দোকান (ভাস্কৰজ্যোতি দাস)

দোকান

(১)

কছাইখানাত হালাল হ’বলৈ লোৱা ছাগলীটোৰ হালাল দিয়াৰ আগমুহূৰ্তৰ চিঞৰ হওক বা কছাইখানালৈ চোঁচৰাই লৈ যোৱা অৱস্থাত মৰা চিঞৰেই হওক, দুয়োটাৰে বেদনা সমান। জীৱনৰ যাত্ৰাপথ। ক’ৰপৰা ক’লৈ কোনেও নাজানে। সকলো নিজৰ খেলাখনত মচগুল। বসন্তী-ভানুহঁতৰ কথাবোৰৰ ক্ষেত্ৰত এই তুলনাটো দিলে ভুল হ’ব চাগৈ।
বসন্তী আৰু ভানু। সম্বন্ধত বাই-ভনী। ভানু ডাঙৰ, বসন্তী সৰু। মাক-দেউতাকে বহুবছৰ আগতেই এই পৃথিৱীৰ মায়া-মোহ এৰিছে। বসন্তীয়ে সমাজ কল্য্যাণ বিভাগত আংগণবাড়ী কৰ্মীৰ চাকৰি এটা কৰে। সৰু চাকৰি। হ’লেও দুইজনী চলিবৰ জোখাৰে দৰমহাকেইটাই আটে। ভানুৱে ঘৰৰ কামবোৰ কৰে। বসন্তী লাহী আৰু বগী। আগতে মানুহবোৰে তাইক গাওঁখনৰ সকলোতকৈ ধুনীয়া ছোৱালী বুলি কৈছিল। এতিয়া চালখনৰ দুই-চাৰি ঠাইত আঁচ কেইটামান পৰিছে বাবে দেখিবলৈ বুঢ়ী হোৱাৰ দৰে হৈছে। সেয়ে এতিয়া ধুনীয়া বুলিবলৈ তাইৰ গাত বহুত কিবাকিবি নাই আৰু লাহী মানে হাতৰ আঙুলিবোৰ গুটি বুঢ়া হোৱা চজিনাৰ দৰে হৈছেগৈ। বিয়াৰ বয়স দুয়োজনীৰে কাহানিতেই পাৰ হ’ল। চিতলডুবি গাঁৱত সিহঁত থকা উলুৱনীখনৰ কাষেৰে পাৰ হৈ যোৱা নদীখনৰ সিপাৰে মলিয়াভেটা গাঁও। এইখন মলিয়াভেটা আচলতে সিহঁতৰ নিজৰ গাঁও। মৌজাদাৰ চবিলাল বৰুৱাৰ একমাত্ৰ পুত্ৰ হৰেণৰ সৈতে লেটিপেটি আছিল বসন্তীৰ। নাথাকিলেও মলিয়াভেটাৰ মানুহবোৰে তেনেদৰেই কয়। তাৰে ফল দুয়োজনীয়ে পালে। নষ্টচৰিত্ৰা বুলি গাঁৱৰ মানুহে দুয়োজনীকে গাঁৱৰপৰা খেদি দিলে। ডাঙৰ মানুহৰ লগত প্ৰেম কৰিবলৈ হয়তো এটা ভাল চেহেৰাৰ লগতে আৰু বহুত কিবাকিবি লাগে যিবোৰ বসন্তীৰ নাছিল। তাৰেই ফল এইটো। নিজৰ গাঁৱে খেদিলে। চিতলডুবিয়ে আঁকোৱালি ল’লে। এইপাৰৰ ধৰ্মেশ্বৰ মাষ্টৰৰ লগত ইহঁত দুজনীৰ দেউতাকৰ ভাল সম্পৰ্ক আছিল। সেয়ে সিহঁত দুজনীক লগতে ৰাখিছিল। পিছলৈ এইপাৰেও ৰৌজাল-বৌজালখন শুনাৰ পাছত মাষ্টৰেও সিহঁতক নৈখনৰ পাৰৰ বাৰীখনৰ ফালে ভেটি এটা দিয়াৰ লগতে দুটা কোঠাৰ বাঁহৰ ঘৰ এটা সাজি বেলেগে থাকিবলৈ দিলে। মাষ্টৰৰ মানুহজনীৰ লগত ভানু-বসন্তীৰ কথা বতৰাবোৰ অমিল হোৱাৰপৰাই প্ৰথমে একেহেন লগা ঘৰখন এতিয়া দুখন হ’ল।
ভানু শকত-আৱত। ব্লাউজৰ পিচফালে দুচপৰা চৰ্বি ওলমি থাকে। তাই বসন্তীৰ দৰে কম কথা কোৱা বিধৰ নহয়। আগতে তেনেকুৱা নাছিল। কিন্তু, গাঁৱৰ ল’ৰাবোৰে নতুনকৈ হোৱা মধুৰিজোপাৰ ডাঙৰ ডালটো ভঙাৰ দিনাই- “জহন্নামে যোৱাহঁত, মধুৰি খাবলৈ আহিছ্। গুৰিতে কামুৰি নিদিয় কিয়….” বুলি গালি দিয়াৰ দিনাই তাইৰ যি মুখ খোল খালে, আৰু বন্ধ হোৱা নাই। গাঁৱৰ দহ-পাঁচ পইছা কেইটাও কম নহয়। ডলাত মেলি থোৱা বগৰী ডলাতেই শেষ। গাঁৱৰ মানুহবোৰে এতিয়ালৈ ভানুক একো ক’ব নোৱাৰি তাইৰ মুখখনৰ বিষয়েই কোৱা-কুই কৰে- “কেনেকুৱা খেচেৰা মুখ ঔ এইখন”- এনেধৰণৰ। ভটিওৱা বয়সত এতিয়া মাজে মধ্যে নিৰৱে কপাল, বুকুত চপৰিয়াই ভাগ্য, ভগৱানক ধিয়াই সিহঁত দুজনীয়ে সিহঁতৰ গৰম উশাহবোৰ চলাই আছে।

(২)

বয়স দুকুৰিৰ ওচৰ চাপিলেও বসন্তীৰ শুকান মন এটা আছে যিটোৱে মাজে মাজে জীপাল হ’বলৈ মন কৰে। কেতিয়াবা তাইৰ অন্তৰৰ কোনোবা এটা কোণত আশাৰ বৰষুণ দুটোপালমান পৰে। সেয়ে, মাজে মধ্যে ধৰ্মেশ্বৰ মাষ্টৰৰ ডাঙৰ জীয়েক মণিমালাৰ দৰে সাজি কাচি থাকিবলৈ তাইৰ মন যায়। যোৱা দুদিনমান হৰিন্দৰ বেপাৰী সেইফালে যোৱা নাই। কথাটো সিহঁত দুয়োজনীয়ে মন কৰিছে যদিও সি অহা নহাক লৈ সিহঁতৰ মাজত কথা-বতৰা হোৱা নাই। কথানো কি পাতিব! বা কাৰ লগত পাতিব? কেইটামান মানুহৰ লগতে সিহঁতৰ মাতবোল। হৰিন্দৰে গাঁৱৰ দোকানবোৰত তাৰ চেকেন্ড হেন্ড বাজাজ স্কুটাৰখনত চিপচ, বিস্কুটৰ পৰা আৰম্ভ কৰি সৰু-সুৰা মণিহাৰীৰ বয়-বস্তু লৈ আহে আৰু গাঁওবোৰত সোমাই সেই গাঁৱৰ কিছুসংখ্যক দোকানত বয়-বস্তুবোৰ দিয়ে। দেখাত সৰু হ’লেও এইটো ব্যৱসায়ত লাভ নিশ্চয় আছে। নহ’লে সি কোৱাৰ দৰে সি বিহাৰৰ ঘৰলৈ প্ৰতিমাহে পোন্ধৰ-বিশ হাজাৰ টকা পঠাব নোৱাৰে। এজন পুৰুষ হিচাবে এনে এক আয় বৰ বেয়া নহয়। কিন্তু কিবা এটা বেলেগ আকৰ্ষণেহে বসন্তীক এইটো দিশত চিন্তা কৰিব পৰা ৰাষ্টা এটা দেখুৱাইছে। হৰিন্দৰ দেখাত ভাল। সুঠাম ডেকা। বিহাৰী হ’লেও অসমীয়া ভাষাটো মোটামুটি ভালদৰেই কয়। তাক দেখিলেই আজিকালি বসন্তীৰ মনত কিবা এটা হাঁহাকাৰ হোৱাৰ দৰে হয়। আলকতৰাৰ দৰে গোট মাৰি থকা তেজবোৰ আকৌ গলিবলৈ ধৰে। এয়া কিয় হয় বসন্তীয়েও নাজানে। মূঠতে কিবা এটা হয়। ওচৰৰ ফুলতীয়ে কোৱাৰ দৰে এইটো কথা হেমকান্তি বুঢ়ীয়ে তাইৰ মুৰত সুমুৱাইছে বুলি তাই নাভাবে।
দুমাহমানৰ আগতে বসন্তী আৰু ভানুক হৰিন্দৰে দুযোৰ ধুনীয়া কানফুলি দি গৈছিল। বসন্তীক ঘৰত নাপাই ৰাস্তাতে দিলে। এইকেইযোৰ সি কোৱামতে দিল্লীৰ পৰা বিশেষভাৱে সিহঁত দুজনীলৈ আনিছে। সেয়ে সেইকেইযোৰ দুয়োজনীয়ে সযতনে ৰাখিছে। বিশেষ উপলক্ষ নাথাকিলে সিহঁতে সেইকেইযোৰ নিপিন্ধে। বিহুৰ সময় সমাগত। হেমকান্তি জেঠাই কেতিয়াবা সিহঁতৰ ঘৰলৈ আহে। হেমকান্তি গোটেই গাওঁখনৰে জেঠাই। পিচে এই জেঠাইকো আজিকালি গাওঁখনৰ মানুহবোৰে বিহুৰ সময়তহে জেঠাই বুলি চিনি পায়। ইহঁত দুজনীৰ বাদে গাওঁখনৰ বাকীবোৰ জীয়াৰী-বোৱাৰীক বিহুৰ সময়তহে হেমকান্তিৰ দৰকাৰ হয়। লাগিবও। তিলপিঠা কৰিবলৈ পাঁচকেজি-দহকেজি বৰাচাউল নিমিষতে ঢেঁকী বা উৰালত গুড়ি কৰি দিব পাৰে হেমকান্তিয়ে। আজিকালি কাম নাথাকিলে মানুহে মানুহক মাত এষাৰ দিবলৈও এৰিছে। মানুহবোৰ হেনো সভ্য হৈছে। এইবোৰ উপলব্ধিৰ কথাহে। আনৰ আগত বকি ফুৰা কথা নহয়।
ধৰ্মেশ্বৰ মাষ্টৰৰ জীয়েক মণিমালাৰ বিয়াৰ যো-জা চলি আছে। ল’ৰাটোৰ চেগুন চাৰিআলিত দোকান আছে। তাৰ দোকানখন ভালদৰে চলে বাবেই ধৰ্মেশ্বৰে জীয়েকক বিয়া দিবলৈ সাহ কৰিছে। ল’ৰাটোৰো বয়স হৈছে। বয়স মানে ভানুৰ সমানেই হ’ব। মণিমালাৰ লগত বয়সৰ লেখেৰে নিমিলে। অহাবছৰ মাষ্টৰ ৰিটায়াৰ হোৱাৰ আগতেই এইবোৰৰ পৰা আজৰি হৈ লওঁ বুলিয়েই খৰখেদাকৈ বিয়াখন পাতিবলৈ যোগাৰ কৰিছে। বৰ বেছি ধুমধামেৰে নাপাতে। পিছৰজনীৰ কথাও আছে। তাতে আজিকালি বস্তুৰ যিহে দাম! ভাত-পাচলি ঘৰৰ নহ’লে আজিৰ তাৰিখত কোনোবা মাষ্টৰে দুজনীকৈ জীয়েকক বিয়া দিব পাৰে নেকি! সেই ফালৰপৰা অলপ সকাহ পাইছে বাবেই কিছু সাহ পাই ধৰ্মেশ্বৰে সাত বহাগৰ দিনটোকে বিয়াৰ বাবে ঠিক কৰিলে। গাঁৱত যো-জা হাতে-পাতে চলে। গাঁৱৰ বিয়া বুলিলে ৰাইজে হাত উজান দিয়েই। তাতে মাষ্টৰকো গাওখনে অলপ মানি চলে। সেইফালৰ পৰাও মাষ্টৰে ৰেহাই কিছু পাইছে।

(৩)

আজিকালি বতৰবোৰো খেয়ালী। কেতিয়া কি আগবাঢ়ে, কেতিয়া কি পিছপৰে একো ধৰিব নোৱাৰি। কঁঠালৰ মুচি আজিকালি ফাগুনতেই পৰে। বতৰেও যেন কৰ’বাত আজিকালি পথালি বাটহে বোলে। কোনোৱে কয় – চ’তত মুচি খালে অমংগল হয়। হেমকান্তি বুঢ়ীয়ে এইবোৰ নামানে। সেয়ে সিদিনা ভানুক মুচি এটা দি থৈ গৈছে। ভানুৱেও আজি খাম, কালিলৈ খাম বুলি সেইটো জুহালৰ ওচৰৰ পাচিটোতে ৰাখি থৈছে।

(৪)

আজি বহুদিনৰ মুৰত গাঁৱৰ মাজেৰে হৰিন্দৰৰ স্কুটাৰখন আগুৱাই গ’ল। বসন্তী ঘৰতে আছে। তৰ্জাৰ বেৰখন খুটাটোত তাঁৰডালেৰে বান্ধি থোৱা ঠাইখিনিতে এটা ফুটা আগৰেপৰা আছেই। নিজৰ জগতত বিভোৰ হৈ থকা বসন্তীয়ে কেতিয়াবা বাহিৰৰ জগতখনৰ ৰঙবোৰ চাবলৈ সেই ফুটাটো অলপ বহলাই ডাঙৰ কৰি লৈছে। সেই ফুটাটোৰেই হৰিন্দৰক তাই চকুৰে মণিব পৰালৈকে চালে। আকাশ নীলা ৰঙৰ চাৰ্টটো সি চাগৈ নতুনকৈ লৈছে। আজি তাইৰো আকাশ নীলা পটি লগোৱা চাদৰখন ল’বলৈ মন গৈছে। লদা হৈ থকা আলকতৰাবোৰ চাগৈ গলিছে। তাইৰ মনটো আজি অলপ চঞ্চল হৈছে। নতুন চাদৰখনেৰে সাঁজি-কাচি তাই হৰিন্দৰে দিয়া ফুলিযোৰ কাণত সজাই ল’লে। আজি তাই নিজকে সৰগৰ অপেশ্বৰী যেন দেখিছে। আইনাখন যেন আন কোনো নহৈ খোদ হৰিন্দৰেই। সেইদৰেই তাই পিচ চোতাললৈ ওলাই গ’ল। বাহিৰত ভানুৱে তাইক দেখি হাঁহিলে। ভানুজনীৰ হাঁহিটোৱে যেন তাইক ঠাট্টা কৰিলে। খঙ-অভিমান মিশ্ৰিত ভাৱ এটা মুখত জিলিকাই তাই ভানুক সুধিলে-
“হাঁহিলি যে !!!”
হাঁহি হাঁহিয়েই ভানুৱে উত্তৰ দিলে-“হেৰেউ, ইমান সাঁজি-কাচি ওলাইছ যে। কোনোবা এম.এল.এ.-মিনিষ্টাৰক গামোচা পিন্ধাবি নেকি?”
“কেলেই। তোৰ দৰে জধলী হৈ থাকিব লাগে নেকি?”
“নহয় অ’। আজি ইমান সাজি-কাছি আছ যে সেই কাৰণে সুধিলোঁ।“- হাঁহিটো অলপ কমাই ভানুৱে উত্তৰ দিলে”
“নাই। এনেই কেতিয়াবা পিন্ধিবলৈ মন নাযায় নেকি!! সেয়ে পিন্ধি চাইছোঁ। বেয়া পাইছ যদি খুলি থও দে।“-বসন্তীৰ যেন কিবা এটা ভাল নালাগিল।
এনেতে আগচোতালৰ আগৰ ৰাষ্টাটোৰে হৰিন্দৰৰ স্কুটাৰখন পাৰ হৈ গ’ল। বসন্তীৰ চকু সেইফালে ঘুৰিল। ভানুৱে সুধিলে-
-কি চাইছ?
“নাই মানে আজি হৰিন্দৰ নাহিলে যে!! সি যিদিনাই গাঁৱলৈ আহে সেইদিনাই আমাৰ ঘৰলৈ আহে”- বসন্তীৰ মুখখন কোঁচ খাই শুকাই আহিল।
এইবাৰ ভানুৱে পতানখিনি খৰাহিটোত ভৰাই পৰামৰ্শ দিয়াৰ দৰে ভাৱ এটা জিলিকাই কৈ গ’ল-“হেৰেউ, সদায় সদায় তাৰ বস্তুবোৰ লিৰিকি বিদাৰি থাকি তই কি পাৱ সেয়া তইহে জান। সি হৈছে বেপাৰী মানুহ। ইয়াত সোমাই চাহৰ জুটি লৈ থাকিলে বেপাৰ কেতিয়া কৰিব।”
সেমেনা সেমেনি কৰি বসন্তীয়ে ঘৰৰ ভিতৰত সোমাই কাপোৰযোৰ খুলি থলে।

(৫)

সাজ লগা পৰত ৰাস্তাত মানুহ কিছুমান গোট খালে। গাঁৱৰ মানুহ কিছুমানে কাজিয়া কৰি ভাল পায় আৰু কিছুমানে তাকে চাই ভাল পায়। চ’ত মহীয়া গৰমটোৱে অলপ আমনি কৰিলেও অলপ ঘামি থকা পিঠিখন মচি ভানুৱে কিনো হ’ল তাকে চাবলৈ বুলি ৰাস্তাৰ ফালে আগবাঢ়ি গ’ল। মানুহবোৰৰ কথাৰ গুণগুণনিয়ে বসন্তীহঁতৰো চোতাল চুলেহি। অলপ পৰৰ পাছতে ভানু সোমাই আহিল আৰু ফোঁপাই-গেঁথাই বসন্তীক ক’লেহি-
“কি হ’ল জান? মাষ্টৰৰ জীয়েক মণিমালা অলপ পৰৰ আগৰেপৰা ঘৰত নাই। ক’ত বা গ’ল!! মাকজনীয়ে বলিয়াৰ দৰে চিঞৰি আছে। মাষ্টৰো গৈছে হাতত টৰ্চ এটা লৈ”।” বসন্তীয়ে কথাটো অলপপৰ চিন্তা কৰিলে।
এনেকৈ এঘন্টা দুঘন্টাকৈ আঠ বাজিল। ভানু আকৌ ওলাই গ’ল খবৰ আনিবলৈ। কিন্তু কোনো খবৰ নাই। ভানুৱে হেমকান্তিয়ে দিয়া কঠালৰ মুচিটো কাটিবলৈ বুলি উলিয়াই ল’লে। ঢিপিক-ঢাপাককৈ নুমাবলৈ ধৰা লেম্পটোত কেৰাচিন শেষ হওঁ হওঁ। বসন্তীয়ে চুপীটোৰে লেম্পটোত অলপ তেল বটলটোৰপৰা ঢালিবলৈ লওঁতেহে দেখিলে যে কেৰাচিনৰ বটলটোতো গেডেৰীখিনিহে আছেগৈ। সেইখিনিকে তাই লেম্পটোত ভৰাই দিলে। অলপমান ফুটফুটাই উঠি লেম্পটো আগতকৈ অলপ ভালদৰে জ্বলিবলৈ ধৰিল।
“চেহ্‌। আজি সোনকালে ভাত-পানী খাই শুব লাগিব। তাতে বুঢ়ীয়ে মুচি দিছে দেখিছ। গোটেইটো  গেলা। এইখন আবতৰতনো কঠালৰ মুচি খাইনে!!!”- ভানুৱে ভোৰভোৰালে।

(৬)

কেইমিনিটমানৰ পাছতে হেমকান্তিৰ মাতটো ৰাস্তাত শুনা গ’ল। ফোঁপাই-গেঁথাই হেমকান্তিয়ে যিমান পাৰে সিমান জোৰেৰে চিঞৰিলে-
“হেৰৌ ভানু, শুনিছনে? আমাৰ মাষ্টৰৰ জীয়েকযে!!!….বাঘেখাটী জনী….বিহাৰী ফেৰিৱালাটোৰ লগত পলাই গ’ল। চাৰিআলিত উপকুন্দৰ পিতেকক লগ পাই তাৰ হাতত চিঠি এখন দি পঠাইছে”
.
.
.
.
লেম্পটো ঢপ-ঢপাই এইবাৰ নুমাই থাকিল।
 

Leave a Reply

Your email address will not be published. Required fields are marked *