দেৱাল- ৰিতুপৰ্ণা মহন্ত

শিক্ষাসূত্ৰে, কৰ্মসূত্ৰে বহু বছৰ ধৰি ডিব্ৰুগড়ৰ বাসিন্দা৷ এতিয়া যিটো ঘৰত আছোঁ, তাত থকা চাৰি পাঁচ বছৰমানেই হ’ল৷ গলিৰ মূৰলৈ ঘৰটো৷ কাষৰ গলিটোত থকা ঘৰবোৰৰ পাছফালবোৰ দেখি থাকো৷ তেনেই ওচৰতে৷ তথাপি যাব নোৱাৰি৷ বেৰা দি থোৱা আছে৷ এঘৰত অকণমানি ল’ৰা এটি আছে৷ এনে যে মৰমলগা! তাক একেবাৰে পানীকেঁচুৱাৰ পৰা দেখিছোঁ৷ আমাৰ চকুৰ আগতে সি কেঁহো কেঁহোকৈ কান্দিলে, চুঁঁচৰিলে, থুপুক থাপাককৈ খোজ কাঢ়িলে, এতিয়া দেউতাকৰ মটৰ চাইকেলত উঠিব পৰা হ’ল৷ চিনি জানি নাপাওঁ, তথাপি আমি ছোৱালীমখাই খিৰিকীৰে ওপৰৰপৰা তাক জোকাই থাকো৷ মৰমলগা মাকজনীয়ে অকণমানিটোৰ হাতখন জোকাৰি দিয়ে আৰু আমাৰ ফালে দেখুৱাই কয়, “পেহীহঁতক বাই বাই দিয়া আক৷ “ সি হাঁহে৷ একোলা ল’বলৈকে মন যায় তাক৷ কিন্তু কি কৰিম! যাব নোৱাৰো যে৷ কংক্ৰিটৰ দেৱালে ভাগ কৰি থৈছে৷ গাঁৱৰ ঘৰত হ’ব লাগিছিল৷ দিনৰ দিনটো সি আমাৰ লগতে থাকিলহেঁতেন চাগৈ৷ উপায় নাপাই মাকে ক’ব লগীয়া হ’লহেঁতেন, “ঘৰলৈ যাওঁ ব’লা৷ কিমাননো আৰু পেহীহঁতক দিগদাৰি দিয়া!”

এঘৰত নতুনকৈ ৰং দিয়াইছে৷ কিবা অদ্ভুত ৰং৷ সেউজীয়াও নহয়, নীলাও নহয়৷ মুঠেও ভাল লগা নাই৷ আমাৰ গাঁৱত হ’ব লাগিছিল৷ ৰিঙিয়ালোহেঁতেন, “ঘৰটোত এইটোনো কি ৰং দিলে ঔ দাইদ’, আগৰটোৱেই ভাল আছিলচোন৷” বেলকনিৰ কাষতে ঘৰটো৷ ৰিঙিয়াওঁতেই শুনিলেহেঁতেন৷ এতিয়া নোৱাৰো পিছে৷ চিনি জানি নাপাওঁ৷ তাতে কংক্ৰিটৰ দেৱালখনে ভাগ কৰি থৈছে৷

এঘৰে পপকৰ্ণ বনাই বিক্ৰী কৰে হ’বলা৷ সন্ধিয়া হোৱাৰ লগে লগে পপকৰ্ণৰ মলমলীয়া গোন্ধ এটাই জিভাৰ পানী পেলাওঁ পেলাওঁ কৰে৷ আমাৰ গাঁৱৰ ঘৰত হ’ব লাগিছিল৷ চিঞৰিলোহেঁতেন, “বৰবৌ ঐ, গোটেইখন গোন্ধে আমোলমোলাই আছে, মুখ লাগিব দেই এনেকে হ’লে৷ আমাকো মাজে মাজে খাবলৈ দিব৷” পিছে এতিয়া নোৱাৰো চিঞৰিব৷ চিনি জানি নাপাওঁ৷ তাতে কংক্ৰিটৰ দেৱালখনে ভাগ কৰি থৈছে৷

আস! নগৰীয়া জীৱন! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments