“দেয়াৰ মেডাম”…………. এটা পেনপেনীয়া প্ৰেমৰ কাহিনী ( দ্বিজেন্দ্ৰ নাথ শৰ্মা )

Dear Madam_Dweejendra Sharma

মেল খোৱা দৰ্জাখনেৰে জোৰেৰে বতাহ এছাটিৰ লগতে সোমাই অহা মহিলাগৰাকীক দেখি, ক্ষণিকৰ বাবে সি চক খাই উঠিল। বিস্ময়সনা দৃষ্টিটোত অবিশ্বাস মিহলি হৈ সপোনত মেলখোৱা চকুৰ দৰে কিছুসময় থৰ হৈ ৰ’ল। চিৰিয়েলবোৰত সপোন দিঠকৰ সজ্ঞান লোৱাৰ বাবে চিকুটি চোৱাৰ কিটিপটোও মনলৈ অহা নাই যদিও বাওঁ কাণলৈ লক্ষ্য কৰিবলৈ নাপাহৰিলে। হয়, লতিটো অলপমান কটা।

ইতস্ততঃ বোধ কৰা মহিলাগৰাকীয়ে ঈষৎ কম্পিত স্বৰেৰে কলে- “বহিবলৈ নকয়?”

মাতটো শুনিহে তাৰ এইমাত্ৰ নিজৰ শৰীৰত প্ৰৱেশ কৰা যেন ভাব হ’ল। গাটো সামান্য জিকাৰ খাই উঠিল।

“বহক” _ শব্দটো বিকৃত স্বৰত নিজৰ কাণতে বাজিল।

“বহক!!!”- এটা অদ্ভুত চাৱনি নিক্ষেপ কৰি মহিলা গৰাকীয়ে তাৰ পিনে চাই ৰ’ল। মহিলাগৰাকীৰ মুখৰ পিনে চালে। এনে লাগিল যেন এখন খং-ক্ষোভ-লাজ-শংকা আৰু কিবা কিবি বহুতো বৰণ মিহলাই অঁকা তৈলচিত্ৰহে। বেছিকৈ সিজাই পেলোৱা তৰকাৰী এখনত কি কি পাচলি মিহলোৱা হৈছে ধৰিব নোৱাৰাৰ দৰে, সেই মুখখনত আচলতে কোনটো অনুভূতি ফুটি উঠিছে ধৰিব নোৱাৰিলে। বিকট পৰিস্থিতিৰ নিৰৱতাৰ মুহূৰ্তবিলাক বৰ লেহেমীয়া হয়। একো একোটা পল, একো একোটা যুগৰ দৰে। তেনেকুৱা কেইটামান যুগৰ পিছত অস্বস্তিৰ পৰ্দাখন ফালিবলৈয়ে মহিলাগৰাকীয়ে কলে- “আপুনি, আপুনি বুলিলে যে?”

“অহ, আই থিংক উই আৰ মিটিং ফৰ দি ফাৰ্ষ্ট টাইম এভাৰ।”

“নহয়, আজি দ্বিতীয় বাৰ কথা পাতিছোঁ। আপুনি বোধহয় পাহৰিছে…………”

কিমান সহজ হ’লহেতেন.. জীৱনটো,.. যদিহে প্ৰয়োজনৰ স’তে পাহৰি যাব পৰা গ’লহেঁতেন। যদিহে স্মৃতিবোৰ মচি নতুনকৈ লিখিব পৰা ব্লেকবোৰ্ডৰ দৰে হ’লহেতেন! মনত ৰখা টান, নে পাহৰি পেলোৱা টান?

হৰি নাৰায়ণ দত্ত ছাৰে নাৰিকল থেকেচাৰ দৰে মুৰে মুৰে ঠক-ঠকাই দি কোৱা, “ঐ তহঁতৰ ক্লাছ দেখোন বেলেগ বেলেগ… পৰীক্ষা লিখিবলৈ এৰি কি বিয়নী মেল মাৰি আছ?” -কথাষাৰে মনত খুন্দিয়াই গ’ল।

ছয়মাহিলী পৰীক্ষাত পৰিমিতাৰ লগত একেখন বেঞ্চত পৰিছিল। কোন কোন দিনা একেলগে পৰীক্ষা আছিল, তাৰ আজিও মনত আছে। তাইৰ পৰীক্ষা থকাৰ আগদিনা ৰাতি, ক্লাছ এইটৰ কিতাপখনো এবাৰ উলিয়াই চকু ফুৰাই যাবলৈ পাহৰা নাছিল। সেইদিনকেইটাত তাৰ উৎসাহৰ পৰিধি নাই। শেষৰ দিনা তাইৰ আছিল সমাজবিদ্যা আৰু তাৰ অংক। ইউৰোপৰ নৱজাগৰণৰ এটা দীঘলীয়া প্ৰশ্নত তাইৰ খেলিমেলি লাগিছিল। সি দিক্টেচন দিয়া আৰাম্ভ কৰি দিছিল। পাহৰিয়ে গৈছিল সি পৰীক্ষাহলত পৰীক্ষা দি আছে।

ল’ৰা-ছোৱালীজাকৰ খিলখিলনিয়ে ৰজনজনাই গৈছিল। তাই লাজত লেতুসেতু হৈ পৰিছিল। সি যিমান অপ্ৰস্তুত হৈছিল, তাতকৈ বেছি, বেয়া লাগিছিল- তাৰ কঠিন মূৰটোত খুন্দা লাগি তাইৰ আলসুৱা মূৰটোৱে বেছিকৈ দুখ পালে নেকি?

সেইদিনাৰ পিছত, ইমান ওচৰত, আজি দ্বিতীয় দিন বহিছে। চহৰখনলৈ এবছৰৰ ডেপুটেচনত আহিছিল দেউতাক। আধামান কোৰ্চ যোৱাৰ পাছত, সি সেই স্কুলখনত নাম লগাব ল’গা হৈছিল। নতুন স্কুল বাবে, প্ৰথম দিনা দেউতাকে অফিচলৈ যাওঁতে অলপ সোনকালেই তাক স্কুলত নমাই থৈ গৈছিল। কথা পাতি সোমাই অহা চাৰিজনী ছোৱালীৰ মাজৰ লাহী দেহেৰে ওখকৈ বগা ছোৱালীজনীৰ মুখত তাৰ চকু ৰৈ গৈছিল। চকুৱে চকুৱে পৰাত, চকু নমাই আনিছিল। আৰু এবাৰ চোৱাৰ হেপাঁহটো দমন কৰিব নোৱাৰি বাৰে বাৰে চাই, বাৰে বাৰে লাজত পৰিছিল। বাওঁ কাণলৈ দৃষ্টি যোৱাত, সি সেই আহুকালটোৰ পৰা ৰক্ষা পৰিছিল। কাৰণ, কাণলৈ চালে চকুৱে চকুৱে নপৰে।

“কিমান দিনৰ মুৰত লগ পাইছোঁ, নহয়নে?” -বহু সময় একো নকলে অস্বস্তিৰ পৰিৱেশটো বাঢ়ি যায় বুলিয়ে, সি কাণৰ লতিটোক কলে। এনেকুৱা পৰিৱেশত কেনেকুৱা কথা ক’ব লাগে, সি একো উৱা-দিহ পোৱা নাই। তাৰ প্ৰশ্নটোৱে মহিলাগৰাকীৰ মনত উত্তৰ দিয়াৰ বাবে কোনো উৎসাহৰ উদ্ৰেগ নকৰিলে বাবেই নিশ্চুপ হৈ ৰ’ল।

…………………………….

-“আচলতে বহু দিনৰ পৰাই আপোনাক ঘূৰাই দিবলগীয়া বস্তু এটা মোৰ তাত পৰি আছে। ঘূৰাই দিবলৈ সুযোগে পোৱা নাছিলোঁ।”

“সঁচাকৈ, মনত ৰখা কিমান কঠিন? মোৰ কি বস্তু তাইৰ ওচৰত থাকি গৈছিল?” -তাইৰ ওচৰত তাৰনো কি ৰৈ গৈছে, সি মনত পেলাব পৰা নাই। হঠাৎ তাৰ গুলজাৰৰ “শাওঁণৰ সেমেকা দিনবোৰ”ৰ কথা মনত পৰিল-

“তিতি বুৰি মণ্ডপ সজাওতে বৰষুণৰ আঁচলৰ ফাঁকে ফাঁকে বাৰান্দালৈ জুমি জুমি খেলা নয়নৰ লুকাভাকুবোৰ ঘূৰাই দিবলৈ আহিছে নেকি বাৰু তাই? ছেহ, কবিতা কবিতা যেনহে হৈ গ’ল দেখোন! কবিবোৰৰো আৰু কাম নাই…” -দুহাত আঁতৰত বহি আছে তাই-” …ৰাতিক মেৰিয়াই সাৱতি ধৰা চিঠিৰ…” শেতা হাঁহি এটা তাৰ মুখত বিৰিঙি উঠিল। সি নিশ্চিত যে এই মুহূৰ্তত তাক পৃথিৱীৰ আটাইতকৈ বেঙা মানুহটো যেন দেখাইছে।

গুলজাৰৰ কবিতাৰ চিঠিয়ে কাঢ়ি নিয়া উজাগৰি নিশাবোৰ, এটি এটিকৈ আহি তাৰ কাষত হাজিৰ হ’ল।…. হয়, তাৰ পাহৰাৰ প্ৰশ্নই নাই। এখন চিঠি লিখিবলৈ কিমান যে পৃষ্ঠা মোহাৰি দলিয়াইছিল। প্ৰথম চিঠিখন আৰম্ভ কৰি ‘মৰমৰ’ শব্দটো লিখি, ডট ডট কেইটামান দিয়ে মোহাৰি দলিয়াই দিছিল। -“ভাল নালাগিব, মমতাৰ চিঠিৰ পৰা লিখাৰ নিচিনা হ’ব! …” ‘কলিজা …..’ – লিখা শেষ নৌহওতেই পাৰমাংসৰ আঞ্জাৰ কলিজাটোলৈ মনত পৰিছিল। সি খুব ভাল পায় কাৰণে পাৰ ৰান্ধিলে মাকে কলিজা দুটা তাকে দিয়ে। -“চিঠিৰ সম্বোধনতকৈ কিবা মাংসৰ আঞ্জা যেনহে হ’ল!” …’সোনজনী’, …’জানমনি’, …’নয়নমনি’ ……. -“ইছ ৰাম, কেচেটৰ নামহে হ’ল দেখোন!” লাৰু কৰা কাগজৰ বল বোৰ চুকটোৰ বাস্কেটটোলৈ এটা এটাকৈ দলিয়াই আছিল। আৰু একোখিলা নতুন পাত উলিয়াই লৈছিল। তাৰ পিছত আহিছিল ‘প্ৰিয়তমা’, ‘প্ৰিয়ে’, প্ৰাণসখা ……… -“ধেৎ তেৰি, ধাৰ্মিক চিৰিয়েলৰ দায়লগ যেনহে হল!”

…… সেই আধালিখা চিঠিবোৰক সাৱতি হেৰাই যোৱা ৰাতিবোৰ তাই ঘূৰাই দিব আহিছে নেকি? ….কিন্তু কেনেকৈ তাই ওভোতাব? চিঠিবোৰ দেখোন তাইক দিয়াই হোৱা নাছিল। জাৱৰ পোলোৱা গাতটোত পচন সাৰ হৈ বাগিছাৰ গোলাপৰ গুৰি পাইছিল। গোলাপৰ গছবোৰ বাৰু আছেনে? সেই গোলাপ মৰি চাগে’ এতিয়া তাৰ ঠাইত পাচলিৰ বাগিছা হ’ল।

চিঠি এখন লিখা হৈছিল। বহু চিন্তা-চৰ্চা, সংশ্লেষণ- বিশ্লেষণৰ পিছত সি এটা সিদ্ধান্তত উপনীত হৈছিল।

“দেয়াৰ মেডাম” সম্বোধনটোৱে ভাল হ’ব। চিঠিখন জ্বৰৰ বাবে স্কুল খটি কৰি ছুটি মঞ্জুৰৰ আৱেদনৰ দৰে হৈছিল। পিছদিনা ৰাতিপুৱা সি উঠিব লগা হোৱাই নাছিল। কোনো নুঠোতেই টুকুৰা কাগজেৰে উখহি উঠা বাস্কেটটো থান-ঠিত লগাইহে শুই পৰিছিল।

“ঐ আজি তোৰ স্কুল নাই, ন বাজি গ’ল দেখোন? গোটেই ৰাতি পঢ়ৱে নে কি কৰি থাক, ভগৱানেহে জানে, উঠ।” _খক-মককৈ উঠি স্কুল পাইছিল। স্কুলতহে মনত পৰিল, চিঠিখন টেবিলৰ ওপৰতে ৰ’ল। আবেলি ঘূৰি আহি দেখে, তাৰ বায়েক ৰাণুৰ লগত মাক বহি আছে। ৰাণুৱে মাকক কিবা পঢ়ি শুনাই আছে। তাক দেখি ৰাণুৱে- “দেয়াৰ মেডাম আহিল” -বুলি কৈ খিলখিলাই হাঁহিব ধৰিলে। মাকেও তাৰ পিনে চাই মুখ টিপি হাঁহিটো চেপি ৰাখিব নোৱাৰিলে। হাঁহি হাঁহিয়ে অলপ কঠোৰতা সানি তাক কলে- “ঐ ৰাতি ৰাতি পঢ়া বাদ দি এইবোৰহে কৰি থাক নেকি?”

খঙে-লাজে-অপমানে তাক আগুৰি ধৰিছিল। মুখখন কেহঁৰাজ বৰণ লৈছিল। ৰাণুৰ ওপৰত তাৰ ভীষণ খঙ উঠিছিল। এই নাককাটি মন্থৰাৰ লাজ-কাজ বোলা বস্তু একো নাই। এইবোৰ কথাও মাকক লগাব লাগেনে? মনত এটা ভয়ে বাহ লৈছিল। দেউতাকক কৈ দিলে, সি মৰি যোৱাৰ সমান লাজ পাব। চুলিত থাপ মাৰি তাইক বগৰাই দি চিঠিখন কাঢ়ি নিছিল।

– “চুলিত টানিছ নহয়, দেউতাক কৈ দিম ৰ।”

চিঠিখন লৈ একে দৌৰে সি পিছপিনৰ মধুৰীজোপাৰ তল পাইছিল। পেটে পেটে ভয়ো লাগিছিল। ৰাণুৱে বাৰু সঁচাকৈ দেউতাকক কৈ দিব নেকি? খঙতে চিঠিখন টুকুৰা-টুকুৰ কৰি জাবৰৰ গাঁতটোত পেলাই দিছিল। মাকে পাগঘৰৰ পৰা চিঞৰিছিল- “ঐ, ভৰি হাত ধুই আহ। ভাত দিছোঁ।” ভোক লাগিছিল যদিও মাকৰ আগত ওলাবও সংকোচ হৈছিল। ৰাণুৱে তাক হাতত ধৰি আনি হাত ভৰি ধুৱাই ভাতৰ পাতত বহুৱাই দিছিল। মাকৰ মুখলৈ সি চাব পৰা নাছিল। দৰ্জাৰ মুখত ঠিয় হৈ থকা ৰাণুলৈ খঙেৰে চাইছিল। হাঁহি চেপি ৰখা তাই, শব্দ নেহোৱাকৈ “দেয়াৰ মেডাম” বুলি জোকাই খিলখিলাই হাঁহি দৌৰ মাৰিছিল।

সি ভাবিলে -“সেইদিনা চিঠিখন ৰাণুৱে পোৱাটো ভালেই হৈছিল। নহ’লে পৰিমিতাইও সেই দৰ্খাষ্টখন পঢ়ি ৰাণুৰ দৰেই খিলখিলাই হাঁহিলেহেতেন।” তাৰ পিছতো চিঠি লিখিছিল সি। এখন নহয়, কেইবাখনো। দৰ্খাষ্টৰ দৰেও হোৱা নাছিল।

ছমহীয়া ছাত্ৰজীৱনৰ এখন স্কুল। সহপাঠীৰ ভিতৰত অলপ ঘনিষ্ঠ হৈছিল মৃন্ময়, পৰাগ আৰু পুলক। পুলক পৰিমিতাৰ সম্পৰ্কীয় ককায়েক। মাহীয়েকৰ ল’ৰা। সিহঁত চাৰিওজনৰ এৰা এৰি নহৈছিলেই। প্ৰায়ে একেখন বেঞ্চতে বহিছিল। এৰা এৰি নহ’লেও মৃন্ময়, পৰাগৰ শত্ৰু আছিল নে মিত্ৰ আছিল, সি ধৰিবই নোৱাৰিলে। কিন্তু দুয়োৰে মাজত ভীষণ জেদ। এদিন যদি পৰাগে ককায়েকৰ প্ৰিয়া ১৫০ খন লৈ আহে। পিছদিনা মৃন্ময়ে মোমায়েকৰ বুলেটখন লৈ আহে। দুয়োফালে ভৰি পাৰি লগেই নাপায়। আঙুলি মুৰেহে কিবাকৈ মাটি চুৱে। বাইক এখন কিনি দিবলৈ সিও ঠেহ পাতিছিল। দেউতাক এক কথাৰ মানুহ- “স্কুলত বাইক দিয়া নহব। ৰোজাৰ বেক লাগে, ৰেঞ্জাৰ লাগে আৰু কিবা….. ল’। কিন্তু বাইক…… না।” খঙতে সি চাইকেলো নল’লে। আগৰ চাইকেলখনকে মিঠাতেল আৰু কেৰাচিন মিহলাই চিকচিকিয়াকৈ মচি স্কুললৈ আহে। এদিন পৰাগে ককায়েকৰ ফিয়েটখন লৈ অহাত, হেডচাৰে মাতি নি ঠিকমতে গালি দিয়াত, সিহঁতৰ কাৰ-বাইক শ্বোৰ সিমানতে ইতি পৰিছিল।

এদিন মৃন্ময় আৰু পৰাগক কলেজৰ ল’ৰা দুটামানে মাৰধৰ কৰিছিল। পিছদিনা পুলকে এটা পাৰ্চেল লৈ আহিছিল। পৰিমিতাৰ ঠিকনাত পঠোৱা পাৰ্চেল। পঠাওতাৰ ঠিকনাত আছে মৃন্ময়ৰ নাম। কিন্তু আখৰখিনি পৰাগৰ যেন লাগিছিল। ভিতৰত আছিল এখন প্লেবয় মেগাজিন। বুজিবলৈ একো বাকী নাছিল। মিছাতে মৃন্ময়ে মাৰ খাইছিল। পৰাগক সিহঁতে চুই কিলাবলৈহে বাকী এৰিছিল। সি ভুল স্বীকাৰ কৰিছিল। কাণত ধৰি সইত খাইছিল। কান্দি কান্দি তাক ক্ষমা কৰি দিবলৈ খাটনি ধৰিছিল। মৃন্ময়ে তাক এটা কাণতলীয়া চৰ সোধাইছিল। ভবিষ্যতে এনেকুৱা কৰিলে ঠেং ভাঙি দিম বুলি সকিয়াই দিছিল। কিন্তু সিহঁতৰ চতুৰ্ভূজ অক্ষুন্ন হৈ ৰৈছিল। মৃন্ময় আৰু পৰাগক মাৰধৰ কৰা ল’ৰাকেইজনৰ এজন পৰিমিতাৰ ককায়েক আছিল। গোটেই কথাবিলাক তাৰ খেলি মেলি লাগি গৈছিল। ডায়েৰীৰ প্লাষ্টিকৰ কোভাৰৰ ভিতৰত লিখি লুকুৱাই ৰখা চিঠিবোৰলৈ মনত পৰি ভয়টো বেছিকৈ লাগি গৈছিল। ভাবিছিল ইহঁত দুটাৰ লগত সেই সময়ত থকা হ’লে সিও মাৰ খালেহেতেন।

পাৰ্ছটো খুলি তাই এটা বহী উলিয়ালে। চুকবোৰ ভাজ খাই চিৰি যোৱা, সাঁচিপাতৰ বৰণ লোৱা, এটা বহী। -“এই বোজাটো বহুদিন কঢ়িয়াই ফুৰিলোঁ।…… পুলকদাক আপোনাৰ কথা শুধিম বুলিও……” – সমাজবিদ্যাত সি স্কুলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছিল। সি বহীটো চিনি পালে। সমাজবিদ্যাৰ নোটবুকটো সিয়ে দিছিল পুলকৰ হাতত। তাই বিচৰা বুলি কৈছিল। প্ৰৱেশিকা পৰীক্ষাৰ ৰিজাল্টৰ কেইদিনমান পিছতেই দেউতাকৰ ডেপুটেচন শেষ হৈছিল।

পুলকে, মৃন্ময়ৰ কথাও কৈছিল। মৃন্ময় আৰু পৰিমিতাৰ কথা। পৰিমিতাই চিঠি এখন পঠাইছিল মৃন্ময়লৈ। পুলকৰ হাতত। কেতিয়াবাই। তাৰ আৰু খেলিমেলি লাগি গৈছিল। মৃন্ময়ে সেই চিঠিৰ একো উত্তৰ দিয়া নাছিল। পৰিমিতাইও পুলকক একো সোধা নাছিল। পুলকেও পৰিমিতাক একো সোধা নাছিল, মৃন্ময়কো। আৰু মৃন্ময়। সি সম্ভৱতঃ কাকো একো কোৱা বা সোধাৰ প্ৰয়োজনেই অনুভৱ কৰা নাছিল। তাৰ আজিও খেলি-মেলি লাগে, পৰাগৰ পৰিমিতালৈ মৃন্ময়ৰ নামত পাৰ্চেলটো পঠিওৱাৰ প্ৰয়োজনটো ক’ৰ পৰা আহিল।

“কিয়, একো কামত নাহিল নেকি?… বোজাটো মই দিয়া বুলি কলা… ক’লে যে?” -প্ৰশ্নটো কৰি তাৰ ভাব হ’ল, প্ৰশ্নটোৰ প্ৰয়োজনেই নাছিল। তাৰ ধাৰণাক সত্য প্ৰতিপন্ন কৰিয়েই, তাই ওঁঠ দুটা লগ লগাই দুই ফালে প্ৰসাৰিত কৰি দিয়াত, এটা বিকলাংগ হাঁহি তাইৰ মুখত অংকিত হ’ল। সেই হাঁহিটো নামাৰিলেহে হয়তো সি বেছি স্বস্তি অনুভৱ কৰিলেহেতেন। বিভৎস দেখাইছিল তাইক।

পৰীক্ষাহলৰ ঘটনাটোৰ পিছত তাইৰ চকুৱে চকুৱে পৰিলে তাৰ এনেয়ে লাজ লগা হৈছে। চকুত চকু পৰিলেই সি চকু নমাই আনে। এতিয়া আন এটা প্ৰশ্নই তাক খুন্দিয়াই থাকে, তাই মৃন্ময়লৈ চাওতেহে তাৰ চকুত পৰিল নেকি?

-“নহয়, নহয়, কামত আহিছিল। আপোনাৰ নোটখিনিয়ে বহুতকেইটা প্ৰশ্নৰ খোকোজা দূৰ কৰাত সহায় কৰিছিল। তাৰ বাবে ধন্যবাদ। কিন্তু …”

“কিন্তু কি?” -বৰ আগ্ৰহেৰে শুধিলে সি।

“নাই, একো নাই। ….এটা কথাইহে মাজে মাজে আউল লগাই থাকে… বহীটো হয়তো মই নোখোজা হলেই ভাল আছিল।” -মহিলাগৰাকীয়ে অনুস্ব সুৰত কলে।

…………………….

-“বহুত দেৰি হ’ল। …ওভোতাই দিয়াত।”

“এৰা… বহুতেই দেৰি হ’ল।” -মহিলাগৰাকী ওলাই গ’ল। সোঁ-সোঁৱাই সোমাই অহা চেঁচা বতাহ এজাকে তাৰ কোলাত পৰি থকা বহীটোৰ পাত লুতিয়াব ধৰিলে। বাহিৰত চাগে’ ধুমুহা বলিছে। সি বহীটো হেঁচা মাৰি ধৰিলে। হেঁচাটো তীব্ৰৰ পৰা তীব্ৰতৰ হৈ গৈ থাকিল। সৰা পাতৰ হালধীয়াত বিলীন হৈ যোৱা সেউজীয়াখিনি চুই চোৱা হেপাঁহত হাতখন কঁপি উঠিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments