দেৱদাস (ধ্ৰুৱজ্যোতি বাৰিক)

সময় দুপৰীয়া৷ কিন্তুু আজিৰ দুপৰীয়াটো দুপৰীয়া যেন লগা নাই৷ মেঘাচ্ছন্ন আকাশ, কিন্তুু বৰষুণ নাই৷
কিবা যেন গোমা গোমা৷ তথাপি ব্যস্ততাৰ অন্ত নাই৷ ব্যস্ততা মানে শাৰদীয় ব্যস্ততা৷ কেইদিনমানৰ পিছতে দুৰ্গা পূজা৷ মহানগৰীৰ সেই বিশেষ গলিটোতে এখন মূৰ্তি প্ৰস্তুত কৰা দোকান আছে৷ খনিকৰসকলে মূৰ্তি গঢ়িছে৷ কেইদিনমানৰ পিছতে সেই মূৰ্তিবোৰৰ কিছুমানৰ শেষ আশ্ৰয় হ’ব ব্ৰহ্মপুত্ৰ, আৰু কিছুমানৰ অন্য জলাশয়৷ সেই বিশেষ গলিটোতে এখন হোটেল আছে৷ ঠিক হোটেল বুলি ক’লে ভুল হ’ব৷ আচলতে হোটেল নামধাৰী সেইটো এটা দুইমহলীয়া ভগ্নাৱশেষ৷ 20 বছৰৰ আগতে হোটেলখনৰ মালিক হাৰাধন বসাকে হোটেলখনৰ নাম হোটেল মহামায়া ৰাখিছিল৷ এতিয়া পিছে ’মহামায়া’ ৰ ’মহা’ টো মচা গ’ল৷ ’হোটেল’ ৰো ’টে’ টো নাই৷ সকলোৱে হোটেলখনক মায়া হোটেল বুলিয়েই কয়৷ অযত্নপালিত হোটেলখনত গ্ৰাহক সাধাৰণতে কম হয়৷ পিছে হোটেলখন অপৰাধী, সুৰাসক্ত আদিৰ ৰম্যভূমি৷ তাৰ কাৰণো নথকা নহয়৷ মুখ্য মহানগৰীৰপৰা অলপ দূৰত অৱস্থিত বাবে অপৰাধীবোৰে হোটেলখনক সুৰক্ষিত গণ্য কৰে৷ তাতে দূৰৰপৰা লক্ষ্য কৰিলে হোটেলখনক গুডামঘৰৰ নিচিনা লাগে৷ আৰু এটা কাৰণ আছে৷ হাৰাধন বসাক এলেকাটোৰ এজন সন্মানীয় মানুহ আছিল৷ তেওঁৰ মৃত্যুৰ পিছত ঘৰখনৰ আৰ্থিক অৱস্থাৰ কিছু অৱনতি হ’ল যদিও তেওঁৰ পুত্ৰ সাধন বসাকক মানুহে এতিয়াও সমীহ কৰে৷ আচলতে ভয় কৰে৷ হাৰাধন বসাকৰ ঠিক ওলোটা গুণবোৰ তেওঁৰ মাজত বিদ্যমান৷ পুলিচেও এই গলিটোলৈ আহিবলৈ প্ৰায় ভয়েই কৰে৷
তিনিমাহমানৰপৰা হোটেলখনত এজন নতুন গ্ৰাহকৰ আবিৰ্ভাৱ হৈছে৷ তেওঁ কোন কোনেও নাজানে৷ কেতিয়াবা ঘপহকৈ হোটেলখনলৈ আহে, এক দুদিন থাকি গুছি যায়৷ মানুহজন হোটেলৰপৰা বাহিৰলৈ নোলায়৷ ওলালেও অনৰবৰত কলা চচমা আৰু মুখত এখন ৰুমাল মেৰিয়াই থাকে৷ তেওঁৰ বাবে হোটেলৰ ওপৰ মহলাৰ এটা কোঠা সদায় সাজু থাকে৷ সাজ পোচাকত যথেষ্ট সম্ভ্ৰান্ত ঘৰৰ মানুহ যেনই লাগে৷
আৰু সঁচাকৈয়ে তেওঁ সম্ভ্ৰান্ত ঘৰৰেই৷ তেওঁৰ দেউতাক গুৱাহাটীৰে নহয় অসমৰেই বিশিষ্ট উদ্যোগপতি ৰণদেৱ গোস্বামী৷ আৰু মানুহজন মানে যুবকজন দেৱদ্বীপ গোস্বামী৷ তেওঁ কোন এইবিষয়ে হোটেলৰ কোনো জ্ঞাত নহয়৷
“তৌবা তেৰা জলৱা/তৌবা তেৰা প্যাৰ/তেৰা ইমোচনেল অত্যাচাৰ“ ভাইব্ৰেচন কৰি ম’বাইলটো বাজি উঠিল৷ দেৱদ্বীপ চক খাই উঠিল৷ স্ক্ৰীণত চাই দেখিলে ’চুন্নীলাল’ৰ ফোন৷ চুন্নীলাল মানে সুৰঞ্জয় বিশ্বাস৷ দেৱদাসৰ ’ভক্ত’ দেৱদ্বীপে তাক চুন্নীলাল বুলি মাতে৷
“আই এম ইন এ চেল্ফ ডেষ্ট্ৰাকচন ম’ড৷ আজি বস্তুটো হ’বনে? “
“ ট্ৰাই কৰিম৷ আবে শুন্ না তোলৈ বেলেগ কথা এটাৰ কাৰণেহে ফ’ন কৰিছিলোঁ৷ লগ কৰ মোক৷ কথা আছে৷ অনিচ্ছাস্বত্বেও দেৱদ্বীপ বিছনাৰপৰা উঠিল৷ গন্তব্যস্থান মহানগৰীৰ চিনাকি এখন ৰেঁস্তোৰা৷
“কি কামত মাতিছিলি ক’৷“
“পেপাৰ দুখনমানত তোৰ চাইন লাগে৷“ সুৰঞ্জয়ৰ মুখত গাম্ভীৰ্যতা দেখা গ’ল৷
“অফিচতো দিব পাৰিলিহেঁতেন এইবোৰ! !“
সুৰঞ্জয়ে অলপ সময় মনে মনে ৰৈ ক’লে
“চা দোস্ত৷ এই কাগজকেইখনৰ কাৰণেই তোক ইয়ালৈ মাতি অনা নাই৷ তই মোৰ বাল্যবন্ধু, এতিয়া বিজিনেছ পাৰ্টনাৰ৷ তহঁতৰ ঘৰখনৰ লগতো ঘৰুৱা সম্পৰ্ক৷ কিছুমান কথা আছে যিবোৰ তোক অৱগত কৰোৱাতো মই দ্বায়িত্ব বুলি ভাবোঁ৷
“কি ক’ব বিচাৰিছ খোলাখোলিকৈ ক’ বে৷“
“চা দেৱ, আজি কিছুদিনৰপৰা তোৰ ব্যৱহাৰত অস্বাভাৱিকতা আহি পৰিছে যিটো অফিচৰ সকলোৱে মন কৰিছে৷ ময়ো মন কৰিছোঁ৷ আজি আংকলৰ লগত কথা হৈছিলো৷ নিজৰ ৰাজঅট্টালিকাৰ দৰে এটা ঘৰ থাকিও তই প্ৰায়ে ঘৰত নাথাক, কোম্পানীৰ কামত মন নিদিয়৷ আজি এমাহৰপৰা কোম্পানীয়ে কিমান লোকচান ভৰি আছে জান? “
“চা ভাই চুন্নী৷ তইচোন সকলো জানই৷ এইকেইদিন তই অলপমান কষ্ট কৰনা প্লিজ৷ তই জানই পাৰুলক কিমান ভাল পাইছিলোঁ মই৷ অলপ সময়তো ল’ব তাইক পাহৰিবলৈ!
“………..“
“কি হ’ল চুন্নী হঠাতে চুপ হৈ গ’লি যে৷ কিবা এটা ক’৷ আজি তোৰ কি হৈছে বে?“
“কেনেকে কওঁ ভাবি আছোঁ৷“
এইবাৰ দেৱদ্বীপে সুৰঞ্জয়ৰ চকুৰ ফালে চাই ক’লে “কি কথা খুলি ক’৷ “
“অফিচৰ মানুহবোৰৰ মাজত বু বু বা বা উলাইছে যে তই হেনো আজিকালি অকলে অকলে কথা পাতি থাক৷ তোৰ ব্যৱহাৰো অদ্ভুত হৈ গৈছে৷ অকলে অকলে হাঁহ’, অকলে অকলে কান্দ’৷ সেইদিনা একাউণ্টেণ্ট্ তালুকদাৰে তোক নেহেৰু পাৰ্কত দেখিছিল৷ তই হেনো অকলে অকলেই কথা পাতি আছিলি৷
“তাৰ মানে তই ক’বলৈ বিচাৰিছ….“
“য়েছ দেৱ৷ তোক মই বহুত বুজাইছিলো ড্ৰাগছসোপা নল’বলৈ৷ মানিছোঁ ময়েই তোক এইবোৰ শিকাইছিলো৷ কিন্তুু চা মই ড্ৰাগছ লওঁ কৰ্মশক্তি বঢ়াবলৈ৷ তোৰ দৰে জ** এজনীৰ দুখ পাহৰিবলৈ নহয়৷ “
দেৱদ্বীপৰ মুখ ৰঙা হৈ গৈছিল৷ দেখিলেই গম পায় তাৰ খং উঠিছে৷ কিন্তুু ক্ষন্তেকৰ বাবেহে৷ কিছু সময়ৰ পিছতে তাৰ মুখমণ্ডল আচৰিতভাৱে সৌম্য আৰু গম্ভীৰ হৈ পৰিল৷
“চা ভাই৷ তইটো জানই দেউতাৰ বিৰুদ্ধেও কোনোবাই ষড়যন্ত্ৰ কৰিছিল৷ এবাৰ দেউতাৰ চহী জাল কৰি অফিচৰে কোনোবা এজনে ভূৱা কোম্পানীৰ নামত লাখ টকা সৰকাইছিল৷ দেউতাই পিছে বহুত সোধাৰ পিছতো মোক তেওঁৰ নামটো নক’লে৷ মাই পইণ্ট ইজ মোৰ বিৰুদ্ধেওটো এনেকৈয়ে কোনোবাই ষড়যন্ত্ৰ কৰিব পাৰে৷ আৰু মই তোক চন্দনাৰ কথা কৈছোঁ৷ পাৰু গুছি যোৱাৰ পিছত চন্দনাই মোৰ সকলো হৈ নপৰিলেও কমচেকম সান্ত্বনা দিব পাৰিছে৷ আৰু…..
“ চন্দনা তোৰ মনৰ ভ্ৰম বে“ দেৱদ্বীপৰ কথাটো শেষ হ’বলৈ নিদিয়াকৈয়ে সুৰঞ্জয়ে ক’লে৷
“চন্দনা সঁচা বে৷ “ দেবদ্বীপে প্ৰায় চিঞৰিয়েই ক’লে৷ “বিশ্বাস হোৱা নাই? ৰ’ তাইৰ লগত তোক কথা পতাই দিয়াইছোঁ৷“ এইবুলি দেবদ্বীপে তাৰ ম’বাইল কন্টেক্ট লিষ্ট খুঁচৰিবলৈ ধৰিলে৷ তাৰ মুখত চিন্তাৰ ৰেখা৷
“কি হ’ল চন্দনাৰ নম্বৰ নাই? “ সুৰঞ্জয়ে এটা বিদ্ৰূপাত্মক হাঁহি মাৰি দেৱদ্বীপক সুধিলে৷
“ৰাতিপুৱালৈকে আছিল বে৷ “
“ব’ল ইয়াৰপৰা যাওঁ তোক অলপ ৰেষ্টৰ দৰকাৰ “
তেনেতে দেৱদ্বীপে দেখিলে শুভ্ৰ সাজেৰে চন্দনা আহি সি বহা চকীখনৰ কাষৰ চকীখনত বহিলে৷ তাইৰ মুখখন পিছে আচৰিতভাৱে ভাৱলেশহীন৷
“চা চুন্নী এয়া চন্দনা৷ তই ভ্ৰম বুলি ভবা চন্দনা এতিয়া তোৰ চকুৰ সমুখত৷ এতিয়া তই কি ক’বি? “
সুৰঞ্জয়ে এক আচৰিত দৃষ্টিৰে তালৈ চালে৷
“ চন্দা আজি অনুভৱ কৰিব পাৰিছোঁ মই পাৰুক ভালেই নাপাইছিলোঁ৷ ব’লা আমি নতুনকৈ আৰম্ভ কৰোঁ৷ মই দেউতাক বুজাম দেউতাই তোমাক গ্ৰহণ কৰিব৷ ই চালা চুন্নীয়ে তুমি ভ্ৰম বুলি কয়৷ তুমি……“
বাক্যটো সম্পূৰ্ণ নকৰাকৈয়ে দেৱদ্বীপে ৰেষ্টুৰেণ্টখনৰ চাৰিওফালে চালে৷ সকলোৱে একদৃষ্টিৰে তালৈকেয়ে চাই আছে৷ সুৰঞ্জয়েও৷ চন্দনাৰ মুখখন তেতিয়াও ভাৱলেশহীন৷ যেন চন্দনা কোনো মানৱী নহয়, এক প্ৰস্তৰ মূৰ্তি৷ যুগ যুগান্তৰৰ পৰা যেন তাই চকীখনতে তেনেদৰেই বহি আছে৷ দেৱদ্বীপৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে৷ সি টেবুলত মূৰ গুজি একেস্থানতে বহি থাকিল৷
“ব’ল দেৱ৷ ইয়াৰপৰা যাওঁ৷ কালিলৈ তোক মই ড° কাশ্যপৰ ওচৰলৈ লৈ যাম৷ ড° কাশ্যপকতো চিনি পাওঁৱেই৷ “
স্থান: মহামায়া হোটেল
“ পিছদিনা ড° কাশ্যপৰ চেম্বাৰত কি হ’ল ’চুন্নী’? “ সুৰঞ্জয়ৰ ৰোমশ বুকুত চুমা এটা আঁকি চন্দনাই সুধিলে৷
“ চুন্নী বুলি নামাতিবা ৰে৷ সি মাতিলে মোৰ বিছাই ডঁকাদি ডাঁকিছিল৷ সেইদিনা কাশ্যপৰ চেম্বাৰত সি ‘চন্দনা’ ‘চন্দনা’ চিঞৰি হাহাকাৰ৷ এমাহৰ ট্ৰিটমেণ্টৰ বাবে তাক আগ্ৰালৈ লৈ যোৱাৰ বাবে সিমানেই যথেষ্ট আছিল৷ আগ্ৰাৰ ডাক্টৰ এটাৰ লগত মোৰ কথা হৈছেই৷ তাৰ কেতিয়াও ভাল নহ’ব যে মই চিউৰ হৈ আহিলোঁ৷ “ এইবুলি সুৰঞ্জয়ে চন্দনাৰ ওঁঠত জোৰেৰে এটা চুমা খালে৷
“ কিন্তুু মইতো তাত নাছিলোঁ৷ সি মোক কেনেকৈ দেখিলে? ৷ “ সুৰঞ্জয়ে বাহুবন্ধনৰপৰা নিজকে জোৰেৰে আঁতৰাই চন্দনাই প্ৰশ্ন কৰিলে৷
“হেলুচিনেচন জানেমন৷ তাৰ চ্যুপত মই এবিধ ড্ৰাগছ মিহলাই দিছিলো৷ সেইটো ড্ৰাগছে কিছু সময়ৰ বাবে মানুহক স্ক্ৰিজ্ৰোফ্ৰেনিক কৰি তোলে৷ তাৰ মনত তুমি আছিলা৷ গতিকে সি তাৰ ’দিবাস্বপ্ন’বোৰত তোমাকে দেখিলে৷ “
“যদি তাৰ মনত সেই বিশেষ মুহূৰ্তটোত বেলেগৰ ছবি থকাহেঁতেন? “
“সিমানকণ ৰিস্কটো ল’বই লাগিব জানেমন৷ সি চালাই পাৰুলক মোৰ ওচৰৰপৰা কাঢ়ি লৈ গ’ল৷ চালা হি** নিজেও একো কৰিব নোৱাৰিলে৷ সিহঁতৰ শ্বিলং ট্ৰিপবোৰৰ এৰেঞ্জমেণ্ট কৰিবলৈ মোক কৈছিল৷ চালা চু****৷ বাই দ্য ৱে তোমাৰ একটিং মজ্জা হৈছিল ডাৰ্লিং৷ বগা কাপোৰত ভুতুনী লাগিছিল একদম৷ চালা চহীকিতাও কৰি দিলে বুৰ্বকটোৱে৷ বুঢ়া মৰাৰ পিছত কম্পেনী মোৰ “
“হোটেলৰ মানুহবিলাকেও তুমি কোৱামতেই কৰিলে ন’৷ টকাৰ জোৰ! ! ’চুন্নী’ ডাৰ্লিং আমাৰ এই চাকচেছ চেলিব্ৰেট কৰিব লাগিছিল নহয়৷ “
“যোৱা কেবিনেটত জেক ডেনীয়েল এটা আছে৷ 25 য়েৰছ্ অ’ল্ড৷ লাৰ্জ দুটা বনাই আনা গৈ৷ “
“ ম্যে বচ য়ু গয়ী য়ু আয়ী৷ “ চন্দনাই হাঁহি ক’লে৷ নাৰীৰ হাঁহিবোৰ সদায় ৰহস্যময়৷
উপসংহাৰ:
“তাৰ কিবা সন্দেহ হৈছিল নেকি দেব? “ খালি বটলটো টেবুলত থৈ ড° কাশ্যপে প্ৰশ্ন কৰিলে৷
“সকলোতো সি বিচৰামতেই কৰিছিলোঁ৷ চন্দনাৰ নম্বৰটো সি ডিলিট কৰক বুলিয়েই ইচ্ছা কৰি ফোনটো তাৰ ওচৰত থৈ টয়লেট গৈছিলোঁ, সিদিনা আপোনাৰ ওচৰতো ভাল একটিং কৰিছিলোঁ৷“ দেৱদ্বীপে হাঁহি ক’লে৷ “আপোনাৰ পিছে এণ্টিড’টটোৱে কাম দিলে ড° কাশ্যপ৷ সি দিয়া চ্যুপখিনিৰ পিছত যে মই আপুনি দিয়া মালভোগ কলটোও খাইছিলোঁ; বেচেৰাই মনেই নকৰিলে৷ “
“চন্দনাই তাক কেনেকৈ এপ্ৰ’চ কৰিলে সেইটো বুজি নাপালোঁ৷ “ ড° কাশ্যপৰ চকুত প্ৰশ্নবোধক চিন৷
“ মোৰ কলেজীয়া দিনৰ বান্ধৱী আছিল চন্দনা৷ মোৰ আৰু পাৰুলৰ প্ৰেমৰ সাক্ষী চন্দনা৷ পাৰুল আঁতৰি যোৱাৰ পৰা মোৰ মনত এক আত্মধ্বংসী প্ৰৱণতাই গঢ় লৈ উঠিছিল৷ মদ, ভাঙৰ আসক্তিয়ে মানুহটোক ভিতৰৰপৰা শেষ কৰি পেলাইছিল৷ ভাবিছিলোঁ পাৰুলে মোক প্ৰতাৰণা কৰিলে৷ পিছে কাহিনী বেলেগহে আছিল৷“
কথাখিনি কৈ দেৱদ্বীপ অলপ ৰ’ল৷
“এই চিঠিখন পঢ়ি চাওঁক ড° কাশ্যপ৷ পাৰুলে লিখা, আমাৰ সম্পৰ্কৰ অন্তৰ পাছত৷ “
“ মৰমৰ দেব,
আশা কৰোঁ তুমি ভালেই আছা৷ মই জানো তোমাৰ ওচৰত মোক সুধিবলৈ বহুত প্ৰশ্নই আছে৷ জানো তোমাৰ ওচৰত মই দোষী৷ তোমাৰ লগত মুখামুখিকৈ কথা পতাৰ সাহস মোৰ নহ’ল৷ গতিকে চিঠি৷
এতিয়া মূল কথালৈ আহোঁ৷ তোমাক মই এতিয়া যিটো কথা ক’বলৈ যাম সেইটো হয়তো তুমি হজম কৰিব নোৱাৰিবা সোনকালে৷ তোমাৰটো মনত আছে আমাৰ একান্ত ব্যক্তিগত ট্ৰিপবোৰলৈ তোমাৰ ’একান্ত বিশ্বাসী’ বন্ধু সুৰঞ্জয়কো লৈ গৈছিলা কেতিয়াবা তুমি৷ তেনে কোনোবা এটা ট্ৰিপতে সি আমাৰ একান্ত ব্যক্তিগত মুহূৰ্তবোৰৰ ভিডিঅ’ কৰি ৰাখিছিল৷ তাৰ পিছত …… তাৰ জালত কিদৰে সোমাই পেলালোঁ নিজেই নাজানো৷ আৰু মই মোৰ সৰ্বস্ব হেৰুৱালোঁ৷ আৰু এটা কথা, তোমাৰ দেউতাৰ চহী জাল কৰাজন আন কোনো নাছিল সুৰঞ্জয়ৰ বাপেক আছিল৷ এনেকুৱা বন্ধু আৰু বন্ধুপৰিয়ালৰ পৰা সাৱধানে থাকিবা৷ বাকী মোক বিচাৰিবলৈ চেষ্টা নকৰিবা৷ তোমাক মিছা কৈছিলোঁ অজানা ঠাইত কোনো পুৰুষৰ লগত সংসাৰ কৰি থাকা নাই মই৷ তোমাক এতিয়াওঁ ভাল পাওঁ, কেৱল তোমাৰ সন্মুখীন হ’ব নোৱাৰিম আৰু কেতিয়াওঁ৷
ইতি, তোমাৰ
পাৰুল
ড° কাশ্যপে একো নক’লে৷ কেৱল হুমুনিয়াহ এটা কাঢ়িলে৷
““চন্দনা সুৰঞ্জয়ৰো বান্ধৱী আছিল কাশ্যপ৷ কেৱল এই বন্ধুত্ব অলপ নতুন৷ ৰূপহী চন্দনাৰ কাৰণে সুৰঞ্জয়ক হাত কৰাটো একদম সহজ আছিল৷ চন্দনাই মোক এই চিঠিখন দিছিল৷ আৰু সেইদিনাই এই গোটেই প্লেনটো মগজত খেলাইছিল৷ সুৰঞ্জয় এতিয়া নৰকত বহুত শান্তিৰে আছে চাগে৷ “ দেৱদ্বীপে শব্দ কৰি হাঁহিলে৷ হাঁহিটোৰ মাজত কিবা অলপ বিষাদ লুকাই আছিল চাগে’৷ পাৰুলক হেৰুওৱাৰ বিষাদ৷

হোটেল মহামায়াত পূৰ্ণগতিৰে কাম চলিছে৷ সাধন বসাকৰ ব্যস্ততাৰ অন্ত নাই৷ চহৰখনৰ এজন বিখ্যাত ব্যৱসায়ী দেৱদ্বীপ গোস্বামীয়ে তেখেতৰ হোটেলত ইনভেষ্ট্ কৰিছে৷ হোটেলখনৰ ৰান্ধনিশালটো নতুনকৈ সজা হৈছে৷ পিছে সেই ৰান্ধনিশালত কি এটা ৰহস্য লুকাই আছে দুই এজনৰ বাহিৰেনো কোনে জানে? সাধন বসাকে এটা ৰহস্যময়ী হাঁহি মাৰিলে৷ ’সুৰঞ্জয় বিশ্বাস’ ক সাধনে ব্যক্তিগতভাৱে চিনি পাইছিল৷ ’বৰ ঘাটিয়া মানুহ আছিল বে’ সাধনে ভাবিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক