দৈনন্দিন (চন্দ্ৰমা কলিতা)

দৈনন্দিন

আকাশখনত দুই এটি তৰাফুল আজিও ফুলিছিল,
মই নাজানিলোঁ…
পুৰণি সাঁথৰটিকে দোহাৰি জোনবাইজনীয়ে আজিও হাঁহিছিল,
মই উমান নাপালোঁ।

সন্ধিয়াৰ সেই শেৱালি শেৱালি গোন্ধোৱা সময়কণত,
নতুন সপোন এটি অঁকাৰ কথা আছিল,
মই তুলিকা হাতত ল’ব নোৱাৰিলোঁ।

উকা কেনভাছ,শুকাই যোৱা ৰংবোৰ
অস্তাচলৰ হেঙুলীয়াখিনিৰ হুমুনিয়াহত হেৰাই যায়।
দৈনন্দিন কোলাহলবোৰৰ খেলিমেলিত,
মই পাহৰি থাকোঁ জীৱনক।

(চন্দ্ৰমা কলিতা ১১/০৭/১১)