দেও লগা শিল (নিশান্ত বৰদলৈ)

যোৱা ৩০ বছৰে মথুৰামোহনে শিল ভাঙিছে৷ শিলৰ লগত তাৰ সম্পৰ্ক অভিন্ন৷ ক’লীয়া-মটিয়া-বগা বৰণৰ শিলবোৰ দেখিলেই তাৰ স্নায়ুবোৰ সবল হৈ উঠে৷ দোকমোকালিৰ পৰা বেলি ডুবা পৰলৈকে শিল ভঙাৰ এখন অঘোষিত যুদ্ধত নামি পৰে মথুৰামোহন৷ জীৱনৰ মধুৰতম সময়বোৰ সি শিল ভাঙি ভাঙিয়েই পাৰ কৰিলে৷ প্ৰকাণ্ড শিল এটা একে কোবে ভাঙি দিয়াটো তাৰ চখ৷ শিল নাভাঙিলে সি খঙাল হৈ উঠে৷ মুখেৰ অস্ফুট শব্দ কৰি কৰি দি শিলবোৰ ভাঙি যায়৷ শিলৰ টুকুৰাবোৰৰ লগত সি কথা পাতে, হাঁহে৷

দুটা ল’ৰা-ছোৱালীৰ সৈতে মথুৰামোহনৰ সুখৰ সংসাৰ৷ মথুৰাৰ ঘৈণীয়েকো কামৰ মানুহ৷ তাৰ পিতৃ অনা-অসমীয়া আছিল যদিও জন্মসূত্ৰে মথুৰামোহন অসমীয়া৷ মথুৰামোহনৰ দুয়োটা ল’ৰা-ছোৱালী অসমীয়া স্কুলত পঢ়ে৷ আচলতে সি শিল নাভাঙিলেও সিহঁতৰ সংসাৰখন ধুনীয়াকৈ চলে৷ তাৰ ঘৈণীয়েকে নানা বাহানা উলিয়াই শিলৰ পৃথিৱীখনৰ পৰা মথুৰামোহনক আঁতৰাই ৰাখিব খোজে৷ ক্ৰমে বয়স হৈ মানুহটোলৈ তাইৰ দৰদ বেছি৷ কিন্তু এটা অদ্ভুত জীৱ মথুৰামোহন৷ দুদিন শিল ভাঙিবলৈ নাপালেই সি পগলাৰ দৰে প্ৰলাপ বকিবলৈ আৰম্ভ কৰে৷ শিলাদেশৰ মুখৰোচক কাহিনীৰে ঘৈণীয়েক, ল’ৰা-ছোৱালী দুটাক ব্যতিব্যস্ত কৰি তোলে৷ কাকো একো ক’ব নোৱাৰিলে সি যন্ত্ৰণাকাতৰ মানুহৰ দৰে উচুপি উঠে৷ টোপনিতে শিল ভঙাৰ কচৰৎ কৰে৷
বিভিন্ন ঠাইৰ শিল ভঙা মানুহেৰে নামবৰৰ দুয়োটা পাৰ ভৰি পৰিছিল৷ পত্নী, ল’ৰা-ছোৱালীৰ হাক-বচন নামানি মথুৰামোহনো শিল ভঙা মানুহজাকৰ সৈতে গুচি আহিছিল৷ কি যে ৰসিক মানুহ মথুৰামোহন! ওঁঠৰ ফাকত বিড়িটো লৈ সি যেতিয়া খন্তেক সময় বহি পৰে, আন দলৰ মানুহেও তাক বেৰি ধৰে৷ দোকমোকালি নৌহওঁতেই মথুৰামোহনহঁতে বিছনা এৰে৷ তাৰ বাবে যেনেকৈ শিল ভঙাটো চখ, ঠিক তেনেকৈ বাকীবোৰৰ বাবে সেয়া জীয়াই থকাৰ শাশ্বত সংগ্ৰাম৷ জীৱনৰ আন এক সংগ্ৰামী সংজ্ঞা–শিল ভঙা মানুহ৷
গোলাঘাট চহৰৰ কিছু নিলগত ঐশ্বৰ্যশালী প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টি নামবৰ অভয়াৰণ্য৷ ৰূপৰ তুলনা নাই৷ যেনিয়েই চকু যায়, তেনিয়েই অনিত্য-সুন্দৰ৷ ৰফিকে ইয়াৰ প্ৰতিজোপা গছত আল্লাক দেখে৷ চেঙেলীয়া তাছাকে ৰঙা টিঙনাবোৰত উঠি নিজকে চিনেমাৰ নায়কৰ লগত তুলনা কৰে৷ মথুৰামোহনৰ বাবে এই হাবিত কোনো নতুনত্ব নাই৷ অৱশ্যে কটা গছৰ মূঢ়াবোৰ দেখিলে তাৰ বুকুখন মোচৰ খাই উঠে– দুষ্টক দমন কৰিবলৈ ইয়াৰ জোপোহাৰ মাজৰ পৰা কিয় ভগৱানৰূপী বৰাহ ওলাই নাহে?
মথুৰামোহনহঁতৰ দহোটা দিন সুকলমে পাৰ হৈছিল৷ হঠাতে ঘটিছিল অঘটনটো৷ সেইদিনাও কঁকালত গামোচাখন বান্ধি চিৰতৰুণ মথুৰামোহনে ওঁঠত বিড়িটো গুজি শিলৰ দ’মটোৰ ফালে খোজ লৈছিল৷ ক’লা মেকুৰী এটাই বাটকেণা লগাওতে সি দুৱাৰমান থুৱাই দিছিল, বাপেকে শিকোৱা কথা৷ অভিজ্ঞ মথুৰামোহনে শিলছটা চায়েই ধৰিব পাৰে কোনফালে আঘাত কৰিলে শিলটো একেকোবে ফাটিব৷ মটিয়া বৰণৰ শিলটোও তাৰ বাবে একো আচহুৱা নাছিল৷ পূৰ্বৰ অভিজ্ঞতাৰে আঁক মেলি থকাৰ দৰে চিন এটা থকা ফালটোত প্ৰথম কোবটো শোধাইছিল৷ দ্বিতীয় কোবটো মাৰিবলৈ লৈ সি ভকত মাৰি লৈছিল৷ তাৰ পিছতেই যেন কালিকা লাগি উঠিছিল মথুৰামোহনৰ গাত৷ এক পৈশাচিক ঢঙেৰে উন্মাদৰ দৰে সি অবাইচ্ অবাইচ্ মাত মাতি হাতুৰিডালেৰে শিলটোত প্ৰহাৰ কৰিবলৈ ধৰিলে৷ তাৰ ৰুদ্ৰমূৰ্তি দেখি বাকীবোৰ মানুহ কাষ চাপি আহিল৷ জীৱনত প্ৰথমবাৰৰ বাবে তাৰ লৌহ শক্তিশালী দুহাতক এটা শিলে উপহাস কৰিছে, সি কেনেকৈ সহে! সি শিলটো এবাৰ এটা ফালে লুটিয়াই, পুনৰ আন এটা ফালে লুটিয়াই প্ৰহাৰ কৰে৷ তাৰ প্ৰচণ্ড হাতুৰিৰ আঘাততো শিলটোৰ পৰা ধূলিকণা এটাও এৰাই নাহিল৷ পৃথিৱীৰ সকলো মানুহে যেন তালৈ চাই হাঁহিছে, তাৰ দুৰ্বল হাত দুখনক ইতিকিং কৰিছে! তাৰ খঙে চুলিৰ আগ পালেগৈ৷ হাতুৰিটো দাঙি সি তালৈ ভেবা লাগি চাই থকা ৰফিকহঁতৰ ফালে চোঁচা ল’লে৷ মানুহবোৰ ছেদেলি-ভেদেলি হৈ দৌৰিবলৈ ধৰিলে৷ প্ৰচণ্ড ক্ষোভ আৰু হতাশাত মথুৰামোহনে হাতুৰিটো ৰফিকহঁতৰ ফালে দলিয়াই দি শিলটোৰ কাষতে বাগৰি পৰিল৷
পিছদিনাও একেটা ঘটনাৰ পুনৰাবৃত্তি হ’ল৷ মথুৰামোহনৰ কালিকা লগা ৰূপে জয়াল কৰি তুলিলে নামবৰৰ আকাশ-মাটি৷ বিস্ফোৰিত নেত্ৰে সি যেতিয়া শিলটোত কোবাইছিল, বাকীবোৰ মানুহে তাক চিৰিয়াখানাৰ জন্তু চোৱাৰ দৰে বেৰি ধৰিছিল৷ ৰাস্তাৰ মহৰী-ইঞ্জিনিয়াৰবোৰো বাদ পৰি যোৱা নাছিল৷ মথুৰামোহন মৰি যাব তথাপি পৰাজয়ৰ গ্লানি স্বীকাৰ কৰি নলয়৷ শিলটোৰ চাৰিওফালে সি পগলাৰ দৰে জপিয়াইছিল৷ তাৰ শিল ভঙা অস্ফুট শব্দৰ সুৰবোৰ একো একোটা বিভৎস গেঙনিলৈ ৰূপান্তৰিত হৈছিল৷ বেলি লহিওৱাৰ পৰত তাৰ অৱশ দেহটো দুজন মানুহে কেম্পলৈ দাঙি লৈ গৈছিল৷
কেম্পত ৰাতি মথুৰামোহনৰ কঁপি কঁপি জ্বৰ উঠিল৷ ভ্ৰম বকিবলৈ আৰম্ভ কৰিলে৷ কাৰোবাক উদ্দেশ্যি অশ্লীল গালি বৰষিলে৷ এবাৰ হাঁহিছে, এবাৰ কান্দিছে৷ ঘৈণীয়েকক হাতুৰিটো বিচাৰি শিল ভাঙিবলৈ ওলাল৷ কেম্পৰ ৰফিকহঁতে নাৰিকল তেলৰ বটল এটা আনি মথুৰামোহনৰ মূৰত ঢালি দিলে৷ কেম্পৰ আন মানুহবোৰে ওৰে ৰাতি তাক পহৰা দি থাকিল৷ ভ্ৰম বকি বকি এটা সময়ত সি শুই পৰিল৷ শেষ নিশালৈ তাৰ অৱস্থা কিছু উন্নত হ’ল৷ কাষতে পৰ দি থকা ৰফিকক হাত দুখন মালিচ কৰি দিবলৈ ক’লে৷
দুদিনতে শিলটোৰ সম্পৰ্কে মুখৰোচক কিছুমান কাহিনী বিয়পি পৰিল৷ কেম্পৰ সকলোৱে ধাৰণা কৰি লৈছিল– মথুৰামোহন আৰু শিল ভাঙিবলৈ নাযায়৷ কিন্তু সকলোকে আচৰিত কৰি মথুৰামোহনে আন দিনাতকৈ সেইদিনা সোনকালে বিছনা এৰিলে৷ বিড়ি এটা জ্বলাই ৰফিকক হাতুৰিটো বিচাৰিলে৷ মথুৰামোহনৰ আদেশ অমান্য কৰাৰ দুঃসাহস আজিলৈকে ৰফিকে কৰা নাই৷ এক কথাত ক’বলৈ গ’লে ৰফিকৰ গুৰু মথুৰামোহন৷ শিল ভঙাৰ দুৰন্ত কিটিপবোৰ সি মথুৰামোহনৰ পৰাই শিকিছে৷ কিন্তু কিয় জানো আজি তাৰ মনটোৱে মথুৰামোহনৰ নিৰ্দেশ স্বীকাৰ কৰি ল’বলৈ টান পালে৷ সি মথুৰাক ক’লে-
: চা দাই, মই তোৰ কথা আজিলৈকে পেলোৱা নাই! আজি তয়ো মোৰ এটা কথা মানিব লাগিব৷
: কি কথা?
: আজি তই শিল ভাঙিবলৈ যাব নালাগে৷
: কিয়?
: তই দেখা নাই, আজি দুদিন ধৰি তই এটা শিলকে ভাঙিব পৰা নাই৷ তই সেইটো সাধাৰণ শিল বুলি নাভাবিবি৷ সেইটো দেওলগা শিল৷ সেইটো শিলৰ ভিতৰত আল্লা আছে, মানে তোৰ ভগৱান আছে৷ ভগৱানৰ লগত যুদ্ধ নকৰিবি দাই, তোক মাৰি পেলাব৷ এইখন কালিকা লগা দেশ৷ তই জাননে দাই, এই হাবিখনৰ মাজত এটা পুখুৰী আছে, জুই নিদিয়াকৈ পানীবোৰ উতলি থাকে৷ আল্লাৰ শপত, মই নিজে চুই চাইছোঁ৷ তোৰ মই ভৰিত ধৰিছোঁ দাই, তই আৰু সেইটো শিলত হাতুৰি নামাৰিবি৷
ৰফিকলৈ কেৰাহিকৈ চাই কান্ধত হাতুৰিটো লৈ মথুৰামোহন ওলাই গৈছিল৷ কেম্পৰ আটাইবোৰ মানুহ তাৰ পিছে পিছে দৌৰিছিল৷ কঁকালত গামোচাখন বান্ধি লৈ সি হাতুৰিটো দুহাতত তুলি লৈছিল৷ ৰফিকে সৰু ল’ৰাৰ দৰে উচুপি কান্দিছিল- “আল্লাৰ লগত যুদ্ধ নকৰিবি দাই, তোক মাৰি পেলাব! ” হাতুৰিটো দুহাতেৰে ওপৰলৈ দাঙি মথুৰামোহনে সিংহৰ দৰে গৰজি উঠিছিল৷ শিল আৰু মানুহৰ যুদ্ধখন উপভোগ কৰিবলৈ ওচৰ-পাঁজৰৰ মানুহবোৰো গোট খাইছিল৷ হাতুৰিৰ প্ৰতিটো কোবত যেন মথুৰামোহনৰ দুচকুৱেদি জুই নিৰ্গত হৈছিল৷ তাৰ এনে ভয়ংকৰ ৰূপ কেম্পৰ মানুহবোৰে কাহানিও দেখা নাছিল৷ হাতৰ তলুৱাৰ পৰা ওলোৱা তেজ হাতুৰি নালটোৱেদি বৈ আহিছিল৷ মটিয়া বৰণৰ শিলটোত মথুৰামোহনৰ কেঁচা তেজ বিয়পি পৰিছিল৷
অপ্ৰত্যাশিতভাৱে মথুৰামোহনৰ হাতুৰিটো ৰৈ গৈছিল৷ ৰফিকলৈ এপলক তন্ময়তাৰে চাইছিল৷ সকলোকে আচৰিত কৰি সি এবাৰ হাঁহিছিল৷ সি যেন শিল ভঙা নাছিল, কাপোৰহে চিলাই আছিল! কেম্পৰ কোনো মানুহে তাৰ ওচৰলৈ যাবলৈ সাহস কৰা নাছিল, আনকি ৰফিকেও৷ কঁকালৰ গামোচাখনেৰে মথুৰামোহনে হাতুৰিটো মেৰিয়াইছিল৷ শিলটোৰ ওপৰত হাতুৰিটো সযতনে ৰাখি, তাৰ ৰক্তাক্ত দুহাত শিলটোৰ ফালে প্ৰসাৰিত কৰি দিছিল৷
মথুৰামোহনে শিলটোত এনেধৰণে সাৱটি ধৰি আছিল, ৰফিকহঁতে তাৰ স্পন্দনহীন দেহাটো শিলটোৰ সৈতে একেলগে শেষ শয়নৰ চ’চালিখনত তুলি দিছিল৷
*****************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments