‘দোকমোকালি’ : শাৰীৰিক প্ৰত্যাহ্বানযুক্ত লেখিকাৰ সৃষ্টি প্ৰতিভা (উপেন্দ্ৰ বৰকটকী)

হৃদয়স্পৰ্শী সৃষ্টিকৰ্মেৰে কম দিনতে পঢ়ুৱৈ সমাজৰ মনোযোগ আকৰ্ষণ কৰা শৰ্মিষ্ঠা প্ৰীতম এগৰাকী শাৰীৰিক প্ৰত্যাহ্বানযুক্ত লেখিকা। ‘স্পাইনমাছকুলাৰ এটৰ’ফী’ নামৰ ৰোগত শৈশৱৰেপৰা আক্ৰান্ত হৈ গৃহবন্দী হৈ থকা ২৫ (?) বছৰীয়া যুৱতীগৰাকীয়ে শৰ্মিষ্ঠা প্ৰীতম নাম লৈ অসমীয়া সাহিত্যত বিশেষভাৱে সু-পৰিচিত হ’ল ‘ডাৱৰীয়া আকাশৰ বেলি’ (আমাৰ অসম, ২ ছেপ্টেম্বৰ, ২০১০) নামৰ অন্তৰস্পৰ্শী লেখাটিৰে। প্ৰবল আশাবাদে শৰ্মিষ্ঠাৰ জীৱনক এটি নতুন জীৱন দান কৰিছে। ইতিমধ্যে প্ৰকাশ পোৱা তেওঁৰ ‘দোকমোকালি’ (ডিছেম্বৰ, ২০১০) কবিতাৰ পুথি আৰু ‘ডাৱৰীয়া আকাশৰ বেলি’ (২০১০) নামৰ ভিন্ন বিষয়ক ৰচনাৰ সংকলনে আমাৰ মনত সেই প্ৰত্যয় জন্মাইছে। শৰ্মিষ্ঠাৰ প্ৰতিভা, সূক্ষ্ম পৰ্যবেক্ষণ আৰু নিভাঁজ ৰচনাশৈলীয়েও তেওঁৰ কৃতিত্ব প্ৰকাশ কৰিছে। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে শৰ্মিষ্ঠাৰ সৃষ্টিকৰ্মত বিশেষভাৱে প্ৰেৰণা যোগাইছিল হোমেন বৰগোহাঞিয়ে। সেই কথা তেওঁ কৃতজ্ঞতাৰে উল্লেখ কৰিছে।

শৰ্মিষ্ঠাৰ দোকমোকালি কবিতা পুথিখনত ৪১ টা কবিতা সন্নিৱিষ্ট হৈছে। ইয়াৰে বেছিভাগ কবিতাই প্ৰকৃতি বিষয়ক। ‘আঘোণৰ গোন্ধ’, ‘আঘোণ’, ‘ফাগুণ’, ‘বসন্ত’, ‘বৰষুণৰ ফুল’ আৰু ছটা ঋতুৰ বিষয়ে সুকীয়াকৈ লিখা কবিতাকেইটিত প্ৰকৃতিৰ মনোৰম চিত্ৰ একোখন প্ৰতিভাত হৈছে। ‘আঘোণ’ত কবিয়ে কৈছে –

‘আইৰ কাঁচিৰ ছেৱত

ৰুণুক-জুনুক

জহা বৰা সুৱাগমণি

বুকুত

আমাক মানুহ কৰাৰ সপোন

পিতাইৰ কান্ধত

ঘৰমুৱা হ’ব সেই সপোনৰ

মেটমৰা ডাঙৰী।’

কবিয়ে ‘আকাশ’, ‘নদী’, ‘অৰণ্য’ আৰু ‘পথাৰ’ৰো হুবহু চিত্ৰ দাঙি ধৰিছে। আনহাতে, ‘বৰষুণৰ ফুলত প্ৰকৃতিৰ লগতে শৈশৱলৈ এনেদৰে মনত পেলাইছে –

‘… পানীপতাৰে উটি গৈছে

কাগজৰ নাও

স্মৃতিৰ বকিয়াইদি চপ্‌চপাই খল্‌খলাই

দুটি, পাখিলগা কলাফুল।’

‘দোকমোকালি’ত ‘জীৱন যুজিবৰ বাবে’ আহ্বান জনোৱা কবিয়ে ‘বাসন্তিক’ কবিতাটোত আকৌ হৃদয়, প্ৰেম আৰু জীৱনৰো সুন্দৰ দিশটোহে প্ৰকাশ কৰিছে। চিঠিৰ আকাৰত লিখা ‘অসাধন ভনীৰ চিঠি’ কবিতাটিত অতিৰথী বাইদেৱেক লৈ ভনীয়েকে সমবেদনা জনাই চিঠি লিখিছে। চিঠিখনত অকালতে পৰলোকপ্ৰাপ্তি হোৱা বাইদেৱেকৰ মৃত্যুত মাক-দেউতাকে পোৱা মৰ্মান্তিক আঘাত প্ৰকাশ কৰা হৈছে। কবিতাটোৰ শেষত পৰিয়ালটোৰ দুখ-যন্ত্ৰণা এনেদৰে প্ৰকাশ পাইছে—

‘দুখৰ ৰাতি যে নেযায় নুপুৱায়

পুৱাব জানো কাহানিবা

দুখে গৰকা আমাৰ কালিন্দ্ৰী ৰাতি।’

শৰ্মিষ্ঠাই জীৱনত আৰম্ভণিতে লিখা ‘মাতৃবন্দনা’ নামৰ দেশপ্ৰেমমূলক কবিতাটো পুথিখনৰ শেষত সন্নিৱিষ্ট কৰিছে। ‘জীৱনৰ বকিয়া’, ‘ভৰুণ পথাৰখন’, ‘সোণামুৱা আঘোণৰ হাঁহি’, ‘গেৰধৰা ধাননি’ —এনেধৰণৰ শব্দ আৰু বাক্যই কবিতাকেইটিৰ জেউতি চৰাইছে।

কবিতাপুথিখন দেউতাক বিশিষ্ট কবি-সাহিত্যিক আৰু ‘দৈনিক অসম’ৰ জন্মলগ্নৰ ‘নিজা বাতৰি দিওঁতা’ অভয় বৰুৱা আৰু মাক ৰেণু (হাজৰিকা) বৰুৱাৰ নামত এইদৰে উছৰ্গা কৰিছে— ‘যি দুগৰাকী মোৰ ধাৰক আৰু বাহক… যি দুগৰাকীয়ে মোৰ আহুকলীয়া জীৱনটোৰ হাঁহি হেলাৰঙে স্বীকাৰ কৰি লৈছে, হতাশাৰ লেলিহান শিখাই যাক ক্লান্ত কৰি তুলিব পৰা নাই, সেই দুগৰাকী মোৰ পৰম আৰাধ্য মা-দেউতাৰ হাতত ‘দোকমোকালি’।

শৰ্মিষ্ঠাৰ প্ৰকৃতিপ্ৰীতি ‘ডাৱৰীয়া আকাশৰ বেলি’ৰ ভালেকেইখন ৰচনাতো দেখা যায়। ‘আকাশ নামি আহে এনে দিনতে’ লেখাটোত তেওঁ বসন্তৰ আগমনত ফাগুণে সকলোৰে দেহ-মনত ‘প্ৰাণময় স্পন্দন’ৰ সৃষ্টি কৰা, ‘পথাৰ ভৰি মাথোঁ বৰষুণ ফুলিছে’ত সগৰ্ভা পথাৰত কৃষকে আশাৰ সপোন দেখাৰ কথা কৈছে। সেয়ে হ’লেও বানে গৰিষ্ঠসংখ্যক লোকক দুখ-যন্ত্ৰণা দিয়া আৰু এচাম সুবিধাবাদী, দুৰ্নীতিপৰায়ণ লোকে অন্যায় কৰাৰ কথাও উল্লেখ কৰিছে। শৰ্মিষ্ঠাৰ সমাজ চেতনা আন ভালেকেইটি লেখাতো প্ৰকাশ পাইছে। প্ৰকৃতিৰ মনোৰম চিত্ৰ তেওঁ ‘কুঁৱলীৰ পদূলিত হেমন্তৰ উৰুলিত’, ‘সোণবৰণীয়া আঘোণৰ ছবি’, ‘লেণ্ডস্কেপত এপথাৰ আহিন’, ‘কিছু কথা, কিছু গীত’— শাৰদীয় খিৰিকীমুখত’ আদি লেখাত দাঙি ধৰিছে। শব্দচয়নত পাৰদৰ্শী শৰ্মিষ্ঠাৰ একো একোটা বাক্যয়ো বিশেষ তাৎপৰ্য বহন কৰিছে। যেনে, ‘সৃষ্টিৰ অনন্য সম্ভাৰেৰে ভৰুণ বৰ্ষা’, ‘শৰৎ মানেই শুভ্ৰতাৰ সপোন’, ‘আঘোণ আহে প্ৰাপ্তিৰ বিপুল সম্ভাৰ লৈ’, ‘সোণালী সপোনৰ সংবাদ লৈ’, ‘আশাবোৰ জীপাল হয়, সপোন দিঠক হয়’, ‘মাটিৰ মানুহৰ কলিজাত লাগি ৰয় আঘোণৰ মোহময় পৰশ।’

প্ৰকৃতি বিষয়ক লেখাসমূহৰ উপৰি ‘ডাৱৰীয়া আকাশৰ বেলি’ৰ অন্যান্য লেখাৰ ভিতৰত ‘তাহানিৰ সোণোৱালী দিন’ত অতীত স্মৃতিৰ লগতে গাঁৱৰ মানুহৰ মিলাপ্ৰীতি ৰোমন্থন কৰিছে। ‘অকলশৰীয়া পখীটি মই’ত নিঃসংগতাই সৃষ্টি কৰা বিভিন্ন অনুভূতিৰ কথা কৈছে। ‘সাধুকথাৰ জগতখন’ত তাহানিৰ আৰু এতিয়াৰ অকণিহঁতৰ পাৰ্থক্য আৰু ‘ৰজাই হুকুম দিছে’ত এতিয়াৰ শিশুক বাধ্যবাধকতাৰে যন্ত্ৰৱৎ কৰি তোলা দেখুওৱা হৈছে। ‘অ’ ধুন ধন ধুনীয়া মোৰ অকণমাণি’ত শৰ্মিষ্ঠাই কৈছে – ‘প্ৰকৃতিৰ নিবিড় সান্নিধ্যলৈ নহাকৈ, প্ৰকৃতিক নুবুজাকৈ জানো বুজিব পাৰি মানুহক? শৈশৱৰ ফুলাম অভিজ্ঞতাবোৰক বাদ দি জানো পৰিপূৰ্ণ কৰি তুলিব পাৰি জীৱনক ?’ আনহাতে, ‘চিঠিবোৰ হেৰাই গ’ল’, ‘পুৰণি ঘৰবোৰ ক’ত হেৰাল’ এই দুটা লেখাত সমাজ জীৱনলৈ অহা দ্ৰুত পৰিৱৰ্তনৰ লগতে মানুহ বৈষয়িক আৰু আত্মকেন্দ্ৰিক হোৱা কথা শৰ্মিষ্ঠাই উল্লেখ কৰিছে। একাংশ যুৱক-যুৱতী বিপথগামী হোৱাৰ কথাও শৰ্মিষ্ঠাৰ লেখাত আছে। তেওঁৰ প্ৰেমৰ কথাও ‘শব্দ, বৰ্ণ আৰু পোহৰৰ উৎস’ত আলোচনা কৰিছে। তেওঁৰ ভাষাত – প্ৰেমে আত্মাৰ কথা কয়’।

গ্ৰন্থখনিৰ ‘পৰিশিষ্ট’ত চিত্ৰশিল্পী মকবুল ফিদা হুছেইনৰ জীৱন আৰু কৰ্ম, সকলো দিশত অগ্ৰগণী কলংপাৰৰ বৃত্তান্ত, ফুলগুৰিত হোৱা প্ৰথম কৃষক বিদ্ৰোহৰ ইতিবৃত্ত, সাম্যবাদী নেতা পোৱাল বৰুৱাই প্ৰসিদ্ধ ৰুছ ঔপন্যাসিক নিক’লাই অষ্ট্ৰভস্কিৰ মূল উপন্যাসৰপৰা অসমীয়ালৈ অনুবাদ কৰা ‘পাগত উঠা তীখা’ৰ আলোচনা আৰু ৰীতা চৌধুৰীৰ ‘মাকাম’ উপন্যাসৰ পৰিচয় সন্নিৱিষ্ট কৰা হৈছে।

‘ডাৱৰীয়া আকাশৰ বেলি’ মৰ্মস্পৰ্শী আত্মকথাটিত শৰ্মিষ্ঠাই ব্যক্তিগত জীৱনটোক ‘কোঠাবন্দী জীৱন’ বুলি অভিহিত কৰি জীৱনৰ কাৰুণ্য প্ৰকাশ কৰিছে যদিও ‘আশাৰ মৃত্যু নাই’ বুলি সান্ত্বনা লভিছে। যন্ত্ৰণাত কাতৰ নহৈ অধ্যয়ন আৰু সৃষ্টিকৰ্মেৰে আদৰ্শ আৰু প্ৰতিভাৰ পৰিচয় দিয়া শৰ্মিষ্ঠাৰ সাহিত্য কৰ্ম অব্যাহত থাকক – আমি ইয়াকে কামনা কৰিছোঁ। দুয়োখন পুথি সাহিত্যকৰ্মী আৰু সংবাদসেৱী প্ৰাঞ্জল কুমাৰ মহন্তই প্ৰকাশ কৰি প্ৰশংসনীয় কাম কৰিলে। মনজিৎ ৰাজখোৱাৰ প্ৰচ্ছদ, প্ৰাঞ্জল চোলাধৰাৰ অংগসজ্জা আৰু শৰ্মিষ্ঠাৰ শব্দগ্ৰন্থনে দুয়োখন পুথিকে আকৰ্ষণীয় কৰিছে। বৰ্ণাশুদ্ধিও আমাৰ চকুত নপৰিল।

 

(সংগ্রহ:প্রিয়ংকু নাৰায়ন বৰুৱা)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক