দেৱদূত – বিজয় বেজবৰুৱা

অৰুণিমাৰ যেন লাজ লাগি গ’ল৷ এনেয়ে৷ বিশ্বজিত তাইৰ কাষলৈ আগবাঢ়ি আহিল৷ সি লাহেকৈ তাইক সুধিলে—

‘কি বুলি ক’লা? ’
তাই ৰান্ধনী কোঠালৈ লৰ মাৰিলে৷
বিশ্বজিতে কথাটো বুজি পাইছিল৷ তথাপি নজনাৰ ভাও দেখুৱাই সি তাইৰ পিছে পিছে গৈ পুনৰ সুধিলে—
‘কোৱাচোন, কি হৈছে? ’
‘একো হোৱা নাই৷ আগতে হাত-ভৰি ধুই আহকচোন৷ ৰাতি বহুত হৈছে৷ ’
বিশ্বজিতে প্ৰথমে বাইকখন কোঠাত ভৰাই থ’বলৈ যো-জা কৰোঁতেই অৰুণিমাও লৰালৰিকৈ ওলাই আহি পিছফালৰ পৰা বাইকখন বাৰাণ্ডাত উঠাবৰ কাৰণে ঠেলি দিবলৈ ধৰিলে৷ বিশ্বজিতে হঠাৎ কৈ উঠিল—
‘লাহেকৈ কিবা হৈ যাব৷ ’ —কথাষাৰ কৈয়েই সি হাঁহি দিলে৷ অৰুণিমায়ো কিবা এটা যেন বুজি পালে৷
বাইকখন উঠাই থৈ সি হাত-মুখ ধুই আহিল৷
অফিচলৈ যোৱাৰ আগতে সৰু সৰু পুঠিমাছ কেইটামান অৰুক আনি দি গৈছিল সি৷ কিন্তু কিহেৰে বনাব সেই বিষয়ে ক’বলৈ পাহৰিলে৷ তথাপি তাৰ এইবোৰত বৰ-এটা চিন্তা নাই৷ সি কি খাই ভালপায়, তাই তাৰ ভালকৈয়ে খেয়াল ৰাখে৷
ভজা মাছ এটা মুখত দি দাইলেৰে ভাত এমুঠি সানি সানি সি ক’লে—
‘ভাগ্য ভাল! ’
‘কিয়? ’
‘মাছ যে টেঙাৰে নবনালা যোৱাবাৰ তোমালোকৰ ঘৰলৈ যাওঁতে…’
‘আমাৰ ঘৰ? ’
‘নহয় অ’, ‘তোমালোকৰ ঘৰ’ মানে— মাৰাৰ… নহয় নহয়, শাহু-শহুৰৰ ঘৰলৈ যাওঁতে যে মই নিজহাতে থেকেৰা টেঙা হাঁকুটিয়াই আনিছিলো আৰু তাৰে যে আধা ‘বুঢ়ী’য়ে জা’কক ভেটিলে…’
‘আমাৰ মাক কিন্তু ‘বুঢ়ী’ বুলি নক’ব দেই৷ ’
‘নকওঁ দিয়া; ‘বাইদেউ’ বুলি মাতিম
’ভেঙুচালি নকৰিবচোন৷ ’
‘মই পাৰি অনা থেকেৰাকেইটা শাহুআয়ে যে সাদৰেৰে মোনাত ভৰাই দি পঠিয়াইছিল…’
‘আচল কথাটো কওক৷ ’
‘সেইকেইটাৰ শুঠি কৰি ৰ’দত দি তুমি টেমাত ভৰাই থোৱা নাই জানো? ’
‘থৈছো৷ কি হ’ল? ’
‘তাৰে যে পুঠিমাছকেইটা জোল নবনালা, তাৰ বাবে ৰক্ষা
’ ‘কেলেই? ’
বিশ্বজিতে তাইৰ পেটটোৰ ফালে চাই লাহেকৈ ক’লে
‘এনে অৱস্থাত টেঙা খাব নাপায়! ’
‘যা! ’
অৰুণিমাই কিবা এটা আনিবলৈ ৰান্ধনীঘৰলৈ দৌৰ মাৰে৷

***

‘প্ৰতিটো শিশুৱেই দেৱদূত,
স্বৰ্গৰ ফুলনিৰ পৰা নামি অহা…’—

‘কথাষাৰ কোনে কৈছিল, কোৱা’ —অৰুক সুধিলে সি৷ তাই তাৰ ফালে পোন্দোৱাকৈ চালে৷ চকুত এনে ভাব— এই কথাটোও নাজানে
’’কথাষাৰ’ নহয়, ‘কবিতা ফাকি’; মেগন কছাৰীয়ে৷ ’ —কথাষাৰ কৈয়েই তাই তাৰ কাষৰ পৰা লৰ মাৰিব খুজিলে৷ কাৰণ, গিৰীয়েকে কথাবোৰ কোন ফালে পোনাব খুজিছে তাই খুব ভালকৈয়ে বুজে৷ বিশ্বজিতে তাইক হাত এখনত থাপ মাৰি ধৰি ৰাখিলে৷
‘চাওঁ, ৰান্ধনী ঘৰৰ পৰা আজৰি হৈ লওঁ৷ ’
‘সময় পাৰ হৈ যোৱা নাই ৰ’বা৷ কথা এটা কওঁ৷ ’
‘কি কথা? ’
‘অন্ততঃ তিনি মাহমান সাৱধানেৰে থাকিবা দেই৷ জোৰ কাম-বন একো নকৰিবা৷ ’
তাই হাঁহিলে৷ হঠাৎ কথাৰ প্ৰসংগ সলনি কৰাৰ দৰেকৈ তাই ক’লে—
‘আজি ঘৰলৈ ফেৰীৱালা আহিছিল৷ ’
‘কাপোৰৰ? ’
‘নহয়৷ বাচন-বৰ্তনৰ৷ গাম্‌লা এটা ৰাখিলো৷ ’
‘কি ৰাখিলা? ’
‘গাম্‌লা এটা৷ ’
‘কি গাম্‌লাহে কোন ভাষাৰ শব্দ এইটো? অভিধানত থকা শব্দনে? ’
তাইৰ মুখখন ফুলি উঠে৷ অভিমানত৷ তাই আৰু মুখেৰে একো মাত-বোল নকৰি উঠি যাব খোজোঁতে সি তাইক জোৰকৈ বহুৱাই দিলে৷
’মই কোৱা শব্দটো ভুল৷ নিজে এক্‌কেবাৰে ব—ৰ শুদ্ধকৈ কয়
’ ‘কওঁতো৷ কোৱাচোন মই কোনদিনা ভুল শব্দ কৈছো? বাৰু, বাদ দিয়া সেইবোৰ৷ কোৱাচোন, তোমাৰ ‘গাম্‌লা’টো কিহৰ দৰকাৰত ৰাখিলা— মস্ত বাল্টি আৰু কলহকেইটা থাকোঁতেই? ’
‘কুঁৱাৰ পানী একেবাৰে তলি পাইছেগৈ৷ ৰছীডালেৰে কোনোমতেহে ঢুকি পায়৷ মইতো ইমান তলৰ পৰা পানী উঠাব নোৱাৰিম৷ ’
কথাষাৰ কৈ তাই বিশ্বজিতৰ মুখৰ অভিব্যক্তি আঁৰ-চকুৰে লক্ষ্য কৰিলে৷ সি নিৰুদ্বেগভাৱে তাইৰ মুখৰ ফালে চাই আছে৷ তাই কৈ গ’ল—
‘আপুনি অফিচলৈ যোৱাৰ আগতে এই ‘গাম্‌লা’টোত, মানে আপোনাৰ ভাষাত ‘চৰিয়া’টোত, পানী উঠাই থৈ যাব লাগিব৷ ’
বিশ্বজিতে তাইৰ পেটটোৰ ফালে চাই হামি এটা মাৰি লাহেকৈ কয়—
’উঠাম দিয়া…

***

বিশ্বজিতে অফিচৰ পৰা আহি ছাৰ্ট-পেণ্টযোৰ আল্‌নাত খুলি থৈ পুৰণা গামোচাখন পিন্ধি, হাতত টাৱেলখন লৈ গা ধুবলৈ ওলাই গ’ল৷ তাৰ পিছে পিছে চাবোনৰ কেছটো লৈ অৰুণিমা৷
বিশ্বজিতে বাথৰুমৰ দুৱাৰখন খুলি দি দেখিলে— বাল্টিটোত এবাল্টি পানী ফিল্টাৰ কৰি থোৱা আছে৷ সি পিছফালে ঘূৰি চালে৷ হাতত চাবোনৰ কেছটো লৈ অৰু৷ তাই ভোৰ্‌ভোৰাই কোৱাৰ দৰেকৈ ক’লে
..’গা ধুবলৈ আহিলে হাতত চাবোনখনো লৈ আহিব লাগে
’ ‘কৃষ্ণ! ‘চাবোনখন’ নহয়, ‘চাবোনডোখৰ’
‘হ’ব দিয়ক মোৰ গোসাঁই! শব্দ-বিশেষজ্ঞ মোৰ৷’
তাই চাবোনডোখৰ থৈ তাৰ ফালে এবাৰ পোন্দোৱাকৈ চাই গুচি গ’ল৷ কিবা এটা অকাৰণতে তাৰ হাঁহিও উঠিল৷ হঠাৎ তাৰ চকু পৰিল কুঁৱাটোৰ একাষত থকা ফিল্টাৰটোৰ ওচৰৰ ‘গাম্‌লা’টোত৷ পানীৰে ফুল হৈ আছে৷ তাৰ কাণৰ কাষত যেন গুণ্‌গুনাই বাজি উঠিল—- ‘…কুঁৱাৰ পানী একেবাৰে তলি পাইছেগৈ৷ ৰছীডালেৰে কোনোমতেহে ঢুকি পায়৷ মইতো ইমান তলৰ পৰা পানী উঠাব নোৱাৰিম৷ …’ তাৰ বেয়া লাগিল৷ সি লৰালৰিকৈ গাটো ধুই কোঠাত সোমালগৈ৷ ডাইনিঙত ভাত বাঢ়ি অৰুৱে তাকেই অপেক্ষা কৰি আছে৷
বিশ্বই গাটো মচি মচি ক’বলৈ ধৰিলে—-
‘মই এক্‌কেবাৰে পাহৰি গ’লো, অৰু৷ ’
‘কি কথা? ’
‘কালি যে তুমি কৈছিলা? ’
‘কিনো কথা? ’
‘কুঁৱাৰ পৰা পানী…’
তাৰ কথা তাই শেষ হ’বলৈ নিদিলে৷ গোটেই মুখমণ্ডলতেই এটা মিঠা হাঁহি বিৰিঙাই তাই ক’লে—
’এতিয়া ভাত খাওক৷ অযথা কথাবোৰ কৈ সময় খৰচ কৰিব নালাগে৷ ’
‘অযথা কথা? ’
‘অঁতো
’কিয়? ’
‘কালি মই ধেমালিতে কুঁৱাৰ পৰা পানী উঠাবলৈ কৈছিলো৷ আপুনি সঁচাকৈ কৈছো বুলিয়েই ধৰি লৈছে৷ ’
‘কথাটো সঁচাটো এনে সময়ত জোৰ কাম কৰিব নালাগে৷ ’
‘হিচাপ ৰাখি সকলো কামেই কৰিব পাৰি৷ আগতেতো এনে অৱস্থাত ঢেঁকীত চাউল বানিছিল, কেঁচাঘৰৰ কাথি মচিছিল৷ আমাৰ মাহঁতে কোৱা শুনিছো নহয়৷ ’
‘আগৰ দিন এতিয়া নাই৷ ’
‘আছে, কিয় নহ’ব? এনে অৱস্থাত যদি শ্ৰম কৰা নাযায়, বহুতো বেমাৰৰ উপসৰ্গই দেখা দিয়ে৷ ’
‘তুমি বহু কথাই জানা দেখোন? ’
‘জানোতোন! ’
ভাত-পানী খাই উঠি বিশ্বই বিছনাত অলপ দীঘল দিলে৷ অৰুৱেও বাচন-বৰ্তনখিনি চপাই পাকঘৰত থৈ হাত-মুখ ধুই আল্‌নাখনৰ কাষত থিয় হ’ল৷ তাই বিশ্বজিতৰ ফালে পিঠি দি তাৰ পেণ্টৰ জেপত হাত ভৰালে৷ পকেটত থকা একামোৰ তামোল তাই উলিয়াই আনিলে— এছিঙা পাণৰ সৈতে৷ তাৰ পিছত গোটেইখিনি তামোল মুখত ভৰাই তাই বিশ্বজিতৰ ফালে ঘূৰি চালে৷
’তামোল খোৱাটো বেয়া৷ গাত ধৰিব পাৰে৷ আগতে দেখোন তুমি ইমান তামোল খোৱা নাছিলা? ’
‘ক’ব নোৱাৰো, তামোল খাবলৈ মোৰ ই—মা—ন মন যায়! ’
সি হাঁহিলে৷ তাৰ পিছত লাহেকৈ ক’লে—
’এইটো সময়ত বোলে বিশেষ কিছুমান বস্তু খাবলৈ ব—ৰ মন যায়! ’
অৰুৱেও তামোল পকটিয়াই পকটিয়াই তাৰ কাষলৈ আগবাঢ়ি আহিল আৰু তাৰ কাষতে বাগৰ দি দুয়োটা চকু বহলকৈ মেলি ক’বলৈ ধৰিলে—-
’আমাৰ বৌৱে ঢেঁকীশালৰ বেৰ এখনৰ মাটিবোৰকেই খাই শেষ কৰি দিছিল…’

***

জি এম চি এইচত অৰুণিমাক দেখুওৱা হৈছিল৷ ডাঃ নাথ ছাৰে খুব মৰম আৰু আন্তৰিকতাৰেই পৰীক্ষা কৰিছিল তাইক প্ৰতি মাহত৷ প্ৰথম অৱস্থাত মাহত এবাৰ, লাহে লাহে ব্যৱধান কম আহি শেষত সপ্তাহত এবাৰকৈ তাইক ডাক্তৰৰ ওচৰলৈ নিয়া হৈছিল৷ এইক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল শইকীয়া বাইদেউ আৰু প্ৰেৰণাই৷ নাৰ্ছৰ গধুৰ দায়িত্বৰ মাজতো লিখা-মেলা আৰু অধ্যয়নত ব্যস্ত থকা শইকীয়া বাইদেউৰ লগত তাৰ সহৃদয়তা গাঢ় হৈ আহিছিল৷ আৰু কবিতা লিখা প্ৰেৰণা? নাথ ছাৰ থকা বুধ্বাৰৰ দিনটোত অৰুক নি বিশ্বজিতে তেওঁলোকৰ হাতত গতাই দিয়াৰ পিছত বিশ্বৰ আৰু কোনো কাম নাথাকে৷ ডাক্তৰৰ লগতে প্ৰেৰণায়ো লাগিয়ে থাকে৷ কবিতা লিখি আৰু পঢ়ি ভালপোৱা প্ৰেৰণা নামৰ নাৰ্ছজনীক এদিন বিশ্বজিতে কৈছিল—
‘ডেলিভাৰীৰ সময়ত কিন্তু আপুনি লগত লাগি থাকিব লাগিবদেই৷ ’
‘হ’ব, হ’ব৷ সেইবোৰ একো টেনছন ল’ব নালাগে৷ ’
‘আপুনি ক’লেই হ’বনে? মোৰ বিৰাট ভয় হৈ আছে৷ ’
‘কিয়? ’
’শুনিছো— মেডিকেলত হেনো বাচ্চা সাল-সলনিৰ বেপাৰো চলি থাকে! ’ —সি ধেমালিৰ সুৰতে ক’লে৷
‘আপুনিও যে কথা কয় আৰু আমি সকলো কথা জানো৷ বেবী এটা জন্ম হোৱাৰ পিছত প্ৰথম আমিয়েই কোঁচত লৈ পৰিচৰ্যা কৰো৷ মাকে একো গমকেই নাপায়৷ কিন্তু বেবীটো জন্মাৰ লগে লগে আমি মাকক সেইটো ল’ৰা নে ছোৱালী দেখুৱাই দি নিশ্চিত কৰাওঁ৷ তাৰ পিছতহে পৰিচৰ্যা৷ এনেক্ষেত্ৰত বেবী সাল-সলনি হোৱাৰ কথাই আহি নপৰে৷ ’
‘কিন্তু পেপাৰে-পত্ৰই যে ওলাই থাকে কথাবোৰ? ’
‘সেইবোৰৰো কাৰণ আছে৷ আপুনিও নিশ্চয় জানে আমাৰ সমাজত ছোৱালী সন্তানতকৈ ল’ৰা সন্তানক বেছি গুৰুত্ব দিয়া হয়৷ আমি এনে বহু মহিলা পাইছো, কন্যা সন্তান হোৱাৰ ‘দোষ’ত যাক পৰিয়ালৰ লোকে, আনকি গিৰীয়েকেও, মেডিকেলতে এৰি পলাই পত্ৰং দিয়ে৷ এনে মহিলা মই খুব কম পাইছো, যাৰ ছোৱালী সন্তান জন্ম হোৱাৰ পিছত এবাৰৰ বাবে হ’লেও মুখত হাঁহি বিৰিঙি উঠিছে গতিকে কিছুমান মহিলাই কন্যা সন্তান হোৱা বুলি গম পালেই কন্দা-কটা আৰম্ভ কৰে আৰু পৰিয়ালৰ লোকক ল’ৰা সন্তান হোৱা বুলি আখৈ মাতে৷ ডাক্তৰ-নাৰ্ছে কয় ছোৱালী হৈছে, প্ৰসূতিয়ে নিজক বচাবৰ কাৰণে কয় ল’ৰা হৈছে৷ লাগি পৰে গণ্ডগোলখন৷ ’
‘তাৰমানে মেডিকেলত বেবী সাল-সলনি হোৱা কথাটো মিছা? ’
‘মই মিছা বুলিয়েই ক’ম৷ সুস্থ মগজুৰ ডাক্তৰ বা নাৰ্ছ এগৰাকীয়ে এনে এটা কাম কেতিয়াও কৰিব নোৱাৰে৷ আপোনাৰ সন্তানটো ছোৱালী হ’লেও সেইটো আপোনাৰেই সন্তান৷ আপোনাৰ তেজৰ সম্পৰ্ক আছে৷ তাৰ ঠাইত আনৰ বেবী এটাক আপুনি বাৰু কোলাত তুলি ল’ব পাৰিবনে— নিজৰটো আনক দি?
তাৰ পিছত প্ৰেৰণাই তাক হাঁহি কয়—
‘চিন্তা নকৰিব৷ আপোনাৰ যদি ছোৱালী হয়, মই কাৰোবাৰ পৰা ল’ৰা এটা দি পঠিয়াম, হ’বনে? ’

***

বুধবাৰ৷ ডাঃ নাথ ছাৰে ক’লে—
‘আজি আপোনালোক চেক্‌আপত আহিছে যদিও আজিয়েই পেচেণ্টক ভৰ্তি কৰাই দিওঁ৷ ’
‘আজিয়েই কিয় ছাৰ? ’
‘বেবীৰ ওজন বেছি আছে আৰু তাৰ গলত কৰ্ড এডালে মেৰিয়াই ধৰি আছে৷ গতিকে নৰ্মেললৈকে বাট নোচোৱাই ভাল হ’ব নেকি পিছত মাক-বাচ্চা দুয়ো কষ্ট পাব পাৰে৷ গতিকে কাইলৈ পুৱাৰ ভাগতেই অপাৰেছন কৰি দিম৷ মই নিজে কৰিম৷ চিন্তা কৰিব নালাগে৷ ’
‘কিন্তু ছাৰ, অপাৰেছন নকৰিলে…’
‘মানে, বাচ্চাৰ গলত যে কৰ্ডডাল লাগি আছে, সেই কাৰণেহে মই অপাৰেছনৰ চিন্তাটো কৰিছো৷ গলত কৰ্ড, মানে আমাৰ গাঁওবোৰত যে ‘বামুণীয়া জন্ম’ বুলি কয়, সেইটো৷ নাড়ী গলত পাক খাই থাকে৷ তেনেকুৱা হ’লে নৰ্মেলৰ সময়ত বেবীয়ে কষ্ট পাব পাৰে৷ গতিকে ছিজাৰিয়ান কৰি দিলে কোনো সমস্যা নাথাকে৷ কোনেও গমকে নাপাব৷ কথা হ’ল, আফ্‌টাৰ ডেলিভাৰী মাকে কিছুদিন সাৱধানেৰে থাকিব লাগিব৷ ’
ছীট দিয়া হ’ল৷
পিছদিনা পুৱা অৰুক বিশ্বজিতে হোটেলৰ পৰা একাপ ৰঙা চাহ আৰু বিস্কুট আনি দিব বিচাৰিলে৷
‘চাহ? কালি ডাক্তৰে একো খাবলৈ মানা কৰা নাই জানো? পাহৰিলে? আপুনি খাই আহকগৈ যাওক৷ ’
‘পিছত খাম৷ কিন্তু কথা এটা কোৱাচোন? ’
‘কি? ’
‘ভয় লাগিছে নেকি? ’
‘নাই৷ ’ —তাইৰ স্পষ্ট উত্তৰ৷
তাইৰ ভিতৰি ভিতৰি অলপ ভয় নলগা নহয়৷ কিন্তু সেই ভাব মুখত দেখুৱালে বিশ্বই নাৰ্ভাছ কৰে বুলি তাই মুখত সাহস দেখুৱাই ক’লে৷
‘ও, ভয় নকৰিবা৷ একো নহয়৷ এটা বেজী দিয়াৰ পিছত তুমি তলফালে একো গমেই নাপাবা৷ কিন্তু কঁকালৰ ওপৰফালে সকলো গম পাই থাকিবা৷ একো কষ্টই নাপাবা৷ মনত সাহস ৰাখিবা দেই৷ ’
‘মোক ইমান ক’ব নালাগে দিয়ক৷ নিজৰ যাতে প্ৰেছাৰ নুঠে, সেইটোহে লক্ষ্য কৰিব তাই হাঁহি কয়৷
একেলগে কেবাজনী মহিলাক অপাৰেছন থিয়েটাৰলৈ লৈ যোৱা হ’ল৷ নাৰ্ছ এজনীয়ে কাগজ এখনত বিশ্বৰ পৰা এটা চহী ল’লে৷ ভিতৰি ভিতৰি কিবা যেন এক অজান আশংকাত বিশ্ব কঁপি উঠিল৷ এই হাঁহি-মাতি থকা মানুহজনী…৷ সি আৰু ভাবিব নোৱাৰে৷ কোনোদিন ভগৱানৰ অস্তিত্ব অনুভৱ নকৰা বিশ্বজিতে যেন মনৰ ভিতৰতে কিবা এটা অদৃশ্য শক্তিৰ ওচৰত নিজকে সমৰ্পণ কৰিলে৷
উৎকণ্ঠা৷
প্ৰেৰণাই এবাৰ বিশ্বজিতক মাত দি থৈ গ’ল৷

***

বিশ্বই গম পালে— কম সময়ৰ ভিতৰতেই অপাৰেছন হৈ গ’ল৷ এটা উৎকণ্ঠাৰ শাম কাটিল৷ কিন্তু বেবীটো? —তাক দৰকাৰ নাই, ল’ৰা হ’লেও হওক, ছোৱালী হ’লেও হওক৷ মুঠতে বেবীটোৰ সিৰাই সিৰাই তাৰ তেজ প্ৰবাহিত হৈ থাকিব লাগিব
অপাৰেছন থিয়েটাৰৰ সন্মুখত মানুহৰ ভিৰ৷ উৎকণ্ঠিত জনতাৰ হেতা-ওপৰা৷ মানুহৰ ভিৰ ঠেলি অ’টিৰ পৰা প্ৰেৰণা ওলাই আহিছে খৰখেদাকৈ৷ দুৱাৰমুখত উৎকণ্ঠিত হৈ থকা বিশ্বৰ হাত এখনত খামোচ মাৰি ধৰি তাই মাথোঁ ক’লে—
‘ল’ৰা হৈছে৷ একদম হেণ্ডছাম এতিয়াই মিঠাই লৈ আহক৷ অ’টিৰ সকলোকে খুৱাব লাগিব৷ চল্লিছ-পঞ্চাছটামান মিঠাই লাগিব৷ সকলোৱে গম পাইছে— মোৰ ফ্ৰেণ্ড হয় বুলি৷ ’ —একে উশাহে কথাখিনি কৈ তাই আকৌ দৌৰাদৌৰিকৈ ভিতৰৰ ফালে দৌৰ দিলে৷
ছিকিউৰিটী গাৰ্ডে অ’টিত কোনো ৰোগীৰ গাৰ্জেনক সোমাব দিয়া নাই৷ এক মিনিটৰ বাবে হ’লেও ভিতৰৰ পৰা নিজ চকুৰে এপাক চাই আহিবৰ বাবে তাৰ মনত ভীষণ ইচ্ছা হ’ল৷ এনেতে শইকীয়া বাইদেৱে ক’ৰবাৰ পৰা হুৰ্‌মূৰ্‌কৈ আহি ছিকিউৰিটী গাৰ্ড এটাক একাষৰীয়াকৈ ঠেলি, বিশ্বৰ হাত এখনত ধৰি ভিতৰলৈ টানি লৈ গ’ল—-
‘ভিতৰত মানুহজনী পৰি আছে, এবাৰ চাই নাহিবনে? ’
ট্ৰেছাৰখনত অৰু শুই আছে৷ ওচৰত বিশ্ব হাজিৰ হ’লগৈ৷
অৰুৰ মুখত যন্ত্ৰণা-মধুৰ এটা শব্দহীন হাঁহি৷ তাই মাথোঁ তাক লাহেকৈ সুধিলে—
’বাবুক দেখিলে? ’

(উছৰ্গা: অপেক্ষা আৰু উৎকণ্ঠাৰ শেষত যি আমাৰ মাজলৈ আহিল…)

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক