দেৱী: লোচন বৰদলৈ

তুমি মোৰ প্ৰেয়সী হোৱাৰ আগতে

এগৰাকী বেশ্যা হ’ব লাগিব

মাছখোৱাৰ বাছ-ষ্টেণ্ডত ৰৈ তুমি গ্ৰাহক মাতিব লাগিব

পল্টন বজাৰৰ দামী-কমদামী হোটেলৰ কোঠাত

উলংগ হৈ মালিকৰ চৰ্ত পূৰণ কৰিব লাগিব

কোনোবাই তোমাৰ পৰ্ণগ্ৰাফী বনালেও

তুমি নিশ্চুপ হৈ থাকিব লাগিব !

এনেকুৱা এটা নিশাৰ পিছত তুমি মোৰ ওচৰলৈ আহিবা

মই ৰৈ থাকিম তোমালৈ হাতত ধূপ-ধূনা লৈ,

অসুৰৰ জগতত তুমি মোৰ কামাখ্যা

কাৰণ তুমি অসুৰ চিনি পোৱা

যিদৰে পাঞ্চালীয়ে চিনি পাইছিল অসুৰ পাণ্ডৱক

তুমি পূজনীয়

তুমি মোৰ আদৰ্শ

ধৰি লোৱা তুমি মোৰ হ’বলগীয়া প্ৰেয়সী আৰু মই পংগু

তুমি দেহা বেচি মোক বুকুৰ গাখীৰ খাবলৈ দিয়া

মোৰ পুৰুষত্বৰ লগত মোক চিনাকি কৰাই দিয়া

ভিক্ষা খোজা মোৰ এই দুহাতৰ ভংগীমাক

তুমি আঁকোৱালি লৈ বক্ষৰ দাঁতৰ আঘাত দেখুওৱা

আৰু মই পংগু অশ্ৰু উলিয়াওঁ।

কাহানিও মই তোমাৰ অশ্ৰু দেখা নাই,

কোনো বিলাসী গাড়ীৰ পৰা তোমাক অৰ্ধ-উলংগ কৰি দলিয়াই দিওতেও তোমাৰ অশ্ৰু দেখা নাই

তুমি স্থিৰ

তুমি কাব্যিক

তুমি পানী

জীৱন নদীৰ নাঁৱত তুমি মোৰ পথ দেখুওৱা দৰিকণা

তুমি এক উগ্ৰ সমালোচক

মাতৃৰ দৰে পুৱা আৰু পত্নীৰ দৰে নিশা

তুমি দেৱী নহয় কি !!

দেৱীবোৰো জানো কাৰোৱাৰ স্বাৰ্থৰ বেশ্যা নহয় !!!

_____________________________________

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments