দৈনন্দিন -(মিতালী বৰ্মন)

দৈনন্দিন
-(মিতালী বৰ্মন)

ক’ত কি ব্যৱহাৰ হয়…

প্রায়েই দেখা যায়, আমি আমাৰ ভাষাটো লিখোঁতে অথবা কওঁতে কিছুমান সৰু সৰু কথা মন নকৰোঁ । কওঁতে সকলোৱে নিজৰ নিজৰ ঠাঁচত বা ধৰণত কথা-বতৰা কয় । কিন্তু লিখোঁতে আমি মান্যভাষাটোৰ ওপৰতহে গুৰুত্ব দিয়া উচিত । এই সৰু সৰু কথাবোৰ আমি সকলোৱে জানো, অথচ মন নকৰাৰ ফলত সি প্রয়োগৰ বাহিৰত ৰৈ যায় । তলত মাথোঁ চাৰিটা বিষয় উনুকিয়াই দিয়া হ’ল :

১/ দেখা যায় সম্প্রতি বহুজনে ‘-লৈ’ বিভক্তিৰ প্রয়োগ নকৰে বা অসাৱধানবশতঃ সি ৰৈ যায় ।
উদাহৰণ :
সদর্থক বাক্য : “মই কাইলৈ গুৱাহাটীলৈ যাম” হ’ল “মই কাইলৈ গুৱাহাটী যাম।”
নঞর্থক বাক্য : “আজি স্কুললৈ নাযাওঁ” হ’লগৈ “আজি স্কুল নাযাওঁ।”
প্রশ্নবোধক বাক্য : “তুমি ঘৰলৈ কেতিয়া যাবা” হ’ল “তুমি ঘৰ কেতিয়া যাবা?”

২/ ‘-টো’ আৰু ‘তো’-ৰ ব্যৱহাৰৰ বেলিকাও কেতিয়াবা খেলিমেলি কৰা দেখা যায় ।
উদাহৰণ :

“আপোনাৰ লিখনিতো তেওঁৰ লিখনিটোৰ উল্লেখ আছে।”

ইয়াত ‘লিখনিতো’ আৰু ‘লিখনিটো’ দুয়োটা শব্দৰ মাজত পার্থক্য আছে । মানে আপুনিও আপোনাৰ লিখনিত অন্য কোনো এজনৰ কোনো এটা বিশেষ লিখনিৰ উল্লেখ কৰিছে । অর্থাৎ ‘-টো’ হ’ল এটা নির্দিষ্টতাবাচক প্রত্যয়, যিয়ে কোনো এটা কাম বা বস্তু নির্দিষ্টকৈ বুজায় । আনহাতে, ‘তো’ -য়ে ‘ও’ (also) বুজাইছে ।

৩/ অ আৰু অ’ ৰ প্রয়োগৰ ভ্রান্তিৰ ফলতো শব্দৰ অর্থৰ পৰিৱর্তন হয় ।
উদাহৰণ :
কিতাপখন ক’ত আছে ? (ক+অ’+ত-> ক’ত,অর্থাৎ ই স্থানৰ ক্ষেত্রত প্রয়োগ হৈছে)
পুৰণি বান্ধৱীক লগ পাই আমি যে কত কিমান কথা পাতিলোঁ ! (ক+অ+ত+অ-> কত, অর্থাৎ কিমান ধৰণৰ! / বহু ধৰণৰ!)

৪/ চন্দ্রবিন্দুৰ প্রয়োগ : চন্দ্রবিন্দুক আমি গুৰুত্ব নিদিলেও চন্দ্রবিন্দুৱে অসমীয়া শব্দজগতত অর্থ পৰিৱর্তনত গুৰুত্বপূর্ণ ভূমিকা লৈ আছে ।
উদাহৰণ :
‘গাঁও’ মানে village আৰু ‘গাওঁ’ মানে sing, মানে প্রথম পুৰুষে গান গোৱা কার্য ।

ভালকৈ মন দি চালে এনেধৰণৰ বিষয় আৰু বহুতো দেখা যাব । অমনোযোগী হৈ আমি এইবোৰ ব্যৱহাৰ কৰোঁ ঠিকেই, কিন্তু অসাৱধানবশতঃ কৰা এনে প্রয়োগে যে অর্থৰ তাৰতম্যও ঘটাব পাৰে সেয়াহে আমি সদায় অৱজ্ঞা কৰি থাকোঁ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক