দেৱালীৰ চিঠিখেল… (কৃষ্ণা বৰা ফুকন)

সৰুতে দেৱালীত ব’ম ফটকা ফুটুৱাৰ কথা মনত নাই৷ অৱশ্যে পোৱাত এখিনিমান পাইছিলো৷ দেতা ক’হিমাত থাকোতে দেৱালীৰ বন্ধত ঘৰলৈ আহোতে আমালৈ এগালমান ফটকা, ব’ম, কলগছ, চকৰী, ফিফি লৈ আনিছিল আৰু আমাক ভগাই দিছিল৷ যিহেতু মই ব’ম ফটকা নুফুটাইছিলো সেয়ে পিছত ভাইটীৰ লগত কলগছ বা ফিফিৰ লগত সলাই লৈছিলো৷ সন্ধিয়া হোৱাৰ লগে লগে ভাইটীয়ে জেওৰাত গুজি গুজি এটা এটাকৈ দীঘল মাৰিৰে হাকুটিয়াই ফটকা আৰু ব’মবোৰ ফুটাইছিল৷ আৰু মই ফিফি জ্বলাই ঘৰৰ বাৰাণ্ডাৰ পৰা গে’টৰ ওচৰলৈ দুবাৰমান অহাযোৱা কৰিছিলো৷ আনদিনা হ’লে ঘৰৰ ভিতৰৰ পৰা বাৰাণ্ডালৈ ওলাবলৈও মৰভয়! ! দেৱালীৰ কেইদিন কিন্তুু ভয় সংশয়বোৰ নাইকিয়া হৈছিল..! !
এই ব’ম, ফটকা, ফিফি, চকৰী আদি পোৱাৰ ফূৰ্তিতকৈও আমাৰ বাবে দেৱালীৰ আন এক আকৰ্ষণ আছিল নামঘৰৰ ওচৰত গাঁৱৰ দাদা দুজনমানে খেলোৱা চিঠিখেলখন৷ চিঠিখেল হ’ল ল’টাৰী খেলৰ সৰু সংস্কৰণ৷ আজিৰ পৰা প্ৰায় বিশ বছৰমান আগত দেৱালীৰ দিনকেইটাত সাংঘাতিক ঠাণ্ডা পৰিছিল৷ তেতিয়া পূজা কেইদিনতে ডাঠ কুঁৱলী পৰিছিল৷ গতিকে দেৱালীৰ কেইদিনটো একদম হাড় কঁপোৱা ঠাণ্ডা৷ ডাঠ কুঁৱলীত একো মনিব নোৱাৰি, অলপ খোজকাঢ়িলেই মূৰৰ চুলি আৰু হাত তিতি গৈছিল৷ আমাৰ ঘৰৰ পদূলিৰ পৰা তিনিঘৰ মানুহৰ দূৰত্বত থকা নামঘৰৰ আগত হোৱা চিঠিখেলৰ ঠাইত জ্বলোৱা মেণ্ঠল লাইটটো ধিমিক ধামাককৈ জ্বলি থকা চাকিৰ দৰে লাগিছিল৷ চিঠিখেল চাবলৈ (কেতিয়াবা খেলিবলৈ) গ’লে মায়ে ভাইটী আৰু মোক দুখন এৰীয়া কাপোৰেৰে মেৰিয়াই ডিঙিৰ ওচৰত গাঁথি এটা দি দিছিল৷ কেতিয়াবা বান্দৰ টুপীও পিন্ধি গৈছিলো৷ খুউব বেছি বিশ টকা বা দহ টকা দি পথাইছিল চিঠিখেলত টিকেট লবলৈ৷ আমি সাধাৰণতে এটকীয়া বা আঠ অনা টিকেট লৈছিলো৷ দামী বস্তু থাকিলে টিকেটৰ দাম দহটকা বা বিশটকা হৈছিল৷ সেইবোৰত ট’ৰ্চ, ৪০ ৱাটৰ বাল্ব, আইনা, Nutrela চয়াবিন, কেতিয়াবা হাঁহ ও খেলাইছিল৷ আমি টিকেট লোৱাবোৰত সাধাৰণতে Fair&lovely সৰু ক্ৰী’ম Parachute তেলৰ সৰু টিন, সৰু ক’লগেট, ম’মৰ পেকেট, জুইশলাৰ বান্দোল, সৰু চাৰ্ফৰ পেকেট, ধূপৰ পেকেট, শেম্পুৰ পেকেট আদি বস্তু আছিল৷ কিছুমানে খুউব জিকিছিল৷ কোনোবাই কোৱা শুনিছিলো বোলে যিমানে বেয়া, বেয়া নামত টিকেট লয় সিমানেই হেনো চিঠিখেলত জিকাৰ সম্ভাৱনা বেছি হয়৷ বহুতক সঁচাকৈ দেখিছিলো ’ভেবেলী, কটীয়া, কলী, পখৰা’ আদি কিম্ভূত কিমাকাৰ নামত টিকেট লোৱা আৰু তেনেকুৱা নামতে বস্তুও জিকিছিল৷ আমি দুটাই আকৌ বেয়া নাম ভাবিয়ে নাপাওঁ..! ! এনেই লগৰ কাৰোবাক জোঁকাবলৈ হ’লে পতকৈ শব্দ এটা মনলৈ আহে, কিন্তুু চিঠিখেলত টিকেট লবলৈ আকৌ শব্দবোৰ মনলৈ নাহেই৷ সেয়ে চাগৈ আমি বেছিকৈ বস্তু পোৱা নাছিলো…! !
চিঠিখেলত আমি বিশেষ পাৰদৰ্শিতা দেখাব পৰা নাছিলো৷ তথাপিও চিঠিখেলৰ নিচাটো কিন্তুু সাংঘাতিক আছিল৷ কেতিয়াবা বিশটকা খেলি জুইশলা এটা পাইছিলো, তাকে পাই ফূৰ্তিৰ সীমা নাছিল৷ আটাইতকৈ বেছি ভাল লাগিছিল, দেৱালীৰ দুদিন মানৰ পিছত যেতিয়া ওচৰৰ বৰমাহঁতে বিয়নি মেলত হোৱা আলোচনাত কোৱা শুনো, কেনেকৈ তেওঁলোকৰ ল’ৰাহঁতে পঞ্চাশ, এশ টকালৈকে খেলি একো এটা পাব নোৱাৰিলে..! ! নিজকে টাটা, বিৰলাতকৈ অলপহে কম ভাগ্যৱান যেন লাগিছিল…! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments