দেওলগা [গীত] (অজয় লাল দত্ত)

দেওলগা হাবিত, দেওলগা সপোন খেদি

দেওকণ নাহে উভতি

সি কৈ যায়

জননী জন্মভূমি, স্বৰ্গাদপি গৰীয়সী..

কলীয়া আকাশ দেখি

বিচাৰি পূৱৰ বেলি

জলফাই বসন পিন্ধি

ওলাইছিল ৰণলে’ বুলি

দেওলগা হাবিত….

তাৰো আছিল এখনি আপোন ঘৰ

দেশৰ বাবেই এৰিলে তাকো, নাভাবি আপোনপৰ,

লুইতৰ দেওলগা পানী, বছৰি বাঢ়ে

পিছে দেওকণ উভতি নাহে,

দেওলগা….

সি কৈ যায়

জননী জন্মভূমি, স্বৰ্গাদপি গৰীয়সী

ৰজা যদি মায়াত মগ্ন

মগ্ন হাবিৰ সেনাপতি,

পদে পদে মৰে ৰাইজসেনা

গোলা বুকু পাতি,

অৰণ্যতো ৰামসীতাৰ দেখি মধুৰ ৰতি

হাজাৰ লক্ষ্মণ তেজাল যৌৱন,

দিকভ্ৰান্ত, দেখি সংগ্ৰামী গতি..

দেওলগা

সোণৰ অসম নালাগে আমাক

সেউজ অসমেই হ’ব

ঘামৰ জোৰত ফচল দিয়া

তেজো নালাগে বব

গোলাবাৰুদৰ জুই নালাগে

অসম আজিও অবিশ্ৰান্ত

ৰসাল মাটিতে চহাই জগোৱা

প্ৰগতিৰ আশা অফুৰন্ত

দেওলগা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments