দ্বিতীয় বিবাহ ( মিতালী বৰ্মণ )

মূল: প্ৰেমচন্দৰ “दूसरी शादी”

মোৰ চাৰি বছৰীয়া ল’ৰা ৰামস্বৰূপৰ মুখলৈ যেতিয়াই ভালকৈ চাওঁ তেতিয়াই এনেকুৱা লাগে যেন দুবছৰ আগতে থকা তাৰ মুখৰ সেই সৰলতা আৰু কমনীয়তা এতিয়া আৰু নাই। সি ৰঙা পৰা বিমৰ্ষ চকুহালেৰে অনবৰতে মোলৈ ট-ট-কৈ চাই থকা দেখা যায়। তাৰ এই অৱস্থা দেখি মোৰ কলিজাটো মোচৰ খাই উঠে আৰু সেইসময়তে দুবছৰ আগতে মৃত্যুশয্যাত পৰি থকা তাৰ মাকক মই দিয়া প্ৰতিশ্ৰুতিলৈ মনত পৰে। মানুহ ইমানেই স্বাৰ্থপৰ আৰু ইন্দ্ৰীয়ৰ অধীন যে মাথোঁ কেতিয়াবাহে নিজৰ কৰ্তব্যৰ কথা অনুভৱ কৰে। সেইদিনা, যিদিনা ডাক্তৰে সকলো আশা এৰি দিছিল, তাই কান্দি কান্দি মোক সুধিছিল — তুমি দ্বিতীয় বিবাহ কৰাবানে? নিশ্চয় কৰাবা। তাৰপাছত স্তম্ভিত হৈ ক’লে, মোৰ ৰামৰ কি হ’ব!! যদি সম্ভৱ হয় তাৰ যত্ন ল’বা।

মই ক’লোঁ — অ অ, মই কথা দিছোঁ যে মই কেতিয়াও দ্বিতীয় বিবাহ নকৰাওঁ। আৰু ৰামস্বৰূপ— তুমি তাৰ কথা চিন্তা নকৰিবা; আৰু তুমি কি ভাল নহ’বা নেকি? — তাই মোৰফালে হাতখন পেলাই দিলে, যেন ক’লে — বিদায়। দুই মিনিট পিছতে মোৰ চকুৰ সমুখত মোৰ পৃথিৱীখন অন্ধকাৰে ছানি ধৰিলে। ৰামস্বৰূপ মাউৰা হ’ল। দুই-তিনিদিনমান তাক বুকুৰ মাজতে সাবতি ধৰি ৰাখিলোঁ। অৱশেষত ছুটি শেষ হোৱাত তাক মই পিতাইৰ হাতত তুলি দি নিজৰ কামলৈ উভতি গ’লোঁ।

দুই-তিনিমাহমান মনটো বৰ উদাস হৈ থাকিল। চাকৰিটো কৰি আছোঁ, কাৰণ তাৰ বাদে অন্য কোনো উপায় নাই। মনৰ মাজতে বহুতো পৰিকল্পনা কৰিলোঁ। দুই-তিনিবছৰ চাকৰি কৰি টকা-পইচা গোটাই দেশ ভ্ৰমণৰ বাবে ওলাম, এইটো কৰিম, সেইটো কৰিম… এতিয়া ক’তোৱেই যে মনটো নবহে।

ঘৰৰ পৰা নিয়মমাফিক চিঠি আহি থাকিল… আমুক আমুক ঠাইৰ পৰা খা-খবৰ আহিছে, মানুহঘৰ ভাল, ছোৱালীজনীৰ বুদ্ধি প্ৰখৰ আৰু ধুনীয়াও, পুনৰাই এনে ঘৰ-পৰিয়াল নাপাবা। এনেয়োতো কৰাবয়ে লাগিব, কৰায়ে লোৱা। প্ৰতিটো কথাতে মোৰ মতামত সোধা হৈছিল।

কিন্তু ময়ো সমানে সমানে নাকচ কৰি গৈ আছিলোঁ। মই হতভম্ব হৈছিলোঁ — মানুহে তেওঁৰ বাবে এক সৰগীয় উপহাৰস্বৰূপ তেওঁৰ সুন্দৰী আৰু পতিব্ৰতা পত্নীক ঈশ্বৰে তেওঁৰ পৰা কাঢ়ি লৈ যোৱাৰ পাছত কেনেকৈ দ্বিতীয় বিবাহৰ বাবে সন্মত হ’ব পাৰে!

সময়বোৰ গৈ থাকিল। লাহে লাহে বন্ধু-বান্ধৱবোৰৰ জোৰ-জুলুমবোৰ বাঢ়িবলৈ ধৰিলে। সিহঁতে ক’বলৈ ধৰিলে — তিৰোতাবোৰ গিৰিহঁতৰ ভৰিৰ জোতাহে, যেতিয়া এযোৰ ফাটি যায় সলাই লৈ আন এযোৰ পিন্ধিব লাগে। — ই নাৰীৰ প্ৰতি কেনে এক ভয়ানক অপমানজনক কথা! — এইবুলি কৈ মই সিহঁতৰ মুখত থিলা লগাই দিছিলোঁ। আমাৰ সমাজখন যিখনৰ ইমানেই সুনাম আছে — যিখন সমাজে হিন্দু বিধবাসকলক দ্বিতীয় বিবাহ কৰাবলৈ অনুমতি নিদিয়ে, তেনেক্ষেত্ৰত কোনো কুমাৰী ছোৱালীক বিয়া কৰোৱাটো মোৰ বাবেও শোভনীয় নহয়। যেতিয়ালৈকে এই কুপ্ৰথাটো আমাৰ সমাজখনৰ পৰা নাযায় তেতিয়ালৈকে কুমাৰীতো বাদেই কোনো বিধবাকো মই কোনোপধ্যে বিয়া নকৰাওঁ।

মনতে ভাব হ’ল, চাকৰিটো এৰি দিওঁ আৰু এই কথাটোৰে প্ৰচাৰত লাগোঁ। কিন্তু জনগণৰ আগত নিজৰ মনৰ অনুভৱবোৰ কিদৰে ব্যক্ত কৰিম! চিন্তা-ভাৱনাক ব্যৱহাৰিক ৰূপ দিবলৈ, চৰিত্ৰ মজবুত কৰিবলৈ, যি কোৱা যায় তাক কৰি দেখুৱাবলৈ আমি কিমান অসমৰ্থ সেই কথাটো মই তেতিয়াহে বুজি পালোঁ যেতিয়া ছমাহ পাছত মই এজনী কুমাৰী ছোৱালীৰ পাণিগ্ৰহণ কৰিলোঁ।

ঘৰৰ মানুহবোৰে ‘যিহওক কিবাকৈ যে মান্তি হ’ল’ বুলি ভাবি সুখী হৈছিল। আনহাতে সেইদিনাই আমাৰ একে সম্প্ৰদায়ৰ দুই-তিনিগৰাকী পঢ়া-শুনা কৰা আত্মীয়ই হুমকি দিবলৈ ধৰিলে — তুমি যে কৈছিলা, মই বিধবাকে বিয়া কৰাম, দীঘল দীঘল ব্যাখ্যাবোৰ যে দিছিলা এতিয়া সেই সকলোবোৰ কথা ক’লৈ গ’ল? তোমাৰ আদৰ্শেৰে বাট বুলিবলৈ তুমিতো এটা নিদৰ্শনো নাৰাখিলা। — মোক যেন কোনোবাই কলহে কলহে পানী ঢালি দিলে। চকু খোল খালে। যৌৱনৰ উছাহতে কি যে কৰি পেলালোঁ! পুৰণি ভাব-চিন্তাবোৰ পুনৰ উথলি উঠিল আৰু আজিও মই সেই চিন্তাধাৰাতে ডুব গৈ আছোঁ।

ভাবিছিলোঁ যে চাকৰ-নাকৰে ল’ৰাটো চম্ভালিব নোৱাৰিব, মহিলাহে এই কামটোৰ বাবে উপযুক্ত হ’ব। বিয়া কৰালে যেতিয়া ঘৈণী ঘৰলৈ আহিব তেতিয়া ৰামস্বৰূপক নিজৰ লগতে ৰাখিব পাৰিম আৰু তাৰ ভালকৈ চোৱা-চিতাও কৰিব পাৰিম; কিন্তু এই সকলোবোৰ কথা ভুলকৈ লিখা আখৰৰ দৰে মচ্ খাই গ’ল। ৰামস্বৰূপক আজি আকৌ গাঁৱলৈ পিতাইৰ ওচৰলৈ পঠিয়াবলৈ বাধ্য হৈছোঁ। কিয়, এই কথাটো আৰু কাৰো পৰা লুকাই থকা নাই। নাৰীয়ে নিজৰ সতীয়া পুতেকক মৰম-চেনেহ কৰাটো একপ্ৰকাৰৰ অসম্ভৱ কথা। বিয়াৰ সময়ত শুনিছিলোঁ যে ছোৱালীজনী বৰ সৎ, আত্মীয়-স্বজনৰ যতন ল’ব আৰু ৰামস্বৰূপক নিজৰ সন্তানৰ দৰে আঁকোৱালি ল’ব; কিন্তু সকলো মিছা কথা। লাগিলে নাৰী যিমানেই মহান অন্তৰৰ নহওক কিয় তেওঁ কেতিয়াও নিজৰ সতীয়া সন্তানক মৰম কৰিব নোৱাৰে।

আৰু মোৰ এই অন্তৰ ভেদি যোৱা দুখ এগৰাকী পবিত্ৰ অন্তৰৰ পত্নীক তেওঁৰ শেষ সময়ত কৰা মোৰ সেই প্ৰতিশ্ৰুতি নৰখাৰ শাস্তি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক