দৈনন্দিন ( দিব্য প্ৰাঞ্জল শইকীয়া )

দৈনন্দিন (১)

হোটেল এখনত বঢ়ি আছো চাহ মিঠাই আগত লৈ, পুৱা ৮.০০ বজাত।

গ্ৰাহকঃ দাদা এইফালে চাওঁকচোন………

দোকানীজন আন এজন গ্ৰাহকৰ লগত ব্যস্ত পইচা ঘূৰোৱাত। পুনৰ মাত দিলে……

গ্ৰাহকঃ অ’ দোকানী দাদা চাওঁকচোন……

হোটেলৰ বিক্ৰীৰ সহায়ক এজন আগবাঢ়ি গ’ল আৰু মহিলা গ্ৰাহক এগৰাকীক দোকানত প্ৰাপ্ত বিভিন্ন প্ৰকাৰৰ মিঠাই দাম কোৱাত ব্যস্ত হ’ল। মানুহগৰাকীৰ এবিধ মিঠাই প্ৰচণ্ড হ’ল আৰু দহটা মিঠাই ধূনীয়াকৈ মিঠাই বন্ধা বাকচত বান্ধি দিবলৈ ক’লে।
দোকানীজন তলমূৰকৈ ব্যস্ত, হয়তু ভ্ৰাম্যভাষ যন্ত্ৰটোত ব্যস্ত নেকি……?……

গ্ৰাহকঃ দাদা লওঁক……
দোকানীঃ কিমান হ’ল ?
সহকাৰীঃ ৭০.০০ (সত্তৰ) টকা।

দোকানীয়ে গ্ৰাহক গৰাকীলৈ হাতখন আগবঢ়ায় দিলে। বিশ টকাৰ নোট এখন আগবঢ়ায় ক’লে……

গ্ৰাহকঃ দহটকা এখন ঘূৰায় দিয়ক, মোৰ হাতত এই বিশটকা এটাহে আছে গতিকে গাড়ী ভাড়া লাগিব দহটকা।
দোকানীঃ ইয়াৰ পৰাটো ঘূৰাই দিব নোৱাৰিম আপোনিহে আৰু পঞ্চাছ টকা দিব লাগিব……

মই লক্ষ্য কৰি আছিলো……… সুন্দৰ পোছাক, হাতত সুন্দৰ এটা বেগ…… অথচ…… মহিলাগৰাকীয়ে ধেমালী কৰিছে বুলি ভাবিছিলো…… কিন্তু নহয়…… গ্ৰাহক গৰাকীয়ে বাৰে বাৰে দহটকা বিছাৰিবলৈ ধৰিলে………

দোকানীঃ আপোনাৰ ওচৰত আৰু পইছা নাই নেকি………?……
গ্ৰাহকঃ নাই ; এই বিশটকাই, আপুনি দাদা দহটকা ৰাখক আৰু মোক দহটকা ঘূৰাই দিয়ক।
দোকানীঃ চাওঁক আপোনাৰ যিহেতু দহটকাহে দিব পাৰিব, গতিকে দহটকাৰ কিবা এটা যেনে– ভূজীয়া পেকেট, নিমকি পেকেট বা বিস্কুতৰ পেকেট এটাই লৈ যাওঁক………
গ্ৰাহকঃ এহ নহয় নহয়, মই ফুৰিবলৈ যাওঁ মোৰো নাক এটা আছে নহয়। এইবোৰ নাখায় আৰু মোৰ প্ৰচণ্ড এইটোহে হৈছে… গতিকে আপুনি চিন্তা নকৰিব মোক দি দিয়ক দিনটোত ধেই পইছা আহিব আপুনি চায় থাকক মই আৰ্শীবাদ দিছো………

বহু সময় দোকানীয়ে বুজাইছে যে দোকান খুলিছোহে এনে নকৰিব… কিন্তু তেওঁ নাচোৰবান্দা তেওঁক সেই মিঠাই বিধহে লাগে…… আৰ্শীবাদ আৰু দহটকাৰ বিনিময়ত দিব লাগে…
দোকানী অতিষ্ঠ হৈছিল তথাপিও (দোকানীৰ খং উঠিব নালাগে গ্ৰাহক সাক্ষাৎ ভগৱান…… ) খং দমন কৰি………

দোকানীঃ মোক আৰ্শীবাদ দিব নালাগে…… আৰ্শীবাদ মোৰ প্ৰয়োজন নাই…… আৰ্শীবাদে জানো এই পাঁচ/ছয়টা ল’ৰা (বিক্ৰী সহায়ক ল’ৰা কেইটাক দেখোৱায়)ৰ চৰুৰ তলত জুই জ্বলিবনে……?…… আপুনি এই দহটকা আৰু আৰ্শীবাদ দিয়াতকৈ এটা কাম কৰক এনেয়ে লৈ যাওঁক………
গ্ৰাহকঃ (অলপো নোৰোৱাকৈ) দিয়ক তেনেহ’লে…………

দোকানীয়ে বিক্ৰীৰ সহকাৰীজনক পাঁচটা মিঠাই বান্ধি দিবলৈ কোৱাত ল’ৰাজনে বান্ধি মানুহগৰাকীৰ হাতত তুলি দিলে…… ল’ৰাজনৰ পৰা টোপোলাটো লৈ ক’লে……

গ্ৰাহকঃ আৰ্শীবাদ কৰিছো আৰু আজিৰ দিনটোত ধেৰ বিক্ৰী………
দোকানীঃ (হয়তু অতিষ্ঠ হৈছিল) বাইদেউ আপোনাক বাৰে বাৰে কৈছো আৰ্শীবাদ নিদিব, আপুনি যাওঁক…… আৰ্শীবাদে আমাৰ পেট নভৰে………

গ্ৰাহকৰূপী মহিলাগৰাকী গ’লগৈ। মহিলাগৰাকী যোৱাৰ পাছত বিক্ৰীসহায়কজনে দোকানীজনক ক’লে।

সহায়কাৰীঃ আপোনি আমাক এনেয়ে ১০.০০ টকা নিদিয়ে আৰু এতিয়া ৩৫.০০ টকা দি পঠালে………
দোকানীঃ চা এই বোৰ ভণ্ড। মিঠাই নিনিলে লাজ পাব কিন্তু এইদৰে নিলে লাজ নাপায়, গতিকে দহটকা লোৱা আৰু এনেয়ে দিয়া একে নহয় জানো। ইমানখিনি কথা কৈ তহঁতি জানো এনেকৈ পাৰিবিনে ? গতিকে চা তহঁতৰ বিপদৰ বন্ধু থাকোতে (হাত, ভৰী, চকু) কিয় অনুগ্ৰহ বিচাৰিবি। অনুগ্ৰহ নহ’বলৈকে তহঁতক এনেয়ে নিদিওঁ যাতে বুজি পা তহঁতি একোটা পূৰ্ণাঙ্গ মানুহ। নিজে ঘটা টকাকেইটাৰ মূল্য অতি বেছি …… গতিকে তহঁতক উপলব্ধি কৰিবৰ বাবে নিদিওঁ………

মোৰ চাহ মিঠাই খোৱা শেষ কৰি দোকানীজনৰ ওচৰলৈ আহি ক’লো আৰ্শীবাদ দিছো………
আৰু এইয়া চাহ মিঠাই খোৱা পইছা।
দোকানীজনৰ মনটো অলপ আগত যি গোমোঠা তাত এতিয়া হাঁহি ওলায় আহিল। ভাল লাগিল………

— দিব্য প্ৰাঞ্জল শইকীয়া।

দৈনন্দিন (২)

চাহ একাপ খাওঁ বুলি পুৰনি হোটেল খনত বঢ়িলো। দেওবাৰ মানুহৰ সমাগম কম, সময় ১ বাজি গৈছে……… দোকানী জনৰ লগতে কথা পাতি আছিলো, নানা বিষয়……… তেনেতে জয়মতী উৎসৱ উদযাপন কৰিবলৈ দেওবৰীয়া বজাৰত পইছা সংগ্ৰহ কৰিবলৈ যোৱা ১৪ জনী সদ্য যৌৱনা যুৱতী সোমায় আহিল……… বঢ়ি থকা আসনখন এৰি দিলো। সিহঁতে গাইপতি বিশটকাৰ হিচাপ কৰি ভোক নিৰাময়ৰ বাবে বিক্ৰীৰ সহায়কাৰীজনক নিৰ্দ্দেশ দিলে……… অলপ আগৰ নীৰৱতা একেবাৰে আতঁৰি গ’ল। য’ত তিনিজনী তিৰোতা লগ লাগিলেই বতাহ পৰিবৰ্তন কৰে তাত যদি ১৪ জনী যুৱতী লগ হয় কি হ’ব কল্পনা কৰকচোন……

যুৱতীসকলে খোৱা শেষ কৰি পইছা দিবলৈ হিচাপ কৰি ২৮০.০০ টকা দিলে, সকলোবোৰ দহটকীয়া। দোকানীয়ে গণি ক’লে খুচুৰা আছে যদি দিয়া আৰু গোটা কৰি লোৱা। নেতা জাতীয় দুগৰাকীয়ে তৎপৰতাৰে হিচাপ কৰি ২৯০০.০০ টকা দোকানীৰ হাতত তুলি দিলে। দোকানীয়েও হিচাপ কৰি ক’লে আৰু এশ টকা এটা দিয়া ৩০০০.০০ লৈ লোৱা। কিন্তু সিহঁতৰ হাতত আৰু ৮০.০০ টকাহে আছিল। দোকানীয়ে ক’লে হ’ব দিয়া ৮০.০০ টকায়ে দিয়া টকাকেইটা দিয়াত দোকানীয়ে চিকচিকীয়া ৫০০.০০ টকাৰ ছয়খন নোট ছোৱালীহঁতক দিলে। সিহঁত গ’লগৈ।

পুনৰ দোকানখনত নীৰৱতাই বিৰাজ কৰিলে, দুই এজন গ্ৰাহক আহিছে মিঠাই লৈছে দাম পৰিশোধ কৰিছে আৰু গৈছেগৈ…… খোৱাৰ গ্ৰাহকৰ সংখ্যা কম। ……… আজি দেওবাৰ হোৱাৰ বাবে মোৰ বিশেষ কামো নাই, গতিকে দোকানীৰ লগত আকৌ কথাৰ মহলা……… জয়মতীৰ পৰা ৰাজনীতিৰ পথাৰলৈ, খেল জগতৰ পৰা বলিউদৰলৈকে নানা বিষয়…… সেই কথাৰ মাজতে দোকানীৰ পৰা এটা চিন্তা কৰিব লগীয়া কথা শুনি ভাবিবলৈ বাধ্য কৰিলে……………

জয়মতী উৎসৱ বুলি গাঁৱৰ পৰা নগৰৰ চুকে কোণে বিভিন্ন ঠাইত উদযাপন কৰে আৰু জয়মতীৰ আদৰ্শ, বিচক্ষণতা, ত্যাগ আদিক আমাৰ মাজত বিলাবলৈ সক্ষম হৈছে। কিন্তু সেই আদৰ্শ কিমানজনে গ্ৰহন কৰিব পাৰিছে। আজি তুমিয়ে কোৱাচোন প্ৰতিখন কমিটিয়েতো উদযাপনৰ নামত বহু টকা ঘটে তেনেদৰে ৰাহিও হয় কি কৰে এইবোৰ …… হয়তু খায় বৈ শেষ কৰে নতুবা কোনো বৰমূৰীয়াৰ জেপ গৰম হয়……… কি লাভ হয় সমাজৰ…… তাতকৈ যদি সেই ৰাহি টকাৰে সমূহীয়া ভাবে আজি জহি খহি যোৱা জয়সাগৰৰ জয়মতীৰ সমাধি (জয়মতীৰ সমাধি ক’ত বুলি ক’লে হয়তু কব নোৱাৰিব উদযাপন সমিতিৰ সদস্যই), চৰাইদেওৰ বিভিন্ন মৈদামবোৰ, ৰজাদিনীয়া পুখুৰীবোৰ চাফ-চিকুন তথা সুৰক্ষাত খৰছ কৰিলেহেতেন তেন্তে বহু উপকাৰ হ’ল হেতেন…… কিন্তু তেনে হৈছে বা হ’ব জানো……… সকলোবোৰ চৰকাৰে কৰিব লাগে আমিবোৰৰ যেন তাৰ বাবে একো কৰিবলৈ নাই…… কথাৰ মাজতে খুচৰি খুচৰি ৭খন মান জয়মতী উৎসৱৰ গোহাৰি পত্ৰ আৰু ৰচিদৰ টুকুৰা উলিয়ালে …… এইয়া চোৱা ওচৰে পাজৰে হোৱা জয়মতী উৎসৱৰ……… আৰু প্ৰতিখন সমিটিক যদি পঞ্চাশ টকাৰ তলত দিয়া হয় তেন্তে নাই নুই কৰি হলেও নিব…… আৰু কিছুমান চিনাকি অনুপাতে অলপ বেছিও দিব লাগে…… যেনেকৈয়ে নহওক মিলি থাকিবই লাগিব……… কিন্তু আমি বিচাৰো অনুষ্ঠানবোৰে কিবা এটা কৰি দেখোওৱা…… যাতে অনুষ্ঠান শেষ হৈ যোৱা দিনটোৰ পিছতো প্ৰতিটো দিনতেই জয়মতীক মনত ৰাখে…… আজিলৈকে হৈছে জানো নিৰ্দিষ্ট দিনকেইটাতে সীমাবদ্ধ তাৰ পাছত আজৰিয়ে নাই…………

এহ ক’ত গৈ কৰ পালোগৈ…… চিন্তা তথা মনক দেখোন কষ্টহে দিছো, দেওবাৰ দিনটোত ইমান এটা গধুৰ চিন্তা কৰা বেয়া বিশেষকৈ আমাৰ নিচিনা মানুহবিলাকে ( নকৰিলে কোনে কৰিব) …………
দুজন এজন গ্ৰাহক আহিছে গৈছে। মইয়ো যাবলৈ উঠিলো আগফালৰ পান দোকানৰ পৰা তামোল দুখন আনি দুয়োটাই খালো, আৰু চাহ মিঠাইৰ পইছা দি বিদায় ললো…… ভাবিচো কথাবোৰ বেচ চিন্তনীয়………

—দিব্য প্ৰাঞ্জল শইকীয়া।

(৩)

হোটেলখনলৈ সোমাই গ’লো। দোকানীয়ে অসমীয়া খবৰ (আজিৰ হয়নে নহয় নাজানো দেখি দেখি জনা হৈছোগৈ যে পুৰনা কাকতো বৰ মনোযোগেৰে পঢ়ে) কাকতখন পঢ়াত ব্যস্ত। কালিৰ খবৰ আজি লৈছে……… দোকান খনত সমাগম যথেষ্ট। কালিৰ নিৰ্ব্বাচনৰ (৪ এপ্ৰিল ২০১৬) বাবে বন্ধ আছিল গতিকে বেঙ্ক, চাকৰি, স্কুল, কলেজৰ বাবেই সকলো ওলাই আহিছিল– খোৱাই খাইছে, নিয়াই লৈ গৈছে……… মুঠতে সকলো ব্যস্ত………
দোকানীজনে এবাৰ কাকতত, এবাৰ সহকাৰীজনৰ পৰা বস্তু দিয়াৰ হিচাপ লৈ গ্ৰাহকৰ লগত ব্যস্ত হৈ পৰে……… ভালেই লাগিছে ব্যস্ততাবোৰ দেখি…… মই এনেবোৰ উপভোগ কৰি ভালপাঁও …………… বাৰে বাৰে দোকানীজনে কাকতখনত ইমানে মনোযোগ দিছে যে মই উৎসুকতাত ৰ’ব পৰা নাছিলো, লাহেকৈ তেওঁৰ ওচৰলৈ গৈ তেওঁক খুজি মইয়ো কাকতখনত চকু ফুৰালোঁ । বিশেষ একো দেখা নাপালো গতানুগতিক বাতৰি। তেওঁক সুধিলো………

—– আপোনি কাকতখনত কি চাইছিল………??……
—– নাইহে নিৰ্ব্বাচনৰ পাছদিনা কাকতবোৰ চাই ভাল লাগে। হেৰ’, ওপৰত সনা-পিটিকা আৰু তহঁতবোৰ ভাই ভাইৰ মাজত কুৰুক্ষেত্ৰ ……… হাঁহি হাঁহি দুখ লাগি সেইবোৰকে মনোযোগেৰে চাই আছিলো আমিবোৰে আৰুনো কিনো চাম…………
—– এৰা হয়।

মইয়ো সেই অসংখ্য অ’ৰ ত’ৰ খবৰবোৰ পঢ়িবলৈ ধৰিলো। সঁচাকৈ হাঁহি উঠা দুখ লগা খবৰ।

—– কালি বন্ধ আছিল নেকি……?……
—– নাই কিয়……?
—– নিৰ্ব্বাচনৰ বাবে………
—– নাই কৰা। আৰু হেৰি নহয় বন্ধ কৰি কিটো কৰিম, আমি কৰি খোৱা মানুহ, কৰিয়েই খাব লাগিব গতিকে বন্ধ নাই কৰা; আমাৰ কৰ্মই জীৱন।
—– পিছে ভোট দিলেনে নাই………

তৰ্জনী আঙুলীটো মোৰ চকুৰ আগত দাঙি দেখোৱালে অৰ্থাৎ ভোট দিয়াৰ চিহ্নটো। তেওঁ দিলে………

—– আপুনিতো ৰাতিপোৱাই দোকান খোলে…… কেতিয়া দিলেগৈ………
—– ৰাতিপোৱাই গৈছিলো লম্বা লাইন ১৫ নম্বৰ মানত সোমালো…… লাইন আগনাবাঢ়েহে নাবাঢ়ে……… শেষত গম পালো ভোট লোৱা মেছিনটো বোলে বেয়া…… ঘড়ীতো ৰৈ নাথাকে ……… ভ্ৰাম্যভাষ যন্ত্ৰটো বাজিল ইহঁতি (সহায়কাৰীক দেখোৱাই) সুধিলে নাহে নেকি ৰেডি হৈ আছো আহক…… এই যি হয় হ’ব বুলি ৭.৪৫ ত গুছি আহি দোকানৰ দুৱাৰ খুলিলোহি………
—– পিছে চিনটো কেতিয়া ল’লে………
—–আবেলি ৪ বজাত। গ’লো ভোট দিয়া মানুহ মোৰ সৈতে তিনিজন। দিলো আৰু আহিলো। জানানে…… সেই যে সাধু এটাযে আছিল……… এহ ৰজা জনৰ নামটো কি আছিল……… বাদ দিয়া কি নাম লাগিছে……… ৰজাই পুখুৰী এটা খান্দিলে আৰু তাত পানীৰ পৰিবৰ্তে গাখীৰৰ হ’ব লাগে বুলি প্ৰচাৰ কৰিলে আৰু সকলোকে আদেশ দিলে যে তেওঁলোকৰ প্ৰত্যেকজন প্ৰজাই নিৰ্দিষ্ট পৰিমানৰ গাখীৰ আনি পুখুৰীত ঢালিব লাগিব। বচ কথামতে কাম…… কিন্তু প্ৰজাবোৰে ভাবিলে সকলোৱে দেখোন নিবই মই যদি পানী নি ঢালি দিওঁ তেন্তে ক’ত গম পাব। সকলোৰে চিন্তা যেতিয়া একে হ’ল গাখীৰৰ পুখুৰী গুছি পানীৰ পুখুৰীয়ে হ’ল…… ভোট দিবলৈ যোৱাৰ ক্ষেত্ৰটো তেনেকোৱাই হ’ল সকলোৱে ভাবিলে ৰাতিপুৱাই যদি যাওঁ মানুহ কম হ’ব আৰু সোনকালেই দিনটোৰ বাবে আজৰি হ’ম ……… সকলোৱেই যিহেতু একেটাই ভাবিলে গতিকে আগবেলা ভোট কেন্দ্ৰবোৰত ভীৰ হ’বলৈ হ’ল আৰু এই ভীৰ ১বজালৈকে হ’ল…… আৰু তাৰপিছত এজন দুজন গতিকে মই………
—– এইবাৰৰ পৰা ৰাতিপুৱাই নাযাব ..……
—– আকৌ যদি একে হয় সকলোৱে দেৰীকৈ দিবলৈ যায়……
—– এৰা……… মই তিনি বজাত গৈ ৩.৫৮ তহে দিব পাৰিলো। সম্পূৰ্ণ ৫৮ মিনিট লাগিল…………
—– ভোট দিয়া মেচিনটোত কিন্তু ভাল বস্তু এটা দেখিলো……
—– কি……
—– একেবাৰে শেষৰ বুতামটো। এজনকো যোগ্য বুলি নাভাবিলে তাত হেঁচা মৰাটো। মৌলিক অধিকাৰ সাব্যস্ত কৰাও হ’ব অযোগ্য প্ৰাৰ্থীক দিয়াও নহ’ব বহুমূলীয়া ভোটটো……… কিন্তু মোৰ বহুমূলীয়া ভোটটো এনেয়ে পেলাবলৈ মন নগ’ল গতিকে মোৰ মতে সেইপ্ৰাৰ্থী কেইজনৰ মাজত এজনকে যোগ্য বুলি ভাবি তেওঁকে দি দিলো………
তলৰ বুতামটোৰ লগত কিছুমান কথা সংলগ্ন থকা হ’লে ভাল লাগিল হেতেন…… যেনে ধৰা এই বুতামত টিপা ভোটাৰৰ সংখ্যা যদি তুলনামূলক ভাবে বেচি হয় তেন্তে সেই প্ৰাৰ্থীসকলক পিছৰ নিৰ্ব্বাচন বোৰত কোনো ঠাইতে প্ৰতিদ্বণ্ডী হ’বলৈ দিব নালাগে অৰ্থাৎ সম্পূৰ্ণভাবে অযোগ্য বুলি ঘোষনা কৰিব লাগে তেতিয়াহে সেই বুতামটো দিয়াৰ অৰ্থ বহন কৰিলেহেতেন নহলে এতিয়া ভোট দিয়া নিদিয়া একে হৈছে……… নহয় জানো।
—– এৰা আপুনি সঁচা কথায়ে কৈছে। কিন্তু এনে হ’বলৈ বহুত বছৰে লাগিব বিশেষকৈ আমাৰ অসমত। এতিয়া চাওঁকচোন আমাৰ জনসাধাৰনক পৰিবৰ্তন লাগে কিন্তু কিহৰ পৰিবৰ্তন…… চোলা সলোৱা সকলৰ পৰা জানো সম্ভৱ…… আমি বিছাৰিব লাগিব শুধৰনি , যাতে অনাগত দিনবোৰত শান্তি তথা উন্নয়নৰে আগবাঢ়ি যাব পাৰো…… নে কি কয়……

মোৰ ভ্ৰাম্যভাষ যন্ত্ৰটো বাজি উঠিল। যন্ত্ৰটোত দৃষ্টি দি চাহ-মিঠাইৰ পইছা দি দোকানীৰ পৰা বিদায় ললো……

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments