দৈনন্দিন (গীতি চক্ৰৱৰ্তী)

পুৱা ন-বজাত কৰ্মস্থলী উদ্দেশ্যে আগবাঢ়িছো। আজি আনদিনাৰ দৰে ৰঙা স্কুটি খনৰে নহয় , পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা খোজেৰে যাত্ৰা আৰম্ভ কৰিলো। কিন্তু বাটত নিজকে কিবা অপৰাধী যেনহে লাগিল, বাটত লগ পোৱা এনেকুৱা এজন মানুহ নাই যি মোক শোধা নাই – স্কুটি খন কি হ’ল ?কিয় নানিলা? বেয়া হ’ল নেকি? ইত্যাদি ইত্যাদি।উফ পুলিচেও আচামীক জেৰা কৰোঁতে ইমান প্ৰশ্ন নুশোধে নেকি ?যেন খোজকাঢ়ি আহি আজি মই এক অপৰাধহে কৰিলো। যি কি নহওক প্ৰশ্নৰ উত্তৰ দি দি কেইবা কেলৰি অন্ততঃ খয় হ’ল।
এক কিলোমিটাৰ ৰাস্তাটোৰ আধা কিলোমিটাৰ বাট জনশূন্য, দুয়োফালে কেৱল পথাৰ আৰু কাষে কাষে ৰাধাচূড়া গছৰ ছাঁ। দূৰৈত দুজন বাটৰুৱা ধীৰ গতিৰে বিপৰীত দিশৰ পৰা আহি আছে। এজনে নিজৰ চাইকেলৰ কেৰিয়াৰত মৰাপাটৰ বস্তা এটালৈ ঠেলি ঠেলি আহি আছে।দুয়োজন বন্ধুৱেই হব যেন লাগিল। দেখিলে ধৰিব পাৰি বয়স পয়ত্ৰিছৰ বেছি নহব হয়তো তাতোকৈ কমহে হব।কিন্তু অভাৱে হয়টো আগতীয়াকৈ শৰীৰত বয়সৰ চাব পেলাইছে। তেওঁলোকৰ মাজৰ ভাষ্যবোৰ গাঁওলীয়া পথ তাতে জনশূন্য স্থান হোৱা বাবে মিহি মিহিকৈ ভাঁহি আহিছে। চাইকেল ঠেলি অহাজনে ইজনক কৈ আছে – “বুইছ, কালি মোৰ ইনকাম ভাল , মাছ এপোৱা কিনিলো, এই (ঘৈণীয়েক হ’ব সম্ভৱতঃ) চেন্ডেলৰ ফিটা এডাল আনিব কৈছিল মই ফিটাৰ লগতে চেন্ডেল এযোৰ ও কিনিলো চাৰি কুৰি ললে।আহোতে ৰাস্তাৰ কাষত খাঁহি কাটি আছিল এশ টকাৰ মাংস ও লৈ ল’লো, বাপ্পেকে।” তেনেতে দুয়ো মোৰ কাষেৰে পাৰ হৈ গ’ল।কথা কৈ থকা জনৰ মূগাবৰণ লোৱা বগা চোলাটোৰ দুঠাইত ক’লাসূতাৰ চিলনি স্পষ্টকৈ জিলিকি আছিল। মাতটো আকৌ ভাঁহি আহিল “ৰাতি মাছ খালো এতিয়া মাংসৰে পেট পূৰাই খাই আহিছো তাই বৰ ভালকে ৰান্ধে অ’– ইয়াতকৈ আৰু কি লাগে ক।”— ইজনে উত্তৰ দিলে ঠিকেই কইছ অ। তাৰ পাছত দুয়ো বন্ধুৰ খিল খিলকে মৰা খোলা হাঁহি ভাঁহি আহিল,যি হাঁহি আজিও মোৰ কাণত প্ৰতিধ্বনিত হৈ আছে।
দুয়োজনৰ মাজৰ কথাবতৰা খিনিয়ে মোৰ মনত দ’কৈ সাঁচ পেলাই থৈ গ’ল। মানুহজনৰ আত্মসন্তুষ্টিয়ে বা কবলৈ গলে সুখৰ সীমাবদ্ধতাই মোক আাচম্বিত কৰি তুলিলে।যি মোক ভাবিবলৈ বাধ্য কৰালে যে আমি বোৰে জীৱনত সুখ বিচাৰি বিচাৰি পাৰ্থিৱ সামগ্ৰী গোটোৱাত ইমানে ব্যস্ত হৈ পৰিছো নেকি যে ই আমাক সৰু সৰু আনন্দবোৰৰ পৰাও আতঁৰাই আনিছে। সুউচ্চ অট্টালিকা, মাৰচিডিজ, মাৰ্বল পাথৰৰ মজিয়া, বিলাসী আমোদ প্ৰমোদ ,পৰিচাৰিকাই চেগুন কাঠৰ ডাইনিং টেবুলত সুপৰিকল্পিতভাৱে সজোৱা অত্যাধুনিক নামৰ বিদেশী খাদ্য – পাৰিব জানো এইবোৰে আত্মাক সন্তুষ্ট কৰিব য’ত সন্তান মাতৃৰ চেনেহৰ পৰা বন্ঞ্চিত, য’ত গৃহস্থ টকাৰ পাহাৰ গঢ়াত ব্যস্ত আৰু গৃহিনী কিটি পাৰ্টিত ;হয়তো দুয়োৰে মাজত আজি কত দিন এষাৰ মাতৰো আদান প্ৰদান হোৱা নাই।পাৰিব জানো এইবোৰে মুখত হাঁহি বিৰিঙাব।আনহাতে আজিৰ বাটৰুৱা জনৰ এইবোৰ পাৰ্থিৱ সম্পদ একোৱেই নাই কিন্তু তেওঁৰ সুখ আছে কাৰণ তেওঁ মৰমীয়াল মানুহৰ সংগত আছে।তেওঁ সুখ পাইছে নিজৰ সন্তানৰ লগত খেলি ,পত্নীয়ে আদৰেৰে দিয়া ভাত সাঁজত। এটি খোলা হাঁহিৰ বাবে তেওঁ বাট বুলিব লগা হোৱা নাই কোনোবা লাফিং ক্লাৱলৈ।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক