দেৱাল (দেৱীকা ফুকন)

ব্যস্ততাপূৰ্ণ চহৰখনৰ এটা কোণত ভৰদুপৰীয়া এখন ঘৰৰ পিছ চোতালৰ পৰিবেশ৷ ঘনবসতিপূৰ্ণ ঠাইখিনিত বাকচৰ দৰে সৰুসৰুকৈ কেবামহলীয়া ঘৰবোৰে আগুৰি আছে৷ সোঁফালে তিনিমহলীয়া আৰু বাওঁফালে দুমহলীয়া ঘৰৰ মাজৰ ঘৰটোৱেই মালাহঁতৰ ঘৰ৷ এটি টিঙৰ চালি দিয়া পুৰণি অসম আৰ্হিৰ ঘৰ৷ কলা বাটাম দিয়া আৰু বগা চূণ মৰা ঘৰটোৰ এসময়ত আছিল চকুত লগা৷ সোঁফালে পুখুৰী আৰু বাওঁফালে খেতিৰ মাটিৰে এখন নদন-বদন ঘৰ৷ এইবোৰ মালায়ে মাকৰ মুখত শুনা কথা৷ এতিয়া বেৰৰ জলঙাৰে পাকঘৰৰ কেৰাহী- চৌকা দেখি থকা ঘৰটো দেখিলে কোনেও বিশ্বাস নকৰে যে এসময়ত এই ঘৰৰ মালিকেই কাষৰ কেবাহলীয়া ঘৰকেইটাৰ মাটিৰ মালিক আছিল৷ মালায়েও নকৰে বিশ্বাস৷ চেতনা হ’বৰ দিন ধৰি কেৱল ভাতমুঠিৰ বাবে হাহাকাৰ কৰা মাকক দেখিলে, এই কথাবোৰ মাকে নিজকে আত্মসন্তুষ্টি জনাবলৈ কোৱা কথাৰ দৰে লাগে তাইৰ৷
পিছপিনৰ চোতালৰ চালিখনৰ তলতে জাপি থোৱা টিঙৰ বাকচ কেইটাৰপৰা পুৰণা কাপোৰ দুখনমান টানি টানি উলিয়াই মালায়ে কথাবোৰ ভাবি আছে৷ ৰাতিপুৱা চাউল কেইটামান ধুই ঘৰৰ এচুকত হোৱা কচুথুৰি এমুঠাকে সিজাই তেল-নিমখ দি পিটিকা কৰি খাইছিল মালা আৰু তাইৰ মাকে৷ দিনটো কেতিয়াবা একো নোখোৱাকৈয়ে কটাই দুয়ো৷ কেতিয়াবা একোকাপ ফিকা চাহেৰে পেটৰ ভোক আঁতৰায়৷ তেনেক্ষেত্ৰত তাই কোনোপধ্যেই নিজৰ ভগা জুপুৰীটোক এসময়ৰ নদন-বদন ৰূপত কল্পনা কৰিব নোৱাৰে৷
বাৰীৰ চুকৰ আমজোপাত কাউৰী পৰিছে৷ দুপৰীয়াটো সিহঁতৰ চিঞৰত ৰজনজনাই গৈছে৷ কাষৰ ঘৰটোৰ ওপৰ মহলাৰপৰা কোনোবাই -’চোহ্ চোহ্’ কৈ কাউৰীবোৰ খেদিবলৈ অপচেষ্টা কৰিছে৷ কিজানি সেইজনৰ শংকা, অমংগল নামিব ঘৰলৈ৷ মালাহঁতে অমংগল আঁতৰাবলৈ কাউৰী খেদিবলগীয়া নহয়৷ তাইৰ বাবে কাউৰীকেইটাৰ চিঞৰ মংগল কাৰকহে৷ সিহঁতৰ চিঞৰ শুনাৰ লগে লগে তাই আমজোপাৰ তললৈ যায়৷ সেইটো সময়ত হয় কাষৰ ঘৰৰ জাবৰ পেলোৱা হয়, অথবা আমজোপাত কেৰ্কেটুৱাটো বগাইহি৷ জাবৰখিনিৰপৰা ঘৰতে সাজি লোৱা লাঠীৰে খুঁচি খুঁচি এক বিশেষ কিটিপত তাই মাছৰ কাঁইট, মুৰ্গীৰ হাড় অথবা অন্য খোৱা বস্তু তুলি আনি পিছ চোতালত বাটি এটাত সজাই থয়, ঘৰৰ কুকুৰ কেইটাৰ বাবে৷ জাবৰ পেলোৱা ঠাইখিনিলৈ সিহঁতক যাব দিব নোৱাৰি৷ এবাৰ বগী কুকুৰজনীক কোনোবাই জাবৰত খোৱাবস্তু খুচৰি থকাৰ কাৰণেই লাঠীৰে মৰিয়াই পিছ ঠেং এখন ভাঙিছিল৷ তেতিয়াৰপৰা মালাই সেই চুৱা পাতনিৰপৰা সিহঁতলৈ খোৱা বুটলি অনাৰ দ্বায়িত্ব ল’লে৷ মাকে সেই লৈ তাইক বকে- ”জীয়ৰী ছোৱালীজনী হৈ ক’ত বেৰা বগাই লোকৰ চুৱা খুচৰি ফুৰ’” -বুলি৷ তাইৰো লাজ লাগে৷ তাতে কাষৰ ঘৰতে তাইৰ স্কুলৰ একেলগে পঢ়া ৰুবুলো থাকে৷ স্কুলৰপৰা আহোঁতে যাওঁতে সদায় অগা-পিছাকৈ গৈ, আনকি স্কুলটো শ্ৰেণীকোঠাত আগে-পিছে বহিও আজিলৈকে মাতবোল কৰি নোপোৱা ৰুবুলে তাইক দেৱাল বগাই চুৱা বুটলা দেখিলে লাজ নলগা নহয়৷ পিছে লেঙেৰী বগী কুকুৰজনী আৰু মনমন নামৰ ক’লা কুকুৰৰ পেট ভৰোৱাৰ কথা মনলৈ আহিলে মালাৰ লাজ হেৰায়৷
কাউৰীজাকে ৰমলীয়াই থকা শুনি হাতৰ কাপোৰ বাকচৰ ওপৰতে থৈ পিছফাললৈ ল’ৰ দিলে মালাই৷ যাওঁতে টিঙৰ বাল্টিটোত ভৰি লাগি উজুটি খাই কোনোমতে নপৰাকৈ থাকিল৷ ”পৰিলিনে সেইজনী”- বুলি মাকে ভিতৰৰ পৰা চিঞৰিলে৷ ৰ’বলৈ সময় নাই! চুৱা পাতনিৰপৰা খোৱা বস্তু কাউৰীয়ে থপিওৱাৰ আগতেই তাই থপিয়াব লাগিব- চিলনীজনীৰ দৰে৷ এইবোৰত তাই পাকৈত হৈ পৰিছে৷ ঠিক সেইদৰে পাকৈত হৈ পৰিছে আমজোপাৰ ডালে ডালে বগাই গৈ কেঁচা আম ছিঙি আনিবলৈ৷ মাকে কয়-”ফৰ্মূটিয়াই পাৰি নলৱ কিয়!” মাকজনীয়ে নুবুজে কথাবোৰ৷ ফৰ্মূটিয়াই পাৰিলে আমবোৰ থলৰ থলৰকৈ মাটিত ফাটি পৰে৷ দুই এটা ফাটিলে বেলেগ কথা; সেইকেইটা তেতিয়া পিৰালিৰ চুকৰ কণ জলকীয়াজোপাৰ দুই এটা ভাঙি তেল- নিমখ সানি কৰকৰা ভাতসাজৰ সংগী হয়৷ কিন্তুু সৰহভাগ আমেই যদি সৰি পৰোঁতে ফাটে তেতিয়া শুকুৰবৰীয়া বজাৰত মালাৰ পয়মাল হয়৷ সিহঁতৰ ঘৰৰপৰা আঁতৰৰ কলনিখনৰ সমুখত বহা শুকুৰবৰীয়া বজাৰত বজাৰ কৰিবলৈ অহা মানুহকেইগৰাকীয়ে লিৰিকি-বিদাৰি চায়৷ অকমান আঁক এটা থাকিলেও আম নিনিয়ে৷ আৰু তেনেকৈ চাৰিটামান নোলোৱাকৈ থাকিলেও মালাৰ কেজিয়ে প্ৰতি চল্লিশ টকাকৈ লোকচান হয়৷ চল্লিশ টকা এটাৰে মালাৰ কণী দুটা, বুট এপোৱামান কিনিবলৈ হয়I
আমজোপাৰ তল পায়গৈ মানে কাউৰীজাক ভুৰুঙকৈ উৰি গৈ কাষৰ বিল্ডিঙত পৰিলগৈ৷ চুহ্ চুহ্ কৈ হাত দাঙি দাঙি মালায়ে বিল্ডিঙৰপৰাও সেইকেইটাক খেদিবলৈ অপচেষ্টা চলালে৷ বিল্ডিঙৰ ওপৰত বহিয়ে কাউৰীকেইজনীয়ে আটাহ পাৰিবলৈ ধৰিলে৷ ”উফ্, কি যে মস্কিল এই কিজনীৰপৰা৷”- মালাই মুখৰ ভিতৰতে ভুৰভুৰালে৷ ইহঁতৰ চিঞৰত এতিয়া বিল্ডিঙৰ ভিতৰৰ মানুহ ওলাই আহিব দেখোন! ইফালে সিফালে চাই তাই আগৰেপৰা দেৱালৰ কাষত থোৱা ভঙা মূঢ়া এটাত উঠি দেৱালৰ সিপাৰলৈ উবুৰি খাই চালে৷ ”ধেৎ, পেলোৱাই নাইচোন চোৱা ভাত! ঐ কাউৰী, কি মৰিবলৈ চিঞৰিছিলি ইমানকৈ? এনেই এনেই দৌৰাই ভৰিটো দুখ পোৱালি৷” -মালাই বকি বকি দেৱালৰ পৰা নামিল৷ টিঙৰ বাল্টিত খুন্দা খাই মাখি ছাল চিগা ভৰিটোত এতিয়াহে যেন তাই বিষ অনুভৱ কৰিলে৷
হঠাৎ আমজোপাৰ ইটো মূৰৰ ফালে কাৰোবাৰ খোজৰ শব্দ শুনি তাই সতৰ্ক হ’ল৷ জৰুৰ এইয়া পাছফালৰ বস্তিটোৰ বদমাছ কেইটা! ইহঁতেও আজিকালি শুকুৰবৰীয়া বজাৰলৈ যায়৷ যাৰ তাৰ ঘৰৰ বাৰীৰ ফলমূল, শাক পাচলি আদি ভৰদুপৰীয়া গিৰিহঁতে ভাত খাই উঠি অলপ জিৰণি লোৱাৰ সময়তে চুৰ কৰে৷ যোৱা শুকুৰবাৰে মালালৈ চাই বজাৰত ইহঁতে বদমাছ হাঁহি মাৰিছিল৷ মালাই সিহঁতৰ বহা ঠাই পাৰ হৈ নিজৰ দোকান লগোৱা ঠাইখিনিলৈ আগুৱাই যাওঁতেহে চকুত পৰিছিল, সিহঁতৰ ঘৰৰ আমজোপাৰ বিপৰীত দিশত থকা অমিতাজোপাৰ পুৰঠ অমিতাকেইটা৷ সিহঁতে পাৰি লোৱা বস্তাত ধুনীয়াকৈ সজাই লৈছিল অমিতাকেইটা৷ মালাৰ অকণো দিগদাৰ হোৱা নাছিল সেইকেইটা চিনাত৷ মুখৰ আগত লাহে লাহে হালধীয়া আঁচ পৰি পকিবলৈ লোৱা অমিতা কেইটা সম্পূৰ্ণ পকিলে বিকিবলৈ বুলি থৈ দিছিল মালাই৷ কেঁচাকেইটা যদি দহ টকাত বিক্ৰী হয়, তেন্তে পকা এটাত পায় ষাঠী টকা৷ সেইভাবি নিজৰ লোভকো সামৰি থৈছিল৷ এতিয়া সেইকেইটাই চাগে আকৌ আহিছে আম পাৰিবলৈ৷ মাককো মাতি লওঁ বুলি ”অ’ মা!! ” বুলি চিঞৰটো দিব লওঁতেই হঠাৎ ইফালৰপৰা মাতিল- ” মালা, মই হয়, নিচিঞৰিবা৷”
ই কি! মাতটো দেখোন আগতে কৰবাত শুনিছে যেন লাগিছে! আমজোপাৰ আঁৰৰপৰা ওলাই অহা শৰীৰটো সম্পূৰ্ণকৈ তাইৰ সমুখত ৰওঁতে তাই নিশ্চিত হ’ল৷ এইয়া তাইৰ চিনাকি সহপাঠী ৰুবুল, যি দেৱালৰ সিপাৰৰ বিল্ডিঙৰ কোনোবা এটা মহলাত থাকে৷ ৰুবুলৰ মাতটো তাই চিনিব পাৰিছে৷ স্কুলত ইংৰাজী পাঠবোৰ সলসলীয়াকৈ পঢ়ি দিব পৰা কেৱল ৰুবুলহে আছে৷ তাই পঢ়াত বেয়া৷ বেয়া মানে তাই পঢ়ি বেয়া পায়৷ পঢ়িনো লাভটো কি হ’ব৷ তাইটো শুকুৰবৰীয়া বজাৰত বাৰীৰ ফলমূল, শাক-পাচলি বিকিয়েই ঘৰ চলাই দিব পাৰিব!
”তুমি???”- ৰুবুলৰ হাতত আম তিনিটা দেখিও নেদেখাৰ ভাও জুৰি মালাই সুধিলে৷ ৰুবুলে হাতৰ আমকেইটা মালাৰ ফালে আগবঢ়াই দি অপৰাধীৰ সুৰত ক’লে-”আ-আম বুটলিব আহিছিলোঁ৷ ”
”তোমালোকে কেঁচা আম খোৱা জানো! অনিল চাচাই বিক্ৰী কৰা সেই সেন্দূৰীয়া আমবোৰহে খোৱা!”- মালাই অবিশ্বাসৰ সুৰত ক’লে৷
”তুমি সেইটো কথা আক’ কেনেকৈ গম্ পালা! ” -ৰুবুলে আঁচৰিত হৈ তাইক সুধিলে৷ ”তোমাৰ মাক দেখোঁ নহয়, হালধীয়া হালধীয়া মস্ত আমবোৰ কিনে, নিজেই দেখিছোঁ৷“
”বাহ্ তুমি মানে কোনে কি কিনে তাকেই চাই থাকা ন?”- ৰুবুলে তাই জোকাই ক’লে৷
মালাই নিজৰ কথাতে লাজ পোৱাৰ দৰে হ’ল৷ এই অলপ ওস্তাদি মাৰি ফেল্ ফেলকৈ কথা কোৱাৰ বাবেইটো মাকৰ পৰা গটা, গালি চব খায়৷ এতিয়াহে বুজিছে তাই মাকৰ গালি, গটাৰ অৰ্থ৷ কি উত্তৰ দিব ভাবি থাকোঁতেই ৰুবুলে টপক্ কৈ মাত লগালে -“মায়ে সেই আমবোৰ আনি মেংগ’ শ্বেক্ তৈয়াৰ কৰি দিয়ে৷ মোৰ আৰু ভণ্টিৰ কিন্তুু সেইবোৰ ভাল নালাগে৷ “
”তেনেহ’লেনো তোমালোকৰ কি ভাল লাগে! ইমান পূৰঠ হালধীয়া আমবোৰ! মোৰ যে দেখিলেই জিভাৰ পানী পৰে, পিছে খায়হে পোৱা নাই; ইমান যে দাম! ”- কথাখিনি কৈ মালাই জিভা কামুৰি উঠিল৷ আকৌ লেকাম নোহোৱা মুখেৰে কৈ যে পেলালে ফেলফেলকৈ কথা৷
”আমাৰ ঘৰলৈ আহিবাঁ, মাক তোমালৈও মেংগ’ শ্বেক্ তৈয়াৰ কৰি দিবলৈ ক’ম৷” -ৰুবুলে ক’লে৷ মালাই এই কথালৈ কাণ নিদিলে৷ মানুহৰ ঘৰলৈ আলহী খাবলৈ যাবলৈ তাইৰ আহৰি নাই৷ তাতে লেকাম নোহোৱা মুখেৰে মেংগ’ শ্বেকৰ কথা খাবলৈ নোপোৱা ভোকাতুৰৰ দৰে ক’লে কাৰণেহে মাতিছে ৰুবুলে৷ নহ’লে ক’ত ——
এইবাৰ মালাই আমজোপাৰ পাতবোৰৰ মাজে মাজে কিবা বিচৰাৰ নিচিনা কৰিলে৷ ৰুবুলে তলমূৰ কৰি কৈ উঠিল -” মনে মনে আম বুটলাৰ কাৰণে বেয়া নাপাবা৷ ”
মালাই খেচেক্ কৈ কৈ উঠিল -” মতা ল’ৰাটো হৈ ইমান লোভ নে তোমাৰ কেঁচা আমলৈ! মই যে শুনাই নাই ভাই ল’ৰায়ো কেঁচা আম খাই ভাল পাই বুলি৷ ”
ৰুবুলৰ গাত লাগিল- ”ইচ্ আম গছজোপাত ক’ত লিখা আছেনো ল’ৰাই নাখাই বুলি৷ আৰু এনেয়ো মই ভণ্টিৰ কাৰণেহে লৈছো৷ ”
”হ’ব থোৱা, এতিয়া ভণ্টিলে নিওঁ বুলি মিছা নামাতিবাঁ৷ লোভ নাথাকিলে এই দুপৰীয়া মনে মনে লোকৰ বাৰীৰ আম চোৰ কৰেনি কোনোবাই! ”- মুখ চোকা মালাৰ খাৰাংখাচ্ কথা৷
”মই চোৰ নহয় কৈ দিছো! তুমিহে দেৱাল পাৰহৈ আমাৰ চৌহদত দুপৰীয়া কিবা বিচাৰি ফুৰা৷ ”- ৰুবুলৰ গাত লগাত প্ৰত্যুত্তৰ৷
মালাৰ খচঙ্ কৈ খং উঠি গ’ল৷ কিন্তুু ৰুবুলে কোৱা কথাটো ও মিছা নহয়৷ মাকে তাইক সেইকাৰণেই গালি পাৰে ”দুপৰীয়াখন লোকৰ চুৱা পাতনি খুচৰি কুকুৰক খুৱাবলৈ গৈ এদিন লোকে চোৰ সজাব যেতিয়া গম্ পাবি৷ ”
ইফালে ৰুবুলেও হাতৰ আম সৰাপাতৰ ওপৰত দলিয়াই দেৱাল পাৰ হ’বলৈ উদ্যত হ’ল৷
মালাৰ বাবে আনকালে হোৱা হ’লে এইটো কোনো কথাই নাছিল৷ কিন্তুু আজি তাই প্ৰথমবাৰ ৰুবুলৰ লগত কথা পাতিছে৷ বিদ্যালয়ৰ আটাইতকৈ চোকা ল’ৰাটোৱে তাইৰ বাৰীৰ আম বুটলিবলৈ আহিছে মনে মনে৷ তাইৰ ভাবিয়ে ভাল লাগিল, সিহঁতৰ পিছফালৰ চোতালখনত তাই, ৰুবুল আৰু ৰুবুলৰ ভনীয়েকে চোৰ-পুলিছ খেলিব; ৰুবুলৰ মাকে চিঁচাৰ গিলাছত সিহঁত তিনিওটাকে মেংগ’ শ্বেক্ খাবলৈ দিব৷ বগী আৰু মনমনেও সিহঁতৰ আশে পাশে কুঁ-কুঁৱাই দৌৰি ঢাপলি ফুৰিব৷ কি যে ভাল লাগিব৷ মনমন আৰু বগীৰ বাদে তাইৰ বেলেগ খেলাৰ লগ নায়েই৷ একেবাৰে সৰুতে মাকৰ চাদৰেদি পুতলা সাজি খেলিছিল, এতিয়াটো আৰু সেইবোৰ নোৱাৰি৷ কথাবোৰ ভাবিয়েই তাই পিছ চোতালৰ চালিখনৰ তললৈ দৌৰ মাৰিলে৷ ইফালে ৰুবুলে অনভিজ্ঞতাৰ বাবে দেৱাল পাৰ হ’বলৈ কেকোঁ-জেকোঁ কৰি আছে৷ চালিৰ তলতে কাইলৈ বজাৰত বিকিবলৈ বুলি ছিঙি থোৱা ডাঁহেচীয়া আমকেইটাৰ পাঁচটামান সৰু মোনা এটাত ভৰাই মালা চিধাই ৰুবুলৰ কাষ পালেহি৷
-” শুনা, এইকেইটা লোৱা৷ ”
ৰুবুলে মোনাত আম থকাৰ উমান পাই ক’লে-”নালাগে! তুমি মোক চোৰ কৈছা৷ ”
”তুমিয়ো দেখোন মোক ক’লা তেনেকৈ৷ হ’ব দিয়া হিচাব বৰাবৰ৷ এইকেইটা লোৱা৷ কিন্তুু —৷ ” মালাই আধা কৈ ৰৈ গ’ল৷
”’কিন্তুু’ কিয় ক’লা? কি ‘কিন্তুু’? ” – ৰুবুলে সুধিলে৷
ইফালে সিফালে চাই মালাই ক’লে -”আমৰ বদলি মোক কিবা লাগিব৷ ”
”কি কিবা? মোৰ হ’লে পইচা নাই৷ দেতা আহিলে খুজি দিব লাগিব৷ নহ’লে মেংগ’ শ্বেক্ দিম নি? ” – ৰুবুলৰ চিধা প্ৰশ্ন৷
”উহু উহু৷ পইচা, মেংগ’ শ্বেক্ নালাগে একো৷ ” মালাই মূৰ জোকাৰি ক’লে৷
”তেনেহ’লে? ? ”- ৰুবুলৰ কৌতুহলী প্ৰশ্ন৷
”তুমি আৰু তোমাৰ ভণ্টিয়ে বন্ধ দিনত মোৰ লগত খেলিবা? আৰু তোমালোকৰ চুৱা ভাত মানে এই মাছ মাংস খালে যে হাড়-মূৰবোৰ থাকি যায় সেইবোৰ দিব পাৰিবা? ” – চালিৰ তলত পেট পেলাই পৰি থকা বগী আৰু মনমনক দেখুৱাই মালাই সুধিলে৷
ৰুবুলৰ মুখলৈ পানী আহিল -”অ’হ্! হ’ব, আহিম আমি খেলিব আৰু মাক কৈ তোমাৰ ‘দ’গি’ কেইটালৈ পেলনীয়া খানাও দিব পাৰিম৷ ”
মালাই ফুৰ্তিত ঠাইতে জাঁপ এটা মাৰি চোতালৰ কণ-জলকীয়া জোপাৰ পৰা এমুঠা জলকীয়া ছিঙি ৰুবুলৰ বাবে দিয়া আমৰ মোনাত ভৰাই দি ক’লে -” এইকেইটা তোমাৰ মাক দিবা হা৷”
ৰুবুলে আনন্দমনেৰে এইবাৰে একে জাঁপতে দেৱাল পাৰ হ’ল৷
মালাই ভগা মূঢ়াটো দেৱালৰ একেবাৰে কাষ চপাই দিলে৷ ৷ মুখত তাইৰ আনন্দই বিৰাজ কৰিছে৷ কাইলৈৰপৰা যে এইফালে সমাজে বন্ধা দেৱাল খহি বন্ধুত্বৰ দেৱাল গঢ় ল’ব৷
………………………………………………………………………………………………………………

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments