দেৱাল (নিশাংক মিলন)

ৰঙা চকুৱা মাষ্টৰৰ হোম-ৱৰ্ক কৰি নিব পাহৰি স্কুললৈ গৈ চেকনিৰ কোব খাম খাম বুলি ভয়ে ভয়ে সেই ঘণ্টাটোলৈ আপেক্ষা কৰি থকা ল’ৰা এজনে ক্লাচটোৰ আটাইতকৈ চোকা ল’ৰাজনেও হোমৱৰ্ক কৰি নিনিয়া বুলি গম পালে তাৰ মনটো যেনেকৈ কিবা এটা ভাল লাগি যায়, কথাটো শুনি অদিতিৰো মনটো তেনেকুৱাই ভাল লাগিল l যোৱা দুমাহমান ধৰি তাইৰ কেনেকুৱা যে লাগি আছিল l বহুদিন বন্ধ হৈ থকা ঘৰ এটা চাফা কৰি উঠি গা ধুব নোপোৱাকে সভা এখনত বহিব লগা হোৱাৰ দৰে এক অস্বস্তিকৰ বিচ্ছিন্নতাধৰ্মী অনুভূতিl এনে লাগি আছিল যেন সকলোৱে তাইক আঁৰ কৰি তাইক লৈয়ে ফিচিঙা-ফিচিঙি কৰি আছে l

এই ফিচিঙা-ফিচিঙিবোৰেও মনত যে কত ৰকমৰ ভাৱৰ জন্ম দিব পাৰে l পাচঁ বছৰৰ আগতে তাই প্ৰথমবাৰৰ এনে ফিচিঙা-ফিচিঙিবোৰৰ সন্মুখীন হৈছিল l কিন্তু তেতিয়া সেইবোৰে তাইৰ মনত এক বেলেগ ভাৱৰ সৃষ্টি কৰিছিল l সেইকেইদিনত তাই যেতিয়া আকাশৰ লগত পাৰ্কত বহিছিল, চিনেমা চাবলৈ গৈ টিকট কাটি হলৰ গেট খোলালে ভয়ে ভয়ে ইফালে সিফালে চাই আপেক্ষা কৰিছিল, ৰেষ্টুৰেণ্টত বহি কিবা লব লাগে কাৰণেই আগত কফিৰ কাপ লৈ ভুনভুনাই শেষ নোহোৱা কথাবোৰ পাতিছিল, তাইৰ এনে লাগিছিল যেন তাইৰ চাৰিওফালে থকা মানুহবোৰে সিহতৰ ফালেই চাই সিহতৰ কথাকে আলোচনা কৰিছে l ভয় লাগিছিল তাইৰ- যদি কোনোবা চিনাকি মানুহে দেখা পায় ? যদি কোনোবাই বাপেকক লগাই দিয়েগৈ ? “মানুহবোৰৰ কাম নাই আৰু ? ৰেষ্টুৰেণ্টত চাহ নাখালেই নহয় ?” -কেতিয়াবা মনতে ভোৰভোৰাইছিল l

কিন্তু কেতিয়াবা তাইৰ ভালো লাগিছিল l যেতিয়া দুয়ো একেলগে ঘুৰি ফুৰোতে হঠাতে তাইৰ বান্ধৱীকেইজনীমানক লগ পায় আৰু তাই আকাশৰ লগত চিনাকি কৰি দিয়ে -এয়া আকাশ কম্পিউটাৰ ইন্জিনিয়াৰ ; তাৰ পিছত আৰু বান্ধৱীকেইজনীৰ লগত বিশেষ কথা নাপাতি যেতিয়া আকাশ আৰু তাই পুনৰ আগবাঢ়ে তেতিয়াও তাইৰ ভাৱ হয় পাৰ হৈ যোৱা বান্ধৱীকেইজনীয়েও সিহতৰ কথাকে পাতিছে তেতিয়া l তেতিয়া কিন্তু তাইৰ খঙ নুঠে, ভালহে লাগে কিবা এটা l আঁৰ চকুৰে আকাশৰ পিনে চাই ওচৰে পাজৰে কোনো নথকা যেন দেখিলে তাই লাহেকৈ তাৰ হাতখনত ধৰি আৰু কিছু ওচৰ চাপি যায় তাৰ l আকাশেও যেন কিবা বুজি পায়েই এবাৰ তাইৰ ফালে চাই তাইৰ হাত্খন মৃদুভাৱে চেপি ধৰে l তাৰ হাতৰ সেই মৃদু হেচাটোতে যে কেনেকে সুখৰ সকলো ঠিকনা সোমাই পৰে, তাইৰ কম কম লাগি থকা অলেখ কথা যেন সেই এটা স্পৰ্শৰেই সি কৈ দিয়ে !

তাৰ এবছৰ পিছত বেয়া লগা ফিচিঙা-ফিচিঙিবোৰো তাইৰ ভাল লগা হৈছিল l আকাশৰ লগত বিয়া হৈছিল তাইৰ l তেতিয়া তাই যেন মানুহক দেখুৱাবৰ বাবেই বহোতে একেবাৰে গাতে গা লগাই বহিছিল, চিনেমা হলৰ আগত ৰখোতেও গাতে গা লগাই থিয় দিছিল হাহি হাহি কথা পাতিছিল l বিয়াৰ আগতে আকাশৰ লগত ফুৰা দেখি কোনোবা কোনোবা চিনাকি মানুহে দেউতাকক কোৱাত তাই বহুবাৰ দেউতাক আৰু ককায়েকৰ গালি খাই কান্দিব লগীয়া হৈছিল l এতিয়া যেন তাই আকাশৰ লগত আনে দেখাকৈ বেছিকৈ হাঁহি মাতি তাৰেই পোতক লব l মনে মনে যেন ভাৱ-“তেতিয়া লগাইছিলিগৈ নহয়, এতিয়া লগাগৈচোন কোনে পাৰ ??”

বিয়াৰ পিছৰ দুটাবছৰ সম্ভৱ তাইৰ জীৱনৰ আটাইতকৈ ভাল লগা সময় l কোনে জানো কৈছিল সুখৰ হেনো কোনো স্মৃতি নাথাকে, স্মৃতি থাকে কেৱল দুখৰ l কিন্তু তাইৰ সেই সময়চোৱাৰ প্ৰতিটো ঘটনাই স্পষ্ট মনত আছে l প্ৰথম ৰাতিৰ নিবিড়তাৰ পিছত পুৱা আকাশৰ আগত ওলাব তাইৰ এক অদ্ভুত লাজ লাগিছিল, ব্যস্ততাৰ মাজে মাজে আকাশৰ চকুৱে চকুৱে পৰিলেই লাজত ৰঙা পৰো পৰো হৈছিল l আকাশেও কিজানি তাইৰ অৱস্থা বুজি পায়েই চকুৱে চকুৱে পৰিলেই চকু টিপিয়াই বেকা হাঁহি এটাৰে তাইক ঈংগিত দিছিল l উশাহ লবও পাহৰি তাই তেতিয়া ভয়তে চকু দুটা ডাঙৰকৈ মেলি ইফালে সিফালে চাইছিল কোনোবাই দেখা পোৱা নাইতো ? তাৰ পিছত নিশ্চিত হৈহে এটা স্বস্তিৰ নিশ্বাস এৰিছিল-নাই কোনেও দেখা নাই !! এদিনটো ধৰাই পৰিছিল আকাশৰ ভনীয়েক দিপিকাৰ ওচৰত দুয়ো l বিয়াৰ ছদিনমান পিছৰ কথা, কাপোৰ মেলি দি আছিল তাই চোতালৰ এটা মুৰে থকা তাৰডালত l কাষতে সৰু ফুলনিখন; ফুলনিমানে তাত গোলাপ ফুলৰপৰা পালেংশাককে আদি কৰি জলকীয়াৰ গছো আছে l তাতেই ফুলৰ গুৰিত কিবা খুচৰি আছিল আকাশে l তাই জানে আকাশে আঁৰ চকুৰে তাইৰ ফালেই চাই আছে l তাই ইয়াকো জানে তাই যদি তাৰ ফালে চাই তেন্তে সি পুনৰ বেকা হাঁহিটো মাৰি…..l সেয়ে তাই তাৰ ফালে নাচাও বুলিয়েই নাচাই একান্তমনে কাপোৰ মেলি দি আছিল l কিন্তু কেচাঁ আম এটা আগত কাটি থাকিলে, অসুখ হৈ থকাৰ কাৰণে নাখাও নাখাও বুলি ভাবি থাকিও যেনেদৰে শেষত এচকল হলেও খোৱা যায় তেনেদৰেই তাইও শেষৰ তিতা চাদৰখনৰ এটা মুৰ তাৰডালৰ সিফালে দলিয়াই দি থুপ খাই থকা চাদৰখন বহলাই দি দি নাচাও নাচাও কৈ আকাশৰ ফালে চালেl আৰু তাই ভবাৰ দৰেই আকাশে এইবাৰো চকু টিপিয়াই…..l অৱশ্যে এইবাৰ তাই নিশ্চিত হৈ আছিল কাষত কোনো নাই বুলি l কিন্তু তাইৰ ভাবক মিছা প্ৰমাণ কৰিবৰ বাবেই যেন আকাশৰ কলেজত পঢ়ি থকা ভনীয়েক দিপিকাই তাইৰ পিছফালৰ পৰা মাত দিলে-“ম‍ই একো দেখা নাই দেই !!!!” আকাশৰ কথা কব নোৱাৰে কিন্তু তাইৰ এনে লাগিছিল যেন পৰা হলে ঠাইতে নাইকিয়া হৈ একেবাৰে সিহতৰ ৰুমত ওলাবগৈ আৰু এমাহমান দৰ্জা বন্ধ কৰি সোমাই থাকিব l কিন্তু পৰা নাছিল l মাথো লাজত ৰঙা পৰি খালী টিংটো এহাতেৰে ডাঙি কোনোফালে নোচোৱাকৈ খৰখোজেৰে তাৰ পৰা যেন পলাইহে আহিছিল l অৱশ্যে এটা লাভো হৈছিল তাইৰ সেই ঘটনাটোৰ পৰা l কৈ কৈ ভাগৰি পৰিও তাই আকাশৰ যিটো স্বভাৱ এৰুৱাব পৰা নাছিল, সেই স্বভাৱটো তাৰ আৰু নাইকিয়া হৈছিল l বেচ কিছুদিনলৈ তাইৰ দিপিকাৰ আগত ওলাব লাজ লাগি আছিল-কিবা এটা ভাল লগা লাজ l সেইদিনাই আবেলি আকাশক চাহ দিব যাওতে সি তাইক হঠাতে সাৱটি ধৰিছিল দুষ্ট হাঁহি এটাৰে l তাই চিঞৰিব খুজিও চিঞৰিব পৰা নাছিল l অসহায়ৰ দৰে এবাৰ খোলা দুৱাৰখন এবাৰ তাৰ পিনে চাইছিল, তাইৰ এনে লাগিছিল এতিয়াই যেন কাষৰ ড্ৰয়িংৰুমটোৰ পৰা ৰাতিপুৱাৰ দৰে দিপিকা, মাক আৰু দেউতাক চব একেলগে সিহতৰ ৰুমটোলে সোমাই আহিব…

আকাশহঁতৰ ঘৰখন অতি সোনকালেই তাইৰো ঘৰ হৈ পৰিছিলl পোনতে মনে মনে তাইক খুজি চাহত চেনি খোৱা শহুৰেকক তাই নিজেই চাহত চেনি খুজিলে “মাক কৈ দিম ৰব” বুলি মৃদু ধমক দিব পৰা হ’ল l দুপৰীয়া ভাত খাই উঠি দিপিকাৰ লগত মাকৰ পৰা আকাশৰ সৰু কালিৰ দুষ্টামিবোৰৰ কথা শুনি হাঁহিব পৰা হ’ল; দাদাৰ গাত নো এনে কি দেখিছিলা প্ৰেমত পৰিবলৈ বুলি তাইক জোকোৱা দিপিকাক “নিজৰ হলেহে দেখিম” বুলি ওলোটাই জোকাব পৰা হ’ল l

এইবিলাকৰ মাজেদিয়েই দুটা বছৰ পাৰ হৈছিল l আকাশ আৰু তাই আগ্ৰহেৰে এটা কণমানি কান্দোন শুনিবৰ কাৰণে আপেক্ষা কৰিবলৈ আৰম্ভ কৰিছিল l কিন্তু সেই আপেক্ষা শেষ হোৱাৰ কোনো চিন চকুত নপৰাত দুয়ো এদিন ডক্টৰৰ ওচৰ চাপিছিল l তিনিদিনৰ পিছত আকাশে ৰিপৰ্ট আনিব যাওতে তাইৰ খুব ভয় লাগিছিল, ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগতে লগা ভয়ৰ দৰে l আৰু সেইদিনা ৰাতি তাই বিয়াৰ পিছত প্ৰথমবাৰৰ কাৰণে কান্দিছিল আকাশৰ বুকুত সোমাই, তাই অনুতীৰ্ণ হৈছিল l আকাশে দুবাহুত লৈ তাইক বুজনি দিছিল গল্প-উপন্যাসত পঢ়াৰ দৰে- আমাক কোনো সন্তান নালাগে দিয়া দিতি; ম‍ই তোমাক বিছাৰিছিলো, তুমি মোক বিছাৰিছিলা, দুয়ো দুয়োকে পালো আৰুনো কি লাগে ? মানুহেতো বহু বস্তুৱেই বিচাৰে কিন্তু সকলো পায় জানো ? ইয়াৰ পিছত আকাশে তাইক জগদীশ ফুকনকে আদি কেইজনমান মানুহৰ কথা কৈছিল যাৰো কোনো ল’ৰা ছোৱালী নাছিল l তাৰ পিছত কৈছিল আকাশহতৰ গাৱৰ মানুহ এঘৰৰ কথা যাক চহৰত চাকৰি কৰা পুতেকে নিজৰ বিয়ালৈও নামাতিলে আৰু শেষত আকাশে তাইৰ সন্মতি থাকিলে কোনোবা শিশু তুলি লোৱা কথাও কৈছিল l অদিতিয়ে একো কোৱা নাছিল মাথো শুনিছিল আৰু কান্দিছিল l তাৰ পাছৰ পৰা আকাশৰ মৰমবোৰো অদিতিৰ বেছিকৈ পুতৌ যেনহে লাগিব ধৰিছিল l প্ৰায়ে ৰাতি তাই কান্দিছিল l

মাক আৰু নন্দেক দিপিকাও যেন তাইৰ পৰা লাহে লাহে আতৰি পৰিল l আকাশৰ সৰু কালিৰ কথা শুনি মাক আৰু দিপিকাৰ লগত হঁহা সময়খিনি মাকহত ব্যস্ত হৈ পৰিছিল আৰু তাই সেই সময়খিনি অকলে অকলে কন্দা কৰিছিল l অফিচত কাম থকা কাৰণে আকাশো দেৰিকৈ ঘৰ সোমোৱা হৈছিল l তাইৰ এনে লাগিছিল যেন তাইৰ চাৰিওফালে লাহে লাহে এখন অদৃশ্য দেৱাল গঢ় লৈ আহিছে আৰু তাই এটা কুমটিৰ নিচিনাকে ক্ৰমাত্‍ তাৰ ভিতৰৰ পৰা আৰু ভিতৰলৈ সোমাই পৰিছে l এই দেৱালখনৰ বাহিৰত থকা শাহুমাক, দিপিকা আৰু আন মানুহবোৰৰ কথাবোৰৰ দুই এটা কথাৰ চিটিকনিহে তাইৰ কাষ পায় l কথাবোৰ ভালদৰে শুনিবৰ বাবে উদগ্ৰীৱ হৈ তাই ওচৰ চাপি গলেও তাই ঢুকি নাপায়গৈ l এক বিৰক্তিকৰ ফিচিঙা ফিচিঙি l ক্ৰমান্বয়ে অসহ্য হৈ আহিছিল তাইৰ বাবে এই পৰিস্থিতি l অৱশেষত তাই পলায়ন কৰিছিল l আকাশে প্ৰথমতে আপত্তি কৰিছিল কিন্তু শেষত মান্তি হৈছিল l ৰঙা হোমৰ জুইৰে আকাশ আৰু তাইৰ বিয়া হৈছিল আৰু দুটা নীলা চিঞাহীৰ চিগনাচেৰেৰে সিহতৰ বিবাহ বিচ্ছেদ হৈছিল l এদিন তাই অদিতি বৰুৱাৰ পৰা অদিতি শইকীয়া হৈছিল জীৱনৰ সকলো পোৱাৰ আনন্দত আৰু চাৰিবছৰৰ মুৰত তাই অদিতি শ‍ইকীয়াৰ পৰা অদিতি বৰুৱা হৈছিল সকলো হেৰুওৱাৰ বেদনাত l

তাৰ পিছত দেউতাকৰ লগত থাকিল তাই কেইদিনমান, কিন্তু তাতো তাই সেই অসহ্যকৰ ফিচিঙা ফিচিঙিবোৰৰ পৰা মুক্তি নাপালে l তাই বুজি উঠিছিল আমাৰ সমাজখন বিবাহ-বিচ্ছেদৰ অনুমতি দিব পৰাকৈ আধুনিক হৈছে যদিও বিবাহ-বিচ্ছেদিত নাৰীক সহজ আৰু মুক্তভাৱে গ্ৰহণ কৰিব পৰাৰ সমান আধুনিক এতিয়াও হোৱা নাই l

অৱশেষত দেউতাকৰ ঘৰো ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল তাই l দেউতাকৰ উপাৰ্জনৰ ওপৰত বহি খাবৰ বাবে স্বাভিমানে বাধা দিছিল, বৌৱেকৰ ব্যৱহাৰো ভাল নলগা হৈ আহিছিল l বহু বিচাৰ খোচাৰ কৰি চাকৰি এটা পা্লে তাই অৱশেষত কাষৰ চহৰখনত l সাপ্তাহিক বাতৰি কাকত উলিওৱা গোষ্ঠী এটাই নতুন মাহেকীয়া মহিলা আলোচনী এখন উলিয়াব, তাৰেই কাম l প‍ইচা বেছি নাই যদিও নিজে ধুনীয়াকৈ চলি যাব পাৰিব l গতিকে একপ্ৰকাৰৰ স্বস্তিৰ উশাহ এটা লৈয়েই চাকৰিটোত জ‍ইন কৰিলে তাই l

ভাল লাগিছিল তাইৰ কামটো, তাতে তাই সেই ফিচিঙা ফিচিঙিবোৰৰ পৰাও মুক্তি পাইছিল l নতুন চহৰখনত কোনো চিনাকিও নাই তেনেকে তাইৰ, গতিকে সকলো ঠিকেই চলিছিল l কিন্তু এমাহমান আগতে কথা প্ৰসংগত তাইয়েই কব লগা হ’ল যে তাই divorced l আৰু আকৌ তাইৰ চাৰিওফালে সেই পুৰণা দেৱালখন গঢ় লৈ উঠিব ধৰিলে l অসহ্যকৰ ফিচিঙা ফিচিঙিবোৰ যেন আকৌ তাইৰ চাৰিওফালে উৰি ফুৰিব আৰম্ভ কৰিলে l লাহে লাহে কাছৰ দৰে কুচি মুচি তাই পুনৰ সেই দেৱালখনৰ ভিতৰলৈ দিনে প্ৰতিদিনে অলপ অলপকৈ সোমাই যাব ধৰিলে l

তাৰ পিছত হঠাতেই যোৱাকালি তাই অভাৱনীয় ভাৱে গম পালে এই কাকত আৰু আলোচনীৰ মালিক আৰু আলোচনীখনৰ সম্পাদিকা নিৰ্মালী বাইদেউও divorced l কথাটো গম পোৱাৰ পিছৰ পৰাই তাইৰ চাৰিওফালে থকা দেৱালখন যেন হঠাতে আতৰি গৈ গৈ এসময়ত নোহোৱাই হৈ পৰিল l হোমৱৰ্ক কৰি নিনিয়া ল’ৰাজনে ক্লাছৰ আটাইতকৈ চোকা ল’ৰাজনেও হোমৱৰ্ক কৰি নিনিয়া বুলি গম পালে তাৰ মনটো যেনেদৰে কিবা এটা ভাল লাগে, তাইৰ মনটোও কিবা এক তেনেধৰণৰ ভাল লাগি গ’ল l

সেইদিনা দুপৰীয়া অদিতিয়ে গোটেই ষ্টাফটোকে চাহ খুৱালে, কিবা আনন্দত নে কি তাই নজানে l কিন্তু কালিলৈকে তাইৰ চাৰিওফালে থকা দেৱালখনৰ একেবাৰে বাহিৰত থকা মহেশ কলিতাই তাইক “কিহৰ পাৰ্টি” বুলি সোধোতে তাইৰ মুখৰ পৰা আপোনা-আপুনি ওলাই আহিল-“যোৱাবছৰ এই দিনটোতে মোৰ ডিভোৰ্চ হৈছিল!”

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
8 years ago

Bhal lagil porhi