“দৈনন্দিন” (দিগন্ত কুমাৰ ভট্টাচার্য)

বৰুৱাহঁত মুম্বাইলৈ অহা এবছৰেই হ| বিয়া হোৱা দুবছৰতকৈ বেছি হোৱা নাই তেওঁলোকৰ। অসমৰ দুখন সৰু চহৰ, পিছত উৰিষ্যাৰ আন এখন সৰু চহৰত থকাৰ পিছত ডাইৰেক্ট স্বপ্ননগৰী মুম্বাইলৈ ট্ৰান্সফাৰ হোৱাত বৰুৱাপত্নীৰ আনন্দৰ সীমা নোহোৱা হৈছিল| বৰুৱাৰ কিন্তু স্বপ্ন, মায়া এই শব্দবোৰ বুজি পাবলৈ বহু দিন লাগিল|
মুম্বাইলৈ অহাৰ দুমাহ মান পিছত, এদিন বৰুৱাপত্নীয়ে কলে, ‘হেৰা মই হেয়াৰ ষ্ট্ৰেইটেনিং কৰিম বুলি ভাবিছো|’
মানে?’
মানে চুলি চিধা| আজিকালি ইয়াত সকলোৱে কৰে| পইচা অলপ দি যাবা আজি|’
সৰস্বতী পূজাৰ দিনা ফুল গুজি লোৱা তোমাৰ এই কেকোঁৰা চুলিৰেই প্ৰেমত পৰিছিলো মই| নালাগে দিয়া নহলে‘| বৰুৱানীৰ মুখখন লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিলে, বৰুৱাৰ মানী-বেগটো অটমেটিক বেক পকেটৰপৰা আহি হাত পালে|


কিমান লাগিব?’
ছয় হাজাৰমান লাগিব চাগে‘|
কি কোৱাহে? জন্মৰেপৰা আজিলৈ মই কিজানি মুঠ ইমান টকা চেলুনত চুলি কটাওতে খৰচ কৰি পোৱা নাই| তোমাক চুলিখিনি ইস্ত্ৰী কৰাবলৈয়ে ইমান টকা লাগে নে?’
বৰুৱাপত্নীৰ চুলি ষ্ট্ৰেইট হল। পত্নীৰ নতুন ৰূপ, বৰুৱাই সিমান বেয়াও নাপালে।

লাহে লাহে এটি নতুন নিচাই লগ দিলে বৰুৱাপত্নীক -মললৈ গৈ শ্বপিং কৰা আৰু কে.এফ.চি নহলে মেক্ ডিত বাৰ্গাৰ আৰু চিকেন লেগ খোৱা|
এইবোৰ খালে দুদিনতে কিন্তু চাইজ দুগুণ হ‘| বৰুৱাৰ সতৰ্কবাণী। বৰুৱানীয়ে নুশুনে|
তুমি কি বুজিবা? পৰহি ইভিনিং ৱাকত মিচেছ গুপ্তাহঁতে মেক্ ডিৰ নতুন মেক্সিকান স্পাইচ চিকেন বাৰ্গাৰৰ ওপৰত ডিচকাছ কৰি আছিল| মই লাজতে মৰি যোৱা যেন হলো, একো মুখেৰে মাতিব নোৱাৰি নিজকে কিবা বেল যেন লাগিল

সিদিনা বৰুৱাহঁত শ্বপিং কৰিবলৈ গৈ মেক-ডিত সোমাল| বৰুৱা লাইনত ঠিয় হৈ কেনেকে ক, কি কম মুখৰ ভিতৰতে আওৰাই আছে| বৰুৱানী ৰৈ আছে অলপ দূৰত|
হঠাতে এজনী বয়সীয়াল তিৰোতাই ঠিয় হৈ তেওঁ বহি থকা চকীখন আগবঢ়াই দিলে বৰুৱানীলৈ| বৰুৱানী অলপ অপ্ৰস্তুত হ|
আৰে বেটি, এনেকুৱা সময়ত বেছি দেৰি ঠিয় হৈ থকাটো ভাল নহয়‘|
বৰুৱানীয়ে একো নুবুজি ভেবা লাগি মানুহজনীৰ মুখলৈ চাই ৰ|
কিমান মাহ চলি আছে?’ বৰুৱানীক মূৰৰপৰা ভৰিলৈ চাই সুধিলে তেওঁ|
নাই, মই প্ৰেগনেন্ট নহয়‘, উশাহটো চেপি ধৰি পেটটো ভিতৰলৈ নিয়াৰ এক বৃথা চেষ্টা কৰি বৰুৱানী আহি বৰুৱাৰ কাষ পালে|
লা, নাখাওঁ বাৰ্গাৰ|’
হয় দিয়া, এইবোৰতকৈ ঘৰতে ডাইল-ভাত খাওঁগৈ|’, বৰুৱাই মুখ টিপি হাঁহিলে।
ঘৰ নাযাওঁ| বস্তু এটা কিনিম বুলি ভাবিছো….
কি?’
ট্ৰেডমিল! আজিকালি সকলোৰে ঘৰতে থাকে
ঘৰলৈ ট্ৰেডমিল আহিল| বৰুৱানীয়ে দুযোৰ ট্ৰেকচুট আৰু স্পৰ্টচ শ্বুও ললে| লগতে এটা জুছ মেকাৰ| প্ৰথম দুদিনমান জোৰদাৰ ব্যৱহাৰ হল ট্ৰেডমিলটোৰ| এদিন ৰাতিপুৱা কাম কৰা বাইজনীলৈ চাই চাই বৰুৱানীয়ে ফুচফুচাই কলে বৰুৱাক হেৰা, তাইক চোৱাচোন| কেনে ধুনীয়াকৈ ফিগাৰ মেইনটেইন কৰিছে‘|
ফুচফুচাই নকলেও | তাই অসমীয়া বুজে নেকি? মেইনটেইন কৰা কথা যে কৈছা, আচলতে কৰিম বুলি কৰা নাই| নিজে নিজে মেইনটেইনড্ হৈ গৈছে| ঘৰ সৰা-মঁচা এইবোৰ কম এক্সাৰচাইজ নে?’
শুনা না, মই কথা এটা ভাবিছো………
না ৱাৰ্ণিং, না নটিচ পিৰিঅড। বৰুৱাৰ ঘৰত বাইজনীৰ সিদিনাই শেষ দিন হ| পিছদিনাৰপৰা এক বিশেষ উৎসাহেৰে বৰুৱানীয়ে পুৱা উঠিয়ে বাচন ধোৱা, ঘৰ সৰা-মঁচাত লাগি যায়| পুৱাৰ চাহকাপলৈ অপেক্ষা কৰি কৰি বৰুৱাৰ সপ্তাহৰ তিনিদিনেই অফিচলৈ লেট হোৱা হ|

দুখন ট্ৰেইন সলাই ঘৰ আহি পাওঁতে বৰুৱাৰ ৰাতি নটা বাজে| সেইখিনি সময়ত বৰুৱাপত্নী ব্যস্ত থাকে জিটিভিত| দহটাৰপৰা সনীত|
হেৰা, আজি ভাত বনাবা জানো? কালিৰ বাচনবোৰ দেখো তেনেকৈয়ে আছে পৰি|’
বানা, আজিৰ এপিছডটো যে মিছ কৰিব নোৱাৰিম| তলৰ নায়াৰৰ ঘৈণীয়েকে কৈছে আজি হেনো নটাশা কাৰ্তিকৰ ঘৰলৈ আহিব| মই কলো হবই নোৱাৰে, মাকে তাইক কিয় আহিবলৈ দিব? শেষত তাই বাজী মাৰিব খুজিলে, জানা| বেছি জনা দেখুৱাই, যেন স্ক্ৰিপ্ট তাইক সুধিহে লিখে| চাওঁ ৰবা কি হয়| আজি নহলে পিজাকে অৰ্ডাৰ কৰি দিয়া|’

বৰুৱাই পিজা হাটৰ নম্বৰটো টিপি কথা পাতিবলৈ বেলকনীলৈ ওলাই যায়| ট্ৰেডমিলটো লিভিং ৰুমৰ পৰা নিৰ্বাসিত হৈ বেলকনীৰ এচুকত পৰি আছে| ট্ৰেডমিলৰ হেন্ডেল দুডাল এতিয়া কাপোৰ মেলি দিয়া কামত ব্যৱহাৰ কৰা হয়| তিনিটা ফুলৰ টাব থোৱা হৈছে ট্ৰেডমিলটোৰ ওপৰত| বৰুৱাই দেখিলে টাব কেইটাৰ যেন আকাৰ সৰু হৈ গল হঠাতে। ফুলকেইজোপাও শুকাই-খীনাই লাহী হল। বৰুৱাৰ এনে লাগিল ট্ৰেডমিলটোত বহি বহিয়েই যেন শ্লিম হৈ গল বেচেৰাহঁত॥

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক