দেহোপজীৱিনীৰ সতে এসন্ধ্যা ( শান্তনু চাংমাই)

শিলপুখুৰীৰ পাৰত
তাই এখন ৰুমাল দিলে
কাজলসনা চকুৰে চকুটিপ মাৰিলে
মিচিকিয়াই হাঁহি আঁতৰি গ’ল

কোণলৈ গৈ ৰুমালৰ ভাঁজখন খুলিলোঁ
নামটো ধুনীয়াকৈ লিখি ৰাখিছে
হাতৰ আখৰবোৰো পোন

গাড়ীত বহি গণেশগুৰিলৈ গ’লোঁ
এপেকেট চিগাৰেট এবটল সুৰা কিনিলোঁ
তাই দিয়া ঠিকনালৈ গাড়ী দৌৰাই দিলোঁ

বটলত চুমুক দি দি অপেক্ষা কৰিলোঁ
উৰুৱালোঁ অনৰ্থক ধোঁৱা
গাড়ী এখনৰ পৰা তাই নামিল
সতৰ্ক হৈ পেন্টৰ ভিতৰৰ অস্ত্ৰপাট খামুচি ধৰিলোঁ

তাই ভিতৰলৈ সোমাই গ’ল
ক্ষীপ্ৰতাৰে ময়ো গাড়ীৰ পৰা ওলালোঁ

আনখন গাড়ীৰ চালকৰ কাষ চাপিলোঁ
“জীৱন কাকতি নহয় নে?”
“হুম! হয়… আপুনি?”
ৰুমালত লিখা নামৰ সতে মিল থকা
জীৱন কাকতিক দুটা সীহৰ বুলেটেৰে ভেদি পেলালোঁ

তাই ওলাই আহিল
শ’টোৰ ফালে এপাক চাই লৈ
তাই মোক এপেকেট টকা দিলে
কঁপি থকা মাতেৰে ক’লে, “ধন্যবাদ”

প্ৰত্যুত্তৰ নিদি গাড়ী দৌৰাই দিলোঁ
বাকী আছে অনেক কাম…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments