কৰিব পাৰি৷ কথা-বাৰ্তাত বা আলোচনাত সৰলতা আৰু সৎ আচৰণে নিজকে আনৰ ওচৰত মহীয়ান কৰি তুলিব পাৰে৷ উন্নতিৰ কাৰণে লাগিব সৎ-সাহসৰো৷ জীৱনৰ বাট কাঁইটীয়া৷ সেই কাঁইটীয়া বাটেৰে আগবাঢ়িব পাৰিলেই আগত সোণালী দলিচা পোৱা যায়৷ এই বিলাকৰ মাজতেই থাকিব লাগিব নিজৰ নিৰাপত্তা আৰু স্বাস্থ্যৰ কথাও৷

ডিচেম্বৰ/০৬ আহিবা বুলি জানিছোঁ৷ Future সম্পৰ্কে companyৰ বিষয়া বা মালিকৰ লগত ভালদৰে বুজাবুজি হৈ আহিবাহঁক৷ এতিয়া অসমত চৰকাৰী appointment নাই৷ ডাঙৰ উদ্যোগ নাই৷ এতিয়া ৰাজনীতিক দালালহঁতৰ মুখতহে শেৱালীৰ আমোলমোল৷ সেয়ে সুস্থ চিন্তা আৰু ধৈৰ্য্যৰ প্ৰয়োজন৷

অহাৰ ২/৪ দিন আগতে ফোনেৰে যোগাযোগ কৰিবা৷ দুলৰো ভাল৷ তাই কেইদিনমান থাকি গ’লহি৷ মইনা নিয়মিয়াকৈ স্কুললৈ যাবলৈ লৈছে৷ চুম ঘৰতহে আছেগৈ৷ পিলিৰ হাতত থকা কিতাপ আৰু Notesৰ কথা দেউতাকক কৈছোঁ৷ প্ৰাণ্টুৱে গুৱাহাটীৰ পৰা কিতাপ, আলোচনী আৰু কেইটামান File আনিলে৷ কাপোৰো কিছু আনিছে৷ বাকী নাই৷ শেষত পুনৰ শুভেচ্ছাৰে-

দেউতা
(মাৰাৰ কাম কিছু আগবাঢ়িছে৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক