দেহা – দেৱপ্ৰতীম

মোবাইলত নামটো দেহাৰ ঠাইত প্ৰিয়ংকা হোৱা দুসপ্তাহ হৈছে। সি পাহৰিব বিচাৰিছে সকলো। তাইৰ সকলোবোৰ ফটো মোবাইল আঁতৰাই পেলাইছে সি। তাইৰ সকলো স্মৃতি মনৰ পৰা আঁতৰাব বিচাৰিছে সকলো সি। জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে সি। কষ্ট হৈছে তাৰ। তথাপি সি চেষ্টা কৰি আছে। ৰাতি শুব পৰা নাই, শ্লিপিং টেবলেটৰ সহায় লৈছে সি।
* * *

চাৰি মাহ আগত:

আজি সি তাইক প্ৰথম লগ কৰাৰ কথা। ফেচবুকত চিনাকী হোৱা এমাহ হৈছিল সিহঁতৰ। তাৰ পাছতেই সিহঁতৰ কথা-বতৰা আৰম্ভ হৈছিল। প্ৰথমে ফেচবুক চাট, তাৰ কেইদিন পাছত নম্বৰৰ আদান-প্ৰদান আৰু আজি লগ ধৰাৰ কথা।
তাই হালধীয়া ৰঙৰ এটা টপ আৰু নীলা জীনছ পিন্ধি আহিছিল। তাৰ পিন্ধনত এটা নীলা ছাৰ্ট আৰু এটা ক’লা জীনছ। কে এফ ছীত দিনৰ আহাৰ কৰি সিহঁত ব্ৰহ্মপূত্ৰৰ পাৰৰ এখন পাৰ্কত বহিছিল।
* * *

দুমাহ আগত:

-“কি হৈছে ৰাহুল? যোৱা কেইদিনমান ধৰি তুমি কিবা চিন্তাত আছা। কি হৈছে কোৱানা?”
-“নাই, তেনে একো নাই। ক’তনো চিন্তা কৰিছোঁ। এতিয়া মাথো এটাই চিন্তা মোৰ, কেতিয়া তোমাক বিয়া পাতো।“
-“ধেই, পাতিম তো। তুমি প্ৰথম আমাৰ ঘৰলৈ আহা। কথা পাতা মোৰ মা-দেউতাৰ লগত।“
-“সেইটোনো কি ডাঙৰ কথা। গৈ আছো কৈ দিবা মা-দেউতাক।“
* * *

দুসপ্তাহ আগত:

-“ৰাহুল, ক’ত গৈ আছো কোৱানা?”
-“আৰে, ছাৰপ্ৰাইজ দিম তোমাক। কৈ দিলে কি ছাৰপ্ৰাইজ হ’ব।“
-“তথাপি কোৱানা, ৰাতিৰ ন’টা বাজিছে। হোষ্টেলত সোমোৱাৰ কথ আছেতো। ৰীণাক মই একো কৈ অহা নাই নহয়।“
-“আৰে, আজি ক’ত যাব দিম তোমাক। আজি তুমি মোৰ আলহী হয়। ৰ’বা পাইছোহিয়ে।“

দুঘন্টা পাছত:

-“ৰাহুল প্লীজ মোক যাব দিয়া। তুমি যি বিচাৰিছিলা মই সকলো দিলো তোমাক। আৰু দিবলৈ একো নাই। প্লীজ যাবলৈ দিয়া মোক।“
-“যাবলৈ কেনেকৈ দিম। আৰু বহুত কথা বাকী আছে। ৰ’বা, লেটছ এনজয় বেবী।“

এঘন্টা পাছত:

ৰাহুলে এটা মৃত শৰীৰ কান্ধত লৈ নিজৰ গাড়ীত ভৰাই জংঘলৰ পিনে গতি কৰিলে। মৃত শৰীৰটো এজনী ছোৱালীৰ আছিল, মুণ্ডহীন ।

পিছদিনাৰ বাতৰি কাকতৰ বাতৰি:

“আৰু এটা ৰহস্যজনক মুণ্ডহীন মৃতদেহ উদ্ধাৰ….এইটো যোৱা তিনি বছৰত এনে ধৰণৰ বাৰ নম্বৰ মৃতদেহ….এইবাৰো মৃতদেহ এজনী ছোৱালীৰ…এতিয়াও অজ্ঞাত হত্যাকাৰী…”
* * *

আজিৰ দিনত:

ৰাহুলে ফ্ৰীজটো খুলি পানীৰ বটলৰ পৰা পানী অলপ খাই ল’লে। সি ফ্ৰীজটোৰ সৈতে কথা পাতিবলৈ ধৰিলে,
-“হেল্লো প্ৰিয়ংকা। কি খবৰ? তুমি একো নোকোৱাই হ’লা। মোক কেনেকুৱা লাগিছে কোৱানা? নীলা ছাৰ্ট, ব্লেক জীনছ। তোমাক লগ ধৰিবলৈও এইটো ড্ৰেছেই কৰি আহিছিলো। একোৱেই নোকোৱা। বেয়া ছোৱালী। তোমাক পাহৰিব নোৱাৰো বুলি জানিয়েইতো তোমাৰ মুখ খন ৰাখি থ’লো। শেতা পৰি গৈছা তুমি, লোৱা অলপ পানী খোৱা। অহ মোৰ দেৰিয়ে হৈছে, কথা পাতিম আহি। লগ কৰি আহো পূজাক, অহ ছৰী দেহাক৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments