দেওবৰীয়া বিশেষ : পৰিষ্কাৰ পৰিচন্নতাই ঈশ্বৰ পৰায়ণতা (৩)(– অচিন্ত বৰঠাকুৰ)

পৰিষ্কাৰ পৰিচন্নতাই ঈশ্বৰ পৰায়ণতা

অচিন্ত বৰঠাকুৰ

(ক)

শৰৎ কাল আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত এক এৰাব নোৱাৰা সম্পর্ক আছে। সঁচা অর্থত, শৰৎ আৰু পৰিষ্কাৰ পৰিচন্নতা প্রকৃতিৰ বাবে একেটা মুদ্রাৰে ইপিঠি সিপিঠি। পৃথিৱীৰ যি স্থানতেই নহওক কিয়, আশ্বযর্জনক ভাবে, শৰৎ আহি উপস্থিত হোৱাৰ লগে লগে সেই স্থানত প্রকৃতিয়ে নিজেই পৰিষ্কাৰ পৰিচন্নতাৰ আশ্রয় লৈ মনোমোহা হৈ পৰে। দীঘলীয়া আপেক্ষাৰ অন্তত প্রেয়সীয়ে প্রেমিকৰ বাবে নিজকে যেনেকৈ পৰিষ্কাৰ পৰিচন্নকৈ সজাই পৰাই মোহনীয়া কমনীয়া আৰু আকর্ষণীয়া কৰি তুলিবলৈ চেষ্টা কৰে, শৰতৰ বাবেও যেন প্রকৃতিৰ তেনে এক প্রস্তুতি ! ৰোমাণ্টিক পতিৰ মৰমৰ অত্যাচাৰত নৱবিবাহিতা গাভৰুৰ ৰূপ দুগুণে চৰাৰ দৰে শৰতৰ সান্নিধ্যত ধন্য হৈ দিনে দিনে প্ৰকৃতিৰ পৰিষ্কাৰ পৰিচন্নতা তথা ৰূপ গুণৰ আৰু অধিক জেউতি চৰিবলৈ ধৰে। বসন্তই যৌৱন আনি দিয়া প্রকৃতি বর্ষাত আউলি-বাউলি হয়। বর্ষা ঋতুৱে প্রকৃতিক দিয়া এই অপৰিষ্কাৰ ৰূপ শৰতৰ আগমণত নিয়ন্ত্রিত হয়, যৌৱনৰ স্বচ্ছ আৰু নিমাখিত সৌন্দর্য পৰিষ্ফুট হয় পৰিষ্কাৰ পৰিচন্নতাৰ যোগেদি এই শৰৎ ঋতুত। সেয়ে, শৰত্‍ আৰু প্রকৃতিৰ এই মহামিলনৰ ক্ষণ পৰিষ্কাৰ পৰিচন্নতাৰ বাবে এক অতিশয় আকাংক্ষিত মূহুর্ত।

অসমৰ বিভিন্ন গীত, কাব্য, পুথি বা সাহিত্যত উল্লেখ কৰা শৰতৰ গুণ-গান বা বর্ণনাত বাৰে বাৰে শৰত কালৰ প্রকৃতিৰ পৰিষ্কাৰ পৰিচন্ন ৰূপটোকেই ঘাইকৈ দাঙি ধৰা হয়। বিভিন্ন ধর্ম পুথিতো শৰতৰ পৰিষ্কাৰ পৰিচন্ন ৰূপটোৰ উপমা দি অনেক জ্ঞানগর্ভী কথা উল্লেখ কৰা হয়। হিন্দুৰ বহুতো পূজা পার্বন আৰু অন্যান্য ধর্মৰো বিভিন্ন ধর্মীয় কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে শৰৎ কালকেই অতি উত্তম সময় বুলি গণ্য কৰাৰ আন এটি কাৰণো হ’ল শৰতৰ এই পৰিষ্কাৰ পৰিচন্ন ৰূপ।
বর্ষা কালত অনবৰতে ডাৱৰে অপৰিষ্কাৰ কৰি ৰখা আকাশখন এই শৰতৰ আগমনৰ লগে লগে পৰিষ্কাৰ পৰিচন্ন হৈ শুদ্ধ নীলা হৈ পৰে। নিশাৰ পৰিষ্কাৰ আকাশত জোন জ্বলে, ফৰিং ফুটা জোনাকত ফটফটীয়া হৈ জিলিকে পৃথিৱী। আউঁসী ৰাতিও তৰা ফুলা আকাশৰ পৰা অহা মহাজাগতিক পোহৰত দেখা পায় ধৰণী, শৰতৰ পৰিষ্কাৰ আকাশৰ বহু তলত জোনাকী পৰুৱাই তিৰবিৰাই আর্তজনক বাট দেখুৱায়। অসমীয়া কবিয়ে দেখা শৰতৰ আকাশৰ এই ৰূপ গীত হৈ নিগৰে ,
“শৰত নিশাই তৰাৰে সজাই আইৰে কেশ
ভাৰতৰে পূৰ্ব্ব দিশৰ সূৰ্য্য উঠা দেশ।“
পৰিষ্কাৰ আকাশৰ কোনোবা কোণত অকণমান ডাৱৰ ওপঙি থাকিলেও সেয়া মানবী চকুত ধৰা দিয়ে এক কাব্যিক সৌন্দৰ্য বর্ধনকাৰী “বিউটি স্পট”ৰ ৰূপত। তাৰ সৌন্দর্যলৈকে চাই হয়তো কেতিয়াবা কোনো বিৰহী কবিৰ চিন্তাত আউল লাগে, বুকুৱে বিচৰা জন সেই কহুঁৱা কোমল পৰিষ্কাৰ শুকুলা ডাৱৰকনতেই উঠি কাষলৈ উৰি আহিব যেন লাগে। গীতিকাৰ ভূপেন হাজৰিকাৰ ভাষাত,
”এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়,
মোৰো মন হংসই বাট হেৰুৱায়”…
‘নিয়ন’ চাকিয়ে আজি চকু টিপিয়াই
শৰৎ সন্ধ্যা মহানগৰী সজায়
(তাৰে) মাদকতা সানি আজি
লখিছোঁ চিঠি
চঞ্চল মেঘে যেন তাকে কঢ়িয়ায়।

পুৱাৰ দুবৰিত লাগি থকা টোপাল টোপাল নিয়ৰে পৰিষ্কাৰ কৰা বননিত তলসৰা শেৱালি ফুলে বহুতো কবিক যোগান ধৰে বহুতো যাউতিযুগীয়া সৃষ্টিৰ প্লট:
আহিন মহীয়া শেৱালি সৰিলে
নিয়ৰত তিতিলে বন,

বান্ধৈ ঐ কেনেবা কৰিলে মন

শেৱালিৰ সমান্তৰাল ভাবে নৈৰ পাৰৰ কহুৱানিডৰাও ফুলি জাতিষ্কাৰ হয় শৰততেই। পৰিষ্কাৰ-বিশুদ্ধ শুকুলা কহুৱাৰ ওপৰেদি শৃঙ্খলাবদ্ধভাৱে উৰি যোৱা শৰালিৰ জাকেও শৰতৰ কবিক ভবাই তোলে :
“কঁহুৱাৰে ওপৰেদি
উৰে হাঁহৰ জাকটি
হাঁহ ওখ নে, আকাশ ওখ
উৰি চোৱাচোন ভন্-টি ৷”

আকাশত ডাৱৰৰ পৰিমাণ কমি যোৱাৰ লগে লগে বৰষুণৰ প্রকোপো কমি যায় আৰু সেই বাবে মাটিত থকা বোকা-পানীও শুকাই স্থলপথ পৰিষ্কাৰ হৈ পৰে। খাল, বিল, নদী হ্রদ আদিত থকা পানীও আচৰিত ধৰণে নির্মল বা পৰিষ্কাৰ পৰিচন্ন হৈ পৰে এই শৰৎ কালতে। শৰৎ কালত নদীৰ বুকুত পানীৰ পৰিমাণ কিছু কমি যায়, খৰশ্রোতা নদীয়েও সেই সময়ত নিজৰ গতি মন্থৰ কৰি তাৰ পানী পৰিষ্কাৰ পৰিচন্ন হোৱাত সুবিধা কৰি দিয়ে। সাগৰতো বোলে প্রচণ্ড উর্মিমালাৰ তাণ্ডৱ নাথাকে এই শৰৎ কালত, পৰিষ্কাৰ পৰিচন্ন সাগৰ পৃষ্ঠত শুনা নাযায় লহৰৰ ভয়ানক শব্দ।
বেলি লাহে লাহে হেলনীয়া হ’বলৈ আৰম্ভ কৰে বাবে গেলা গৰমৰ প্রাবল্যও কমি আহে। শেৱালিকে আদি কৰি বহুতো সুগন্ধি ফুলৰ সুৰভি মিহলি হৈ বলা ধূলি-বালিহীন কোমল শীতল বতাহে দেহ-মনত অনবৰতে পৰিষ্কাৰ পৰিচন্ন মনোভাৱ এটা চটিয়াই থৈ যায়। শৰৎ কালৰ ৰ’দত অপতৃণ নাশ হয়, এবুকু আশাৰ সপোন দেখুৱাই পথাৰত জিলিকে আধা পকা শইচ। পানীৰ ভেঁট ফুল জঁয় পৰে, বিকশিত হয় পৰিষ্কাৰ পৰিচন্নতাৰ প্রতীক পদূম ফুল।

ভাগৱতৰ ভাষাত :

“গগন নিৰ্ম্মল, স্বচ্ছ ভৈল জল, দূৰ গৈল মেঘগণ।
মহা সুখৰ সুৰভি শীতল, বেহ বায়ু সৰ্ব্বক্ষণ।।”

“শৰত সমান নাহি সুখকাল, হৰৈ দুখ অনুক্ৰমে।
আকাশত মেঘ যতেক আছিল, গুচাইল তাক প্ৰথমে।।”

“পৃথিৱীৰ সৱে কৰ্দ্দম গুচিল, ভৈ গৈল পথ সুচল।।
যত জলমানে সৱে স্বচ্ছ ভৈল, শৰতে হৰিল মল।।”

“সূৰ্য্য দৰশন্ ফুলৈ পদ্মবন, জঁয় পৰৈ ভেট ফুল।
ৰাজাৰ উদয়ে যেন সৱে সুখী, চোৰৰ চিত আকুল।।“

-(শ্রীমন্ত শংকৰদেৱ অনূদিত ভাগৱতৰ দশম স্কন্ধৰ পৰা উদ্ধৃত শৰৎ বর্ণনাৰ কিয়দাংশ)

শ্রীকৃষ্ণ আৰু ব্রজবাসী গোপীসকলে ৰাস ক্রীড়াৰ বাবে শৰৎ কালৰ নির্মল আকাশৰ উজ্জ্বল আৰু নিস্পন্দন জোনাক নিশাকেই নির্বাচন কৰি লৈছিল।

শৰত কালৰ ৰাত্ৰি অতি বিতোপন।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।।

ৰাসক্রীড়াৰ বাবে শৰত কালৰ পূর্ণিমা নিশা নির্বাচন কৰাৰ অন্তৰালত পৰিষ্কাৰ পৰিচন্নতাই নিহিত হৈ আছে বুলি পণ্ডিত সকলে আওপকীয়াকৈ মন্তব্য কৰে। ডাৱৰ বিহীন পৰিষ্কাৰ-পৰিচন্ন সুনীল-নির্মল আকাশৰ চুকে-কোণে থকা সকলো বিন্দুকে দেখাৰ উপযুক্ত সময় হ’ল শৰৎ কালৰ পূর্ণিমা নিশা। সেই আকাশেই ৰাসমণ্ডল। আকাশৰূপী ৰাসমণ্ডল আৰু তৰাৰূপী নর্তকীসকলে মুল নর্তক চন্দ্রক মাজত লৈ পূর্ণ উজ্জ্বলতাৰে উপবিষ্ট হোৱা প্রণালীৰ আধাৰতে বোলে ৰাসলীলাৰ আর্হি যুগুত কৰা হৈছিল।

গোপীৰ সৈত্যে কেৱল ৰাসেই নহয়, শ্রীকৃষ্ণই গো আৰু লগৰীয়া গোপগণৰ সৈত্যেও আনন্দ উৎসৱ কৰি পৰিষ্কাৰ পৰিচন্ন শৰতক পূৰাদমে উপভোগ কৰি যোৱাৰ কথা পোৱা যায় ভাগৱত পুথিৰ পাততেই:

এহিমতে সিটো শৰতৰ গুণে
আমোদিত বৃন্দাবন।
গৰু গোপগণ সমে ভ্ৰমৈ তাত
আনন্দে নন্দ নন্দন।।
ভুঞ্জি স্বচ্ছ জল সুৰভি শীতল
বায়ুৰ পৰশ পাই।
সখি সৱ সমে কৰিলন্ত ক্ৰীড়া
কৌতুকৰ পাৰ নাই।।

শৰৎ কালৰ পৰিষ্কাৰ পৰিচ্ছন্নতাক বহুতো ধর্ম পুথিত বা বচনত উপমা হিচাবেও ব্যৱহাৰ কৰা হয়। হৰি ভকতিয়ে মানুহৰ মনক শৰতৰ আকাশৰ দৰে পৰিষ্কাৰ পৰিচন্ন কৰে বুলিও বুজাব খোজা হয়। ভাদ মাহত লোৱা হৰি নামে মানুহৰ মন পৰিষ্কাৰ কৰে বুলি ভবা হয়।

“কর্ণপথে ভকতৰ হিয়াত প্রৱেশি হৰি
দুর্বাসনা হৰে সমস্তয়।
জলৰ যতেক মল যেহেন শৰত-কালে
স্বভাৱতে নিৰ্ম্মল কৰয় ||১৫”
(– শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত নাম-ঘোষা)

আকৌ,
চাৰি ঠাইৰ চাৰি কার্য সাধিলেক
শুনা তাৰ পটন্তৰ।
কৃষ্ণৰ ভকতি যেন চাৰি দুখ
হৰৈ চাৰি আশ্ৰমৰ।।
তাৱে ব্ৰহ্মচাৰী বেদ পঢ়িবেক
গৃহস্থে কৰিবে কৰ্ম্ম।
তাৱে বনবাসী পঙ্ক ধৰিবেক
তাৱত সন্ন্যাস ধৰ্ম্ম।।
যাৱে কৃষ্ণ কথা শ্ৰৱণ কীৰ্ত্তনে
নতু কৰৈ নৰে ৰতি।
শৰত কালৰ এতেক উপমা
জানিবা হৰি ভকতি।।
–(শ্রীমন্ত শংকৰদেৱ অনুদিত ভাগৱতৰ দশম স্কন্ধৰ পৰা উদ্ধৃত শৰৎ বর্ণনাৰ কিয়দাংশ)

শৰৎ কালত ৰাৱণে অকাল বোধন কৰা দূর্গা পূজা আজিও শৰততে পতা হয় মহিষাসুৰ আৰু ৰাৱণৰ দৰে অপৰিষ্কাৰ মানসিকতাৰ প্রতীক বিলাকৰ নিবৃত্তিৰ উদ্দেশ্যেই। শৰৎ কালতেই দচে’ৰা, লক্ষ্মী পূজা, দেৱালী আৰু দীপান্বিতাত চাকি বন্তি লগাই অপৰিষ্কাৰ ক’লা আন্ধাৰক খেদাই পঠাবলৈ যত্ন কৰা হয়। বৰকাঁহ আৰু জয়ঢোলৰ শব্দত অপকাৰী শক্তি মষিমূঢ় হয়, চাকিৰ জুইত বহুতো কীট-পতংগই আত্মজাহ দি পৰিষ্কাৰ পৰিচন্নতাৰ দিশত শৰতক আৰু এখোজ আগবঢ়াই লৈ যায়।

পৰিষ্কাৰ পৰিচন্নতাৰ ধাৰণাত আজিলৈকে কোনো শক্তি, সময় বা সামগ্রীয়েই স্বয়ং সম্পূর্ণ হৈ ঠিয় দিব পৰা নাই। যুগৰ পৰিবর্তনৰ লগে লগে কেতিয়াবা কেতিয়াবা শৰতৰ আগমণ দেৰি হোৱাও পৰিলক্ষিত হয়। ক’লা ডাৱৰেৰে ভৰা আকাশৰ পৰা নিৰবচিন্ন বৃষ্টিৰ জৰিয়তে ধৰাত বানে মানৱ আৰু পশুধনক ধৰাশায়ী কৰাৰ নজিৰো নোহোৱা নহয়। “মল”যুক্ত জলত সলিল সমাধি ঘটে বহু আপেক্ষিত শৰতৰ সমগ্র সপোন আৰু ধাৰণা, সমূলাঞ্চে নিঃচিন্ন হয় পেটৰ অন্ন আৰু ভেটিৰ মাটি। অবশ্যে, জ্যোতিষ পঞ্জিকাৰ হিচাব নামানি শৰতৰ মাজত অহা বর্ষা ঋতুৰ শেহতী বানে অবশ্যে শৰতৰ বতৰা আনে। কবিয়ে তাতো কবিতাৰ প্লট দেখা পায়:
“আজি আকাশৰ শেষ হ’ব পাই শেষ বাৰিষাৰ গান;
দিখৌ নৈৰ বুকুতে. সেয়েহে আহিছে শেহতী বান ৷”

চটিয়না আৰু বগৰী ফুলে এই শৰততেই। ব্যক্তিভেদে শ্বাস-প্রস্বাস যন্ত্র আৰু মগজুৰ কোনো কোনো অংশত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টিকাৰী এই দুই ফুল শৰৎ কালৰ একো একোটা অপৰিষ্কাৰ কিন্তু অবিচ্ছেদ্য অংগ। দিনৰ প্রখৰ ৰ’দৰ চোক আৰু কুঁৱলি ভৰা শীতল ৰাতিৰ উষ্ণতাৰ অসমতুলতাই কঢ়িয়াই আনে কেইবাটাও ৰোগৰ সম্ভাৱনা। জলাহভূমিৰ ক্রমহ্রাসমান জলস্তৰে অশনি সংকেত কঢ়িয়াই আনে জলচৰ প্রাণীৰ জীৱনলৈ এই শৰৎ কালৰ পৰাই। সৰু সৰু গছ বিলাকে সহজ জলৰ অভাৱত মৃত্যুভয়ত পৰিব লগীয়া হয়

সি যিয়েই নহওক কিয়, শৰৎ সদায় শৰতেই। প্রকৃতিক পৰিষ্কাৰ পৰিচন্ন ৰূপত দেখা পাবলৈ শৰতৰ বাদে আন কোনো ঋতুৰ ওপৰতেই ভৰসা কৰিব নোৱাৰি। সেয়েহে হয়তো ভূপেন হাজৰিকাৰ কণ্ঠেৰে নিগৰি ওলাইছিল:

কলিয়া ডাৱৰৰ চকুপানী টোকা কান্দোন পৰিলে ওৰ!
আকাশত উৰিলে কপাহৰে জোলা
বাজিছে ৰঙৰে সুৰ৷
ওপঙি আহিলে লেশ লউ পৰুৱা,
শুকাব বাঢ়নি পানী!
পালেহি খৰালি তাৰেহি বাতৰি
দিলেহি আনি;
ডাৱৰৰ যুজতে সূৰুয জিকিলে..!
এন্ধাৰ কৰবালে গ’ল!
পোহৰৰ কাড়েৰে ডাৱৰ সৰকালে
বতৰ ফৰকালে হ’ল….।।

অথবা..
সদ্যস্নাতা ৰূপহী গাভৰু মোৰ পুৱতি নিশাৰ সপোন
শাৰদী ৰাণী তোমাৰ হেনো নাম
শুভ্ৰ নীলা ওৰণিখনি, কুঁৱলি সূতাৰে বোৱা পাতল ৰিহাখনি
থৰলগা বীণখনি, তোমাৰ শুৱনি দাপোণ
কপাহ মেঘৰ অহা যোৱা, সেউজী মেঘৰ সেই লানি
সোণালী ৰ’দ, শৰালিৰে জাক তুমিয়েই আনিলা কিজানি…….!

(খ)

পৰিষ্কাৰ পৰিচন্নতাৰ এক মূল অন্তৰায় হ’ল আবর্জনা বা বর্জ্য পদার্থ সমূহ। যি কোনো স্থান বা সামগ্রী পৰিষ্কাৰ আৰু কার্যক্ষম কৰি ৰাখিবলৈ হ’লে তাৰ পৰা অপ্রয়োজনীয় তথা বিনাশগ্রস্ত পদার্থ বা অংশ সমূহ নির্দিষ্ট সময়ৰ মূৰে মূৰে আঁতৰাই থাকিব লগীয়া হয় , সেয়াই হ’ল আবর্জনা। আকৌ, এই আবর্জনা সমূহ যি স্থানত পেলোৱা হ’ব, সেই ঠাই বিলাক অপৰিষ্কাৰ হৈ পৰে। সেই স্থানকো পৰিষ্কাৰ কৰিবলৈ গৈ সেই আবর্জনাক আন এক স্থানলৈ স্থানান্তৰিত কৰিবলৈ হ’লে আকৌ এডোখৰ নতুন স্থান অপৰিষ্কাৰ হৈ পৰিব। ইপিনে অপৰিষ্কাৰ স্থান আৰু অপৰিস্কাৰ সামগ্রীৰ পৰা বিভিন্ন উপায়েৰে সৃষ্ট বা বিভিন্ন কাৰণত নির্গত হোৱা অপকাৰী উপজাত সামগ্রী সমূহ বায়ু, পানী বা মাটিৰ লগত মিহলি হৈ পুণৰ পৰিস্কাৰ স্থান সমূহলৈ উভতি আহি জনস্বাস্থ্যৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে। অর্থাৎ, এখন ঠাই পৰিষ্কাৰ কৰিবলৈ গৈ বাচ-বিচাৰ নোহোৱাকৈ য’তে ত’তে আবর্জনা গোট খুৱালৈ এটা সময়ত আবর্জনাই এক ভয়ংকৰ সমষ্যা ৰূপে ঠিয় দিব পাৰে। গতিকে, পৰিষ্কাৰ পৰিচন্নতা বর্তাই ৰাখিবৰ কাৰণে এই বর্জ্য পদার্থ বা আবর্জনা সমূহ আঁতৰ কৰি উচিৎ উপায়েৰে দিহা লগোৱাটো অতি প্রয়োজনীয়।

বর্ধিত জনসংখ্যা আৰু দ্রুত ঔদ্যোগীকৰণৰ পৰিপ্রেক্ষিতত মানবসৃষ্ট আবর্জনাৰ পৰিমাণ দিনে দিনে অতি দ্রুত গতিত বাঢ়ি আহিছে। ইতিমধ্যেই আবর্জনাই পৃথিৱীৰ বিভিন্ন স্থানত বিশাল সমষ্যাৰ সৃষ্টি কৰিছেই। প্রাকৃতিক আবর্জনাতকৈ মানব সংশ্লেষিত প্লাষ্টিক জাতীয় আৱর্জনাই এই সমষ্যা অধিক ভয়াবহ কৰি পেলাইছে। গড় হিচাবত অসমৰ প্রতিজন মানুহৰ দ্বাৰা মাহেকত একৰ পৰা দুই কিলোগ্রাম প্লাষ্টিক আৱর্জনা সৃষ্টি হোৱাৰ বিপৰীতে ভাৰতত এই গড় হিচাব ৬ৰ পৰা ৭কি.গ্রা.। চীনত এই হাৰ ১৪-১৫ কি.গ্রা. আৰু বিশ্বৰ প্রতিজন মানুহৰ হিচাবত এই গড় ২৪ কিলোগ্রাম পর্যন্ত। সেয়ে, বর্জ্য পদার্থ বা আবর্জনা সমূহৰ গ্রহণযোগ্য গতি লগোৱাৰ বাবে বিভিন্ন দেশত আবর্জনা ব্যৱস্থাপনা(Waste Management)ক বিষয় হিছাবে লৈ বিভিন্ন পাঠ্যক্রম, প্রযুক্তি বিদ্যা, যন্ত্র-পাতি আৰু এইসমূহৰ সফল প্রয়োগৰ বাবে চৰকাৰী বিভাগ আৰু বহুতো ব্যৱসায়িক প্রতিষ্ঠানৰ সৃষ্টি হৈছে।

পৰিষ্কাৰ পৰিচন্নতা বজাই ৰাখিবৰ কাৰণে দেশত বিভিন্ন আইন কাণুনো প্রবর্তিত হৈছে। ভাৰতত ১৯৬৩ চনত কর্ণাটক চৰকাৰৰ দ্বাৰা প্রবর্তিত আৰু চৰকাৰী গেজেটত প্রকাশিত “কর্ণাটক চহৰ আৰু দেশ পৰিকল্পনা আইন ১৯৬১” বলবৎ হোৱাৰ পৰাই আবর্জনা ব্যৱস্থাপনাৰ ক্ষেত্রত চৰকাৰী ভাৱে লোৱা প্রথম পদক্ষেপ বুলিব পাৰি। এই পর্যন্ত দেশত প্রদূষণ নিয়ন্ত্রণ আৰু আবর্জনা ব্যৱস্থাপনা সন্দর্ভত বিছখনৰো অধিক আইন প্রণয়ন কৰা হৈছে আৰু দেশৰ পৰিষ্কাৰ পৰিচন্নতা নিয়ন্ত্রনত ৰাখিবৰ বাবে পৌৰ নিকায় আৰু প্রদূষণ নিয়ন্ত্রণ বিভাগৰ দৰে চৰকাৰী অনুস্থান বিলাকৰ ওপৰত দ্বায়িত্ব দি ৰখা হৈছে। এইবিলাকৰ দ্বাৰা বিশ্ব স্বাস্থ্য সংস্থা আৰু প্রদূষণ নিয়ন্ত্রণ বিভাগৰ দ্বাৰা নির্দ্দিষ্ট কৰি দিয়া মানদণ্ড অতিক্রম কৰি যোৱা আবর্জনা বা বর্জ্য পদার্থ সমূহ য’তে ত’তে এৰি দিয়াটো নিষিদ্ধ কৰা হৈছে।

গাঁও অঞ্চলত সাধাৰণভাৱে ব্যৱহাৰ হোৱা ঘৰৰ জাবৰ-জোথৰ পেলাবলৈ বাৰীৰ এমূৰত খন্দা গাঁতৰ জৰিয়তে পচন সাৰ তৈয়াৰ কৰা বা পোহনীয়া জীৱ-জন্তুৰ বিষ্ঠাৰে গোবৰ গেছ তথা সাৰ তৈয়াৰ কৰাৰ ব্যৱস্থা বিলাক এনে একো একোটা আবর্জনা ব্যৱস্থাপনা অধ্যয়ণৰেই (আনুস্থানিকেই হওক বা অনানুস্থানিকেই হওক) ফল। তেনেদৰে আবর্জনা ব্যৱস্থাপনাৰ ক্ষেত্রখনত উদ্ভব হোৱা বিভিন্ন উচ্ছমানৰ প্রযুক্তিবিদ্যাৰ ভিতৰত আধুনিক প্লাজমা গেছকৰণ (Plasma arc gasification) ব্যৱস্থা এক অতি উত্তম আৰু উপযোগী ব্যৱস্থা। চহৰাঞ্চলত নিতৌ গোট খোৱা বৃহৎ পৰিমাণৰ আবর্জনা অতি কম সময়ৰ ভিতৰত নিঃচিন্নপ্রায় কৰিবলৈ এই ব্যৱস্থা অতিকে ফলপ্রসূ।

প্লাজমা গেছকৰণ পদ্ধতিত প্লাজমা প্রযুক্তিবিদ্যা ব্যৱহাৰ কৰি বিভিন্ন জৈৱ(Organic) আৰু অজৈৱ(Inorganic) আবর্জনা সমূহক সংশ্লেষিত ইন্ধন গেছ আৰু বিদ্যুৎ শক্তিলৈ পৰিবর্তিত কৰিব পাৰি। ইয়াত, এক বন্ধ আবেষ্টনীৰ ভিতৰত দুই বিদ্যুৎদণ্ডৰ(তাম , টংষ্টেন বা এফনিয়াম জাতীয় ধাতুৰে নির্মিত) মাজেৰে উচ্ছ ক্ষমতা সম্পন্ন বৈদ্যুতিক শক্তি চালিত কৰি স্ফুলিংগৰ সৃষ্টি কৰা হয় আৰু তাৰ মাজেৰে উচ্ছ চাপত জলীয় বাষ্পৰ দৰে অদাহ্য গেছ সৰকাই আয়নীভৱনৰ জৰিয়তে প্লাজমা শিখাৰ উদ্ভৱ কৰি উচ্ছ তাপ (২২০০ৰ পৰা ১৪০০০ডিগ্রী ছেঃ পর্যন্ত) সৃষ্টি কৰা হয় আৰু গলিত আবর্জনাৰ লগত বিক্রিয়া কৰিবলৈ দিয়া হয়। ইয়াৰ ফলত আবর্জনা সমূহৰ অনুবিলাক ভাগি কিছুমান আয়নলৈ পৰিবর্তিত হয় আৰু এসময়ত সেইবিলাকেই নিজৰ মাজত বিভিন্ন ৰসায়ণিক বিক্রিয়াৰ সংঘটিত কৰি উচ্ছ মানদণ্ডৰ ইন্ধন গেছ (কার্বন মন’ক্সাইড, হাইড্র’জেন আৰু চুটি হাইড্র’কার্বন শ্রেণীৰ) অণুলৈ পৰিণত হয়। এই গেছসমূহক কিছুমান অতি সহজ পদ্ধতিৰ মাজেৰে পাৰ কৰি ঘৰুৱা ব্যৱহাৰৰ বাবে যোগান ধৰিব পৰা হয় আৰু এক ক্ষুদ্র অংশক টাৰবাইনত ব্যৱহাৰ কৰি এই গেছীকৰণ যন্ত্রত প্রয়োজন হোৱা আবশ্যকীয় বিদ্যুতৰ যোগাৰ কৰি ল’ব পাৰি।

ইপিনে, বিক্রিয়ক যন্ত্রটোত থাকি যোৱা অতি কম পৰিমাণৰ বর্জ্য পদার্থ বা এৰেহা খিনিৰ পৰা কিছুমান ধাতু নিষ্কাষণ কৰিব পৰা হয় বাবে সেই বিলাকৰো এক বাণিজ্যিক মূল্য থাকে। তদুপৰি এই গলিত এৰেহা বিলাকত কিছুমান সাঁচত বহুৱাই পুতলাৰ পৰা নির্মাণ সামগ্রীলৈকে বিভিন্ন প্রয়োজনীয় সামগ্রী তৈয়াৰ কৰিব পৰা হয়।

যন্ত্রটোত বিক্রিয়া সমূহ সংঘটিত কৰিবৰ কাৰণে যিহেতু অক্সিজেন ব্যৱহাৰ কৰা নহয়, আৰু পদ্ধতিটো অতি উচ্ছ তাপমাত্রাৰ পৰিবেশত সংঘটিত কৰা হয়, গতিকে ইয়াৰ বাবে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ নকমে আৰু ইয়াৰ পৰা অক্সাইড জাতীয় বিষাক্ত পদার্থ নির্গত হোৱাৰ সম্ভাৱনাও বহুত কম।

আমেৰিকা যুক্তৰাষ্ট্র, কানাডা, ইংলেণ্ড, জাপান টাইৱান আদি বহুতো দেশৰ কোনো কোনো স্থানৰ লগতে ভাৰতৰো দুই এক চহৰত ইতিমধ্যে এই ব্যৱস্থাৰ জৰিয়তে আবর্জনা ব্যৱস্থাপনাৰ চেষ্টা চলি আছে।

অৱশ্যে আন যি কোনো বৈজ্ঞানিক যন্ত্র-পাতি বা পদ্ধতিৰ দৰে এইবিধ যন্ত্রৰো কেইবাটাও নেতিবাচক দিশ নথকা নহয়। গতিকে পৰিষ্কাৰ পৰিচন্নতা বর্তাই ৰখাৰ ক্ষেত্রত মানুহৰ পূর্ণ সাফল্য এতিয়াও সূদূৰ পৰাহত।

(গ)

পৰিষ্কাৰ পৰিচন্নতাৰ মূল অন্তৰায় হ’ল অপৰিষ্কাৰ সামগ্রী সৃষ্টিকাৰী উত্‍স সমূহ। সাধাৰণ বুদ্ধিমত্তা প্রয়োগ কৰি এই উত্‍স সমূহ এৰাই চলাৰ ব্যৱস্থা কৰিব পাৰিলেই পৰিষ্কাৰ পৰিচন্নতা বর্তি থকাটো নিশ্চিত হৈ পৰে।

কথাষাৰ বুজি পাবলৈ আপোনাৰ যদি অলপ খোকোজা লাগিছে, দুটামান উদাহৰণ মনলে আনিলেই সেয়া নাইকিয়া হৈ পৰিব। আপুনি আপোনাৰ পোচাকী কাপোৰসাজ পিন্ধি ওলাই যাওঁতে কাপোৰসাজ লেতেৰা হোৱাৰ ভয়তে বোকাৰ চিটিকণি পৰা ঠাইৰ পৰা আতৰি ফুৰে , খোৱাৰ সময়ত পাৰিলে কাপোৰসাজ খুলি থয় আৰু সেইসাজ কাপোৰ পিন্ধি বিচনাত বাগৰ দিয়াৰ কথাটো আপুনি কল্পনাই কৰিব নোৱাৰে। অর্থাত্‍ আপুনি কাপোৰ সাজক পৰিষ্কাৰ কৰি ৰাখিবলৈ (মূলতঃ স্বভাৱগতভাৱে) যি কোনো অপৰিষ্কাৰ উত্‍সৰ পৰা আতৰাই ৰাখিলে। আপোনাৰ বাহনখন বোকা ৰাস্তাত চলোৱাৰ পৰা যিমান পাৰি আতৰি থাকে। ভৰিত বোকা নালাগিবলৈ জোতা পিন্ধে আৰু সেই জোতাযোৰৰ পৰিষ্কাৰ পৰিচন্নতা অক্ষুন্ন ৰাখিবলৈ পথৰ বোকাৰ পৰা আতৰেদি খোজ কাঢ়ে।

ঠিক তেনেদৰে এইখন পৃথিৱীতে এনে কিছুমান লোকো আছে, যি নিজৰ ঘৰ পৰিষ্কাৰ হৈ থকাটো সুনিশ্চিত কৰিবলৈ ঘৰৰ ভিতৰত (কিছুমান বিশেষ ধৰণৰ আলহী বাদ দি) অন্যলোকৰ বা জীৱ জন্তুৰ প্রবেশ নিষিদ্ধ কৰে। মন্দিৰ চৌহদৰ ভিতৰত জোতা-চেণ্ডেলৰ প্রবেশ নিষিদ্ধকৰণ আছলতে অপৰিষ্কাৰ উত্‍সক দূৰতে বিদূৰ কৰাৰ এক উপায়। কিন্তু লেতেৰা হোৱাৰ ভয়ত জোতা নিপিন্ধা লোকৰ আভাৱো নাই এই পৃথিৱীত। হাত লেতেৰা হোৱাৰ ভয়ত কলদিল কুটা, কঠাল বা মাছৰ বাকলি গুচোৱাৰ পৰা বিৰত থকা লোক এই অসম মূলুকতে বহুত।

পৰিষ্কাৰ পৰিচন্নতা বজাই ৰাখিবলৈ অপৰিষ্কাৰ উত্‍সৰ পৰাই আতৰি থকাৰ এই পদ্ধতিটো কেতিয়াবা চৰকাৰৰ ঘৰতো প্রয়োগ হোৱা দেখিবলৈ পোৱা যায়। অপৰিষ্কাৰ হোৱাৰ ভয়তে বহুতো চৰকাৰী বিষয়া-কর্মচাৰীয়ে অনেক ফাইল লুটিওৱা বগৰোৱা খন কৰাৰ পৰা বিৰত থাকে।
পৰিষ্কাৰ পৰিচন্নতা বর্তাই ৰখাৰ এই বিশেষ উপায়টো প্রয়োগ কৰি সফল হোৱা এক অতি উত্তম দৃষ্টান্ত দেখা পাব সংশ্লিষ্ট ছবিখনত। ছবিখনৰ পৰা কথাটো অনুমান কৰাত যদি আপোনাৰ অসুবিধা হৈছে , আপুনি এবাৰ নিজে গৈ শিমলুগুৰি ৰেইলওৱে’ জংচনৰ “ৰেল উদ্যান”খনত এবাৰ চকু ফুৰাই আহিব পাৰে। উদ্যান(?)খনত পৰিষ্কাৰ পৰিচন্নতা বজাই ৰাখিবলৈ ৰেইল্ওৱে কতৃপক্ষই নিজৰ বুদ্ধিমত্তাৰ প্রয়োগ কৰি অপৰিষ্কাৰ উত্‍স সমূহৰ পৰা দূৰত ৰাখিবলৈ সক্ষম হৈছে। কেইবা বছৰৰ আগতেই নির্মিত এই উদ্যানখনত আজিকোপতি কতৃপক্ষই কোনো ধৰণৰ ফুলগছ বা বৃক্ষৰ পুলি ৰোপন কৰা নাই। ইয়াৰ ফলত তেওঁলোকে তেনে গছৰ তলসৰা পাত বা মৰহা ফুলৰ দ্বাৰা উদ্যান খন অপৰিষ্কাৰ হোৱাৰ সম্ভাৱনা নাইকীয়া কৰিছে। আকৌ , যিহেতু উদ্যান খনত কোনো ধৰণৰ ফুল বা ছাঁ দিয়া গছ নাই , তালৈ কোনো দর্শনার্থীয়ে ভুলতো প্রবেশ কৰাৰ ইচ্ছা প্রকাশ নকৰে। ইয়াৰ ফলত উদ্যানখন কোনো বাহিৰা আবর্জনাৰ দ্বাৰা অপৰিষ্কাৰ হোৱাৰ সম্ভাবনাও নাইকীয়া হৈ পৰিল। ইপিনে , যিহেতুকে তাত কোনো দর্শনার্থীয়ে প্রৱেশ কৰাৰ ইচ্ছা নকৰে , কতৃপক্ষই লো আৰু কংক্রিটেৰে তৈয়াৰী দেৱালেৰে ঘেৰা উদ্যানখনৰ প্রৱেশদ্বাৰত এটা ৪০-৫০টকীয়া তলা লগাই একপ্রকাৰে যিকোনো অপৰিষ্কাৰ উত্‍সৰ সংস্পর্ষলৈ অহাৰ পৰা উদ্যানখনক আতৰাই ৰখাৰ বীমাই কৰি পেলালে। এনেধৰণেই কেৱল এই প্দ্ধতি ব্যৱহাৰ কৰিয়েই উদ্যানখনত পৰিষ্কাৰ পৰিচন্নতা বজাই ৰখাৰ ক্ষেত্রত সফল হোৱা বাবে ৰেইলওৱে’ কতৃপক্ষই উদ্যানখনৰ ছাফাইৰ নামত ধন খৰছ কৰিব লগীয়া নোহোৱা হ’ল। এনেদৰে দেশৰ ৰাজকোষৰ ওপৰত পৰিবলগীয়া এক অলাগতিয়াল বোজাৰ পৰাও দেশে সকাহ পালে।

যিহেতু দেশসেৱা আছলতে ঈশ্বৰ উপাসনাৰেই নামান্তৰ , সেয়ে পৰিষ্কাৰ পৰিচন্নতা বর্তাই ৰখাৰ বাবে অপৰিষ্কাৰ উত্‍স সমূহ এৰাই চলাটো অতি পবিত্র কার্য … অর্থাত্‍, চমুকৈ ঈশ্বৰ পৰায়ণতা।

(ঘ)

পৰিষ্কাৰ পৰিচন্নতাৰ বাবে মানুহৰ ভাষা জ্ঞান চহকী হোৱাটো অতিকে জৰুৰী। আপুনি যদি কেৱল এটাই ভাষা জানে, পৰিষ্কাৰ পৰিচন্নতা বর্তাই ৰখাত আপুনি পদে পদে বিপদত পৰাৰ সম্ভাৱনাই অধিক। সেয়ে এই পৃথিৱীত পৰিষ্কাৰ পৰিচন্নতা বর্তাই ৰাখিবলৈ মানুহক কেইবাটাও ভাষাৰ বিষদ জ্ঞান থকাটো একপ্রকাৰ বাধ্যতামূলক। কথাটো বুজিবলৈ আপোনাৰ আশ-পাশৰ দুই এটা সহজ উদাহৰণেই যঠেষ্ট।

আপোনাৰ যদি ইংৰাজী ভাষাৰ BILLশব্দটোৰ বিষয়ে বিষদ জ্ঞান নাথাকে, কোনোবা দেৱালত লিখি থোৱা “STICK NO BILL” বাক্যশাৰী দেখি যদি আপুনি ভাবে যে ইয়াত মাহেকীয়া দৰমহাৰ বিল অথবা বিজুলী বা টেলিফোনৰ বিলৰ বাদে যি অন্য যি কোনো কাগজ আঠা দি লগাই দিয়াত কোনো আপত্তি নাই, তেন্তে কেতিয়াবা আপুনি আইনী ব্যৱস্থাৰ সন্মুখত ধৰাশায়ী হ’ব পাৰে। তেনেকৈ ‘USE ME’ লিখা থকা প্লাষ্টিকৰ সৰু সৰু ধুনীয়া ধুনীয়া বাচন বর্তনবোৰ ৰাস্তাৰ কাষৰ পৰা বা উদ্যানৰ পৰা উঠাই আপোনাৰ ব্যৱহাৰৰ কাৰণে ঘৰলৈ লৈ আহিবলৈ চেষ্টা কৰিলে ঘটনাবোৰ অপ্রত্যাশিতভাবে অলপ ডাঙৰেই হ’বগৈ।

ঠিক তেনেকৈ আপুনি ভ্রমণ কৰা এক পৃথক ভাষা-ভাষী স্থানত জাৱৰ-জোথৰ পেলাবলৈ উপযুক্ত জাননী থকা ঠাই বিচাৰি ফুৰোঁতে আপোনাৰ যি নাজল নাথল অৱস্থা এটা হয়, তেনেকৈ অন্য ভাষা-ভাষী লোক আপোনাৰ স্থানলৈ আহিলেও জপনাত আপোনাৰ নাম লিখা ফলক খনকে “USE ME” বা “TOILET” বুলি ভাবিলেও আপোনাৰ কমখন লটি ঘটিখন হয় জানো !?!

জাৱৰ/जेवर, TO-LET/TOILET, खाना मिलता है/পায় খানা, LAVATORY/LABORATORY আদি শব্দ তেনেকৈ মানুহক বিপদত পেলাব পৰা শব্দ।

কথাবোৰ বিশ্বাস কৰিবলৈ টান লাগিছে যদি আপুনি নিজ চকুৰে সংশ্লিষ্ট ছবিখন চাই পৰিস্থিতিটো অনুমান কৰক: কেৱল ধৰি লওক যে আপুনি অকল অসমীয়া ভাষাতহে পঢ়িব-লিখিব পাৰে, কেৱল অসমীয়াহে বুজি পায়। ছবিত উল্লিখিত অসমীয়া আখৰেৰে লিখা প্রথম শব্দটো পৰিষ্কাৰ পৰিচন্নতাৰ লগত খাপ খুৱাবলৈ অলপ জটিল হ’ব পাৰে যদিও দ্বিতীয় আৰু তৃতীয় শব্দকেইটা দেখিলে জৰুৰীকালিন অৱস্থাত সৰু-বৰ দুই বিধ চুবৰ বাবে অতি উত্তম স্থান হেন লাগি আপোনাৰ মানসিক আৰু শাৰীৰিক পীড়া মূহুর্ততে কিমান লাঘব হৈ পৰিব, সেয়া আপুনি অথবা আপোনাৰ দৰে ভূক্তভোগী জনেহে স্পষ্টকৈ বুজাই ক’ব পাৰিব।

অৱশ্যে ব্যৱসায়িক প্রতিস্থানটোৰ হৈ দেৱাল লিখন কৰা শিল্পীজনৰ মগজুত আমাৰ দৰে পৰিষ্কাৰ পৰিচন্নতাত ভাষাজ্ঞানৰ প্রভাৱ সম্পর্কে কোনো ধাৰণা নথকা বাবে প্রতিস্থানটোৰ চৌহদটো এটা সময়ত সম্পূর্ণ অপৰিষ্কাৰ অপৰিচন্ন হৈ পৰাৰ সম্ভাৱনাই অধিক!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক