দেওবৰীয়া বিশেষ: পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (অচিন্ত বৰঠাকুৰ)

পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু মল-মূত্ৰৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক আছে। প্ৰথম দৃষ্টিত চাবলৈ গ’লে এই সম্পৰ্ক সম্পূৰ্ণ বিপৰীতমূখী। মানুহে মানুহৰ(আনকি নিজৰো) বা আন যি কোনো প্ৰাণীৰ মল-মূত্ৰক সাধাৰণতে অপৰিষ্কাৰ বুলিয়েইগণ্য কৰে। সেয়েহে,শৌচ-প্ৰস্ৰা‌ৱ কৰিবৰ কাৰণে মানুহে নিজৰ থকা ঠাইৰ পৰা আঁতৰি দূৰলৈ যায়গৈ বা মূল ঘৰৰ পৰা নিলগলৈ বাগৰি যাব পৰাকৈ বিভিন্ন ধৰণে ব‌্য‌ৱস্থা কৰি লয়। মল-মূত্ৰৰ প্ৰতি এই ধাৰণাৰ বাবেই বিভিন্ন প্ৰতিকূল পৰিস্থিতিতো মানুহে নিজৰে শৌচ-প্ৰস্ৰা‌ৱৰ সৈতে সহবাস কৰাটো কোনোপধ্যেইগ্ৰহণযোগ্য হ’ব পাৰে বুলি কল্পনা পৰ্যন্ত কৰিব নোৱাৰে। ইয়াৰ ব‌্যতিক্ৰম কৰাজনক ভদ্ৰ সমাজত অসৎ বা অসভ‌্য ব‌্যক্তি বুলিগণ‌্য কৰা হয়। কিন্তু সঁচাকৈয়ে মল বা মূত্ৰ ইমানেই অপৰিষ্কাৰ বস্তুনে? 

বিজ্ঞানৰ দৃষ্টিৰে চাবলৈ গ’লে, প্ৰাণীৰ বিষ্ঠা আৰু মূত্ৰৰ ঘাই উৎস হৈছে প্ৰাণীটোৰ গোটা আৰু পনীয়াখাদ্যসমূহ। প্ৰাণীয়ে গ্ৰহণ কৰা খাদ‌্য বস্তু সমূহ তাৰ দেহৰ পাচন তন্ত্ৰৰ ভিতৰত বিভিন্ন বিপাকীয় কাৰ্য পদ্ধতিৰ মাজেৰে পাৰ হৈ গোটা অংশ মল হিচাবে ওলাই যায়। আনহাতেদি, এই খাদ‌্য বস্তুসমূহৰ পৰা খাদ‌্যনলীডালৰ বিভিন্ন অংশত দেহে অ‌ৱশোষণ কৰি লো‌ৱা পানী তথা নিৰ্দ্দিষ্ট বৈশিষ্ট যুক্তপনীয়াঅৱস্থালৈ ৰূপান্তৰিত হো‌ৱাঅন‌্যান‌্যখাদ‌্য পদাৰ্থসমূহ তেজৰ লগত মিহলি হৈ শৰীৰৰ বিভিন্ন অংশৰ মাজেৰে পাৰ হৈ বৃক্ক পাইগৈ। বৃক্কত তেজৰ আঁচল পৰিশোধন হয় আৰু ই তাত অতিৰিক্ত পানীসমূহ এৰি দিয়ে, যি সময়ত মূত্ৰ আকাৰে দেহৰ বাহিৰলৈ ওলাই যায়গৈ। এই বিপাকীয় আৰু পৰিশোধন পদ্ধতি সমূহৰ মাজেৰে পাৰ হৈ আহোঁতে সেই খাদ‌্যবস্তু সমূহে প্ৰাণীটোৰ দেহত কিছুমান খাদ্যপ্ৰাণ, খনিজ ল‌ৱণ আৰু ৰাসায়নিকপদাৰ্থ এৰি থৈ আহে আৰু প্ৰাণীটোৰ দেহৰ ভিতৰত উৎপন্ন হো‌ৱা কিছুমান অতিৰিক্ত বা অলাগতিয়ালজৈ‌ৱিক আৰু ৰাসায়নিকপদাৰ্থও কঢ়িয়াই আনে আৰু শেষত মল বা মূত্ৰলৈ ৰূপান্তৰিত হয়। সেই দৃষ্টিৰে চাবলৈ গ’লে প্ৰাণীৰ বিষ্ঠা বা মূত্ৰ আচলতে তাৰ খাদ‌্যবস্তু সমূহৰে অলপ হীন-দেঢ়ি ঘটা ৰূপৰ বাদে আন একো নহয়।

খাদ‌্য আৰু পাচনতন্ত্ৰৰ প্ৰকাৰ অনুসৰি বেলেগ বেলেগ প্ৰাণীৰ বিষ্ঠাত বেলেগ বেলেগ ধৰণৰ পদাৰ্থ পো‌ৱাযায়। ইয়াত ঘাইকৈ শ্লেস্মাৰ দ্বাৰা আংশিকভাবে আবৃত কিছুমান অৰ্ধকঠিন পদাৰ্থ থাকে। আনহাতে, খাদ‌্যবস্তুৰপৃথকতা থাকিলেও একো একোটা প্ৰজাতিৰ প্ৰাণীৰ মূত্ৰত পো‌ৱা পদাৰ্থসমূহৰ অনুপাতবিলাকৰ সাধাৰণতে বৰ বেছি পাৰ্থক‌্য নাথাকে।
উদাহৰণ স্বৰূপে, এজন সুস্থ মানুহৰ মূত্ৰৰ শতকৰা প্ৰায় ৯৫ ভাগেই পানী; বাকী পাঁছ শতাংশৰ ভিতৰত প্ৰতি লিটাৰত প্ৰায় ৯.৩ গ্ৰামকৈ ইউৰীয়া, ১.৮৭ গ্ৰাম ক্লৰিণ, ১.১৭ গ্ৰাম ছ’ডিয়াম, ০.৭৫ গ্ৰাম পটাছিয়াম, ০.৬৭ গ্ৰাম পৰিমাণৰ ক্ৰিয়েটিনাইন আৰু নগণ্য পৰিমাণে বিভিন্ন জৈ‌ৱ আৰু অজৈ‌ৱল‌ৱণ, শৰ্কৰা, হৰমন আৰু এনজাইম আদি থাকে।

পাচন তন্ত্ৰৰ ভিতৰত আৰু বাহিৰত হো‌ৱা কিছুমান অনুজৈ‌ৱিক আৰু ৰাসায়নিকপ্ৰক্ৰিয়াৰ উপজাত দ্ৰব‌্যহিচাবেবিষ্ঠাৰ পৰা হাইড্ৰোজেন-ছালফাইডকে ধৰি কিছুমান বিশেষ দুৰ্গন্ধযুক্তগেছীয় পদাৰ্থ নিৰ্গত হো‌ৱাৰ ফলত বিষ্ঠা বেয়াগোন্ধায়। আনহাতে মূত্ৰত থকা ইউৰীয়াৰজৈৱিক আৰু ৰাসায়নিকবিভংগণ ঘটি এম’নিয়া গেছ নিৰ্গত হয়, যাৰ ফলত মূত্ৰৰ বিশিষ্ট দুৰ্গন্ধবিধপো‌ৱাযায়।

আমাৰ মনত সোমাই থকা যি যি কাৰণতেই নহওক কিয়, মানুহৰ মল-মূত্ৰক আপুনি বা মই সাধাৰণতে অপৰিষ্কাৰ বুলি গণ‌্য কৰিলেও বহুতে আকৌ এইবিলাক অপৰিষ্কাৰ(!) সামগ্ৰীক বিভিন্ন ধৰণেৰে উৎপাদনশীল কাৰ্যত ব‌্য‌ৱহাৰ কৰে। এসময়ত আপুনি হয়তো ভাবিবলৈ টান পাইছিল যে মল বা মূত্ৰ কাৰোবাৰ বাবে কিবা প্ৰকাৰে প্ৰয়োজনীয় সামগ্ৰীও হ’ব পাৰে। জনসংখ‌্যা বৃদ্ধিৰ ফলত সহজলভ‌্যআঁচুতীয়া স্থানৰ অভা‌ৱ হৈ অহাত আৰু অনাময় ব‌্য‌ৱস্থাৰ প্ৰতি ক্ৰমবৰ্ধমান জাগৰণৰ ফলত ঘৰৰ বাহিৰলৈ ওলাই যো‌ৱাৰ লগে লগে মল বা মূত্ৰ ত‌্যাগৰ বাবে বিভিন্ন ৰাজহু‌ৱা স্থানত অৱস্থিতঅনাময়় শৌচাগাৰ বা প্ৰস্ৰা‌ৱগাৰত ধন আদায় দিবলগীয়াহো‌ৱাৰ পৰা আপুনি বুজি পাবলৈ আৰম্ভ কৰিছিল যে মানুহৰ মল-মূত্ৰ কাৰোবাৰ বাবে জীৱিকাৰঅ‌ৱলম্বন হ’ব পাৰে। কে‌ৱলসেইয়াইনহয়, কাৰোবাৰ বাবে মল বা মূত্ৰ হ’ব পাৰে অনেক ৰোগৰ মহৌষধ আৰু আন কাৰোবাৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতাত সহায়কাৰী কিছুমান অত‌্যাৱশ‌্যকীয় সামগ্ৰী।

আচৰিত নহ’ব, প্ৰথম দৃষ্টিত অপৰিষ্কাৰ যেন লাগিলেও কিছুমান প্ৰাণীৰ মূত্ৰ বা বিষ্ঠা জী‌ৱজগতৰ আন কোনো প্ৰাণী বা উদ্ভিদৰ বাবে বিষাক্ত নাইবা পুষ্টিকৰ আহাৰো হ’ব পাৰে। গৰু আৰু আন কিছুমান তৃণভোজী প্ৰাণীৰ বিষ্ঠাক অতীজৰ পৰাই মানুহে সাৰ হিচাপে বিভিন্ন ফচলৰ খেতিত ব‌্য‌ৱহাৰ কৰি আহিছে। অৱশ্যে, প্ৰ’টিনজাতীয় আহাৰ গ্ৰহণ কৰা প্ৰাণীৰ বিষ্ঠা সাধাৰণতে উদ্ভিদৰ বাবে বৰ সুবিধাজনক নহয়। মানুহৰ বিষ্ঠা আৰু তাৰ ব‌্য‌ৱহাৰৰবিষয়েঅ.ক.ব.ৰমজিয়াত ইতিপূৰ্বে আলোচনা হৈ গৈছে। মানুহৰ বিষ্ঠাৰ পৰা জৈ‌ৱিক সাৰ অথবা বিদ‌্যুৎ উৎপাদন কৰাটো এতিয়া বহুতৰ বাবে পুৰণি খবৰ। হিন্দু ধৰ্মা‌ৱলম্বী লোকসকলে গৰুৰ নিচিনাকৈ গো-মূত্ৰ আৰু গো-বিষ্ঠা অৰ্থাৎ গোবৰকো এক সন্মানীয় দৃষ্টিভঙ্গীৰে চাই আহিছে। মানুহৰ মল-মূত্ৰক অপৰিষ্কাৰ বুলি গণ‌্য কৰিলেও বহু লোকে গোবৰ আৰু গো-মূত্ৰক কিন্তু পৰিষ্কাৰ বুলি কোনো কোনো ক্ষণত পূজা-অৰ্চনাৰ সামগ্ৰী হিচাপেওব‌্য‌ৱহাৰ কৰে। অতীজৰ পৰাভাৰতীয় জনগোষ্ঠীৰ বহুতো লোকে বিভিন্ন পৰাচিত বা আন আন ধৰণৰ আধ্যাত্মিকশুদ্ধি কৰণৰ কামত গো-মূত্ৰ আৰু গোবৰ ব‌্য‌ৱহাৰ কৰি আহিছে। অসমত মাটিৰে নিৰ্মিত ঘৰ বা মজিয়া মচিবলৈ পৰম্পৰাগতভাৱে গোবৰ ব‌্য‌ৱহাৰ কৰা হ‌য়।

মল-মূত্ৰ ত‌্যাগৰ লগত বহুতো জনবিশ্বাস ধাৰণা জৰিত হৈ আছে। আৰু হাগেগেণ্ডা নামৰ প্ৰাণীবিধেসদায় একে ঠাইতে মলত‌্যাগ কৰিবলৈ চেষ্টা কৰে বুলি জনা যায়। কুকুৰ বা মেকুৰীয়ে নিজৰ মূত্ৰ বা মল ত‌্যাগ কৰি সেই স্থান ‌ঢাকি থৈ আহিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। কিছুমান প্ৰাণীয়ে দিনটোত মাত্ৰ এবাৰেই মলত‌্যাগ কৰে, কিছুমানে ঘনেঘনেঅসংখ‌্যবাৰ কৰি থাকিব পাৰে। মানুহৰ ক্ষেত্ৰত কো‌ৱাহ‌য়:
“এবাৰ হাগে যোগী
দুবাৰ হাগে ভোগী
তিনিবাৰ হাগে ৰোগী”
প্ৰাণী অনুযায়ী আৰু খাদ‌্য গ্ৰহণ কৰিব পৰা সাম‌্যৰ্থঅনুযায়ী মল বা মূত্ৰৰ পৰিমাণ নিৰ্ভৰ কৰে। কো‌ৱাহয়:
“হস্তীৰ দেখিয়া লাদ
শশাৰফাৰে মাৰ্গ”
কুকুৰনেচীয়া বাঘৰ মূত্ৰ কোনো লোকৰ চকুত বা গাত পৰিলে তেওঁৰ দৃষ্টি শক্তি হেৰায় বুলি কোনো কোনো স্থানত লোকবিশ্বাস আছে।
মানুহৰ শৌচ গৰু-গাহৰিৰ বাবে আৰু গৰুৰ গোবৰ গুবৰুৱা বা কেঁচুৰ বাবে উত্তম খাদ‌্য।

মানুহৰ মূত্ৰক হিন্দু ধৰ্মশাস্ত্ৰৰ শি‌ৱাম্ভুকল্পবিধি বা ডামৰ তন্ত্ৰত ভগ‌ৱানশি‌ৱৰআশীষধন‌্য মাঙ্গলিক জল হিচাবেগণ‌্য কৰি পান কৰাৰ বিধি উল্লেখ আছে। খ্ৰীষ্টান সকলৰ ধৰ্মগ্ৰন্থ বাইবেলত স্ব-মূত্ৰসে‌ৱনৰ সপক্ষে মত দি কো‌ৱা হৈছে, “Drink water from thine own cistern and the streams of thine own well.”

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক