দেশে-বিদেশে মানৱ চৰিত্ৰ (–গুৰু গোবিন্দ বৰতামূলী)

পূৰ্ব সীমান্তত ‘ৱানাক্কম’

প্ৰায় চাৰে তিনিশ কিলোমিটাৰৰ এই বাটচোৱা কাহানিও মোৰ আমনি নালাগে। ভাৰতৰ অন্যতম ‘বিপদসংকুল’ পথ। ডিমাপুৰ-ইম্ফল-ম’ৰে হাইৱে। সেউজীয়া ৰঙৰ জিপছিখনত মোৰ লগত তিনিজন সহকৰ্মী আৰু আমাৰ বিশ্বাসী জাৰ্মান শ্বেফাৰ্ড ‘লায়ন’। সৰুগাড়ীবোৰ এচক’ৰ্টেড শাৰীটোৰ শেহৰ ফালে। একেবাৰে আগত ট্ৰাকবোৰ, তাৰ পিছত বাছবোৰ আৰু শেষত সৰুগাড়ীবোৰ। আগত, পিছত আৰু মাজে মাজে এল.এম.জি. ফিট কৰা আৰমাৰ্ড এচক’ৰ্ট গাড়ীবোৰ। সেউজীয়াৰ মাজত অন্য এক সেউজীয়া। সেউজীয়াৰ মাজে মাজে চেঁপা আতংক। সেই আতংকৰ মাজতো গোটেই পথচোৱা মোৰ খুব ভাল লাগে। গাড়ী চলাই মোৰ খুউব ভাল লাগে। কিন্তু এই পথচোৱাত নিজে গাড়ী চলোৱাটো মূৰ্খামি। বাটলৈ নজৰ দিওঁতে চৌদিশৰ গোটেই সৌন্দৰ্যখিনি মাটি হৈ যায়। সেয়ে ড্ৰাইভিং ছিটত আমাৰ ২৮ বছৰীয়া তজবজীয়া ডেকা সতীৰ্থ। চাৰিটা স্থানীয় উপভাষাৰ উপৰি মণিপুৰী, বাৰ্মিজ, ইংৰাজী আৰু হিন্দী সলসলিয়াকৈ কোৱাৰ ওপৰিও নেপালী বুজি পায়। কাম চলা লেভেলৰ তামিল জানে। কুকি-নগা-মেইতেইৰ দেশত তামিল!১৫-২০ হাজাৰ মান জনসংখ্যাৰ ম’ৰে। মণিপুৰৰ চান্দেল জিলাৰ এটা মহকুমা তথা সদৰ ম’ৰে। এজন অতিৰিক্ত উপায়ুক্ত ইয়াৰ প্ৰশাসনিক মুৰব্বী। ভাৰত-ব্ৰহ্মদেশ(ম্যানমাৰ) সীমান্তত এক প্ৰবেশ বিন্দু। বিশ্বৰ অন্যতম হিৰোইন মাদকদ্ৰব্য উৎপাদক সোণালী ত্ৰিভূজৰ সীমান্তত এক ‘ব্যৱসায় কেন্দ্ৰ’।
মৰে নগৰৰ যথেষ্ট সংখ্যক বাসিন্দা তামিল বংশোদ্ভৱ। যোৱা শতিকাৰ ৬০ৰ দশকত ৰাজনৈতিক তথা গোষ্ঠীগত অস্থিৰতাৰ বাবে ম্যানমাৰৰ পৰা বিতাড়িত হৈ এই তামিল সকল ম’ৰেত সংস্থাপিত হৈছে। এক সময়ত ব্ৰহ্মদেশত কেইবা লাখো তামিল লোক আছিল বুলি কোৱা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা নানান কাৰণত সেইলোকসকল তাৰ পৰা বিতাড়িত হব লগা হৈছে। তামিল সকলৰ ব্ৰহ্মদেশত বিস্তাৰ এসময়ত প্ৰায় দুকুৰি নগৰত থকা থাণ্ডায়ুথাপানি (নে তান্তায়ুতাপানি? তামিল- தண்டாயுதபாணி ) মন্দিৰ তথা আঢ়ৈকুৰিমান তামিল মাধ্যমৰ বিদ্যালয় আৰু দুখনকৈ বহুল প্ৰচাৰিত তামিল বাতৰি কাকতেই দৰ্শায়। অৱশ্যে ষাঠিৰ দশকৰ মাজভাগৰ পৰাই দুয়োখন কাকত নিষিদ্ধ।

এই সকল তামিল কেৱল ভাৰতৰ তামিলনাডুৰ বুলি কলে ভুল হ’ব। অনেকৰে মূল শ্ৰীলংকাৰ জাফনা উপদ্বীপ। বেছিভাগেই ব্যৱসায়পটু চেট্টিয়াৰ গোষ্ঠীৰ। ভাৰতবৰ্ষৰ ওপৰৰ ভাগৰ গুজৰাটীসকল যিমান কুশল বেপাৰী, দক্ষিণৰ চেট্টিয়াৰ সকলো কোনোগুণে কম নহয়। পূব এছিয়াৰ অনেক দেশতে চেট্টিয়াৰ নিয়ন্ত্ৰণাধীন বিশাল একাধিপাত্যিক ব্যৱসায় সাম্ৰাজ্য গঢ় লৈ উঠিছে। আফ্ৰিকাকে ধৰি ভাৰতীয় উপমহাদেশৰ বেপাৰীৰ দপদপনি থকা অনেক দেশতে গুজৰাটী বণিয়াৰ মূল প্ৰতিদণ্ডী চেট্টিয়াৰ।
এই যাত্ৰাত তিনি ঠাইত ট্ৰাকৰ চকা ফুটাৰ বাবে শাৰীটো ৰোৱাৰ বাহিৰে কোনো বিপদবিঘিনি নোহোৱাকৈ ইম্ফল পালোহি। সেই নিশাটো ইম্ফলত থাকি পিছদিনা দুপৰীয়া ম’ৰেত প্ৰৱেশ কৰিলো। চালকৰ আসনত থকা ডেকাৰ গৃহ চহৰ। কুকি মাতৃ আৰু তামিল পিতৃৰ সন্তান। পঞ্চম প্ৰজন্মৰ তামিল, দ্বিতীয় প্ৰজন্মৰ মিশ্ৰিত কুকি। পিতৃৰ পৰিয়ালৰ ব্ৰহ্মদেশত প্ৰতিষ্ঠিত ব্যৱসায় আছিল। ১৯৬২ চন মানলৈকে সকলো ঠিকেই আছিল। সামৰিক অভ্যুত্থানৰ জৰিয়তে দেশৰ শাসনলৈ অহা জেনেৰেল নে ৱিনৰ ভাৰতীয় বহিস্কৰণৰ পদক্ষেপে তেওঁলোকৰ জীৱনৰ গতি সলাই দিলে। মিলিটেৰী জুন্টাৰ নিৰ্দেশত কেইবাপুৰুষো ধৰি বাৰ্মাত বসবাস কৰি বৃহত্তৰ বাৰ্মীয় সংস্কৃতিৰ অংশ হৈ পৰা লাখ লাখ ভাৰতীয় মূলৰ লোকক উৎখাত কৰা হ’ল। ব্যৱসায়-বাণিজ্য ৰাষ্ট্ৰীয়কৰণৰ নামত জুন্টাৰ হাতত সঁপি দিব লগা হ’ল। কোনো ক্ষতিপূৰণ নাই, প্ৰতিজন মানুহৰ বিপৰীতে মাত্ৰ ১৭৫ কিয়াট, ভাৰতলৈ ঘুৰি যোৱাৰ খৰচ। চাৰিপুৰুষৰ আগতে মাদুৰাইৰ সমীপৰ কোনো গাওঁৰ পৰা ভৱিষ্যতৰ সন্ধানত ওলাই অহা এই পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হ’ল, আন বহুতৰে লগতে। ভাৰতলৈ ঘুৰি আহি কৰিব কি ? বহুতেই জীৱন নিৰ্বাহৰ ভৰসা তথা সাঁচতীয়া ধন সকলোখিনিয়েই হেৰুৱালে। সেই সময়ত ভাৰত চৰকাৰৰ তত্বাৱধানত বাৰ্মাৰ পৰা ভাৰতীয়মূলৰ লোকক উলিয়াই নিবৰ বাবে ফেৰী আৰু উৰাজাহাজৰ ব্যৱস্থা কৰিছিল যদিও সেয়া যথেষ্ট নাছিল। সৰ্বস্ব হেৰুৱাই কেইবাহাজাৰো লোক আহি ভাৰতৰ ম’ৰে নগৰত আশ্ৰয় লৈছিলহি। তাৰ ভিতৰত আমাৰ ডেকা বন্ধুৰ পিতৃসহ তেওঁলোকৰ পৰিয়ালটোও আছিল। ডেকাৰ পিতৃ তেতিয়া চফল ডেকা। চাৰিপুৰুষৰ আগতে পূৰ্বপুৰুষে কৰা শ্ৰমৰ স্তৰৰ শ্ৰমেৰে আকৌ নতুন কৈ জীৱন গঢ়াত লাগিল ডেকাৰ পিতৃৰ নেতৃত্বত ম’ৰেৰ ন-বাসিন্দা সকল। বৰ্তমানৰ ম’ৰেত তামিল সকলৰ সংখ্যা এক বুজন পৰিমাণৰ। স্থানীয় মেইতেই আৰু বাৰ্মীজ ভাষাত এইসকল পাৰ্গত। ঘৰুৱা স্তৰত তামিল চৰ্চাও অব্যাহত ৰাখিছে। ডেকাসহ চাৰিওজনেই তেওঁলোকৰ ঘৰত উঠিলোহি। সুন্দৰ কাঠৰ ঘৰ, টিঙৰ চালিৰ। কাষতে আনএটা ঘৰ আৰ.চি.চি. বান্ধি থকা হৈছে। দুপৰীয়া সাঁজ আজি এওঁলোকৰ ঘৰতে খোৱাৰ কথা। ডেকাৰ মাক কুকি। খুড়ীয়েক তামিল। বৌৱেক মেইতেই। ভনীয়েক এগৰাকী সীমান্তৰ সীপাৰৰ টামু চহৰলৈ বিয়া হৈছে। ভাতৰ সময় হ’ল। দুবিধ আহাৰৰ মিশ্ৰিত আয়োজন। স্থানীয় চাক(ভাত)ৰ ব্যৱস্থা আৰু লগতে তামিল ষ্টাইলৰ ৰচম-চাম্ভাৰ। হিঙৰ ফুৰফুৰীয়া গোন্ধটো ভাঁহি আহিছে। খোৱাঘৰলৈ সোমোৱাৰ বাটতে খুড়ীয়েকে আমাক স্বাগতম জনালে, “ৱানাক্কম”। আমাৰ ফালৰ পৰা সঁহাৰি জনালোঁ, ‘নমস্কাৰম’ !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক