দেউতা (দীপজ্যোতি গগৈ)

: মাইনা এইবোৰ কি হৈছে? তোৰ মাৰ্কচ দিনে দিনে কমি আহিছে কিয়? পৰীক্ষালৈও বেছিদিন নাই৷ মেজৰ লৈ পঢ়িছ,যদি ভাল ৰিজাল্ট কৰিব নোৱাৰ,এম এ কৰিবলৈ ক’ত চিট পাবি?
: উফ্ দেউতা,মই জানো নহয়৷ সিমানখিনি জ্ঞান মোৰ আছে৷ তোমালোকে খালি হাল্লা কৰি থাকা৷ ঘৰত থকা সময়খিনিও শান্তিত থাকিব নিদিয়া৷
: কি ক’লি,তোক আমি শান্তি নিদিওঁ৷ আৰু তইযে ঘৰত থাকো বুলি ক’লি,ঘৰত থকা সময়খিনিত আমাৰ লগত জানো তই কথা পাত? অকল ম’বাইলটোৰ লগতে ব্যস্ত হৈ থাক’৷ তোক কালি দুপৰীয়া ফোন কৰিছিলো,তিনিবাৰ মান ফোন কৰাৰ পিছতো তই নধৰিলি, স্কুটাৰখন বেয়া হৈছিল,ইফালে ওচৰত গেৰেজ এটাও নাছিল৷ উপায় নেপাই তিনি কিল’মিটাৰ ঠেলি ঠেলি গেৰেজ পালোগৈ৷ সেই গৰমখনত মোৰ অৱস্থাতোৰ কথা এবাৰ ভাব চোন!!
: অহ্ মই গমে নেপালো,ফোনতো চাইলেণ্ট হৈ আছিল৷ বাৰু এতিয়া মই যাওঁ,ৰাহুলৰ ঘৰত আজি বাৰ্থডে’ পাৰ্টী আছে৷

বাইকৰ ধূলি উৰাই গুছি যোৱা পুতেকলৈ চাই চাই বিপিন বৰুৱা চকীখনত বহি পৰিল৷ কালিলৈ তেওঁৰ কোলাত উঠিব বিচৰা ল’ৰাতো আজি তেওঁৰে অচিনাকি হৈ পৰিছে ক্ৰমশঃ৷ এক তীব্ৰ হুমুনিয়াহ তেওঁৰ মুখেদি ওলাই আহিল৷

“আপুনি বেছি চিন্তা নকৰিবচোন,সি এতিয়া ডেকা হৈছে৷ এইটো বয়সত ল’ৰাবোৰ তেনেকুৱায়ে হয়৷” গিৰিয়েকৰ মুখলৈ চাই মিতালিয়ে কৈ উঠিল৷

“তুমি জানা মিতালি,মইও এই সময়তো পাৰ কৰি আহিলো৷ আজি মোৰ ল’ৰাই যি কৰিছে,মইও সেই একে কামে কৰিছিলো”,, চকুৰ চছমাখন খুলি বিপিন বৰুৱাই পদূলিৰ আজাৰজোপালৈ চাই কৈ উঠিল৷

“এইবোৰনো আপুনি কি কৈ আছে,কথাবোৰ মনত ধৰি নেথাকিবচোন৷ এনেওঁ আপোনাৰ প্ৰেচাৰটো বাঢ়ি আছে৷”

“কথাবোৰ নক’লে মই শান্তি নেপাম মিতালি৷ মই সৰুতে কেৱল দেউতাৰ লগত ছাঁটোৰ দৰে ঘূৰি ফুৰিছিলো৷ দেউতাৰ চাইকেলত উঠি পূজা চাবলৈ গৈছিলো৷ সন্ধিয়া দেউতা অফিছৰপৰা অহালৈ বাট চাই থাকিছিলো৷ নঙলা খোলাৰ শব্দ শুনিলেই দৌৰি চোতাললৈ ওলাই আহিছিলো৷ দেউতাই বজাৰ কৰি অনা মোনাতোৰ প্ৰতি মোৰ এক বুজাব নোৱাৰা আকৰ্ষণ আছিল৷
এবাৰ মই চাইকেলৰপৰা পৰি ভৰিত দুখ পাইছিলো৷ দেউতাই গোটেই ৰাতি মোৰ ভৰিতো মালিছ কৰি কৰি থাকিছিল৷ পিছলৈ মই কলেজ পালোগৈ,যিমানে ডাঙৰ হৈ আহিলো,সিমানে দেউতাৰ লগত মোৰ দূৰত্ব বাঢ়ি আহিবলৈ ধৰিলে৷ এই দূৰত্বখিনি কেতিয়া,ক’ৰপৰা আমাৰ মাজত আহিল,মই অনুভৱে কৰিব নোৱাৰিলো৷
পিছলৈ দেউতাৰ বাত বিষতো বাঢ়ি আহিছিল৷ গোটেই ৰাতি তেওঁ বিষত শুব নোৱাৰিছিল,কিন্তু এবাৰলৈও মই দেউতাক ক’ব নোৱাৰিলো,’আপুনি শুৱক,মই মালিচ কৰি দিম৷’

আমাৰ ঘৰৰ এলবামতো তুমি চাইছা নহয়,ইমানবোৰ ফ’টোৰ মাজত দেউতাৰ লগত মোৰ কেৱল একপি ফ’টো আছে,তাকো দূৰে দূৰে৷ মই এবাৰো দেউতাক ক’ব নোৱাৰিলো,’দেউতা আপোনাৰ হাতখন দিয়ক,আহক একেলগে একপি ফ’টো মাৰো৷’
বহুত কথায়ে কোৱা নহ’ল কাহানিও৷ বহুত কথায়ে পাতিবলৈ থাকি গ’ল দেউতাৰ লগত৷”
বহুদেৰী কথা কৈ কৈ বিপিন বৰুৱা ৰৈ গ’ল৷ বেৰত ওলমাই থোৱা দেউতাকৰ ফ’টোখন চাই তেওঁ বিৰবিৰাই উঠিল,’মোক ভুল নুবুজিব দেউতা,আপোনাক মই বহুত ভালপাওঁ..’

বৈ অহা চকুপানীখিনি মচি মিতালিয়ে গিৰিয়েকৰ হাতখন জোৰেৰে খামুচি ধৰিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments