দেউতা (একান্ত ব্যক্তিগত)

——————
দেউতা” তিনিটা আখৰৰ শব্দটো কিমান মহান সেইটো আজি ম‍ই ইয়াত ভাষাৰে লিখিব নোৱাৰিম | দেউতা, মা এইবিলাক ষ্পন্দন, অনুভুতিৰ শব্দ !দুবছৰ আগতে হঠাতে আমাৰ মাজৰ পৰা গুচি যোৱা দেউতাৰ স্মৃতিয়ে বৰকৈ আমনি কৰে আজিকালি | কথা এষাৰ আছে – “চ্কুৰ আতঁৰ হলে মনৰ আতঁৰ হয়” কিন্তু ক’তা…দেউতা গুচি যোৱা দুবছৰ পিছতো তেওঁ স্মৃতিবোৰ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ গৈ আছে | কাক কম মোৰ মনৰ ভাষাবোৰ…ওচৰত যে একে ভাষিক মানুহ পাবলৈ নাই | সেয়ে ভাবিলো ইয়াতে লিখি মনটো অলপ পাতল কৰো |
দেউতা ডাঙৰ মানুহ নাছিল !চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এজনে চাৰিটা ল’ৰা-ছোৱালীক সমনীয়াকৈ পঢ়ুৱাবলৈ কিমান কষ্ট কৰিব লগা হৈছিল আমি ভালকৈ বুজি পোৱা নাছিলো- হয়তো আজিও পোৱা নাই | সেইকাৰণেই হয়তো কম বয়সতে আমাক এৰি থৈ যাব লগা হ’ল | কি নিষ্ঠুৰ ভগৱান !ভাগ্যৰ কি পৰিহাস !চাৰিওটাৰে পঢ়া শেষ হৈছিলহে মাত্ৰ | এটা সময়ত দুটা বিশ্ববিদ্যালয় আৰু দুটা মহাবিদ্যালয়ত পঢ়ি আছিলো !কিমান ৰাতি তেওঁ অংক মিলাই সাৰে আছিল আমি গম নাপালো | এটা হুমুনিয়াহ লব নোৱাৰাকৈয়ে গুচি গ’ল… সকলো এৰি থৈ গ’ল আমাৰ বাবে…ভগবানক বহু প্ৰাৰ্থনা কৰিছিলো…পুৰুৰ নিচিনাকৈ মোৰ জীৱনৰ পৰা আয়ুস অলপ দেউতাৰ জীৱনত যোগ দিবলৈ… নাই…নুশুণিলে…হয়তো আৰু পাঁচ বছৰ জীয়াই থাকিলে অলপ সুখ দিব পাৰিলোহেতেঁন !
“অপত্য স্নেহ” কিমান তীব্ৰতৰ হব পাৰে বুজি পোৱা হোৱা নাই | এটা কথা দেউতাৰ পৰা উপলব্ধি কৰিছো যে যি মৰম স্নেহে নিজৰ জীৱ্নক তুচ্ছ কৰি অহৰহ কাম কৰি যাবলৈ প্ৰেৰণা যোগায়, সেয়েই অপত্য স্নেহ ! গালে-মুখে চুমা খাই আমাক দেউতাই মৰম কৰা নাছিল | চাৰিওতাকে এবাৰো এচাৰিৰ কোব দি পোৱাটো দুৰৰে কথা এষাৰ টান কথা শুনাই পোৱা নাছিল দেউতাই | সেইবুলি বেয়া কাম কৰা নাছিলো বুলি নকওঁ – লাহেকৈ মাক তোৰ ল’ৰাই মোৰ নাম নুমাব বুলি কৈছিল আৰু সেইখিনি মাৰ মুখৰ পৰা আমাৰ কাণত পৰিলেই যথেষ্ট হৈছিল |
আজিও মনত পৰে প্ৰাথমিক বৃত্তি পৰীক্ষা দি ওলাই আহোঁতে গেটৰ মুখত ৰৈ থকা দেউতাৰ উজ্জ্বল মুখখন ! মোৰ ল’ৰাই হাইস্কুল পালেগৈ বুলি চাইকেলৰ আগত বহুৱাই নাম লগাবলৈ নিয়া, আহোঁতে বিস্কুট এপেকেট কিনি আনি বাট্ত লগ পোৱা মানুহক চাহ খাবলৈ মতা কথাবোৰ আজিও চকুৰ আগত পৰিস্কাৰকৈ ভাহি আছে ! গৰমৰ বন্ধত চোলাতত ঢাৰি পাৰি শুৱাই বিচি থকা দেউতা আজি নাই | নিজৰ ল’ৰাই ডাক্টৰ হওঁক বুলি বহুত আশা কৰিছিল, পিছে অধমে দেউতাৰ আশা পূৰণ কৰিব নোৱাৰিলো | হয়তো তেওঁ সেইকাৰণেই ডাক্টৰ নহলেও ডক্টৰ হবলৈ উদগনি দিছিল | সেয়েহে আই আই টি ত গৱেষণাৰ বাবে নাম লগোৱা সময়ত মোক লগত লৈ গৈছিল | একেই ভাগ্যৰ লিখন… অধ্যাপকৰ বিৰুদ্ধে গৈও নামৰ আগত ড০ লিখাৰ আগতেই তেওঁ গুচি গ’ল গৈ | “ত‍ই ঘৰৰ কথা চিন্তা নকৰিবি, ম‍ই আছো নহয়” বুলি কোৱা দেউতা আজি নাই | স্নাতকোত্তৰ পাচ কৰি মহাবিদ্যালয় এখনত চাকৰি পাওঁতেও তেওঁ মাত্ৰ পঢ়ি যাবলৈ কৈছিল | সেয়া মোৰ দেউতা | ঢুকুৱাৰ দুদিন আগতে পথাৰত কাম কৰি থ্কা দেউতা হঠাতে এনেকৈ যোৱা কথাটোৱে আজিও মনক বিশ্বাস দিবলৈ অক্ষম হয়…দেউতা যে আৰু নাই | কাক মাতিম দেউতা বুলি | বহুতে দেউতা মাতষাৰ শুণাৰ বাবে হাবিয়াস কৰে আৰু আমাৰ দৰে মাতিবলৈ হাবিয়াস কৰিছো |”মাচুম” “Big Daddy” চিনেমাবোৰে বাৰে বাৰে কন্দুৱাই…কিমান আকুলতা এই মৰমত !
আজি এটা কথাই বাৰে বাৰে খুন্দিয়াই থাকে – কোনে কব মোক আগুৱাই যাবলৈ, কোনে কব মোক পঢ়িবলৈ, কোনে কব ঘৰুৱা চিন্তা নকৰিবলৈ, কোনে কব মোৰ ল’ৰা ডক্টৰ বুলি, কোনে বৃত্তিৰ প‍ইচাৰে আনি দিয়া চোলা পিন্ধি দোকানলৈ যাব, কোনে তাত বুকু-ফিন্দাই মোৰ ল’ৰাই কাপোৰ দিব পৰা হ’ল বুলি কব ???
চাৰি বছৰ যুজিঁ যুজিঁ ডক্টৰ হোৱাৰ পিচতো মনটো পাতল নালাগিল, কাৰণ মোৰ ডিগ্ৰীয়ে আটাইতকৈ সুখ দিব পৰা মানুহজনেই নাই, যাৰ অহৰহ প্ৰচেষ্টাৰ ফল আছিল সেয়া | গৱেষণা গ্ৰন্থ‍ই ৰাষ্ট্ৰীয় পৰ্য্যায়ত পুৰস্কাৰ বুটলিবলৈ সক্ষম হ’ল, কিন্তু অকনো উচাহ নাপালো | আনকি পুৰস্কাৰ লবলৈ মোৰ সত নগ’ল | হয়তোবা ম‍ই তেওঁ সভাকক্ষৰ আগশাৰীত বহি হাততালি দিবলৈ আশা কৰিছিলো…
আজিও নতুন কিবা উদ্ভাবন কৰিবলৈ অহোৰাত্ৰি লাগি আছো, কিন্তু ক’তা ম‍ইতো একো উলিয়াব পৰা নাই, মোৰতো আগতে এনেকুৱা হোৱা নাছিল, এটাই পাৰ্থক্য… আজি দেউতাৰ আশীৰ্বাদ নাই | হ্য়তো তেতিয়া দেউতাৰ মৰম, ভালপোৱা, আশীৰ্বাদ হৃদয়ঙ্গম হোৱা নাছিল…
সেই বহাগৰ বুধবাৰৰ নিষ্ঠুৰ বৰদৈচিলাই মোৰ পৰা কাঢ়ি লৈ মোৰ ওপৰত থকা মোৰ মৰমৰ, মোৰ আশীৰ্বাদৰ ছাতিটো…