দেশে-বিদেশে মানব চৰিত্ৰ (গুৰু গোবিন্দ বৰতামুলী )

২) পশ্চিমত পানীটেঙা

 

টকলা পাহাৰৰ গাত সজা পথটোৰ এফালে কুলু-কুলুকৈ বৈ যোৱা এটি নদীধাৰা, নদীৰ সিপাৰে কিছু সেউজীয়া জোপোহা গছৰ এখন হাবি। মদৰুৱা ধূলিময় এই পথটো ঐতিহ্যময় ৰেচম পথৰ এটা অংশ। এই পথৰেই কোনো অংশ হয়তো মাৰ্কো-প’ল’ৰ ত্ৰয়োদশ শতিকাৰ শেষভাগত কুঁবলাই খাঁৰ “So twice five miles of fertile ground, With walls and towers were girdled round” দেশলৈ অভিযানৰ বাটত পৰিছিল। শিলনিৰ মাজেৰে বৈ অহা নদীধাৰাই এই অঞ্চলৰ সেউজীয়া জীৱনৰ আধাৰ। আমাৰ লক্ষ্য, বামিয়ান বুদ্ধস্থল ( بت های باميان – but hay-e Bamiyan)।

যাত্ৰাৰ আৰম্ভণি, পঞ্জাব। ভাৰত বা পাকিস্থানৰ পঞ্জাব নহয়। এয়া আফগানিস্থানৰ পঞ্জাব (پنج)। বামিয়ান প্ৰদেশৰ পঞ্জাব জিলাৰ সদৰস্থান পঞ্জাব। ওখোৰা-মোখোৰা, টকলা-মকলা পাহাৰৰ মাজত সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় তিনি কিলোমিটাৰ উচ্চতাত এখন সৰু চহৰ। জনসংখ্যা দহ হাজাৰৰো কম। হাজাৰা (Hazara) জনগোষ্ঠী ইয়াৰ ভূমিপুত্ৰ। স্থানীয় সময় ভাৰতৰ সময়তকৈ এঘন্টা পিছপৰা।

চেন্নাইৰ ফালে ঋতু বোলে তিনিটা, Hot, Hotter আৰু Hottest। একেদৰে আফগানিস্থানৰ বহু অংশত জলপান, মধ্যাহ্ন-ভোজন আৰু সান্ধ্য-ভোজন হৈছে কাবাব, কাবাব আৰু কাবাব। পুৱাৰ জলপান খাইয়ে সাজু আমাৰ ছখন গাড়ীৰ কনভয়ৰ সদস্যসকল। দুই ডজন মানুহ, তিনিখন লেণ্ড ৰোভাৰ ডিফেণ্ডাৰ, দুখন টয়োটা J70 আৰু এখন নিছান পাথফাইণ্ডাৰৰ এটা সমদল।

পঞ্জাবৰ পৰা বামিয়ান বুদ্ধস্থললৈ প্ৰায় দুশ কিলোমিটাৰহে। গোটেই বাটচোৱা এতিয়া যুদ্ধবিধ্বস্ত। সতৰ্কতাৰে আগবাঢ়িব লগা হোৱা বাবে এই পথচোৱা পাৰ হওঁতে যথেষ্ট সময় লাগে। এসময়ৰ শান্ত সৌম্য বৌদ্ধ তীৰ্থৰ চৌদিশ এতিয়া ভগা-ছিগা, গোলা বাৰুদৰ দাগেৰে বিধ্বস্ত। পুৱাৰ জলপানৰ পিছতে ওলোৱাৰ কথা আছিল যদিও আগতীয়াকৈ জানিব নোৱাৰা অসুবিধাবশতঃ দুপৰীয়াৰ আহাৰৰ পিছতহে ওলাব পৰা গ’ল। গতিকে যাত্ৰাৰ পৰিকল্পনাত যথেষ্ট সালসলনি কৰা হ’ল। পৰিৱৰ্তিত পৰিকল্পনাত ঘৰ্ঘৰি (Ghorghori) নামৰ ঠাই এডোখৰৰ এটা গৰমপানীৰ উঁহৰ ওচৰত আবেলিৰ আহাৰ গ্ৰহণ কৰি প্ৰথম দিনাৰ যাত্ৰা-বিৰাম য়াকাওলাঙ (Yakawlang) চহৰত লোৱাৰ সিদ্ধান্ত লোৱা হ’ল। য়াকাওলাঙলৈ দূৰত্ব প্ৰায় ষাঠি কিলোমিটাৰ। ঘৰ্ঘৰি গৰমপানীৰ উঁহ প্ৰায় মাজপথতে। মটীয়া ৰঙচুৱা পাহাৰৰ ঢালেৰে আমাৰ সমদল লাহে লাহে ৰঙা-হেঙুলীয়া বেলিক অনুসৰণ কৰি আগবাঢ়িল, ঘৰ্ঘৰি অভিমুখে।

গৰমপানী। স্মৃতিত ভাহি আহে, পোষ্ট অফিচ নাহৰবাৰী বাগান। জিলা গোলাঘাট। পিন ৭৮৫৭০২। অসম। নামবৰৰ সেই হাতীৰ জাক। ডিমাপুৰলৈ বুলি যোৱা বাটত চান্দা তুলি থকা হাতীৰ দল। এন. এল. নম্বৰ প্লেটৰ জিপছিত বন্দুক লোৱা মানুহ। সেই জিপছিৰ পিছৰ ছিটৰ তলত সহজেই পাব পাৰি বস্তা বা পলিথিনেৰে ঢাকি ৰখা পহু একোটা, আনকি বান্দৰো। কাৰ্টনৰ হিচাপত আই এম এফ এল। নাগালেণ্ড ড্ৰাই ষ্টেট যে! … বুলডজাৰ এখনৰ তীব্ৰ ঘৰঘৰণিত স্মৃতিৰ পৰা বাস্তৱলৈ উভটি আহিলোঁ। ৰাষ্টা মোকলাই থকা বুলডজাৰ। আগলৈ ৰাষ্টা ভাল নহয়। মুকলি নোহোৱালৈকে ৰ’ব লাগিব। কিমান সময়, নাজানো !

 

(আগলৈ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments