দেউতাৰ মোনাখন আৰু মোৰ সৰু সৰু প্ৰত্যাশাবোৰ- ৰঞ্জনা কোঁচ

দেউতাৰ মোনাখন বৰ বিশেষ মূল্যবান বা দেখনিয়াৰ তেনে নাছিল‌৷ এখন সাধাৰণ প্লাষ্টিকৰ সূতাৰে তৈয়াৰী মোনা অথচ মোৰ বাবে মোনাখনৰ গুৰুত্ব আলাউদ্দিনৰ চাকিতকৈয়ো কোনোগুণে কম নাছিল৷ ঘৰৰ পৰা প্ৰায় ১২ কিঃমিঃ আঁতৰত সপ্তাহৰ প্ৰতি দেওবাৰে এখন বজাৰ বহে৷ এই বিশেষ দিনটোত তেওঁৰ মোনাখন হৈ পৰে মোৰ সুখৰ উৎস৷ আনকেইটা বাৰত মোনাখন নিস্তেজভাৱে জুহালৰ বাঁহৰ বেৰখনত ওলমি ৰয়৷ দেউতাৰ মৰম, চেনেহ, দায়িত্ববোধ, ভৰসা সকলো সামৰি প্ৰাণৱন্ত হৈ পৰে দেউতাৰ একমাত্ৰ মোনাখন৷

অতিকৈ দৰিদ্ৰ আমি৷ এসাঁজ খাই এসাঁজলৈ চিন্তা৷ বহুদিন পেটৰ ভোকত টোপনি নহাকৈ থকাৰ অভ্যাস হৈ গৈছিল৷ দিনৰ পোহৰত দোকানৰ পৰা আটা আনিবলৈ যাবলৈ লাজ লাগিছিল৷ চাউলতকৈ আটাৰ দাম কম আছিল৷ গধূলি চাকি-বন্তি জ্বলাৰ পাছত দোকানৰ পৰা এক কেজি আটা অনাৰ দায়িত্ব ডাঙৰ হিচাপে মোৰেই আছিল৷

শনিবাৰ আহিলেই মোৰ কৰ্মব্যস্ততা বাঢ়িছিল৷ গধূলিৰ আগে আগে দেউতাই ককাহঁতৰ বাৰীৰপৰা চিঙি অনা পাণবোৰ ঘৰৰ কেঁচা মজিয়াত মেলি দিছিল৷ সিদিনা মই পঢ়া টেবুলত বহাৰ অৱকাশ পোৱা নাছিলোঁ৷ টিপ চাকিৰ পোহৰত দেউতাহঁতে পাণৰ ঠাৰি গুচোৱা, পকা পাণবোৰ বাছি আঁতৰোৱা, ডাঙৰ পাণৰ মাজত সৰু পাণ ভৰাই গুচিওৱা মোৰ কাম আছিল৷ তথাপিও দেউতাক কিছু সকাহ দিবৰ বাবে অনিশ্চাকৃতভাৱে কৰি গৈছিলোঁ৷ পাণবোৰৰ ওপৰত মোৰ সৰু সৰু অভ্যস্ত আঙুলিবোৰ বাগৰি ফুৰিছিল৷ কিমাননো ৰাতি হৈছিল বুজি নাপাইছিলোঁ৷ ৰাতি চাৰে ন বজাৰ আঞ্চলিক বাতৰি শুনি বুজিছিলোঁ, শোৱাৰ সময় হৈ গৈছে৷ আমনি লাগিলে মূৰটো ইকাটি-সিকাটি কৰি এবাৰ থিয় হৈ আকৌ পাণবোৰ জুকিয়াওঁ৷ এই পাণৰ গুচিবোৰতে আমাৰ সপোনবোৰ নিৰ্ভৰশীল হৈ আছিল৷

পিছদিনা পুৱাই মোনাখন আৰু পাণৰ মুঠাকেইটাৰ লগতে মায়ে লিখি দিয়া বজাৰৰ তালিকাখন লৈ দেউতা বজাৰলৈ ওলাল৷ মনে মনে অনুসন্ধিৎসু হৈ তালিকাখনত চকু ফুৰাও৷ দুদিনমানৰ পৰা আমাক বিদ্যালয়ত ব্যাকৰণ শিকাইছে৷ চাৰে ব’ৰ্ডত কিতাপখনৰ নামটো ডাঙৰ ডাঙৰকৈ লিখি দিছে, মায়ে দেউতাক আনিবলৈ দিছে নে নাই৷ তালিকাখনৰ শেষৰ ফালে নামটো দেখি আনন্দিত হ‌ওঁ৷

দেউতা গুছি যায়৷ দিনটো ঘৰত মন নবহে৷ কেতিয়াকৈ দেউতা ঘূৰি আহিব তাকে চাই থাকোঁ৷

বহুতো প্ৰত্যাশাৰ অন্ততঃ দেউতা আবেলি ঘৰলৈ ঘূৰে৷ দেউতাক দেখিয়ে আলিবাটলৈ দৌৰ মাৰোঁ৷ তেওঁৰ চাইকেলৰ পিছে পিছে দৌৰি দৌৰি ঘৰৰ চোতালত থিয় হ‌ওঁ৷ চাইকেলৰ হেণ্ডেলৰ মোনাখন কাহানিবা মেটমৰা বোজা হৈ আহে৷ আন কাহানিবা আকৌ চাইকেলৰ কেৰিয়াৰত কলপাতত নুৰিয়াই থোৱা পোৰা কচুঠুৰি হেন হৈ দেউতাৰ কষ্ট আৰু আমাৰ আশাবোৰক ভেঙুচালি কৰে৷ ভৰি অহা মোনাখনৰ বস্তুবোৰ সযতনে মাটিৰ মজিয়াত মেলি দিওঁ৷ দুডোখৰ কাপোৰ ধোৱা গোটা চাবোন, এক কেজি আলু, নিমখ এক পেকেট, দাইল ২৫০ গ্ৰাম, কেতিয়াবা দুটামান নহৰু, পিয়াজ সিমানেই৷ মনবোৰ সেমেকি যায়৷ মনে মনে খং উঠে মোনাখনলৈ৷ আকৌ নিজকে বুজাওঁ, অহা সপ্তাহত মোনাখনত বহুত বস্তু ভৰাই আনিব দেউতাই৷ মোৰ কিতাপখন, ভণ্টিৰ মাটি পেঞ্চিলৰ পেকেটতো, খাবলৈ ভাল লগা কাটা বিস্কুটৰ পেকেট, আটাইবোৰ থাকিব তাত৷ পিছদিনা স্কুলত ব্যাকৰণ কিতাপ ননাৰ বাবে চাৰে আৰু কোনোদিনে শ্ৰেণীত থিয় দি নাৰাখিব মোক৷ এনেদৰে দিনবোৰ পাৰ হৈ যায়৷ কেতিয়াবা ছমহীয়া পৰীক্ষাও পাৰ হৈ যায় কিতাপ অবিহনে৷ সৰু হ’লেও বুজোঁ, মোনাখন ঠাহ খুৱাই আনিব পৰা দেউতাৰ সামৰ্থ্য নাই৷ তথাপি আশাহত নহ‌ওঁ৷ সপোন দেখোঁ, দেউতা বজাৰৰ পৰা ঘূৰিছে, হাতৰ মোনাখন মোৰ হাতত দি কৈছে “খুলি চা, তোৰ কিতাপ, বহী, পেঞ্চিল, ত‌ই ভালপোৱা কুকিজ বিস্কুটৰ পেকেটতো, সকলো ইয়াতে আছে৷ যা, মোনাখন ভিতৰলৈ নে৷“ সপোনতে তৃপ্তি লভোঁ৷

দেউতাৰ মুখখন বেদনাত মোলান পৰে৷ কণমানি অভাৱবোৰ পূৰ কৰিব নোৱাৰা অপ্ৰকাশ্য বেদনাত চটফটায় তেওঁ৷ মনে মনে তেওঁ নুশুনাকৈয়ে মনৰ ভিতৰতে ক‌ওঁ- “দেউতা আজি মোনাখন নভৰিল কি হ’ল৷ অহা সপ্তাহত বজাৰ ভাল হ’ব চাবি৷ সকলোতকৈ বেছি দাম তোৰ পাণখিনিতে পাবি৷ তেতিয়া বহী, কিতাপ চব পাম দে৷ এতিয়া বাৰু মই ৰাণী (অৰ্চনা), মৌচুমীহঁতৰ পৰাই স্কুলতে ব্যাকৰণখন ভালকৈ পঢ়ি আহিম দে৷ ত‌ই মাথোঁ দুখ নকৰিবি দেউতা৷”

কবহে নোৱাৰোঁ কথাবোৰ৷ মুখখনত কিহবাই সোপা মাৰি ধৰে৷ বুকুখন গধুৰ গধুৰ লাগে৷ এনেকৈয়ে মোনাখন আৰু মোৰ আশাবোৰ সময়ৰ সোঁতত গৈয়ে থাকে, গৈয়ে থাকে৷

বিঃদ্ৰঃ “জীৱনৰ দিনলিপি“

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments