দেওবৰীয়া এটা অগল্প ( মনোজ কুমাৰ মহন্ত )

“এই উঠা উঠা,দেৰি হৈছে। গাড়ী আহি পাব এতিয়া… বাজিলেই …উঠা..উঠা…”
এওঁৰ মাতটো অনুৰণিত হৈ ক্ৰমে হেৰাই যাব ধৰোঁতেই একে জাপে শোৱাৰ পৰা উঠি বহিলোঁ। সন্মুখত শ্ৰীমতী কাপোৰ কাণি পিন্ধি তমস্কাৰ হৈ খাড়া হৈ আছে। মুখত ৰাগৰ চিন স্পষ্ট। ওচৰত বাবলু। সিও বিৰক্তিৰে মোলৈকে চাই আছে। পুৱাই পুত্ৰ –পত্নীক সেই ৰূপত দেখি অবাক নহৈ নোৱাৰিলোঁ। পৰিস্থিতি চম্ভালি লৈ অনিচ্ছাস্বত্বেও ব্লেংকেটৰ উম বিসৰ্জন দি একেজাপে শোৱাৰ পৰা উঠি চিধা বাথৰূমলৈ দৌৰ মাৰিছোঁ। মনত ডাঙৰ প্ৰশ্নবোধক যদিওঁ ,উঠি যাওঁতে একো যেন হোৱা নাই দেখাই নিয়ন্ত্ৰিত মাতেৰে কৈ গ’লো
“তোমালোকৰ কি ক’ত লব লগা আছে লৈ লোৱা পটাপট। মই মাত্ৰ পাঁচ মিনিটত ৰেডী হৈ আছোঁ !” সিহঁতক আৰু কথা কবলৈ সুযোগ নিদি ততাতৈয়াকৈ বাথৰুমৰ দৰ্জ্জাখন মাৰিছোঁ।
“দেতা গাড়ী আহি পাবই এতিয়া, সোনকালে ওলোৱা” সেয়া বাবলুৰ অধৈৰ্য্য চিঞৰ। ইফালে বাথৰূমৰ ভিতৰত মই চিন্তাত পাৰ পোৱা নাই। মনত পেলাব পৰা নাই এই ব্ৰহ্মপুৱাতে সাজি – কাজি তমস্কাৰ হৈ মোৰ সুপুত্নী – সুপুত্ৰই ক`লৈ যাবলৈ ওলাই আছে? গাড়ী আহিব এতিয়া বুলি কিয় কৈছে ?কোন খন গাড়ীৰ কথা কৈছে? সৰু হ`লেও নিজৰ নেন` কাৰ এখন থকাৰ পাছত কি কাৰনে আন গাড়ীৰ কথা কৈছে? তাতে যোৱাকালি গাড়ী খনৰ পেইড চাৰ্ভিচিং কৰাই আনিছোঁ। বেয়া হৈ থকাৰ কাৰণ নাই! একে সময়তে হাজাৰটা প্ৰশ্নই মোক আগুৰি ধৰিছে! উত্তৰহে বিচাৰি পোৱা নাই !চেহ্, একো ধৰিব পৰা নাই। স্মৃতিশক্তিৰ এনে প্ৰতাৰণাৰ বাবে নিজৰ ওপৰতে ধিক্কাৰ জন্মিল। তাকে আকৌ শ্ৰীমতীক এতিয়া সুধিবলৈ গ`লে মহাভাৰত হোৱাৰ প্ৰৱল আশংকা। দাম কম হলেওঁ নিজৰ বুলিবলৈ এখন গাড়ী আছে।মোৰ আটাইতকৈ পচণ্ডৰ গাড়ী আছিল জাগুৱাৰ লেণ্ড ৰ`ভাৰ … JLR। বিৰাট ভাল লাগে! আচলতে বন্ধু দিগেনৰ মুখত শুনি শুনিয়েই লেণ্ড ৰ`ভাৰৰ প্ৰেমত পৰিলোঁ। কিমানবাৰ যে মোৰ নেন`খনৰ ষ্টেৰিংত ধৰি টিভিৰ এডটোৰ দৰে সেই অনিল অ` নহয়, চাহীদ কাপুৰৰ দৰে নিজকে চাইছোঁ! বঢ়িয়া লাগে। সেয়ে টাটাৰ লেণ্ড ৰ`ভাৰ নোৱাৰিলেওঁ সেই কোম্পানীৰে প্ৰডাক্ট নেন`খনক কিনি সন্তুষ্টি লৈছিলোঁ!
আকৌ সিদিনা নতুনকৈ দেখাৰে পৰা ডাঙৰ গাড়ীবোৰৰ ভিতৰত কিয় নাজানো, AMWৰ সেই মস্ত ডাম্পাৰখনেহে মোক বিৰাট আকৰ্ষিত কৰে। শেহতীয়াকৈ আমাৰ থকা অঞ্চলটোলৈ মাটি টানিবলৈ অহা নতুন ডাম্পাৰ কেইখন দেখিয়েই বৰ ভাল লাগি গ`ল।দেখাৰ পৰাই ডাম্পাৰবোৰৰ আকৃতি ,প্ৰকৃতি তাৰ ইঞ্জিনৰ গম্ভীৰ চাউণ্ড এই গোটেইবোৰ মিলি মনত সাঁচ বহি পৰিল। আজিকালি আমাৰ এই ঠেক ৰাস্তাটোৰে নতুন ডাম্পাৰবোৰ নিতৌ গহীন শব্দৰে সদম্ভে চলি থাকে ! গো গোৱনি তুলি মদমত্ত হাতীৰ দৰে যেনেকৈ ৰাস্তাৰে আন কাৰ,বাছ, ট্ৰাকবোৰক অতিক্ৰম কৰি লৱৰি যায়, বেচেৰা গাড়ীবোৰলৈ পুতৌ জন্মে। তেনেকুৱা দুখন মান ডাম্পাৰৰ মালিক হ`ব পৰা হয়! তেনে মুহূৰ্ত্তত মনত তীব্ৰ হাবিয়াস হয় দুখন মান AMW ৰ ডাম্পাৰ লৈ লোৱাৰ। …..

“ধক্ ধক্… ধক্…। আমি কিন্তু গাড়ীত উঠিলোঁ, পাঁচ মিনিটত আহি যোৱা … আহি যোৱা …”
দৰ্জাত প্ৰচণ্ড থাপৰ আৰু একেলগে শ্ৰীমতীৰ কামাণ্ডিং অৰ্ডাৰ শুনি মোৰ সম্বিত আহিল। নিজকে দুৰ্বল মস্তিস্কৰ ওচৰত সমৰ্পন কৰি যি হয় হ`ব বুলি দৌৰা দৌৰিকৈ বাথৰূমৰ পৰা ওলাই আহিছোঁ। ধেৎ কি যে হৈছে মোৰ! একোৱেই মনত পৰা নাই ! বিচনাৰ পৰা উঠি “তোমালোকৰ কি ক’ত লব লগা আছে লৈ লোৱা পটাপট। মই মাত্ৰ পাঁচ মিনিটত ৰেডী হৈ আছোঁ ” জাতীয় প্ৰথমটো ব্লাফ মাৰাদি গতি গোত্ৰ চাই বাকীখিনি চলাই নিব লাগিব আজি! লৰালৰিকৈ ঘৰৰ পৰা ওলাই দেখো, গেটৰ সন্মুখত আৰু এটা বিয়াগোম চমক! ঘৰৰ মুখৰ আমাৰ ঠেক ৰাস্তাটোত মোক স্বাগতম জনাই ৰৈ আছে এখন প্ৰকাণ্ড লেণ্ড ৰ`ভাৰ ! চকু মোহাৰি পুনৰ চাইছোঁ। ঠিকেই দেখিছোঁ লেণ্ড ৰ`ভাৰেই হয়। স্মৃতিশক্তিৰ দৰে অন্ততঃ দৃষ্টিশক্তিয়ে এইবাৰ প্ৰতাৰণা কৰা নাই। মোক দেখি গাড়ীৰ ভিতৰৰ পৰা কেইবাখন হাতে একেলগে হাতবাউল দিছে ! বুজিছোঁ মোৰ বেচি দেৰি হৈ গৈছে। ইতিমধ্যে কাণতাল মৰা এটা হৰ্ণ বাজি উঠিল। জেকেটটো গাত সুমুৱাই জিপাৰ ডাল লগাবলৈ চেষ্টা কৰা অৱস্থাৰে লৰালৰিকৈ গাড়ীৰ ওচৰ পালোহি। ধুৰ..চালা এই জিপাৰডালেও দৰকাৰি সময়ত বৰ দিগদাৰ দিয়ে দেই ! মই গাড়ীৰ ওচৰ পোৱাৰ লগে লগে ক`লা গ্লাচেৰে বন্ধ আগফালৰ দৰ্জাখন হঠাত খোল খাই গৈছে। মই অবাকহৈ মেটেলিক ব্লেক প্ৰকাণ্ড এচ উই ভি খনলৈ চাই ৰৈছোঁ ক্ষন্তেক।
“আৰে উঠা… উঠা না ”
কৰবাৰ পৰা সৰকি অহা বাবলুৰ মাতত সঁচকিত হৈ ,খুলি দিয়া দৰ্জাৰ ফাঁকেৰে শৰীৰটো নি আগচিটত অৱস্থান লৈছোঁ।গাড়ীৰ ভিতৰত যে আন এক আশ্চৰ্য্য ৰৈ আছে সেয়া মোৰ কল্পনাৰ অগোচৰ। অহ্ এয়া কি দেখিছোঁ! ড্ৰাইভিং চিটত মোৰ বন্ধু, টেক্সিচালক কাম মালিক দিগেন ! তাৰ মুখত এক বেলেগ হাঁহি।
দি ..দি..গেনে ৪৩ লাখটকীয়া টাটা লেণ্ড ৰ`ভাৰ এখন ললে আৰু মই গমেই নাপাওঁ ! নে ৰাতিপুৱাৰ পৰা যিবোৰ ঘটি আছে, অনুমান হয় মোৰ সমস্ত স্মৃতিভাণ্ডাৰ ডিলিট হৈ গৈছে ? বহু চেষ্টা কৰিওঁ ঘটি থকা ঘটনাবোৰৰ পূৰ্বৰ যোগসূত্ৰ বিচাৰি পোৱা নাই। মনত হাজাৰটা প্ৰশ্নই খুন্দিয়াই আছে।
“মি. অবাকটেড্, সদ্যহতে অবাক হবলৈ এৰি পেন্টৰ জিপাৰ ডাল মাৰি লোৱা ”
অভ্যাসবশতঃ জেকেটৰ গণ্ডগোলীয়া জিপাৰডাল মাৰিবলৈ চেষ্টা কৰি থকা মোক কৌতুকৰে কৈ, সি ধুমুহা গতিৰে গাড়ী ষ্টাৰ্ট দিলে। ধাক্কাৰ ওপৰত আন এক ধাক্কা খাই মই ভেবাচেকা খাই গ`লো। ৰহস্যৰ হাঁহি এটা মাৰি দিগেনে ক’বলৈ ধৰিলে
“বন্ধু, তই এতিয়া কি ভাৱি আছ কওঁনে? এই ৰাতিপুৱাই আমি ক`লৈ যাবলৈ ওলাইছোঁ ? কালিলৈকে বেমাৰী ইণ্ডিকা এখন চলাই পেট প্ৰৱৰ্তোৱা তোৰ বন্ধু কেনেকৈ আজি ব্ৰেণ্ড নিউ লেণ্ড ৰ`ভাৰ এখনৰ মালিক হৈ পৰিল? তাকো তই ভৱাৰ দৰে ৪২- ৪৩ লাখটকীয়া ফ্ৰীলেণ্ডাৰ নহয় দেই ,একেবাৰে ৰেঞ্জ ৰ`ভাৰ স্পৰ্টচ হয়। এইবোৰেই নহয় জানোঁ…. ”
মনত খুন্দিয়াই থকা মোৰ হুবহু প্ৰশ্নখিনিকে সি সলসলীয়াকৈ গাই গৈছে। মই মাথো টেলেকা টেলেককৈ চাই আছোঁ।মোৰ নিৰ্লিপ্ততাত উৎসাহিত হৈ সি পুনৰ কৈ গ`ল
“ফেমেলী সহ পিকনিকৰ প্লেন দেখোন তইয়ে বনাইছিলি। দিনবাৰ সহ পিকনিকৰ স্থান আমি তোৰ মতেই থিক কৰিলোঁ। আচৰিত,তই আকৌ এতিয়া একোৱেই গম নোপোৱা দৰে কৰি আছ! অ … আচ্চা আচ্চা কালি তাৰমানে জুলীয়া আৰু শুকাণ দুইটা একেলগে টানি দিলি ন`?” সৰ্বজান্তাৰ ৰূপত দিগেন ! বেকা হাঁহি মাৰি সি পুনৰ আৰম্ভ কৰিছে
“ৰহ ৰহ চব থিক হৈ যাব। খালী পেটত কাড়াকৈ এপেগ মাৰি দে, হেং অভাৰ কাটি যাব। আৰে চিন্তা নাই গাড়ীতে চব ৰেডি আছেতো”
কাচিৎ সুবিধা পালে দুই – এপেগ মুখত দিয়া, তাকো লুকাই চুৰকৈ খোৱা মোক পুৰাপুৰি মদাহী সজাই দিয়া দিগেনৰ ভাষণত আৰু অাচৰিত নহলোঁ। তাৰ দৰে দুনিয়াৰ সমস্ত নিচা আনকি ধঁতুৰাৰ গুটিলৈকে খোৱা মানুহ কমেইহে দেখিছোঁ। কোনোদিনেই মই নিচা হোৱাকৈ মদ খোৱা মনত নপৰে। লগত আকৌ ই শুকাণ বিধ মানে ভাং খোৱাৰ কথা কৈছে ? ধেৎ.. !
ইতিমধ্যে সি চুইচ এটা টিপি দিলে। লগে লগে সন্মুখৰ ডেস্ক বৰ্ডৰ এটা অংশ খুলি গৈ সৰু ট্ৰে এখন সন্মুখলৈও ওলাই আহিছে। তাত দুটা সৰু গ্লাচৰ লগত এটা কোৱাৰ্টাৰ ছাইজৰ ধুনীয়া বটল।
“এইটো কি হয় ?”
ইমান সময়ে নিশ্চুপ হৈ থকা মোৰ প্ৰথমটো বাক্য। ক`লা গ্লাচৰ বাহিৰলৈ চালো। কুঁৱলী ফালি গাড়ী দৌৰি আছে। বাহিৰত সম্ভৱ এতিয়াও ভালকৈ পোহৰ হোৱা নাই !
“বন্ধু, দৰকাৰী চিষ্টেমটো অৰ্ডাৰ কৰি বনাই লৈছোঁ। ক`ম্পেনীয়ে বঢ়িয়াকৈ ব্যৱস্থাটো কৰি দিছে। হুহ… ল` মাল ৰেডি কৰ। ”
দিগেনৰ উত্তৰ। তাৰ কথামতেই যন্ত্ৰৰ দৰে সৰু বটলটোৰ কৰ্কটো খুলিছোঁ। উবুৰিয়াই থোৱা আইনাৰ গ্লাচ দুটা ট্ৰেখনত থৈ বটলৰ পৰা সাৱধানে মদ ঢালি লৈছোঁ। গাড়ী ফুল স্পীডত। আচৰিত লাগিছে দেখি ট্ৰেখনে চলন্ত গাড়ী খনত সুষমভাৱে সমতুলতা ৰক্ষা কৰি গ্লাচৰ পানীয়খিনিক অলপো লৰচৰ কৰিব দিয়া নাই। যেন এখন স্থিৰ টেবুলৰ ওপৰত গ্লাচ দুটা থোৱা হৈছে !মোৰ মনৰ ভাৱ পঢ়িব পাৰি সি ফুচফুচাই উঠিল
“আৰে বন্ধু, তাৰাতাৰি মাৰি লোৱা পুৱাই এপেগ। লক্ষ্য কৰিবলৈ আৰু বহু বস্তু আছে। এইটো তেেনই সাধাৰণ। শ্ৰী মতীহ`তে দেখা পালে জেং হৈ যাব। চিয়েৰচ্… ”
দিগেনৰ চেপা মাতত মই সঁচকিত হৈ পৰিছোঁ। এওঁলোক যে একেখন গাড়ীতে বহি আছে মই প্ৰায় পাহৰি পেলাইছিলোঁ। অথচ ইমান সময়ে আমাৰ থিক পিছফালেই বহি থকা দিগেনৰ পত্নী, লৰা – ছোৱালী হাল আৰু আমাৰ এওঁ, বাবলু হ`তৰ এটাৰো মাত কানত পৰা নাই ! নে সকলো টোপনিত লালকাল। পানীয় ভৰ্তি গ্লাচ এটা হাতত তুলি লৈ সন্তৰ্পণে পিছফাললৈ কেৰাহিকৈ চাইছোঁ। এওঁলোকে দেখি থকা নাইতো ?
সৰ্বনাশ ..ই কি ! মস্ত ডাঙৰ গাড়ীখনৰ পিছৰ আটাইকেইটা ছিট দেখোন খালী। কোনোৱেই নাই। এওঁ আৰু বাবলু ক`ত ? কেনেকৈ ইহ`ত মুহূৰ্ততে অন্তৰ্ধান হৈ গ`ল ? মই আতংকিত হৈ দিগেনক গাড়ী ৰখাবলৈ চিঞৰিছোঁ। গাড়ীখন ৰোৱা নাই। আৰে ড্ৰাইভিং চিটত ই আকৌ কোন ? মানে দিগেনো উধাওঁ। সেয়া দিগেনৰ সলনি কোনোবা এজন বহি ৰৈছে। কুটিল হাঁহিৰে মোৰ ফালে চাই, মানুহটোৱে ফুল স্পীডত গাড়ী চলাইছে। মোৰ চিঞৰক পাত্তা দিয়া নাই। যা চাল্লা যি হয় হব ! মৰসাহ কৰি সুযোগ উলিয়াই গাড়ী চলাই থকা মানুহটোৰ বাওঁ ভৰিটো ঠেলা মাৰি দি জোৰৰে গাড়ীৰ ব্ৰেক ডাল হেচাঁ মাৰি ধৰিলোঁ।
“চিৎ.. চিৎ.. চিৎ.. চি ইইইই …… ”।
উস ৰক্ষা। হথাত ৰৈ যোৱা গাড়ীখনৰ পৰা চকু মুদি জাপ দিছোঁ বাহিৰলৈ।..

“চিৎ.. চিৎ.. চিই ই ই…. ”
ৱাহ্ এচিয়ান মটৰ ৱৰ্কছ ….AMW! কি মস্ত মস্ত গাড়ী বনাইছে এইবোৰ। কালাৰো মজা ! মশৃণ নীলা তাৰ ওপৰত হালধীয়া ৰঙৰ সুন্দৰ গ্ৰাফিকচ অঁকা এই ডাম্পাৰবোৰৰ কেবিনটোলৈ বহু সময় চাই থাকিলেও হেঁপাহ নপলায় ! চালে ৰ` লাগি চাই থাকিব মন যায় !হেৰাই যায় মোৰ সমগ্ৰ সত্বা। পথৰ ওপৰত ইহঁ’তৰ তীব্ৰ অথচ গম্ভীৰ গতি আৰু ইঞ্জিনৰ গধুৰ শব্দ মিলি সৃষ্টি কৰে এক এৰাব টান।এনেকুৱা দুইখন মান ডাম্পাৰৰ মালিক হৈ ললে কোনে পাত্তা নিদিয়াকৈ থাকে চামচোন!
নিচেই কাষত হোৱা এজাক মানুহৰ কোলাহলৰ শব্দত মই নিজকে ঠেক ৰাস্তাটোৰ সোঁমাজত আৱিস্কাৰ কৰিলোঁ। মোক ঘেৰি থকা অৰ্ধবৃত্তাকাৰ জুমটোৰ কেন্দ্ৰবিন্দুত মই ! সকলোৰে অবাক আৰু উৎসুক চাৱনি দেখি মনে মনে বেচ কৌতুক পালোঁ। মোৰ সন্মুখত গাত লগাকৈ ৰৈ আছে প্ৰকাণ্ড ডাম্পাৰখন। আগফালৰ দুইচকাৰ সোঁমাজত মই আঠুকাঢ়ি ৰৈ আছোঁ ! ফ্ৰণ্টগাৰ্ড ডালত দুইহাত মেলি চুই চাইছোঁ। অতি নিম্নতম শব্দৰে ডাম্পাৰৰ ইঞ্জিনটো চলি আছে তেতিয়াওঁ।
“ নাই নাই একো হোৱা নাই… ভাগ্যেহে…”
“মই খোজ কাঢ়ি গৈ এইখিনি পাৰ হৈ যাওঁতে সেই গছডালৰ তলতে বহি আছিল …”

“এহ, চকুৰ আগতে কোন তলকত নো মানুহটো সৌ খিনিত জুপুকা লাগি থকাৰ পৰা ৰাস্তাৰ মাজ পালেহি ধৰিব নোৱাৰিলোঁ। ওপৰ মুৱাকৈ কিবা বিৰবিৰাই আছিল।”
মোৰ চৌপাশে মৰ্নিংৱাক কৰিব অহা মানুহবোৰৰ গুণগুণনি।

“এই ৰাতিপুৱা আৰু চুইচাইদ কৰিবলৈ টাইম নাপালে….!”
এজনৰ শ্লেষ মিশ্ৰিত কটাক্ষ। পগলা যেন লগা মানুহকেইজনৰ কথাত মোৰ হাঁহি উঠি গ`ল।
“হেৰি দত্ত, মৰ্ণিং ৱাক কৰিলেও অলপ সাৱধানে চলিব লাগে। চাওঁকচোন এতিয়াই কিমান ডাঙৰ ঘটনা হ`লহেতেন ”
চিনাকী যেন মাত এটাৰে অচিনাকী ব্যক্তি এগৰাকীয়ে মোক উদ্দেশ্যি কৈছে। মানুহজনৰ আন্তৰিকতা ভৰা মাতষাৰৰ প্ৰতি লক্ষ্য কৰি মই যে তেখেতে চিনি পোৱা সেই দত্ত নহয় সেয়া নকলোঁ।বেচেৰা বয়সীয়া লোক। আঘাত পাব ! এনেতে ডাম্পাৰখনৰ ড্ৰাইভাৰটো ইঞ্জিন বন্ধ নকৰাকৈ গাড়ীৰ পৰা জাপ মাৰি নামি আহিল। ধুনীয়া ,সুন্দৰ সুঠাম ক্লীন চেভ ড্ৰাইভাৰজনৰ খোজ কাটলৰ ভংগীয়ে মোক ভবাই তুলিছে। ভালেই হ`ল তাৰ পৰা গাড়ীৰ বিষয়ে সব জানি লব পাৰিম! ওচৰলৈ আহি সি মোৰ ফালে দেখোন ভয়ংকৰ চাঁৱনিৰে চাইছে। চকু কেইটা ভয় লগাকৈ ডাঙৰ কৰি , ভ্ৰুকোঁচাই লৈ
“এই উঠা ….উঠা বুলিছো উঠা না ”
অহ সাইলাখ মাইকী মানুহৰ নিচিনা মাতৰে চিঞৰিছে। চিনাকী যেন মাত ! একদম আমাৰ এওঁৰ দৰে। কিযে আজৱ কাণ্ড ! ঢেত্তেৰি ই হিজিৰা নেকি ?…..

“চিৎ.. চিৎ.. চিই ই ই…. ”
“চিৎ.. চিৎ.. চিই ই ই…. ”
সেয়া সশব্দে মেচিন কেইটা একেলগে ষ্টাৰ্ট হৈ পৰিল ! মই লৰালৰিকৈ কাৰখানাৰ দৰ্জাখন খুলি সোমাই গলোঁ। ৰৈ থকা ডাৰোৱান টোৰ মোৰ প্ৰতি ভ্ৰূক্ষেপ নাই।ম`বাইলত ব্যস্ত।হুহ..চাকৰি কৰিছে চা ! দ্বায়িত্বহীন ক`ৰবাৰ ? কি যে হব ইহঁতৰ ! সন্তৰ্পনে মেচিন ৰূমলৈ পোনালোঁ। দূৰৰ পৰাই লক্ষ্য কৰিলো মেচিনমেন কেইটাই মেচিন ষ্টাৰ্ট দিয়েই কথাৰ মহলা পাতিছে। তাৰে এটাই চাধা মলিব লাগিছে। হেল্পাৰ কেইটাৰ দেখা দেখি নাই। নে অাহিবৰ হোৱাই নাই ? সব ফাং ফুং।গোটেই ষ্টাফবোৰ এইবাৰ চেইঞ্জ কৰিব লাগিব। মই সিহঁতৰ সন্মুখলৈ আগুৱাই গৈছোঁ। সিহঁতৰ এজনৰো কিন্তু মোৰ প্ৰতি ধ্যান নাই। হথাত কিবা এটা মনলৈ অহাত মই অহাবাটে ঘুৰিলোঁ।কোট-পেন্টত মেচিন ৰূমৰ পুৰণা ধুলিৰ চামনি বান্ধিছিল। ধূলিবোৰ জোকাৰি কাৰখানাৰ বাহিৰ ওলালোঁ। অফিচৰূমত বহি অলপ দৰকাৰি কাম কৰিম। যোৱা মাহৰ চৰকাৰী অৰ্ডাৰ দুটাৰ বিলবোৰ চাইন কৰিবলে আছে! তাতে এই সপ্তাহত হবলগীয়া লেবাৰ ইউনিয়নৰ মিটিং খনত দিব লগীয়া গ্ৰান্টটোৰ সন্দৰ্ভত ডিচিচন লব লাগিব। মেনেজাৰক মোৰ চেম্বাৰলৈকে মাতি আনি গোটেই আলোচনাবোৰ কৰিব লগা আছে। চেম্বাৰৰ দুৱাৰখনৰ লকটো খুলি ৰূমত সোমাইছোঁ। ভিতৰত সৌৱা শ্ৰীমতী ,মোৰ চকীত বহি কথাত ব্যস্ত। পিচফালৰ পৰাই ধৰিব পাৰিছো এওঁৰ সন্মুখত সেইটো বহি আছে কৃষ্ণ। মোৰ প্ৰতিবেশী। দুইটা গভীৰ আলোচনাত মগ্ন। কৃষ্ণই আমাৰ ৱৰ্কচপৰ মেনেজাৰৰ বাবে ৰখা চকীখনত বহি লৈছে !সি বাৰু ইয়াত এওঁৰ লগত কি আলোচনা কৰি আছে ? আকৌ নতুন নেটৱৰ্কিং কোম্পানীৰ ধান্দা কৰি অহা নাইতো ? ইয়াক দেখিলেই মোৰ গাতো বিজবিজাই উঠে। চৰিত্ৰৰ বিৰাট গণ্ডগোল ইয়াৰ। পূৰা শ্ৰীকৃষ্ণ টাইপ। একদম বিশ্বাস কৰিব নোৱাৰি। ভয়েই লাগে এনেদৰে দেখিলে ! অফিচৰূমৰ পিচফালৰ দুৱাৰখন সামান্যখোলা। সেইখন দুৱাৰৰ ছাৱিটো শ্ৰীমতীৰ হাতত থাকে। অৰ্ধাংগিনী যেতিয়া মইয়ে সকলোবস্তুৰ সমান ভাগ দিছোঁ। দুৱাৰৰ ছাৱি পৰ্য্যন্ত। দৰকাৰমতে অফিচ আৰু চেম্বাৰলৈ আহিবলৈ সেইখন দুৱাৰ শ্ৰীমতীৰ। সেয়ে ছাৱিও তেওঁৰ হাতত। নিজৰমতে অফিচ ৰূমলৈ অহা যোৱা কৰে।এইটো মোৰ কাম কৰাৰ এক বিশেষ ষ্টাইল, যাৰ বাবে মোক সকলোৱে জানে। মোৰ উপস্থিতি লক্ষ্য কৰি সিহঁতে মুৰ তুলি চালে। মই মুৰ দুপিয়াই হাঁহিৰে দুইটাকে স্বাগতম জনালোঁ। কিন্তু এওঁৰ মুখত বিৰক্তিৰ ভাৱ স্পষ্টকৈ ফুটি উঠিছে !কৃষ্ণই তেতিয়াওঁ মোক উপেক্ষা কৰি পিচ দি বহি আছে। মই গৈ ডাঙৰ অফিচ টেবুলখনৰ নিচেই ওচৰ পোৱাৰ লগে লগে এওঁ মোৰ ফালে চাই গম্ভীৰ মাতেৰে আৰম্ভ কৰিলে
“কওঁক ডাঙৰীয়া, আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ ? অ’ আমাৰ ক’ম্পেনীলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয় ? দৰাচলতে আমি অতি দৰকাৰী আলোচনা এটাত ব্যস্ত আছোঁ ”
আহ্ এয়া মই কি শুনিছোঁ ! সম্পূৰ্ণ অচিনাকী সুৰত এওঁ মোক কৈছে। মই মোৰ কানদুখনকে বিশ্বাস কৰিব নোৱাৰিলোঁ! মানুহজনীয়ে আকৌ ক`বলৈ ধৰিলে
“বাই দা ৱে এখেত আমাৰ ক`ম্পেনীৰ মেনেজিং ডাইৰেক্টৰ কাম প্ৰ`পাইটৰ মি. ….,মাই হাজবেণ্ড ! ”
ইমান সময়ে কৃষ্ণ বুলি ভাৱি থকা মানুহজনে মোৰ ফালে ঘুৰি চালে। মুখখন দেখি মোৰ মুখৰে এটা আৰ্তনাদ ওলাই আহিল। কিন্তু ডিঙিত কিহবাই সোঁপা মাৰি ধৰাত ,চিঞৰটো মইয়ে শুনা নাপালোঁ। মোলৈ ট ট কৈ স্থিৰ দৃষ্টিৰে চাই থকা মানুহজন আন কোনো নহয় স্বয়ং ‘মই ’! ঘটনাৰ আকস্মিকতাত মোৰ গোটেই শৰীৰটো কপি উঠিল। চকুৰে ধোঁৱা কোঁৱা দেখিছোঁ। কান দুখনত এসোপা মান বিশৃংখল ,খৰমৰনিৰ শব্দ ভাহি আহিল। যেন সম্প্ৰচাৰ বন্ধ হোৱাৰ পিছত ৰেডিঅৰ খেৰ খেৰাই থকা অযুত শব্দ ! ডাঙৰকৈ। সংজ্ঞাহীন হৈ মই থিতাতে ঢলি পৰিলোঁ।

“ঔৱা হৰি,,, ঔৱা ৰাম।”
নিচেই কাষতে হোৱা উচ্চাৰিত সমস্বৰত অৱশ দেহাৰে মেলো নেমেলোকৈ লাহে লাহে চকু মেলি চাইছোঁ। মোৰ বিচনাৰ কাষৰ মজিয়াত দুজনমান ভকতে সেৱা লৈছে। সন্মুখত ধূপ ধূনা জ্বলাই থোৱা আছে এখন থপনা। প্ৰাৰ্থনা সামৰিছে!
“প্ৰভু মানুহগৰাকীৰ মুখলৈ চাই ঘৰৰ গৰাকীৰ চেতনা ঘুৰাই দিয়া যেন”
কোনোবা এজনে কৈছে। ধুসৰিত ৰূমটোত ধূপৰ সলনি এক পোৰা পোৰা গোন্ধ ! অসহ্য গোন্ধত মই ৰ`ব নোৱাৰি উঠিব চেষ্টা কৰিছোঁ। কিন্তু অপ্ৰাণ চেষ্টাৰ অন্ততো মই উঠিব পৰা নাই। তেনেতে ক`ৰবাৰ পৰা আউলীবাউলী হৈ এওঁ লৱৰি আহি মোৰ গাত পৰি উচুপিছে। দুই হাতেৰে সাৱতি ধৰিছে। মইও পৰম আকুলতাৰে মানুহজনীৰ গাঁত হাত ফুৰাইছোঁ। অস্ফুট মাতৰে কৈছোঁ
“নাই,মোৰ একো হোৱা নাই সোণজনী। এয়া চোৱা দুদিন ধৰি ক`মাত থাকিওঁ তোমাৰ ওচৰলৈ ঘুৰি আহিলোঁ।”
এওঁ এইবাৰ সশব্দে কান্ধোনত ভাগি পৰিছে। তাৰ মাজতো সমগ্ৰ ৰূমটোত বিয়পি পৰা অকটা গোন্ধটোৱে আমনি কৰিব এৰা নাই। ….
…..

“চি ই ই ই …..চি ই ই ই ….. চি ই ই ….” একেৰাহে বাজি থকা সেই তীব্ৰ শব্দ সহ অসহ্য এটা বেয়া গোন্ধ আৰু হথাতে গোটেই শৰীৰত অনুভূত এক আচৰিত শীতলতাত মই কপি উঠিলোঁ। চকু মেলিয়েই দেখোঁ সন্মুখত ৰৌদ্ৰমূৰ্ত্তি ধৰি থিয় হৈ আছে এওঁ। হাতত এটা খালী বাল্টিং ! মোৰ চৌপাশে, বিচনা, লেপ, তুলি আৰু মজিয়া সকলো পানীৰে তিতিঁ একাকাৰ ! ৰূমটোত ক`লা ধোঁৱাই আৱৰি আছে। মই একো বুজিব নোৱাৰি কিং কৰ্ত্তব্যবিমোৰ হৈ তেনেকৈয়ে পৰি ৰৈছোঁ। উস সমগ্ৰ ৰূমটোত বিয়পি পৰা অকটা গোন্ধত মোৰ উকালি আহিব যেন ! কাষতে থকা পাকঘৰত “চি ই ই ই …”কৈ অনৰ্গল শব্দটো বাজি আছে। এওঁৰ কালন্তক মুৰ্তি ধৰি বকিব ধৰিছে
“অই …উঠিবানে ?ৰাতিপুৱাৰ পৰা কিমান বাৰ উঠা উঠা বুলি জগালোঁ ,খবৰ নাই। ল’ৰাৰ পৰীক্ষালৈ যাব লাগে, তাৰ উম ঘাম নাই। পদূলিমুখত স্কুল বাছ ৰৈ ৰৈ হৰ্ণ দি গুচি গল গৈ ! বাপেকৰ উঠিবলৈকে নহয়হে নহয়। ইফালে বাপেক নগলে পুতেক কোনোমতে পৰীক্ষালৈ নাযায়। কথা কৈ ৰাখিব নোৱাৰে যদি সৰু লৰাটোক কেলৈ মিছাকৈ স্কুলত গাড়ী দি নিম বুলিছিলা। থুইকটা নাজানো বুলি ভাৱিছে ! ৰাতি লগৰকেইটাৰ সতে বাজী ধৰি ধতুৰা নে ভুতৰা গুটীৰ লগত ভাং খাই এক্সপেৰিয়েন্স কৰ` ? উঠা বুলিছোঁ নহয় উঠা ”
এতিয়াহে ভালকৈ মন কৰিলো ইতিমধ্যে শ্ৰীমতীৰ হাতত থকা বাল্টিঙৰ পানীয়ে মোৰ দেহৰ উৰ্দ্ধভাগ প্ৰায় তিতাঁই পেলাইছে। ডিঙিৰ ভাজেদি কাপোৰৰ তলৰে এসোঁতা শীতল পানী বৈ গৈছে তললৈ। তেনে অৱস্থাতে তিতাঁ গাৰুটোত মুৰ থৈ অলসভাৱে মজিয়ালৈ চকু ফুৰাওঁতেই চুক এটাত মোৰ দৃষ্টি ৰৈ গ`ল। অত ত`ত সিঁচৰিত হৈ পৰি আছে নলীয়া কটাৰী এখন, সৰু সৰু চিলিম দুটা, ৰঙা কাপোৰ আৰু তাৰ কাষত ছাঁইৰ সতে এগাল জাৱৰ ! অলপ দূৰত এটা ক`লা গুটি ,চিলিমৰ টিকিৰা। লগে লগে কালি শেষৰাতিলৈ আমি মানে মই, দিগেন আৰু অজিতে পাকঘৰ সংলগ্ন পিচফালৰ এই বাৰাণ্ডা ৰূমটোত মণিপুৰী ভাং আৰু ধতুৰা গুটিৰ মিশ্ৰণৰ সোঁৱাদ লোৱাৰ কথা মনত পৰি গ`ল। তাৰ অৱশেষ ৰুমটোত এতিয়াও বিদ্যমান। শেষলৈ আমাৰ মাজত অঘোষিত প্ৰতিযোগিতা হৈছিল গৈ। কোনে কিমান টানিব পাৰে ! ৰাতি দিগেন আৰু অজিত কেতিয়া গ`ল গম নাপালোঁ। মনত পৰিছে বিৰাট নিচা হোৱাত ৰূমটোত থকা এওঁৰ ‘নোৱাঁৰা’ হওঁতে শোৱা এই বিচনা খনত চুচৰি উঠিছিলোঁহি। গাৰ লেপখন ক`ৰ পৰা আহিল গম নাপাওঁ। এওঁৰ বকনি ইতিমধ্যে তুংগত চৰিচে
“থুই চালা, ইমানকৈ জগাই থৈ কৈ গলোঁ। বোলো বাবলুক মইয়ে স্কুটিখন লৈ থবলৈ গৈ আছোঁ। গেট বন্ধ কৰি দিলে তাৰ পৰীক্ষা দিয়া নহবগৈ। পাকঘৰত মাটিমাহ দি প্ৰেচাৰটো বহাই থোৱা আছে ,চাৰি নম্বৰ হুচেইল দিলেই নমাই দিবা ! অ` আহি দেখোঁ মহাৰাজ নসিকা গৰ্জন কৰি এই ১০ টালৈ ঘুমটি মাৰিয়েই আছে। ইফালে প্ৰেচাৰে হুচেইল মাৰি মাৰি মাটিমাহ ধোঁৱা হৈ ওলাই যায়। ভাগ্যে যে কুকাৰটো বাৰ্ষ্ট হৈ নগ`ল! মাৰ ঘৰৰ পৰা দিয়া অৰিজিনেল হকিন্স প্ৰেচাৰ বুলিহে ! হে কৃষ্ণ,কি কুক্ষণত এই সবৰ লগত মই বিয়াত বহিছিলোঁ ! প্ৰেচাৰডাল কিন্তু মই চাফ কৰিব নোৱাৰোঁ। যিয়েই কৰে কৰিব ! ”
এওঁৰ আখৈ হেন ফুটি থকা মুখ খনলৈ মই তভক লাগি চাই থাকিলোঁ। চাই থাকিলোঁ নিশ্চুপ হৈ। এই সময়ত কিবা ক`বলৈ আৰু সাহ নহ’ল!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments