দেওবৰীয়া ধেমালি -ডাঃ পাৰ্থসাৰথি ভূঞা

 

এইকেইদিন ফেচবুকত এটা “হনুমান বিতৰ্ক” দেখি আছোঁ৷ বিজেপিৰ এজন সাংসদে হনুমানক মুছলিম বুলি ক’লে৷ ইয়াৰ পৰাই আগৰ এটা কৌতুক মনত পৰিল৷
এখন কলেজৰ তিনিজন ছাত্ৰ একেলগে মেছ কৰি আছিল৷ এজন হিন্দু, এজন মুছলমান আৰু এজন শিখ৷ হিন্দুজনে সদাই ৰাতিপুৱা গা পা ধুই উঠি আধা ঘণ্টামান হনুমানৰ পূজা কৰে৷ মুছলিমজনে এদিন তেওঁক জোকাবলৈ ক’লে,
“ঐ, তই যে ইমান হনুমানৰ পূজা কৰ, হনুমান আচলতে মুছলিমহে হয়, নাজান নেকি?
হিন্দুজনে বোলে, “কি কথা কৈছ, কেনেকৈ হিন্দু দেৱতাজন মুছলিম হ’ব?”
বন্ধুয়ে বোলে, “বাৰু, চলন্ত, ৰহমান, চুলেমান এইবিলাক কি হয়?”
হিন্দুজনে বোলে, “এইবিলাক মুছলিম।”
মুছলিম বন্ধুয়ে বোলে, “চলন্ত, ৰহমান, চুলেমান মুছলমান, তেন্তে হনুমান মুছলমান কিয় নহ’ব!”
এওঁলোকৰ কথা শুনি শিখ বন্ধুজন হাঁহি হাঁহি বাগৰি পৰিল৷ হিন্দুজনে বোলে, খুব হাঁহিছ, এতিয়া তই আকৌ হনুমানক শিখ বুলি নক’লেই হ’ল!
শিখ বন্ধুৱে বোলে, আচল কথাটো সেইটোৱেই, আচলতে হনুমান শিখহে, তহঁতেই লক্ষ্য কৰ, শিখসকলৰ দৰেই তেখেতেও দীঘল দাড়ি চুলি ৰাখে। আৰু কাৰোবাৰ ঘৈণীয়েকক কোনোবাই পলুৱাই নিলে; গতিকে যদি এখেত শিখসকলৰ দৰে দিলদাৰ নহ’লহেঁতেন, কোনে বাৰু লোকৰ প্ৰব্লেমত নিজৰ নেগুৰত জুই লগাবলৈ যাব!”

বিঃ দ্ৰঃ ধেমেলীয়া কথা৷ এই লেখাৰ দ্বাৰা লিখকৰ/ এইমাহৰ সম্পাদকৰ/ সাহিত্য ডট অৰ্গৰ কোনো ধৰ্মৰ লোকক আঘাত কৰাৰ অভিপ্ৰায় নাই৷

………

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments