দেৱাঃ ন জানন্তি, কুতো মনুষ্যাঃ (অঞ্জল বৰা)

 

দেৱাঃ ন জানন্তি, কুতো মনুষ্যাঃ

অঞ্জল বৰা

 

 

অৰ্দ্ধ আকাশ!! কথাষাৰ পাক-ঘূৰণি খাই অম্লানৰ মনৰ মাজত খেলি থাকিল ৷ জন্মৰে পৰা এতিয়ালৈকে সি দেখি আহিছে তাৰ ঘৰখনত মাক, বায়েক, বৌয়েক আৰু ভতিজীজনীৰ সৈতে গোটেই ঘৰখনৰ এক তৃতীয়াংশ আকাশ কেৱল মহিলাই ভৰি আছে৷ মতা মানুহ বুলিবলৈ তিনিটা দেউতাক, সি আৰু ককায়েক৷ দিনটোৰ ২৪ ঘণ্টাৰ বেছি সময় ঘৰখনৰ পৰা নিজৰ নিজৰ কামত আটাইকেইজন মতা মানুহ আঁতৰিয়েই থাকে৷ সেয়ে ঘৰখনৰ ভিতৰত কি ঘটে তাৰ আও-ভাও সিহঁতে ৰাতি পাই মানে তেতিয়ালৈ দেৰিয়েই হৈ যায়…!!

এক তৃতীয়াংশ মহিলাই আগুৰি থকা তাৰ মৰমৰ ঘৰখন কিয় এদিন ঠান-বান হৈ ভাগি থাকিল… কিয় প্ৰতিজনী মহিলাৰ মাজত খং, অভিমানে আগুৰি ধৰিলে তাৰ অৰ্থ সি কোনো দিনে উলিয়াব পৰা নাই ৷ শইকীয়া-শইকীয়ানীয়ে চাকৰি কালতে পুতেকৰ পছন্দৰে ছোৱালীজনীক চাই-মেলি সামাজিকভাৱে বিয়া পাতি আনিছিল৷ অকলশৰীয়া মাকৰ অকলশৰীয়া ছোৱালী৷ তাৰ বহু দিনৰ আগতে একমাত্ৰ ছোৱালীজনীক বিয়া দি শইকীয়া-শইকীয়ানী আজৰিও হৈছিল৷ সকলো ঠিকেই চলি আছিল৷ কিন্তু শাহুৱেক আৰু বোৱাৰীয়েকৰ মনৰ সংঘাতে সিহঁতৰ সপোন যেন ঘৰখন ভাঙি ঠান-বান কৰি দিলে৷ অৰ্দ্ধআকাশে এখন পূৰ্ণআকাশক দুভাগ কৰি একেখন চোঁতালতে দুখন ঘৰ হিচাপে গঢ়ি তুলিলে৷ কিন্তু সেই আকাশৰ তলত থকা তিনিজন পুৰুষে আজিও একেলগে কথা পাতে, সুখ-দুখৰ অংশীদাৰ হয়৷ অংশীদাৰ নহয় মাথো একেটা ঘৰত থকা দুগৰাকী মহিলা৷ পৃথিৱীত এনে কিবা সমস্যা আছেনে যাক সমাধান কৰিব নোৱাৰি? শাহু-বোৱাৰীৰ সংঘাতৰ বাবে দোষ যাৰেই নাথাকক কিন্তু সেই সংঘাতে কিমান ঘৰ ঠান-বান কৰিছে, কিমান পুৰুষক পিতৃ-মাতৃৰ পৰা আঁতৰাই নিছে তাৰ হিচাপ কোনেও কেতিয়াও লোৱা নাই….!!

নাৰীৰ মনবোৰ বাৰু সঁচাকৈ দেৱতাইও বুজিব নেৱাৰে নেকি? বেজবৰুৱাৰ ‘ভদৰী’ৰ কথা মনত আছেনে? বেজবৰুৱাই ভদৰীৰ মাজেৰে কেৱল চহা অসমীয়া তিৰোতাক বিশ্বৰ আগত পৰিচয় কৰায়েই দিয়া নাছিল৷ তেওঁৰ মাজত বিচাৰি পাইছিল এগৰাকী নাৰীৰ সৰলতা, ত্যাগ আৰু আত্মবলিদানৰ অনুপম গুণসমূহ৷ ডঃ হীৰেন গোহাঞিয়ে কৈছিল “ভদৰীক ভাৰতীয় হিন্দু নাৰীৰ সতীত্বৰ প্ৰতীক বুলি ভাবিলে ভুল হ’ব৷ সতীত্ব এটা অন্ধ-সংস্কাৰ; তাৰ মাজত ব্যক্তিত্বৰ সহৃদয় অভিব্যক্তি নাথাকিবও পাৰে৷ কিন্তু ভদৰীৰ অন্তৰত আমি পাইছোঁ গিৰিয়েক শিশুৰামৰ প্ৰতি গভীৰ আৰু গাঢ় ভালপোৱা৷ দৈনন্দিন জীৱনৰ ধোঁৱা আৰু ছাঁয়ে যাক ঢাকি ৰাখিছে মাত্ৰ৷” হয়৷ ‘ভদৰী’ক কেৱল সাহিত্যৰথীৰ অমৰ সৃষ্টি বুলিয়েই ক’ব নোৱাৰি৷ ভদৰীৰ সেই ত্যাগ, ভদৰীৰ প্ৰেম-ভালপোৱা, শ্ৰদ্ধা, সংস্কাৰ কোনো মানুহ নালাগে দেৱতাৰ বাবেও কোনোকালে বোধগম্য নহ’ব(দেৱাঃ ন জানন্তি, কুতো মনুষ্যাঃ)৷ কিন্তু ভদৰীৰ বিপৰীতে বেজবৰুৱাৰ আন এটা নাৰী চৰিত্ৰ পাতমুগী গল্পৰ “পাতমুগী”য়ে নাৰী মনস্তত্বৰ আন এক উজ্জ্বল দিশ বহন কৰিছে৷ গল্পটোৰ মাজত ‘পুৰুষ জাতিৰ প্ৰৱঞ্চনা’, নিষ্ঠুৰতা, আৰু দুৰ্বলতাৰ’ তিনিটা দিশ পাতমুগীৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছে৷ দুৰ্বলতা নাৰী-পুৰুষ সকলোৰে থাকে৷ গাভৰু বয়সতে স্বামী পৰিত্যক্তা পাতমুগীৰ মনত অন্য পুৰুষৰ প্ৰতি আকৰ্ষণ থকাটো স্বাভাৱিক৷ কিন্তু বয়স আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য নাৰাখি আদিম বাসনাই মনত ভাৰাক্ৰান্ত কৰা পুৰুষ শ্ৰেণীটোৰ মনৰ লালসা দেখি পাতমুগী আচৰিত হৈছে৷ সেয়েহে ঔ টেঙা পাৰিবলৈ গৈ নামি আহোঁতে পাতমুগীৰ মুখত চকু পৰিয়েই আঢ়ৈকুৰি বয়সৰ সম্বন্ধীয়া দদায়েকৰ মনতো তাইৰ প্ৰতি উঠা দূৰ্বলতাৰ উমান তাই ধৰিব পাৰি আনন্দত জঁপিয়াই উঠিছে৷ নাৰীৰ এই আনন্দৰ বিষয়ে পাতমুগীৰ নিজৰ ভাষাত—“দদাই! মোৰ দোষ মৰিষণ কৰা৷ তিৰোতাৰ স্বভাৱৰ বিষয়ে মতা মানুহে কেতিয়াও ভালকৈ নাজানে আৰু জানিবও নোৱাৰে৷ মানুহে নজনাটোতো ঠিকেই? দেৱতায়ো নাজানে বুলি কয়৷ পুৰুষক হাতৰ মুঠিত ল’বলৈ পোৱাটোৱেই তিৰোতাৰ ডাঙৰ আশা৷ পুৰুষক জয় কৰাৰ আনন্দ তিৰোতাই লুকাব নোৱাৰে৷ তেহে সেই পুৰুষজন যেয়েই হওক৷” এয়া নাৰী মনস্তত্ত্বৰ সুন্দৰ প্ৰতিফলন৷ যাক পাতমুগীয়ে অকপটে স্বীকাৰ কৰিছে৷ এই স্বীকাৰত সত্যতা আছে আৰু এই সত্যতাৰ বাবেই নাৰী যুগ যুগ ধৰি পুৰুষৰ বাবে কৌতুহলৰ বিষয় হৈ আছে আৰু হৈ থাকিব৷

নাৰী যদি ব্যতিক্ৰম নহয় তেন্তে নাৰীৰ বাবে এটা বিশেষ সংখ্যা কিয়? নাৰীৰ বাবে চিটীবাছত আসন সংৰক্ষণ কিয়? সংসদত আসন সংৰক্ষণ কিয়? প্ৰয়োজন আছে৷ কাৰণ ভাৰতীয় সভ্যতা, সংস্কৃতিত নাৰী সদায় পূজনীয় হৈ আহিছে৷ শক্তি ৰূপে, ধন-ঐশ্বৰ্যৰ গৰাকী ৰূপে আৰু বিদ্যাৰূপে নাৰী আমাৰ সমাজত সদায় পূজনীয়৷ সেয়ে নাৰীকলৈ সদায় আলোচনা হয়, সমালোচনা হয় আৰু যুগ যুগ ধৰি সৃষ্টি আৰু ধ্বংসৰ কাৰক হিচাপেও চিহ্নিত হৈ থাকে৷ নাৰী আৰু পুৰুষৰ সংঘাত আছিল, আছে আৰু থাকিব৷ যিদিনালৈকে নাৰীয়ে পুৰুষৰ মুক্ত বিচৰণৰ অবাধ স্বাধীনতাক অতিক্ৰম কৰিব নোৱাৰিব তেতিয়ালৈকে নাৰী আৰু পুৰুষৰ সংঘাত চলিয়েই থাকিব৷ কিন্তু এই সংঘাত প্ৰয়োজনীয়নে? ভগৱানে দুটা পৃথক দেহ-মনৰ গৰাকী কৰি নাৰী-পুৰুষক এনেই সৃষ্টি কৰিছেনে? মানুহ হিচাপে সম-অধিকাৰ নাৰী-পুৰুষে পাবই লাগিব৷ কিন্তু ঘৰ এখনক সুচাৰু ৰূপে চলাবলৈ, সমাজ এখনক আগবঢ়াই নিবলৈ নাৰী এগৰাকীক ভগৱানে এনে কিছুমান গুণৰ অধিকাৰী কৰি এই পৃথিৱীলৈ পঠিয়াইছে যিবিলাক পুৰুষৰ মাজত নাই৷ সেই অন্তৰ্নিহিত শক্তি আৰু গুণসমূহক নাৰীয়ে উপলব্ধি নকৰি কেৱল সম-অধিকাৰৰ প্ৰশ্নই “এক আছিল বুঢ়া-বুঢ়ী, নাছিল সিঁহতৰ ল’ৰা-লুৰি (ওলট-পালট)” কবিতাটোৰ দৰে এটা সময়ত বুজিবলৈ বাধ্য হ’ব যে- নাৰী আৰু পুৰুষ এজন মানুহৰ দুটা চকুৰ দৰে৷ এটা চকুৰ অবিহনেও মানুহ জীয়াই থাকিব পাৰিব কিন্তু মুখখনৰ গোটেই সৌন্দৰ্যটোৱেই নোহোৱা হৈ পৰিব৷

নাৰীক লৈ বহু প্ৰবাদ-প্ৰৱচন, ডাকৰ বচন, ফকৰা-যোজনা সমাজত চলি আহিছে৷ “জী ভালেই জোৱাই ভাল”, “ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল”, “তিৰিৰ কপালে ধন, পুৰুষৰ কপালে জন”, “কটাৰি ধৰাবা শিলে, তিৰোতা বাবা কিলে”, “টিক বলধা ওলাই মাটি, মাক ভালে জীয়েক জাতি”, “পথে নাৰী বিবৰ্জিতা” “লাউ সদায় পাতৰ তল” ইত্যাদি অনেক কথা মানুহৰ মুখে মুখে চলি থাকে৷ কিন্তু কথাবোৰ ভবাৰ দৰে সহজ নহয়৷ কোনে কিয়, কি প্ৰসংগত এনেবোৰ প্ৰবচনৰ জন্ম দিলে তাক ক’ব নোৱাৰি৷ কিন্তু যুগ যুগ ধৰি এনে প্ৰবাদ-প্ৰৱচনবোৰৰ মাজত ক’ৰবাত নহয় ক’ৰবাত এটা অন্তৰ্নিহিত সত্য লুকাই আছে৷ সেই সত্যটোকো জীয়াই ৰাখিছে কেৱল নাৰীয়েই৷ আজি আমি সেই সত্য আধুনিক শিক্ষিত সমাজত মানিবলৈ বাধ্য নহয়৷ উচিতো নহয়৷ সেয়ে “নাৰী তুমি অৰ্দ্ধআকাশ”হৈ আমাৰ সমগ্ৰ জীৱন-প্ৰণালীৰ পঞ্চাশ শতাংশ আগুৰি আছে৷ কিন্তু নাৰীয়েই নাৰীৰ প্ৰধান শত্ৰু হৈ বৃহৎ নাৰীশক্তিক প্ৰতিপল প্ৰত্যাহ্বান জনাই আহিছে৷ পুৰুষ সেই প্ৰত্যাহ্বানৰ এটা অংশ মাত্ৰহে৷ নাৰীয়েই নাৰীক বেচিছে, কিনিছে, পৰ-পুৰুষৰ হাতত গতাই দিছে… নিজৰ ঘৰত কাম কৰা ফুল-কুমলীয়া ছোৱালীজনীৰ গাত গৰম পানী ঢালি দিছে, আকৌ কেতিয়াবা যৌতুকৰ বাবে জ্বলাই দিছে৷ নাৰীয়েই যদি নাৰীৰ সুৰক্ষাৰ দায়িত্ব নলয়… নিজৰ ঘৰখনতেই যদি নাৰী নাৰীৰ ওচৰত সুৰক্ষিত নহয় তেন্তে যুগ যুগ ধৰি চলি অহা পুৰুষতান্ত্ৰিক সমাজত নাৰীয়ে নিজৰ অধিকাৰ কেতিয়াও লাভ কৰিব নোৱাৰিব৷

পুৰুষে নাৰীৰ মন বুজি নাপায়৷ কিন্তু নাৰীয়ে বাৰু কেতিয়াবা নাৰীৰ মন বুজিব পাৰিছেনে? এগৰাকী নাৰীয়ে নিজৰ পিতৃ-মাতৃক এৰি থৈ আন এখন নতুন ঘৰলৈ আছে৷ সকলো ঘৰৰে সংস্কাৰ, আদৱ-কায়দা, নীতি-নিয়ম বেলেগ বেলেগ৷ সেইবিলাক শিকিবলৈ বুজিবলৈ প্ৰত্যেক মানুহকে কিছু সময়ৰ প্ৰয়োজন৷ আকৌ নতুন ঠাই এখনলৈ আহোঁতে সেই ঠাইখনৰ নীতি-নিয়্ন মানি চলাতো প্ৰত্যেক মানুহৰে প্ৰধান দায়িত্ব৷ নিজৰখিনি আনৰ আগত জাপি দিবলৈ যাওতে আনৰখিনি গ্ৰহণ কৰাৰ ইচ্ছা আৰু শক্তি দুয়োটাই থাকিব লাগিব৷ কিন্তু শইকীয়ানী আৰু বোৱাৰীৰ মাজত সেই ইচ্ছা আৰু শক্তি কেতিয়াবাই নোহোৱা হৈ পৰিছিল৷ যাৰ বাবে বোৱাৰী হৈ এখন ঘৰলৈ অহা শইকীয়ানী শাহু হৈ নিজৰ মতত অচল হৈ ৰ’ল আৰু আনপিনে আধুনিক শিক্ষিতা বোৱাৰীয়েকে ৩০ বছৰ ধৰি মাকৰ আচলত সোমাই থকা এটা ল’ৰাক আৱেগিক অত্যাচাৰেৰে এটা বছৰৰ ভিতৰতে মাকৰ পৰা বহু দূৰলৈ লৈ গ’ল৷ ইয়াতেই নাৰীৰ জয় লুকাই আছে৷ (পুৰুষক হাতৰ মুঠিত ল’ব পৰাৰ জয়)৷ কিন্তু কোনো দিনে হয়তো বুজিবলৈ চেষ্টা নকৰিলে নিজৰ আপোন মানুহজনৰ মনৰ মাজত লুকাই থকা বিষাদবোধক৷ এতিয়া পুতেক, শহুৰেক আৰু অম্লানৰ কোনো কথাই দুটা নাৰী চৰিত্ৰক এক কৰিব নোৱাৰে৷ ভাগি যোৱা ঘৰখন হাজাৰ চেষ্টা কৰিও নকৈ গঢ়ি তুলিব নোৱাৰে ৷ কাৰণ নাৰী অৰ্দ্ধআকাশ !!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক