দেও লগা বাৰ (সমাদৃতা গোস্বামী)

খুটুং-খাটাংকৈ শব্দবোৰ কাণত বাজি আছে৷ এওঁ বাচন ধুইছে৷ মাজে মাজে টেপটো খোলে, আকৌ বন্ধ কৰে৷ মই ভাবি আছোঁ উঠোঁ, উঠি এওঁক অকণমান সহায় কৰি দিওঁ৷ থলংকৈ থাল এখন এওঁ পেলাইছে৷ মনে মনে ভয়ো লাগিছে এওঁৰ খং উঠা নাইতো?

উঠোঁ উঠোঁ বুলি উঠিবহে পৰা নাই৷ পাঁচটা মান বজাতে উঠিছিলোঁ কিন্তু সৰুপানীকণ চুই আকৌ শুই থাকিলোঁহি৷ আঠটামানেই বাজিল৷ মইহে উঠিব পৰা নাই৷

শুনিলো টেপটো এওঁ এইবাৰ খুলিয়েই থৈছে৷ পানীৰ শব্দটো কিবা ঝৰ্ণাৰ পৰা বোৱা কুলুকুলু শব্দ যেন লাগিল৷ পখিলা এটাও দেখিলোঁ ৰুমটোত ঘূৰি ফুৰিছে৷ মই উঠিব লাগে এওঁক সহায় কৰিব লাগে এই ভাৱটোৱেও মোক আমনি কৰি আছেহি৷ পখিলাটোৱে নাচি বাগি ঝৰ্ণাটোৰ ফালে আঁতৰি গ’ল, ময়ো ঝৰ্ণাটোৰ পানীখিনি হাতেৰে চুবলৈ লওঁতেই দেখিলোঁ এওঁ তিতা চুলিৰে হাতত চাহ একাপ লৈ বিচনাতে বহিছেহি৷ একেবাৰে চিনেমা ষ্টাইলত!
ধেৎ তেৰি সাৰ পাইয়েই আছিলোঁ, উঠোঁ উঠোঁ বুলি আকৌ টোপনি গ’লোঁ পখিলাও দেখিলোঁ, ঝৰ্ণাৰ পানীও চুলোঁ বুলি এওঁক তেলিয়াই তেলিয়াই মিহিকৈ কৈ ময়ো চিনেমা ষ্টাইলেৰে এওঁৰ হাতখন ধৰিব খুজিলোঁ৷ হাতখনচোন দাঙিবই পৰা নাই! শিল বৰষুণৰ দৰে শব্দ কাণত ভাঁহি আহিল৷

এইবাৰ চব ফটফটীয়া হৈ পৰিল৷ এওঁ আকৌ কিবা এটা পেলাইছে৷ লগতে ঘড়ীত ন বজাৰ সংকেতো দিছে৷ হে ভগৱান সপোনতে সপোন দেখি ন বজালৈকে শুই আছোঁ মই৷ পখিলা, ঝৰ্ণা, চাহ কাপৰ সৈতে এওঁৰ মিচিকিয়া হাঁহিৰ সপোনটোৰ চিন্তা পাহৰি এইবাৰ একেজাপে পাগঘৰ পালোঁগৈ৷

“দিয়া, বাচনকেইটা মই ধোঁ৷”

“আগতে ব্ৰাচ কৰি আহাঁ যোৱা৷ ৰাতিপুৱাই মুখ গোন্ধোৱাই নাথাকিবাহি৷”

ময়ো সাউতকৈ ব্ৰাচডাল লৈ বেচিনৰ ওচৰ পালোঁহি৷

দেওবাৰৰ দিনা এওঁক ঘৰুৱা কামত সহায় কৰি দিবলৈ মন যায়৷ বাকী খোলা বাৰত ৰাতিপুৱাই এওঁ ভাত ৰান্ধি, ৰুটী সেকি কলেজলৈ যায়৷ এওঁ যোৱাৰ পাচত মোৰ দুটা কাম থাকে৷ এটা হ’ল ভাত নিজে বাঢ়ি খোৱা আৰু টিফিনত ৰুটী ভৰোৱা৷ মৌক চোৱা- চিতা কৰিবলৈ বয়সীয়াল মানুহ এজনী আহে৷ নটা মান বজাত আহে, আবেলি যায়গৈ৷ ছোৱালীৰ জঞ্জাল তেৱেঁই মাৰে৷ গতিকে ঘৰুৱা জঞ্জাল বুলিবলৈ মোৰ একোৱেই নাই৷ মই অফিচৰ পৰা আহি পোৱাৰ আগতেই এওঁ পায়হি৷ মই যেতিয়া আহোঁ তেতিয়ালে’ মাকে তিনিবছৰীয়া জীয়েকক পাৰ্কত, ৰাষ্টাত ফুৰাই ঘৰ পায়হি৷

প্ৰথমে প্ৰথমে বাকী খোলা দিনবোৰত মই পাগঘৰত এওঁক সহায় কৰি দিয়াৰ চেষ্টা কৰিছিলোঁ যদিও একো উন্নতি কৰিব নোৱাৰিলোঁ৷ এৱোঁ বোলে হ’ব দিয়া মই অকলেই পাৰিম৷ তুমি আহি জঞ্জালহে কৰা৷ গাখীৰ গৰম কৰাৰ নামত গেছ নুমাবলে’ পাহৰি চছটো সদায় জ্বলাওঁ৷ বাচন ধুলেও ভিম বাৰৰ চাবোন গিলাচৰ ভিতৰত লাগিয়েই থাকে৷ চিচাৰ গিলাচ দুটা, কাপ তিনিটা মোৰ হাততে ভাঙিল৷ তথাপি দেওবাৰে দেওবাৰে প্ৰায়ে সহায় কৰিবলৈ যাওঁ৷ ভাবোঁ এওঁৰ লেভেলত কাম কৰিব পাৰোঁৱেই কিজানি! কাম নকৰিলেও এওঁৰ লগতে শুই উঠিলেও হ’ল৷ মুখখন ফুলাই নাথাকে৷

আজি পিছে মুখ ফুলি এপাচি হ’ল৷ ভয়ে ভয়ে পাগঘৰ পাই দেখিলোঁ চাহ বাকি থৈছে৷ বাচন ধুয়ো শেষ কৰিলে৷

মই বোলোঁ “আজি ঘৰটো ময়েই সাৰিম দিয়া”

এওঁ একো নামাতিলে৷ ভাজি লৰাই লৰাই তেওঁ মনে মনে ৰুটী সেকাত ব্যস্ত৷

বাওঁহাতত চাহৰ কাপটো, সোঁহাতত ঝাৰুটো লৈ মই ঘৰ সৰাত লাগিলোঁ৷
পাঁচমিনিট মানত ঘৰ সৰা হৈ গ’ল৷

মই বোলোঁ “জাবৰ নায়েই চোন!”

এওঁ পাগঘৰৰ পৰাই চিঞৰিলে “থিয়ৈ থিয়ৈ ঘৰ সাৰিলে ক’ত জাবৰ ওলাব?”

মোৰ পৰা ঝাৰুটো কাঢ়ি লৈ “কিনো নলগা জেঙত লাগি থাকা” বুলি এওঁ চেলাউৰি থুপ খোৱাই মোলৈ চালে৷

“ৰুটী সেকা হ’ল, কেতিয়া খোৱা খাবা” বুলি এওঁ হাউলি ঘৰ সৰাত লাগিল৷

ময়ো সুৰুককৈ পাগঘৰ পালোঁগৈ৷ চাহৰ কাপটো ধুলোঁ৷ ৰুটী ভাজি লৈ আগফালৰ বাৰান্দাত বহিলোঁহি৷

“পেপাৰ দিয়াই নাই নেকি?” মই চিঞৰিলোঁ৷

এওঁ ওচৰলৈ আহি ক’লে “ইমানকৈ নিচিঞৰিবা, মৌ শুই আছে৷ পেপাৰ দিয়াই নাই আজি৷”

ঘৰ সাৰি সাৰি এওঁ ক’লে “ৱাচিং মেচিনটো চলাই দিবাচোন, কাপোৰ ভৰোৱাই আছে”৷

“সেইটোনো কি ডাঙৰ কাম?” মই চুইচটো দি আহিলোঁ৷
ৰুটী ভাজি খোৱা প্লেটখনো ধুই আহিলোঁ৷

এওঁৰ ইতিমধ্যে এটা ৰুম সৰা হৈছেহে৷

“অন কৰিলানে?”

“কৰিলোঁ কৰিলোঁ, ৰুটী ভাজি খোৱা থালো ধুলোঁ মই৷”

“একো শব্দ নাই যে?”

“জা…নো” বুলি মই এওঁৰ গাতে এঠা লগাদি ৰৈ মেচিনটোলৈ চালোঁ৷

“কিবা বেয়াই হ’ল নেকি বুলি” ক’ব খোজোতেই এওঁ “চেঃ” বুলি কৈ উঠিল, “হে ভগৱান, পাৱাৰ অন কৰি ষ্টাৰ্ট বাটনটো টিপিব লাগিব নহয়৷ অকল চুইচটো দিলেই হয় নেকি?”

এওঁ ভোৰভোৰালে৷

ময়ো বোলোঁ” তুমিহে চুইচ দিবলে’ কৈছা, মই কি জানো?”

ইতিমধ্যে পেপাৰ আহিল৷ ময়ো সেইখন লৈ আগফালে বহি গ’লোঁ৷

পোন্ধৰ মিনিট মানৰ পাচত এওঁ আহি “চাৰ্ফ দিছিলা নে নাই?” বুলি টেলেকা চকুৰে চেলাউৰি থুপ খুৱাই আৰু মুখখন বিকতাই মোলৈ চাই ৰ’ল৷

ময়ো তলৰ ওঁঠ কামুৰি নাকটো কোঁচাই চকুকেইটা মুদি দিলোঁ৷

কেনেকৈনো কওঁ পাহৰিলোঁ বুলি৷

চকু মেলি “এহ্‌, মই ভাবিলোঁ তুমি দিয়েই থৈছা চাগে’!” বুলি ক’বলৈহে পালোঁ এওঁ গৰগৰাই উঠিল,
“সেইকাৰণেতো তোমাক কামত নলগাওঁ, মিছামিছি কাম বঢ়াই থাকা”৷

অলপ পাছত পাগঘৰৰ পৰা এওঁৰ চিঞৰ শুনি পাগঘৰ পালোঁগৈ৷

“কি হ’ল আকৌ?”

“এইবোৰ হটকেচ্‌, কেৰাহী সব উদং কৰি থৈ গ’লা যে? এইমাত্ৰ মেকুৰী এটা খিৰিকীৰে ওলাই গৈছে৷”

এৰা, মইতো আহিছিলোঁৱেই মোৰ প্লেটখন ধুবলৈ৷ মনেই নকৰিলোঁ৷

“মইনো কেনেকৈ জানো মেকুৰী সোমাব বুলি” ক’বলৈ লৈয়ো ভয়তে নক’লোঁ৷

“নিজেতো এপেট মাৰি লৈ গজগজীয়া হৈ আছা, আনৰ চিন্তা ক’ত কৰিবা…”

কলহৰ কাণে ঢলা বৰষুণৰ নিচিনা এওঁৰ বলকনিক নেওচি এইবাৰ মৌৱে চিঞৰি চিঞৰি কান্দি উঠিল৷
ময়ো ভালেই পালোঁ৷ দৌৰি শোৱাকোঠা পালোঁগৈ৷

গৰমত ঘামি-জামিয়েই তাই সাৰ পালে৷ এওঁ আহি পোৱাৰ আগতেই ফেনৰ চুইচটো দি দিলোঁ৷
তাৰমানে এই ৰুমটো সাৰিবলৈ এওঁৰ এতিয়াও বাকী আছে৷
ঘৰ সাৰিবলৈ আহি ময়েই চুইচটো অফ কৰিছিলোঁ৷

ভাগ্য ভাল মৌৱে কথাটো মাকক নকয়৷ ৰক্ষা!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments