দেৱ দানৱ ৰাৱণ ৰঘুনন্দন… (জয়ন্ত আকাশ বৰ্মণ)

ক’লীয়া ডাৱৰ৷ ক’লীয়া ডাৱৰ উৰি ৰক্তাভ সূৰুয প্ৰস্ফুটিত হোৱাৰ দ’ৰেই আঁৰকাপোৰ উত্তোলিত হৈ নাট্যমঞ্চত সূৰ্যবংশী ৰাঘৱ ৰাম উন্মীলিত হ’ল৷ বেকগ্ৰাউণ্ড সমুদ্ৰৰ কল্লোলেৰে মুখৰ৷ শত সহস্ৰ বানৰ সেনাৰ প্ৰবেশ-প্ৰস্থান৷ পশ্চাতত উপবিষ্ট নল জাম্বৱন্ত সুগ্ৰীৱ হনুমান৷ লজ্জানত শিৰেৰেই নাতিদূৰত বিভীষণ৷

ৰামে শাৰংগৰ গুণত শেষ টংকাৰ দিলে৷ দশগ্ৰীৱা দশানন ৰাৱণৰ চকু স্থিৰ, অচ্যুত, নিৰ্ভয়৷ প্ৰেক্ষাগৃহত চেপা উত্তেজনা, অন্তিম হাত চাপৰিৰ বাবে উদ্যত দৰ্শকৰ হাত…! ৰাৱনৰ সমাহিত মুখ৷ কঁপি উঠিল ইক্ষাকুকোঁৱৰ ৰাম, ধনুৰ গুণ শিঠিল হৈ পৰিল…

লক্ষ্যভ্ৰষ্ট হ’ল ৰাম৷ দধিচীৰ অস্থিৰে নিৰ্মিত সাৰংগ ধনুৰ পৰা প্ৰক্ষেপিত অব্যৰ্থ বাণে ৰাৱণৰ বুকু নাশালিলে৷ কাঁড়পাত ওপৰেৰে উৰি গৈ সূতাৰে বান্ধি লোৱা ৰাৱনৰ কৃত্ৰিম মুখাখনত লাগিল৷ কাঁড়পাতে সূতাডাল চিগিলে৷ কাঠৰ মুখাখন সুলকি পৰিল৷ লাইটমেনৰ দায়িত্বত থকাজনে মঞ্চৰ লাইটবোৰ নুমুৱাই দিলে৷ মঞ্চ সজ্জাৰ দায়িত্বত থকা কোনোবাই ৰচী খুলি খৰ-ধৰকৈ আঁৰকাপোৰখন নমাই দিলে৷ মঞ্চৰ পৰা আটাইবোৰ ভাৱৰীয়া নামি গ’ল৷ ৰৈ গ’ল মুখাবিহীন, মোচহীন, স্বৰ্ণ মুকুত বিহীন ৰাৱণ আৰু ম্লান মুখেৰে, হাতত ব্যৰ্থ ধনুৰে, খালি তূণেৰে ৰাম৷ মঞ্চৰ আন্ধাৰ আঁতৰাই দিগন্তত মৃদু আভা দেখা গ’ল৷ আঁৰকাপোৰৰ ভিতৰতেই, দৰ্শকৰ অগোচৰতেই অস্তগামী সূৰুযে ৰাম-ৰাৱণ দুয়োৰে মুখখন উজলাই তুলিলে৷ ৰামে দেখিলে, কৃত্ৰিম মুখাৰ তলত লুকাই থকা বৈৰী ৰাৱণৰ সমাহিত সমুজ্জ্বল মুখ৷ লংকাৰ পৰা আহি হনুমানে তেন্তে ঠিকেই কৈছিল- বিশাল কলেৱৰৰ লংকাপতি ৰাৱণ এক প্ৰৌজ্জ্বল ব্যক্তিত্ব- ৰামে ভাবিলে৷

দুয়ো ধীৰে ধীৰে সাগৰৰ পাৰে পাৰে খোজ ল’লে৷ ৰাৱণেই প্ৰথম আৰম্ভ কৰিলে- “ৰঘুনন্দন, তুমি ধনুখন মাটিত ৰাখিব পাৰা৷ ইয়াত আমাক কোনেও নেদেখে৷” ৰামে ধনুখন আৰু তূণটো সোলকাই মাটিত থ’লে৷ এনেয়েও ৰাম অৱশ হৈ আহিছিল৷ গাৰ ওজন পাতলাত ভালেই পালে৷ এজাক শীতল বতাহ বলিছিল, ৰাম-ৰাৱণ দুয়োকেই ধুৱাই নিছিল৷ নগ্ন ভৰিৰেই দুয়ো খোজ লৈছিল অন্তৰীপ গৰকি, সমুদ্ৰৰ পাৰে পাৰে৷

ৰামৰ সোঁবাহুৰ পৰা তেজ নিগৰিছিল, বোধহয় যুদ্ধত আহত হৈছিল৷ ৰাৱণে এডাল লতা বিছাৰি উলিয়ালে৷ তাৰ পাতটো মোহাৰি নিজৰ বস্ত্ৰ এটুকুৰা ফালি ৰামৰ তেজ নিগৰা ঠাইত বান্ধি দিলে৷ নিমিষতে তেজ ৰৈ গ’ল৷ ৰামৰ যন্ত্ৰণাৰ উপশম ঘটিল৷ ৰামে ক’লে- “ৰাৱণ, তুমিতো এজন অসাধাৰণ চিকিৎসক!” ৰাৱণে মৃদুকৈ হাঁহিলে৷ মুখাখন নাথাকিলে ৰাৱণ সঁচাকৈয়েই সুন্দৰ৷

“মই তোমাৰ লগত যুদ্ধ কৰি সঁচাকৈয়েই অন্তৰত বহুত দুখ পাইছোঁ”- ভগৱান কণ্ঠেৰে ৰামে ক’লে- “কিন্তু তুমি মোৰ পত্নীক হৰণ কৰি সঁচাকৈয়েই যে পাপ কৰিছা! মই নিৰুপায়৷”

ক্ষণিকৰ বাবে ৰাৱণৰ দুচকুত গ্লানিৰ কাজল পৰিল৷ মুখেৰে একো নামাতিলে ৰাৱণে৷ সাগৰৰ পাৰত শিল আছিল৷ দুয়ো তাত বহি ল’লে৷ দূৰত ৰাৱণৰ লংকাৰ ধ্বংসস্তুপ৷ ৰাৱণে তাৰ পৰা চকু আঁতৰাই আনিলে৷ ভনীয়েক শূৰ্পনখাৰ হৃদয় বিদাৰক চিঞৰটোৱে পুনৰবাৰ বুকু খহালে৷ সমাহিত কণ্ঠেৰেই ৰাৱণে ক’লে- “ৰাম, শূৰ্পনখা মোৰ বৰ মৰমৰ ভনী আছিল৷ আঁকৰী তাই৷ মৰম পাগলী৷ ককায়েকৰ শৌৰ্যৰে সুৰক্ষিত৷ স্বামীক হেৰোৱাওঁতে তাই কিমান কান্দিছিল মোৰ বুকুত পৰি পৰি! কান্দি কান্দি তাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল৷ তেনেকুৱা মানসিক অবস্থাত তাই এদিন তোমাৰ ভাতৃ লক্ষ্মণক দেখিছিল৷ তাই আকঁৰী৷ তোমালোকৰ সমাজৰ দৰে তাই প্ৰেম নিবেদিব নাজানে৷ অনুভৱক কলাত্মক ৰূপ দিবলৈ তাই নিশিকিলে৷ তাই যি কৰে অন্তৰৰপৰাই কৰে! লক্ষ্মণক দেখি তাইৰ কিবা এক অনুভৱ হৈছিল৷ আৰু সভ্য লক্ষ্মণে কি কৰিলে চোৱা! এগৰাকী মহিলাক প্ৰেম নিবেদন কৰাৰ অপৰাধত নাক কাটি বীৰত্ব দেখুৱালে৷ তেনে অৱস্থাৰে তাই যেতিয়া দেশৰ অধিপতি ককায়েকৰ ওচৰলৈ আহিছিল… ৰাম ময়ো পাগল হৈ গৈছিলোঁ৷ বেদ শাস্ত্ৰ বিশাৰদ ময়ো বিবেকহীন হৈ গৈছিলোঁ৷”

ৰামে একো নক’লে৷ শুনি গ’ল৷ ইমান দিনেতো ৰাৱণৰ লগত যুদ্ধই কৰি আহিল৷ আজি ৰামে শুনিলে৷

“কিন্তু ৰাম…”-ৰাৱণ ৰ’ল৷

“কোৱা”- ৰামে ক’লে৷

“মোৰ মৃত্যুলৈ বেছি পৰ নাই৷ স্বীকাৰ কৰোঁ…”

“কি?” -ৰামে সুধিলে৷

“মই সীতাক অন্তৰৰ অতল গহনতাৰ পৰাই …

সীতাক মই সঁচাকৈয়েই…”

ৰাৱণৰ জন্মবধি অহং চকুত এটোপাল অশ্ৰু তিৰবিৰাইছিল, প্ৰেম-বিষাদ-প্ৰাপ্তি-অপ্ৰাপ্তিৰ অনন্ত অনুভৱেৰে কোমল হৈ পৰিছিল সেই দুনয়ন৷ সীতাৰ গহন মনত বা কি চৰায়ে বাহ বান্ধিছিল! মানিব নোখোজা স্বৰ্ণস্পৰ্শা সপোন এটাই থিতাপি লৈছিল নেকি নিমি জানকীৰ হৃদয়ত! ৰাম সামান্য সন্ত্ৰষ্ট হৈ উঠিল৷

ৰাৱণে বুজিলে৷

ৰাৱণে কথা সলালে৷ “শুনিছোঁ তুমি মুনি বিশ্বমিত্ৰৰ প্ৰিয় শিষ্য?”

ৰামে মূৰ দুপিয়ালে৷

“বিশ্বমিত্ৰইতো মহামুনি হৈও ছলনা, কৌশল চাতুৰীৰে প্ৰেম নকৰাকৈয়েই কিমান নাৰীৰ…!”

ৰাৱন ৰ’ল৷ “সংস্কাৰ ভিন্ন, মূল্যবোধ ভিন্ন, নহয়নে ৰাম?

সূৰ্যবংশী তুমি ৰাম৷ সূৰ্যওতো কলংকিত, একে দোষেৰেই৷ কৰ্তাৰ বংশৰ ওপৰত নিৰ্ভৰ কৰি একেই কৰ্ম কাৰোবাৰ কাৰণে অপৰাধ, কাৰোবাৰ কাৰণে পূজা হয়৷ নহয়নে ৰাম?”

নিৰ্বাক ৰাম৷ সাগৰত ঢৌ আহিছে৷ দূৰত পৰি আছে শত সহস্ৰ বানৰৰ ৰক্তাক্ত মৃতদেহ৷ ইয়াৰ অধিকাংশই নাজানিছিল ৰাম কোন, কোন সীতা, ৰাৱণ অথবা শিলৰ সেঁতু কিয় বান্ধিব লাগিছিল৷ ইহঁতক পুনৰ প্ৰাণ দি সিহঁতৰ নিজ নিজ অৰণ্যলৈ ওভতাই পঠিয়াই দিব পৰা হ’লে! -ৰামৰ অন্তৰ গধূৰ হৈ আহিছিল৷

ৰাৱণে বীণখন কোলাত তুলি ল’লে৷ আজি ৰুদ্ৰতান নাবাজিল৷ ৰাৱণৰ আঙুলিয়ে আজি বিষাদ গধূৰ অস্তৰাগ বজালে৷ সেই সুৰে সমস্ত সমুদ্ৰ তীৰক শান্ত কৰি পেলালে৷ ঢৌবোৰ ৰৈ গ’ল৷ বীণাৰ তানত সাগৰীয় বতাহেও সঁহাৰি দিলে৷ সেই সুৰে যোদ্ধা ৰামক কঁপাই তুলিলে৷ বিষাদৰ স্বৰ এটা কলিজাৰ পৰা উজাই আহিল ৰামৰ৷ যেন শেষ নহয় বিষাদ-মধুৰ এই বীণাৰ হৃদয় জোকাৰি যোৱা তান! ৰামে ৰাৱণৰ সংগীত মুখনিলৈ চালে- এই ৰাৱণেই ৰাৱণ-নিধন যজ্ঞৰ মুখ্য পূজাৰী আছিল৷ সকলো জানি শুনিও ৰামৰ অভীপ্সা সিদ্ধিৰ বাবেই সেই যজ্ঞৰ কুণ্ডত ঘৃতাহুতি ঢালিছিল! সঁচায়ে বিশাল ৰাৱণ! !

ৰাৱণ বীণাৰ অস্তৰাগত মোহিত বেলিও সিদিনা স্তব্ধ হৈ পৰিছিল সেই কিছু ক্ষণ৷ ৰাগিণী শেষ হ’ল৷ ৰাৱণে বীণখন চকু পানীৰে ধুৱালে৷ লাহেকৈ সাগৰৰ ঢৌত এৰি দিলে৷ ৰামে সুধিলে- “ৰাৱণ, তোমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সংগীত৷ দেখিছিলানে তোমাৰ সুৰত কেনেকৈ ৰৈ গৈছিল সময়! বীণখনৰ উত্তৰাধিকাৰ তুমি কাৰোবাক দি নিদিয়া কিয়? পৃথিৱী বঞ্চিত নহওক সেই ৰাগিনীৰ পৰা!” ৰাৱণ আহি ৰামৰ ওচৰত বহিল৷ “সংগীত বীণত নাথাকে ৰাম৷ ই থাকে হৃদয়ত, স্নায়ুতন্ত্ৰত৷ তুমি চাগে জানাই- মোৰ ভগৱান শিৱক আৰাধনা কৰিবলৈ নিজৰ হাতৰ স্নায়ুতন্ত্ৰী আজুৰি ছিঙি তাৰেই তাঁৰ সজাই মই এই বীণখন সাজিছিলো৷ শিৱ স্ত্ৰোতম সংৰচনা কৰি যেতিয়া মই গাইছিলোঁ মোৰ দেৱ শিৱই মোক ৰাৱণ নাম দিছিল৷ গান বীণত নাথাকে ৰাম, থাকে কলিজাত, স্নায়ুতন্ত্ৰত, যাতনাত, বিষাদত…অভিশপ্ত কোনো হৃদয়ত৷”

সাগৰৰ সিপাৰে স্বৰ্ণ লংকা তেতিয়াও জ্বলি শেষ হোৱা নাছিল৷ ৰাৱণে চাই থাকিল ভস্মিত লংকাৰ ফালে৷ “দুখ নকৰিবা ৰাৱণ৷ লংকাখন তোমাৰ নাছিলেই৷ কুবেৰৰ পৰাহে তুমি আজুৰি লৈছিলা”- ৰামে ক’লে৷ “লংকাখন কুবেৰৰো নাছিল৷ শিৱৰ পৰা কূট কৌশল কৰিহে কুবেৰে লৈছিল৷ আৰু দেৱসকলেইতো কুবেৰক অভিশাপ দিছিল- তই মোক যেনেকৈ বঞ্চিত কৰিলি মোৰ মানস কাৰেঙৰ পৰা; তাত তয়ো থাকিব নাপাবি৷ -এয়া আছিল কুৱেৰৰ ওপৰত অভিশাপ৷ মইতো নিমিত্তহে মাথোঁ৷ সম্পদ কাৰোৱেই নিজা নহয় ৰাম৷ কাৰোৱেই নিজা নহয়৷ চোৱা, যোৱাৰ পৰত মই বীনখনো এৰি গ’লোঁ৷” –ৰাৱণে সাগৰৰ পানী এচলু আনি ছটিয়ালে৷

“ৰাৱণ, তোমাক মাৰিবলৈ মোক নিয়তিয়েই নিয়োগ কৰিছে৷ ইয়াত মোৰ কোনো হাত নাই৷ ইয়াত ইচ্ছা -অনিচ্ছাৰ অৱকাশ নাই৷ কিন্তু তুমি যেতিয়া সীতাক অপহৰণ কৰিছিলা, সঁচাকৈয়েই মই ভীষণ ক্ষুণ্ণ হৈছিলোঁ৷”

“মই বুজিছো ৰাম৷” হুমুনিয়াহ কাঢ়িলে ৰাৱণে৷ “তোমাৰ স’তে যুদ্ধত সকলোকে হেৰুৱাই মই যেতিয়া নিসংগ হৈ পৰিছিলোঁ, মই শেষ যজ্ঞ কৰিবলৈ বহিছিলোঁ৷ সেই যজ্ঞ সম্পূৰ্ণ কৰিব পৰা হ’লে যুদ্ধৰ গতি ওলোটা ফালে বোৱাই দিলোহেতেঁন৷ কিন্তু ৰাম, তুমি যজ্ঞত উপবিষ্ট নিৰ্বাক মোক অত্যাচাৰ কৰিবলৈ বানৰ সেনা লগাই দিলা৷ সিহঁতে মোৰ যজ্ঞস্থলী লণ্ড-ভণ্ড কৰি পেলালে৷ তথাপি মই স্থিৰ আছিলোঁ৷ কিন্তু তোমাৰ সেনা অংগদে যেতিয়া মোৰ মহিয়ষী মন্দোদৰীক চুলিত ধৰি চোঁচৰাই লৈ গ’ল….! মই জ্বলি উঠিছিলোঁ ৰাম৷ মই বুজি পাওঁ সেয়ে তোমাৰ মনোবেদনা৷

ৰাম, মন্দোদৰীক মই লংকাতকৈ অধিক ভাল পাওঁ৷ মই স্থিৰেৰে নাথাকিলো৷ যজ্ঞ আধৰুৱা হ’লে মোৰ পতন অনিবাৰ্য বুলি জানিও মই মন্দোদৰীক সুৰক্ষা দিবলৈ যজ্ঞ ত্যাগ কৰিলোঁ৷ কোৱাচোন ৰাম, যি স্থলত মই তোমাৰ যজ্ঞৰ পুৰোহিত হৈ নিজৰ মৃত্যু আৰাধনা কৰিলোঁ, মোৰ যজ্ঞত তোমাৰ কোনটো মহীয়ান গুণে মোৰ নিৰ্দোষী পত্নীক চোঁচৰাই আনিলে? তোমাৰ সীতাৰ আল-পৈচান ধৰিবলৈ দাসীৰ দৰেইতো কাম কৰিছিল মোৰ মহিয়ষী মন্দোদৰীয়ে…! ! !”

ৰাৱণ সামান্য উষ্ম হ’ল৷

আঁতৰত অধোমুখ হৈ বিভীষণ বহি আছিল৷ “আৰু চোৱা ৰাম, সেয়া মোৰ ভ্ৰাতা বিভীষণ৷ নিসংগ মই আজি৷ সি কেনেকৈ মন্ত্ৰণা কৰি আছে মোক নিধন কৰাৰ৷ মই তোমাৰ স’তে কথা পাতিব পাৰো ৰাম, কিন্তু তাৰ স’তে নোৱাৰিম৷ সি মোৰ কোনোৱেই নাছিল৷”

গম্ভীৰ কণ্ঠেৰে ৰামে ক’লে- “সি নিৰ্দোষ৷ সি তোমাক প্ৰথম সু-মন্ত্ৰণাই দিছিল৷ তুমি তাক অপমান কৰিলা৷ সি ধৰ্মৰ সংগ দিছে৷”

কথাখিনি দূৰৈত ৰৈ থকা বিভীষনে শুনিলে চাগে৷ মুখত হাত দি বিভীষণ উচুপি উঠিল৷

“ৰাম, তুমি যেতিয়া একমাত্ৰ তোমাৰ উদ্দেশ্য সিদ্ধিৰ বাবেই সুগ্ৰীৱক বচাই নিৰাপৰাধ বালিৰ বুকুৰে তোমাৰ ধৰ্ম-কাঁড় সৰকাই দিছিলা, তোমাৰ ভাই লক্ষ্মণে তোমাক বাধা দিছিল?”

“নাই দিয়া৷” -চিন্তিত ৰামে ক’লে৷

“এইটো তুমি ধৰ্ম কাম কৰিছিলা?”

নিমাত নিস্পন্দ হৈ গ’ল ৰাম৷

“তেতিয়া কিয় লক্ষ্মণে বালিৰ লগ লাগি তোমাক নিধন কৰাৰ মন্ত্ৰণা নকৰিলে?

চোৱা ৰাম, তোমাৰো ভাই লক্ষ্মণ, মোৰো ভাই বিভীষণ!

মইতো ৰাম তোমাৰ স্ত্ৰীক হৰণ কৰি সম্পূৰ্ণ সুৰক্ষাৰেই মোৰ প্ৰিয় অশোক বনত ৰাখিছিলোঁ৷ তুমিতো নিৰ্দোষ বালিক হত্যা কৰিছা ৰাম৷ তুমি বালি পত্নীক বিধবা সাজিছা৷ দুখ সৰ্বজনীন ৰাম৷

তুমি শুনিছানে বালি পত্নী তাৰাৰ হিয়া ভঙা কান্দোন?”

উচুপি উঠিল ৰাম৷

কান্ধত ধনুখন নাথাকিলে তেনেই সাধাৰণ ৰঘুনন্দন৷ ৰামৰ প্ৰতি ৰাৱণৰ অলপ দুখো লাগিল৷ অসহায় দুৰ্বল পিতৃৰ বাক্য পালন কৰি অবৈধ বুলি জানিও ৰাজকোঁৱৰ ৰাম ওলাই আহিছে বনবাসলৈ৷ নৱ পৰিণীতা স্ত্ৰীক লগত লৈ৷ কৈকেয়ীৰ ষড়যন্ত্ৰৰ বলি বেচেৰা ৰাম! দণ্ডকাৰণ্যৰ সেই অসুৰক্ষিত আন্ধাৰ৷ ৰাৱণৰ কোলাতেই টোপনি গ’ল সূৰ্যবংশী৷ মোহ উপজিল ৰাৱণৰ৷ ভাগৰুৱা ৰাম৷

ৰাৱণৰ কোনো শৈশৱ নাছিল৷ কোনো কৈশোৰ নাছিল৷ কিন্তু তাতকৈওটো দুখৰ ৰামৰ কৈশোৰ৷ ধনু হাতত উঠাই দিয়া হ’ল৷ বিশ্বামিত্ৰৰ নিৰ্দেশত এফালৰ পৰা নিধন কৰি গ’ল অন্য সভ্যতা, অন্য সংস্কৃতি৷ চিন্তাৰ কোনো অৱকাশেই দিয়া নহ’ল৷ মুনিগণৰ স্বাৰ্থত কাঁড়েৰেই ভেদি গ’ল বুকুৰ পিছত বুকু৷ ৰামে বাগৰ সলালে৷ গছৰ পাত এখিলাৰে বিচি দিলে ৰাৱণে৷ শয়নৰত সুন্দৰ নীলাভ নেত্ৰপল্লৱ৷

পোহৰ ঢুকাই আহিল৷ সাগৰখন ক্ৰমাৎ শান্ত হৈ আহিল৷ সাগৰৰ পানীত ওপঙি থকা তেজবোৰ নীলা হৈ কজলা বৰণ ধৰিলে৷ বেলি অপসৃয়মান হৈ পাতত উঠিল৷ অনিচ্ছা সত্বেও ৰাৱণে ৰামক জগালে- “উঠা ৰঘুপতি৷” ৰামে চকু মেলিলে৷ আৰু উভটনি খোজ ল’লে৷ ৰাৱণে শাৰংগ ধনুখন আৰু তূণ হাতত তুলি দিলে৷

“তুমি জানানে লংকাপতি, তুমি মই একেই বংশোদ্ভৱ? তোমাৰ পিতা বিশ্ৰবা মহামুনি পুলস্ত্যৰ বংশজ? পুলস্ত্য ব্ৰহ্মাৰ মানসপুত্ৰৰ সন্ততি? তুমি ব্ৰহ্মজ ৰাৱণ৷ তুমি অৰ্ধ ব্ৰাহ্মণ৷”

“আমি সকলো কুটুম্ব নহয়নে ৰাম?” -নিষ্পৃহ কণ্ঠেৰেই ৰাৱণে ক’লে৷ “কিন্তু দেৱ-দানৱ এইবোৰতো মহামুনিসকলেই বিভাজন কৰিলে৷ ব’লা ৰাম- মোৰ মোক্ষৰ সময় হৈছে৷”

ৰামৰ চকু সজল হ’ল৷ “তুমিও অস্ত্ৰ লোৱা ৰাৱণ৷”

হাঁহিলে ৰাৱণে৷ “ৰাম, মোৰ এতিয়া আৰু কোনো অস্ত্ৰ নাই! এপাত আছে, কিন্তু মই ব্যৱহাৰ নকৰোঁ৷ তোমাৰ তূণত যিপাত অস্ত্ৰ আছে, সমানেই শকতিৰ একেই অস্ত্ৰ মোৰো আছে৷ দুয়ো যদি একে সময়তে ব্যৱহাৰ কৰো ব্ৰহ্মাণ্ড প্ৰলয় হ’ব৷ নাথাকিব তোমাৰ অযোধ্যা, মোৰ লংকা৷ নাথাকিব এই তৰু-তৃণ, এই ধৰা৷ ব’লা ৰাম৷ মঞ্চলৈ ব’লা ৰাম৷ দৰ্শক সকল ৰৈ আছে মোৰ নিধন চাবলৈ৷ ধীৰে-ধীৰে দুয়ো মঞ্চলৈ উঠি গ’ল৷ ৰামে ক’লে- তোমাক মই বন্ধু হিচাপে পোৱাহেতেঁন!”

ৰাৱণে সহাঁৰি দিলে- “হয় ৰাম৷”

“ৰাৱণ, অনুগ্ৰহ কৰি তুমি তোমাৰ অহংকাৰী মুখাখন পিন্ধি লোৱা৷ নহ’লে এইবাৰো মোৰ লক্ষ্যভ্ৰষ্ট হ’ব৷ তোমাৰ মুখাহীন তোমাক মই শৰবিদ্ধ কৰিব নোৱাৰিম৷” ৰাৱণে মুখাখন পিন্ধি ল’লে৷ প্ৰকাণ্ড মোচেৰে তীক্ষ্ণ চকুৰে ৰাৱণ মঞ্চত উঠিল৷ মঞ্চসজ্জাৰ দায়িত্বত থকাজনে আঁৰকাপোৰ ডাঙিলে৷ লাইটমেন জনে মঞ্চ পোহৰাই তুলিলে৷ পশ্চাতপটত ৰণ দুন্দুভি বাজি উঠিল৷ মঞ্চৰ সমুখৰ সমূহ দৰ্শক ৰূদ্ধশ্বাস, হাত চাপৰিৰ বাবে উদ্যত অসংখ্য হাত৷ ৰামে শাৰংগৰ গুণ টানিলে…

বিকট চিঞৰেৰে মঞ্চত পতিত হ’ল ৰাৱণৰ শৰবিদ্ধ কায়া৷ নাটঘৰত জাউৰি জাউৰি হাত চাপৰি…

মঞ্চসজ্জাৰ মানুহজনে ওপৰত লুকাই লুকাই ৰামৰ গাত নাৰ্জি ফুলৰ পাহি ছটিয়ালে।

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

অনন্য আৰু অগতানুগতিক এটা গল্প । কাব্যিকতা, যুক্তিবাদ, ভাতৃত্ববোধ, মানৱতাবাদৰ অপূৰ্ব সংমিশ্ৰণ ।