দৈনন্দিন : দিগন্ত কুমাৰ ভট্টাচাৰ্য

“দৈনন্দিন”

শহুৰ-শাহু আৰু লগতে খুলশালী তিনিজনী আজি পুৱাই অসমৰ পৰা আহি পাইছে। আমাৰ দুজনীয়া কোঠাৰ ফ্লেটটো একেবাৰে ভৰি গ’ল। আধুনিক চহৰীয়া জীৱনৰ ফ্লেট, কেতিয়াবা যেন এনেকুৱা লাগে সোমাই অহাৰ লগে লগে শেষ হৈ থাকিল। বে’লক’নীত গ’লেও সাবধান হোৱাটো অত্যন্ত জৰুৰী নহ’লে মূৰটো অলপ আগ-পিছ কৰিলেই ওপৰ মহলাৰ বেলক’নীত কোনোবাই ধুই মেলি দিয়া গেঞ্জী-অন্তৰ্বাসৰ পৰা পৰি থকা পানীৰ টোপালে আৰামত গাল-মুখ চুমি যোৱাৰ সম্ভাৱনা থাকে। ভাল মুডত থাকিলে সেই টোপালেও অৱশ্যে কেতিয়াবা দীক্ষুৰ ‘বৰষুণ বৰষুণ’ গানৰ কলিটো মুখলৈ লৈ আহিব পাৰে।

আলহী আহিলে মই বেয়া নাপাওঁ কিন্তু ৰাতি কোনখন বিচনাত কাৰ লগত শুব লাগে, সেইটো ভাবি টেনশ্যন আৰম্ভ হয়। এই টেনশ্যনটো মোৰ সৰুকালৰে সংগী। সৰুতে আনৰ ঘৰলৈ বিয়া-সবাহলৈ গ’লে এইটো চিন্তাই মোৰ সকলো আনন্দ শেষ কৰি দিছিল। মায়ে কয়, ‘আমি তিৰোতা কেইজনী মাটিতে থাকিম..তই হেৰিৰ ভিনিহিয়েকৰ খুড়াকৰ শালপতিজনৰ লগতে বিচনাত থাকগৈ যা..’। সেই হেৰিৰ ভিনিহিয়েকৰ খুড়াককেই মই চিনি নাপাওঁ, তাতে আকৌ তেওঁৰো শালপতি! মই মুখ ফুলাওঁ, মায়ে বুজাই – আনৰ ঘৰত আহিলে অলপতো এৰি-ধৰি চলিবই লাগিব! উপাইহীনহৈ মই সেই শালপতিৰ কাষতে বিচনাৰ চুক এটাত পৰি থাকোগৈ, টোপনি নাহে।

আমাৰ বে’ডৰুম দুটাত দুখন বিচনা আছে। তাৰে এখনত শাহু আৰু শ্ৰীমতী আৰু আনখনত খুলশালী তিনিজনী থাকিব। শহুৰ দেউতা দ্ৰয়িংৰুমৰ এজনীয়া বিচনাখনত আৰু মই তুলি এখন পাৰি দ্ৰয়িংৰুমৰ মজিয়াতে শুম – এনেকৈ অংকটো মিলোৱা হৈছিল। এইটো মিলাওতেও কিছু দেৰি লাগিল, নিমিলেহে নিমিলে..যেন অকব’ত হিমজ্যোতিহঁতে দিয়া ফ’টো কুইজহে!

ৰাতি ভাত-পানী খোৱাৰ পিছত মই আৰু শহুৰ দেউতা দ্ৰয়িংৰুমতে বহি টিভি চাই আছোঁ। শ্ৰীমতী আৰু শাহু এটি কোঠাৰ বিচনাত শুই-শুই কথা পাতিছে। আনটো কোঠাৰ বিচনাত খুলশালী তিনিজনীৰ আড্ডা। কোনোবাজনীয়ে লেপট’পত গান শুনিছে, সেই গানকলৈয়ে ‘ছিৰিয়াছ ডিছকাছন’। গানটোত হেনো ৰনবীৰ কাপুৰৰ লগত প্ৰিয়ংকা চোপ্ৰাতকৈ কেটৰিনা কাইফকহে বেছি ভাল লাগিহেঁতেন, ছেলৱাৰ কামিজতকৈ ৱেষ্টাৰ্ণ পিন্ধিলেহে মিলিলেহেঁতেন – ৱাহ, যেন আটাইকেইজনী শ্যাম বেনেগাল, অনুৰাগ বাসুহে! শ্ৰীমতীহঁতৰ আলোচনাৰ বিষয়বস্তু হ’ল তেওঁলোকৰ ঘৰৰ ওচৰৰ শইকীয়াৰ জীয়েক বেবীৰ বিয়া। জোৰণৰপৰা আৰম্ভ কৰিছে শাহু আয়ে বৰ্ণনা কৰিবলৈ।

‘কি?? অণুৱে এইবাৰো সেউজীয়া পাটৰযোৰ পিন্ধি আহিছে, তাই দেখোন সেইযোৰ দুবছৰ আগতে মানুৰ বিয়াতো পিন্ধিছিল..’- সেয়া শ্ৰীমতীৰ চিঞৰ! হয় দেই, এওঁলোকৰ স্মৃতিশক্তিৰ কথা ভাবি মই আচৰিত হৈ যাওঁ কেতিয়াবা। প্ৰায় বিছবছৰ আগৰ বিয়াত কোনে কঁপালত কেনেকুৱা ৰঙৰ ফোঁট লগাইছিল সকলো মনত থাকে এওঁলোকৰ। অৱশ্যে ‘গোলাপ’ কবিতাটো নৱম নে দশম শ্ৰেণীত পঢ়িছিলোঁ বুলি সুধিলে আকৌ “‘গোলাপ’ পঢ়োৱা জ্যোতি বাইদেউৰ চুলিকোছা ইমান ধুনীয়া আছিল!” জাতীয় উত্তৰহে পাওঁ।

বাৰ বাজিবৰ হ’ল। কি চাইছোঁ ধৰিব পৰা নাই, মাত্ৰ শহুৰ দেউতাই চেনেলবোৰ মাজে মাজে বদলাই আছে। মই ভাবি আছোঁ তেওঁ শুই গ’লে লাহেকৈ আমাৰ বক্স পালেঙৰ তলৰপৰা তুলিখন আনি মজিয়াত দীঘল দি পৰো আৰু তেওঁ হয়তো ভাবি আছে মই কেতিয়া তুলিখন আনি শুই যাওঁ যাতে তেওঁ বিচনাখনত শুব পাৰে। মাজতে এবাৰ তুলিখন আনো বুলি শ্ৰীমতীহঁত থকা কোঠালৈ গ’লো। তেওঁলোক ইতিমধ্যে টোপনিত লালকাল। তুলিখন আকৌ পালেঙখনৰ তলত আছে। জগাব ভাল নালাগিল। ভাবিলোঁ আজি ছোফাখনতে শুম। আকৌ শহুৰ দেউতাৰ কাষত বহিলোহি।

‘আজি অলপ গৰম…’
‘হয়…’
‘কালিতকৈ অলপ বেছি নেকি…’
‘হয়, যোৱা শনিবাৰৰ সমান হ’ব চাগে’।
কিছুসময় মনে মনে ৰ’লো। চেনেল সলনি কৰোতে ‘স্প’ৰ্টছ চেনেল’ এটাত ৰখিল।

‘ধোনী বেয়া নহয় কেপ্টেইন হিচাপে..’ এইবাৰ মই আৰম্ভ কৰিলোঁ।
‘কপিলদেৱো ভাল আছিল..’
‘আজিকালি সকলো পইচাৰ খেলা…’
‘অ..মোৰ মানীবেগটো বা ক’ত থলো!’ মানীবেগটো বিচাৰিলে তেওঁ এইবাৰ।

এইবাৰ ‘ৰং’ চেনেল পালেগৈ।
‘ভাড়াঘৰ ভাল কিন্তু…’
‘নাই নাই..নিজৰ ঘৰত থকাৰ সমান মজা নাই লাগিলে সৰুৱেই হওঁক’
‘নহয়, ভাড়াঘৰ ছিৰিয়েলখনৰ কথা কৈছোঁ’ – শহুৰৰ কথাত লাজ পালোঁ।

লাহেকৈ এমটিভি পালে। মই লাহেকৈ ক’লোঁ -‘আৰু অলপ আগ বাঢ়ি যাওঁকচোন। এছেজ টেষ্ট চলি আছে। স্কোৰটো চাই লওঁ।’ এই সময়ত মিউজিক চেনেলবোৰ চোৱাটো খুব সুবিধাজনক নহয়।
‘এইখন বিচনা এজনীয়া? কাঠৰ নহয়?’ -এইবাৰ তেওঁ বিচনাখনলৈ আঙুলিয়ালে।
‘হয়, দুজনো পাৰি..কিন্তু এই গৰমত নোৱাৰি’।
লাহে লাহে চেনেলবোৰত কিবাকিবি প্ৰডাক্ট বিক্ৰীৰ বিজ্ঞাপন আহিবলৈ ধৰিলে। তেওঁ দীঘলীয়া হামি এটা মাৰিলে। ময়ো।
০০০০
ডিঙিটোত সামান্য বিষ অনুভৱ কৰিলোঁ। মোৰ আৰু শহুৰ দেউতাৰ মূৰ দুটি পঞ্চলিশ ডিগ্ৰী কোণ কৰি লগ লাগি আছে। হয়তো ৰাতি আমাৰ মূৰ দুটাই আনজনৰ কান্ধ এখন বিচাৰি একেসময়তে হেলনীয়া হৈছিল আছিল আৰু এটা সময়ত দুয়োটাই মৃদু খুণ্ডা খাই ৰৈ গ’ল এনেকৈ। শহুৰ দেউতাই সাৰ পাই যাব পাৰে বুল মোৰ মূৰটো আঁতৰাব বেয়া লাগিল। এনেয়ে কাহ এটি মাৰিলোঁ। তেৱোঁ কাহ এটিৰে প্ৰত্যুত্তৰ দিলে। বোধকৰো মই উঠালৈ ৰৈ আছিল।

টিভিটো গোটেই ৰাতি চলিয়েই আছে। ‘যোগাসন’ আৰম্ভ হৈছে।
“যোগাসন কৰা ভাল কিন্তু…” শহুৰ দেউতাই ক’লে।
“হয়, প্ৰাণায়ম কৰিলে ভাল লাগে..”
… আনটো কোঠাৰপৰা শ্ৰীমতীহঁতৰ হাঁহি, কথাৰ টুকুৰাবোৰ উৰি আহিছে। আঠমংগলাৰ বিবিধ ব্যঞ্জনৰ লিষ্ট এখন শুনিবলৈ পাইছোঁ। হয়তো বেবীৰ বিয়াৰ দ্বিতীয় খণ্ড আৰম্ভ কৰিছে চাগে শাহুআয়ে!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক