দেউতা মানে দেৱতা নেকি?(ধ্ৰুৱ জ্যোতি শ‌ইকীয়া)

প্ৰথমবাৰ দেউতা সম্বোধনটো শুনি,
ভাৱ হৈছিল দেউতা মানেই দেৱতা।
দিন বাগৰিল, সময় উকলিল,
ভাৱ হ’ল দেৱতাও মানুহেই
ঠিক যিদৰে ময়ো মানুহ,
মোক দেউতা বুলিলেও
মই তাক দেৱতা বুজিলেও,
মোৰ চিন্তাৰ পৰিধি মোৰ চৌপাশ,
আকাশ মোৰ সপোনৰ প্ৰকাশ,
দেৱতা মাথোঁ এক আকাংক্ষিত অভিলাস।
আজি হঠাৎ ভাবিলোঁ,
দেৱতা নহওঁ কাহানিও,
মইতো নিবিচাৰোঁ পূজা-অৰ্ঘ্য,
মৰমৰ উম ল’বলৈ
মোৰ আছে এখন উৰুঙা হৃদয়,
মৰম পিছলি সৰি পৰা,
ঠায়ে ঠায়ে ৰিক্ত,
ক’ৰবাত আনন্দ,
কোনোবাতো কোণ অশ্ৰুসিক্ত
কোনোবাখিনিত বিভক্ত, কোনো কোণা আসক্ত…
এইটো জনম,
মোৰ মানুহ হোৱাৰ প্ৰয়াস,
দেৱতা হোৱাৰ হাবিয়াস
বাদ পৰক অহা জনমলৈ…
য’ত মোৰ হৃদয় থকা স্থানত ওলমিব
এটা পিতলৰ ঘণ্টা…
মোৰ ঠাইত সকলোৱে য’ত দেখিব
এটা শিলৰ নিথৰ পুতলা।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক