দৈনন্দিন (-মিতালী বৰ্মন)

বাৰে বাৰে সাৰ পাই
বাৰে বাৰে মৰি ভূত হৈ যোৱা
এটি সপোন!
এখন পৃথিৱীৰ সপোন!!
এটি নষ্টাল’জিয়া!!!

ৰৈ ৰৈ তিৰবিৰাই থকে
এহালি তৰা আৰু এমুঠি জোনাকৰ কবিতা
কোনেও কাহানিও ভাষা নুবুজা এহালি
ৰহস্যময় তৰা—
জ্বলি থাকে…
জ্বলিয়েই থাকে— তাজমহল সপোন…
প্ৰিণ্ট আউট হৈ ওলাই আহিব নোৱাৰা
অৱশ-বিৱশ সপোন
উজাগৰী বৃহন্নলা সময়!
আপোন-সপোন-দাপোণ!
জৰজৰকৈ খহি পৰা এটা পুৰণি কিল্লা…
অশ্বত্থামা ধ্বংসস্তূপ!
মেৰুদণ্ডবিহীন পৃথিৱী আজি
শৰশয্যাৰ ভীষ্ম!!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments