দৈনন্দিন ( বিচিত্ৰ বৰদলৈ )

প্ৰতিদিনেই একেদৰে সাৰ পাওঁ
একেখন বিচনাত
একেটা কোঠালিত
একেখন খিৰিকিৰ ফাঁকেৰে বৈ অহা
একেটা বেলিৰ চিকমিকনিত
বেদুইন সপোন এটাক প্ৰতিদিনে আধাতে সামৰি সুঁতৰি

ঠিক যোৱাকালিৰ দৰে আজি

প্ৰতিদিনেই বাথৰুমত একেবোৰ গানেই গুণগুনাওঁ
প্ৰতিদিনেই একেখন আইনাত একেজন মানুহকেই চাওঁ
প্ৰতিদিনেই একেটাই সময়
ঘড়ীৰ কাটাত বান্ধি দিওঁ নিগনী দৌৰৰ জীৱন ।
শীৰ্ণদেহাটো কামিজেৰে মেৰিয়াই
একেটাই কামলে’ প্ৰতিদিনে একেটা ৰাষ্টাৰেই যাওঁ

ঠিক যোৱাকালিৰ দৰে আজি

ঠিক যোৱা কালিটোৰ দৰেই আজি এৰাব নোৱাৰা ব্যস্ততা
ঠিক যোৱা কালিটোৰ দৰেই আজি অযথা লৰা-ধপৰা
ঠিক যোৱা কালিটোৰ দৰেই আজি অসংখ্য অংকৰ পূৰন-হৰণ
মিলা নিমিলাৰ উৎকণ্ঠা
যোৱা কালিটোৰ দৰেই ফ্লাইঅভাৰৰ শূন্যতাত এখন্তেক ভাগৰুৱা সন্ধিয়া

ঠিক যোৱা কালিটোৰ দৰেই আজি
মেন ইজ মৰটেল অথবা আৰ্থ ইজ ৰাউণ্ড
ঠিক যোৱা কালিটোৰ দৰেই আজি
ৰাষ্টাত অসংখ্য অচিনাকী মুখৰ অহেতুক ট্ৰেফিক জাম
ঠিক যোৱা কালিৰ দৰেই আজি
ধামখুমীয়াত বৈ যোৱাৰ ঘৰ্ম্মাক্ত কচৰৎ
সিপাৰে আপুনি , ইপাৰে মই
হেল্ল’ , কি কলে ? ৰং নাম্বাৰ ?
অহ,চ’ৰী দেই ,ভুলতে লাগিল আপোনাৰ তাত
ঠিক যোৱা কালিৰ দৰেই ………

ঠিক যোৱা কালিটোৰ দৰে আজি
কিতাপৰ ৰেকখনত আগ্ৰহহীনতাৰ ধুলি
অশান্ত ইলেক্ট্ৰন এটাৰ সন্ধিয়া সন্ধিয়া অস্থিৰ পায়চাৰি ।
সংসাৰ মৰুত হেনো গান সৰোবৰ
একেই কাহিনী
একোঠালী এন্ধাৰত গাৰু তিয়াই নিয়া জগজিৎ সিঙৰ  গজল
অথবা ধলং পলং ৰাতি এটাত উন্মাদ এমিনেমৰ উদ্ভট চিঞৰ বাখৰ ।
টিভিৰ পৰ্দাটো সেই একেটাই বিজ্ঞাপন
সাত দিন সময়  ,  নহলে জংগী আন্দোলন
ক’তো একো হোৱা নাই সলনি
এক্কোৱেই হোৱা নাই সলনি
ঠিক যোৱা কালিটোৰ দৰেই আজি

শেষহৈ যোৱা সুগন্ধিৰ বটলবোৰত কোনেও আহি আতৰ ভৰোৱা নাই
বিবৰ্ণ হৈ অহা কেনভাছবোৰত কাৰো হাতৰ ৰং এচিকুটত চিটিকি পৰা নাই
শীত আহিল বুলি বুকুৰ বিশ্বস্ততাৰ জোখাৰে
কোনেও আস্বস্ততাৰ ৰঙীন চুৱেটাৰ গোঁঠা নাই
বন্ধ্যা সময়ক অবাক কৰি ইথাৰৰ মাজেৰে কোনেও কুশলবাৰ্তা এটা প্ৰসৱ কৰা নাই
কতো একো হোৱা নাই সলনি
ঠিক যেন যোৱা কালিটোৰ দৰেই আজি

যোৱা কালিৰ দৰেই চহৰখনৰ উচ্চলতাত কোনোবা উন্নাষিক নিৰুদ্দিষ্ট হৈছে
যোৱা কালিৰ দৰেই চহৰখনৰ ফুটপাথত কোনোবা আজিও ভোকত কলমলাই টোপনি গৈছে
যোৱা কালিৰ দৰেই ফ্লিপকাৰ্ডত চেলফিষ্টিক ত্ৰিশশতাংশ ৰেহাই মূল্যত আজিও দি আছে
বুকুৱে বুকুৱে ঘৃণাৰ বীজ চতিয়াই যোৱাকালিৰ দৰে আজিও কোনোৱাই ৰজাপাটৰ সপোন দেখিছে
ক’তো একো হোৱা নাই সলনি
একোৱেই যে হোৱা নাই সলনি

বয়সৰ কেলেণ্ডাৰ মাঁথো প্ৰতিদিনে লুটিয়াই গৈছো
জীৱন ডায়েৰীৰ পাতত গতানুগতিকতাৰ দিনপঞ্জী মাথোঁ প্ৰতিদিনে লিখি গৈছো
ৰঙীন চচ্‌মাৰে প্ৰতিদিনে সলাই লৈছো প্ৰতিদিনৰ চৌপাশৰ বৰণ
অথচ
এই ঘাম এই চকুপানী
প্ৰিয়জনৰ নামেৰে সংৰক্ষিত সেই বিষন্ন স্মৃতি
‘আমাৰো এদিন ভাল হ’ব’ এই অনাখৰী  বিশ্বাসটি
জীয়া সপোনবোৰে আৱৰি ৰখা এই দিন এই ৰাতি
ক’ত কেনেকৈ কাৰ সতে কৰো সলনি  ?

হে পৃথিৱী
এবাৰ
মাথোঁ এবাৰ হাতত তুলি দিয়া সেই নিৰ্লোভ ঠিকনাটি
দুৱাৰ খিৰিকি তাল-ফাল লগাই গুছি যাওঁ
চাইৰঙী কালিবোৰৰ ভেঙুচালি কৰি৷  ……

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments