দেউতা (বিকাশ শইকীয়া)

(১)

‘দেউতাক মই বেয়া পাওঁ। বহুত বেয়া পাওঁ। দেউতাই জীৱনত একো কৰিব নোৱাৰিলে। এটা চৰকাৰী চাকৰি কৰি গুৱাহাটী হেন চহৰত অত বছৰে থকাৰ পাছতো নিজৰ বুলিবলৈ এটা ঘৰ, এটুকুৰা মাটি কিনিব নোৱাৰিলে। দেউতা এটা অপদাৰ্থ, অকৰ্মণ্য মানুহ। আজিৰ দিনত মানুহক চলিবলৈ টকা লাগে, বহুত টকা। নীতি আদৰ্শৰ ডায়লগৰে পেট নভৰে।’ –  ডিম্বেৰ দোকানত মিঠা পাণখন মুখত ভৰাই মই ওচৰতে থকা মনোজক ক’লো।

আচলতে মই হতাশ হৈ পৰিছোঁ। এম.এছ.ছি পাচ কৰা এবছৰ হ’ল। এতিয়ালৈ একো এটা কৰিব পৰা নাই। টিউশ্যন কৰি চলি আছোঁ। ৰাতিপুৱা সাতটা বজাতে ঘৰ নামৰ ঠাই টুকুৰাৰপৰা ওলাওঁ। বাছত উঠি টিউশ্যন পঢ়াবলৈ যাওঁ। দুপৰীয়া প্ৰাইভেট কলেজ এখনত পঢ়াওঁ। ডেৰহাজাৰ টকা দৰমহা। আবেলিও টিউশ্যন কেইটামান কৰোঁ। ঘৰ সোমাওঁতে কেতিয়াবা ৰাতি দহ বাজেহি।
বাইক এখন হলে ভাল আছিল। অন্তত দুটা টিউশ্যন বেছিকৈ কৰিব পাৰিলোঁহেঁতেন। বাছত অহা-যোৱা কৰোঁতেই বহুত সময় নষ্ট হয়। কিন্তু পইচা গোট খোৱা নাই। অলপ অলপকৈ পইচা গোটাইছোঁ। আৰু তিনিমাহ মান লাগিব।

দেউতাক কৈছিলোঁ, বাইক এখন লাগে। বহুদিন আগতেই কৈছিলোঁ। ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতেই। কিন্তু পইচা নাই বোলে। বাইক বোলে বিলাসৰ বস্তু। নিম্নবিত্ত মানুহৰ বিলাসী বিলাস। সেইদিনা কাজিয়া হৈছিল। দেউতাক বহুত গালি পাৰিছিলোঁ। অকৰ্মণ্য, অপদাৰ্থ , জীৱনত একো কৰিব নোৱাৰা এটা বেকাৰ মানুহ। হাততে পোৱা কিবা এটা দলিয়াই দিছিলোঁ। ঘৰত এটা শ্ব’কেচ আছিল। আইনাখন ভাগি থাকিল।

তাৰ পাছৰপৰা দেউতাক পইচা খোজাৰ কথা ভাবিব পৰা নাই। দেউতাক আজিকালি মই ভালকৈ মাতবোলো নকৰোঁ। কাট মাৰি কথা কওঁ। প্ৰতিদিনে সোঁৱৰাই দিওঁ যে দেউতাই জীৱনত একো কৰিব নোৱাৰিলে।

(২)

আত্মীয় – স্বজনৰ ঘৰলৈ যোৱা মই বাদ দিছোঁ। কথাই প্ৰতি তেওঁলোকে মোক কি কৰি আছো সোধে। আচলতে তেওঁলোকে জানে যে মই বিশেষ একো কৰি থকা নাই। তথাপিও সোধে, ৰং চায়। মোৰ প্ৰতি সহানুভূতি দেখুৱায়। তেওঁলোকেও কয়, দেউতাৰে জীৱনত একোৱেই কৰিব নোৱাৰিলে।
বহুদিন হল বিয়া-বাৰু, জন্মদিন ইত্যাদি ফাংশ্যনলৈ যোৱা নাই। কলেজৰ এলুমিনি মিট আছিল যোৱা মাহত। বিভাস, ৰঞ্জন, নীহাৰহঁত আহিছিল। বিভাসে ফোন কৰি মাতিছিল। সি মাল্টিনেচনেল কোম্পানী এটাৰ মেনেজাৰ। এলুমিনি মিটত নাচ-গান কৰিবলৈ নগ’লোঁ। ইম্প’ৰটেন্ট টিউশ্যন এটা আছিল।

এইটো নহয় যে মই কিবা এটা কৰিবলৈ চেষ্টা কৰা নাই। কৰিছোঁ, কষ্ট কৰিছোঁ। চৰকাৰী-বেচৰকাৰী-অৰ্ধচৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰিছোঁ, পৰীক্ষাবোৰ দি আছো, ইন্টাৰভিউও দিছোঁ। কিন্তু এতিয়ালৈ একো হোৱাগৈ নাই। এটা ফ্ৰাচট্ৰেচনত আছোঁ।

ঘৰত থকা সময়ত এই হতাশাবোৰ আক্ষেপলৈ ৰূপান্তৰিত হয়। যদি দেউতাই মাষ্টৰ নোহোৱা চৰকাৰী স্কুলৰ সলনি মোক ভাল প্ৰাইভেট স্কুলত পঢ়ুৱালেহেঁতেন, যদি ভাল মাষ্টৰৰ টিউশ্যন দিয়ালেহেঁতেন, যদি এন্ট্ৰেন্সৰ বাবে নামী কচিং চেন্টাৰত কচিং দিয়ালেহেতেন…… তেতিয়া হয়তো …….
আক্ষেপবোৰ ওলাই আহে, খঙৰ ৰূপ লৈ। দেউতাক হিয়া উজাৰি গালি পাৰোঁ তেওঁৰ অপদাৰ্থতা, অক্ষমতা, অকৰ্মণ্যতাৰ বাবে।

দেউতাই কেইমাহমান পাছত অৱসৰ ল’ব। তাৰ পাছত ঘৰখন চলাবলৈ আকৌ প্ৰব্‌লেম হ’ব। তাৰ আগতেই যদি বাইকখন কিনা নহয় তেতিয়া কাহানিও কিনা নহ’ব। সেয়ে মই পইচাবোৰ যা-তাকৈ খৰচ কৰা নাই। বহুদিন হল নিজৰ বাবে কাপোৰ-জোতা এইবোৰ একো কিনা নাই। এইবোৰো মই বৰ্তমান বিলাসৰ বস্তু বুলি ভাৱি লৈছোঁ।

(৩)

ডিম্বেৰ দোকানত মিঠা পাণখন চোবাই কথাবোৰ পাগুলি আছোঁ। মাহৰ প্ৰথম সপ্তাহ। দুটা টিউশ্যনৰ পইচা পালোঁ। দুহেজাৰমান টকা পকেটত আছে। নেক্সট্‌ টিউশ্যনটোলৈ এঘন্টা আছে। ঘৰলৈ যাবলৈ মন যোৱা নাই।

দোকানলৈ মানুহ এজন আহিল। মানুহজনক মই দেখিছোঁ আগতে। মানুহজনে ঠেলা চলায়। মানুহজনে ডিম্বেৰপৰা খেল্‌না পেঁপা এটা কিনিলে।
- পোলেন দা, মন-চন বেয়া কৰি আছে চোন…… ডিম্বেই সুধিলে
- লৰাটোৱে বৰ আমনি কৰি আছে অ, ক’ৰবাত ‘ৰিমট কন্টল’ গাড়ী এখন দেখিলে, এতিয়া সেইখন লাগে লাগে বুলি কন্দা-কটা কৰি আছে, ঠেলা চলাই কেইটানো টকা পাওঁ, ইমান দামৰ গাড়ীখন কেনেকৈ কিনি দিওঁ তইয়েই কচোন……… পোলেনে ক’লে।

বাঁওহাতেৰে পোলেনে চকুপানীখিনি মচি ল’লে।

পকেটত টকা দুহেজাৰ আছিল। দেউতাৰ বাবে চোলা এটা কিনিলোঁ। দেউতাই পিন্ধা চোলাকেইটা বহুতদিনৰ পুৰণি। দেউতাই কাজু-বৰফি খাই ভাল পায়। ওচৰৰে মিঠাইৰ দোকানখনৰ পৰা কাজু-বৰফি কেইটামান ল’লো। এবাৰ দেউতাৰ অফিচত হোৱা মিটিঙত দিয়া পেকেট লান্সৰ মিঠাইকেইটা দেউতাই লৈ আহিছিল। সেই কথাটো মই পাহৰি গৈছিলোঁ।

ঘৰত সোমালোঁ। দেউতাই আচাম ট্ৰিবিউনৰ দ্বিতীয় পৃষ্ঠাটো চাই আছিল। মোক দেখি দেউতা ভিতৰৰ ৰুমলৈ যাবলৈ উঠিল।
- দেউতা……………. মই মাতিলোঁ

দেউতাই ঘুৰি চালে। এটা অজান আশংকা দেউতাৰ চকুত দেখা পালোঁ।

– আপোনাৰ অফিচলৈ যোৱা চোলাটো কাষলতিৰ তলত ফাটি গৈছে। চোলা এটা আনিছোঁ, আপোনাৰ বাবে। আপুনি বৰফি খাই ভাল পায় নহয়, কাজু-বৰফি কেইটামান আনিছোঁ। মাক চাহ অকণ কৰিব দিয়ক …………….. মই বৰফিৰ পেকেটটো খুলি এটা বৰফি দেউতাৰ মুখৰফালে নিলোঁ।

দেউতাৰ দুগালেৰে চকুপানী দুধাৰি বৈ আহিল। কিন্তু মই দেখিলোঁ, দেউতাৰ মুখত পাতল হাঁহি এটা। বহুতদিনৰ মুৰত দেউতাই হাঁহিছে।

অতদিনে দেউতাই মোৰ আক্ষেপগ্ৰস্ত ব্যৱহাৰত দুখী হৈ মোৰ বাবে টোকা প্ৰতি টোপাল চকুপানীৰ মূল্য মই কিজানি কাহানিও পৰিশোধ কৰিব নোৱাৰিম।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক