দেশ বুলিলে নালাগে আদেশ (উৎপল খাটনিয়াৰ)


জি.ম.চি. ৰ জেনেৰেল ৱাৰ্দত চিকিৎসাধীন হৃদৰোগত আক্রান্ত বৈকুণ্ঠ কাকতি৷ চিকিৎসকৰ মতে বৈকুণ্ঠ আৰু বেছিদিন জীয়াই নাথাকিব ৷গতিকে ঘৰলৈ উভতি যাব লাগে ৷ কিন্তু বৈকুণ্ঠৰ আপোন বুলিবলৈ কোনো নথকাত তেওঁ জীৱনৰ অন্তিম সময়খিনি চিকিৎসালয়তে থাকিবলৈ ইচ্ছা প্রকাশ কৰাত ইয়াতে ৰখা হৈছে ৷ কিছুসময় আগতে অসমৰ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই আহি বৈকুণ্ঠৰ স্বাস্থ্যবুজ লৈ গৈছে, কালি সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টাজনো আহিছিল ফলমুলৰ টোপোলা এটি লৈ, যোৱাৰ সময়ত ২০০০০টকাৰ এককালীন সাহায্য আগবঢ়াই গৈছে৷ এই কেইদিন বহুকেইজন নেতা পালিনেতাই বৈকুণ্ঠৰ খা-খবৰ লবলৈ আহি আছে ,দুই এজন সংবাদকৰ্মী আহিছে ৷ মুঠৰ ওপৰত বৈকুণ্ঠৰ আশে-পাশে বহুত মানুহ এতিয়া ৷
জীৱনৰ অন্তিম সময়খিনিত তেওঁক লৈ মানুহবোৰ ব্যস্ত হোৱা দেখি বৈকুণ্ঠৰ হাঁহি উঠি গ’ল ৷তেওঁ ভাবিলে এই আনুগত্যখিনি যদি আজিৰ পৰা কিছু বছৰ আগতে পালেহেঁতেন? এৰি থৈ অহা ৬০টা বছৰৰ পোৱা-নোপোৱাখিনি পুনৰ জুকিয়াই চাবলৈ চেষ্টা কৰিলে বৈকুণ্ঠই, জীৱন সংগ্রামখনৰ যোগ-বিয়োগ বোৰ কৰিবলৈ ধৰিলে ৷
অভাৱত ডুব গৈ থকা এটি খেতিয়ক পৰিয়ালৰ একমাত্র সন্তান বৈকুণ্ঠ, অভাৱৰ বাবেই অষ্টম শ্ৰেণীতেই পঢ়া বাদ দিলে আৰু দেউতাকৰ কামত সহায় কৰিবলৈ লৈছিল আৰু এনেকৈয়ে পাৰ হৈছিল জীৱনৰ ৩০টা তামৰঙীয়া বসন্ত ৷ আৰু ঠিক সেই সময়তেই ঘটিছিল এক অঘটন ৷ মঙলদৈ লোকসভা সমষ্টিৰ ভোটাৰ তালিকাত সন্দেহজনক নাগৰিকৰ নাম সন্নিবিষ্ট হোৱা দেখি এই কথাখিনি সেই সময়ৰ সীমান্ত আৰক্ষী শাখাৰ অধীক্ষক হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু উপ-অধীক্ষক প্ৰেমকান্ত মহন্তদেৱে আছুৰ দৃষ্টিগোচৰ কৰিলে আৰু এয়াই আৰম্ভণি , সমগ্র অসমৰ পৰা অবৈধ নাগৰিক বহিস্কাৰ কৰাৰ বাবে প্রতিবাদ আৰম্ভ হ’ল আৰু এই প্রতিবাদেই পৰ্য্যায়ক্রমে বিশ্ব কঁপোৱা অসম আন্দোলনৰ ৰূপ ল’লে। বৈকুণ্ঠৰ গাওঁখনতো এই আন্দোলনৰ প্রভাৱ পৰিল | গাঁৱৰে মাজমজিয়াত থকা নামঘৰত মেল বহিল | সকলোৱে একেমুখে এই আন্দোলনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত ল’লে আৰু এক বৃহৎ ৰেলীৰ আয়োজন কৰিলে ৷ বৈকুণ্ঠই নিজৰ মাতৃভূমি সংকটৰ গৰাহত পৰা দেখি কোনোবাই তেওঁক আদেশ দিয়ালৈ ৰৈ নাথাকি এই আন্দোলনত জঁপিয়াই পৰিল ৷ আহ ঐ আহ ওলাই আহ বুলি ক’লেই ৰাজপথলৈ হেজাৰ-হেজাৰ মানুহ ওলাই অহা হ’ল | ক্রমে এই আন্দোলনে তীব্ৰ ৰূপ ধাৰণকৰিলে | আন্দোলন নিয়ন্ত্রণ কৰিবলৈ চৰকাৰে নিয়োগ কৰিলে ভাৰতীয় সেনা বাহিনী ৷মিলিটেৰী আহিলে গাওঁৰ ডেকাবোৰ পলাই ফুৰিব লগা হ’ল ৷বৈকুণ্ঠই ও পলাই ফুৰিছিল বহু দিন।লাহে লাহে বৈকুণ্ঠৰ সবল নেতৃত্ব দেখি আছুৰ নেতাসকলেও বৈকুণ্ঠৰ ওপৰত গধুৰ দায়িত্ব অৰ্পণ কৰিলে ৷প্রায় ছয়বছৰৰ অন্তত এই আন্দোলনৰ সমাপ্তি ঘটিল, অসম চুক্তি স্বাক্ষৰ হ’ল । অসম চুক্তিৰপিচত আন্দোলনৰ কিছু নেতাই ১৯৮৫ চনৰ ১৪ অক্টোবৰত গোলাঘাটত জন্ম দিলে অসম গণ পৰিষদৰ । চৰকাৰ গঠন কৰিলে কিন্তু লাহে লাহে তল পৰি গ’ল অসম আন্দোলনৰ মূল বিষয়সমূহ ।‘মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন’, ‘অসম মৰিলে আমিও মৰিম’ বুলি ৰাজপথলৈ ওলাই অহা বৈকুণ্ঠই চকুৰ সন্মুখতে দেখিলে নিৰ্মম প্ৰতাৰণা।বিদেশী খেদাৰ পৰিবৰ্তে নেতাসকল ব্যস্ত হৈ পৰিল ক্ষমতাৰ লোভত আৰু চিৰদিনৰ বাবে এলাগী হৈ পৰিল বৈকুণ্ঠৰ নিচিনা নিস্বাৰ্থভাবে আন্দোলনত সহযোগ কৰা বহুতো কৰ্মী ।

হোজা খেতিয়ক বৈকুণ্ঠৰ শিক্ষা কম আছিল যদিও তেওঁ ভালকৈয়ে বুজি উঠিছিল যে নিজৰ ৰাজ্যখনত বহু বিদেশী সোমাই আছে আৰু সেয়েহে তেওঁ নিজৰ ৰাজ্যখনক বিদেশীমুক্ত কৰিবলৈ অসম আন্দোলনত সক্রিয় সহযোগ আগবঢ়াইছিল । ভাৰতীয় সেনা বাহিনীৰ নিৰ্মম প্রহাৰত বাওঁহাত খন চিৰদিনৰ বাবে কোঙা হৈ গৈছিল । আন্দোলন সমাপ্ত হোৱাৰ কিছু বছৰ পিচতে বৈকুণ্ঠৰ দেউতাক ঢুকাই থাকিল আৰু লাহে লাহে বৈকুণ্ঠৰ জীৱনলৈ নামি আহিল চৰম দীনতা। এখন হাত কোঙা বাবে নিজ হাতেৰে খেতি কৰিব নোৱাৰা হ’ল ৷আনৰ সহায়ত খেতি কৰিলেও উপযুক্ত ধান নাপায়, আনহাতে বানপানীয়ে আধা খেতি মাটিত পলস পেলাই দিলে ৷উপায়বিহীন হৈ বৈকুণ্ঠই দিন হাজিৰা কৰাত লাগিল কিন্তু এখন হাত কোঙা হোৱা বাবে সকলোৱে কাম কৰিবলৈ নামাতে ৷ ফলত বৈকুণ্ঠ বহুদিন আধাপেটেৰে শুই থাকিব লগা হ’ল আৰু আনহাতে অসম আন্দোলনৰ পিছত গঠন হোৱা অসম গন পৰিষদৰ নেতাসকল মন্ত্রী হৈ কৌটি কৌটি টকাৰ কেলেঙ্কাৰী কৰিবলৈ ধৰিলে ।
সময়বোৰ এনেকৈয়ে অতিক্রম হ’বলৈ ধৰিলে আৰু এদিন বৈকুণ্ঠ হৃদৰোগত আক্রান্ত হ’ল । টকাৰ অভাৱত বাহিৰলৈ চিকিৎসা সেৱা ল’বলৈ যাব নোৱাৰিলে ।এই হেন দুখৰ দিনতো আন্দোলনৰ নেতাসকলে তাৰ ভগা পঁজাটিলৈ গৈ খবৰএটি ল’বলৈ আহৰি নাপালে । বৈকুণ্ঠৰ স্বাস্থ্য দ্রুতগতিত অৱনতি ঘটিব ধৰাত গাওঁৰে দুজন ল’ৰাই গুৱাহাটী মেডিকেল কলেজত ভৰ্ত্তি কৰাই দিলে ৷ এজন দুজন কৈ থকা কথাবোৰ মুখ বাগৰি নিউজ চেনেলৰ সাংবাদিক এজনৰ কাণত পৰিল গৈ ।সাংবাদিকজনে চেনেলটোৰ জৰিয়তে অসমবাসীৰ সমুখত প্রচাৰ কৰিলে বৈকুণ্ঠৰ দুখৰ বাতৰি আৰু তাৰ পিচতেই বৈকুণ্ঠৰ খবৰ লবলৈ বহুটো নেতাৰ সোঁত ববলৈ ধৰিলে আৰ্থিক সাহাৰ্য্য আগবঢ়ালে ৷ বৈকুণ্ঠই ভালকৈয়ে বুজি উঠিছে যে এতিয়া আৰু টকাই তেওঁক বচাব নোৱাৰে । এতিয়াৰ সমবেদনাই তেওঁক উপকৃত নকৰে কিন্তু এইটোও ঠিক যে এই সমবেদনা,সদ্ভাৱ আৰু এই আৰ্থিক সাহায্যবোৰ যদি কিছুবছৰ আগতে পালেহেঁতেন তেতিয়া হ’লে উপকৃত হ’লহেতেন ৷ বৈকুণ্ঠই এইটোও ভালকৈ বুজি উঠিছে যে নেতা সকলে ৰাইজৰ ৰোষত পৰাৰ ভয়ত আহিছে ,কিছু জনতাই অসম আন্দোলনৰ কৰ্মী বুলি জানিব পাৰি এবাৰ চাই যাবলৈ আহিছে আৰু কিছু সংখ্যকে আবেগৰ বশৱৰ্তী হৈআহিছে কিন্তু মৃত্যুৰ পিছত সকলোৱে পাহৰি যাব ৷ কোনেও বৈকুণ্ঠক মনত নাৰাখিব । বৈকুণ্ঠৰ দুচকুৰে পানী ওলাই আহিল , কিন্তু এই চকুপানী মচি দিবলৈ কাষত কোনোনাই ৷

(বি:দ্র: বৈকুণ্ঠ এটি কাল্পনিক চৰিত্র । গল্পটো প্রস্তুক কৰাৰ সময়ত মোক নানা দিশত সহায় কৰাৰঞ্জিত গোবিন্দ বৰাদাদাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments