দ্বিতীয় বিবাহ – মূল: মুঞ্চি প্ৰেমচন্দ অনুবাদ: মনালিছা পাঠক নেওগ

মই যেতিয়া নিজৰ চাৰি বছৰীয়া পুত্ৰ ৰামস্বৰূপলৈ অলপ মনোযোগ দি চাওঁ তেতিয়া এনে ভাব হয়

যে তাৰ সেই সৰলতা আৰু আকৰ্ষণ এতিয়া নাই

যি দুবছৰ পূৰ্বে আছিল৷ সি মোলৈ তাৰ ৰঙা পৰা আৰু অসন্তুষ্ট চকুৰে যেতিয়া চোৱা দেখা পাওঁ৷ তাৰ সেই অৱস্থা দেখি মোৰ কলিজা কঁপি উঠে আৰু মোৰ সেই প্ৰতিশ্ৰুতিটোলৈ মনত পৰে যিটো মই দুবছৰ পূৰ্বে তাৰ মাকক দিছিলোঁ যেতিয়া তেওঁ মৃত্যু পথৰ যাত্ৰী আছিল৷ মানুহ ইমান স্বাৰ্থপৰ আৰু নিজ ইন্দ্ৰিয়ৰ ইমান গোলাম হৈ থাকে যে নিজৰ দায়িত্ব কোনো কোনো সময়তহে অনুভৱ কৰে৷ সেইদিনা ডক্টৰে হাত দাঙি দিছিল৷ ৰামস্বৰূপৰ মাতৃ অৰ্থাৎ মোৰ পত্নীক বচোৱাটো যে অসম্ভৱ ডক্টৰে জনাইছিল৷

সেইদিনাই মোৰ পত্নীয়ে মোক কান্দি কান্দি সুধিছিল “ তুমি দ্বিতীয় বিবাহ কৰাবানে?

কৰিবা কিয় নকৰিবা৷

পিছ মুহূৰ্ততে চিঞৰি কান্দি কৈছিল

– মোৰ ৰামৰ কি হ’ব তেতিয়া৷

তাৰ যত্ন লবা৷ যদি পাৰা৷ “

মই কৈছিলোঁ “ তোমাক প্ৰতিজ্ঞা কৰিছোঁ,

মই কেতিয়াও দ্বিতীয় বিবাহ নকৰোঁ আৰু ৰামস্বৰূপ কথা তুমি চিন্তা নকৰিবা৷

এনে কথা কিয় কৈছা! তুমি জানো ভাল নহবা! “

তাই মোৰ ফালে হাতখন পেলাই দিলে যেন বিদায় হে মাগিলে৷ দুই মিনিটৰ পিছত মোৰ চকুৰ সন্মুখৰ পৃথিৱীখন আন্ধাৰ হৈ পৰিছিল আৰু ৰামস্বৰূপ মাক বিহীন শিশু হৈ পৰিল৷ কেইদিনমান তাক বুকুৰ মাজত সুমোৱাই ৰাখিলোঁ৷ চুটি শেষ হোৱাত তাক দেউতাৰ হাতত গতাই মই নিজৰ কৰ্মথলীলৈ ৰাওনা হলোঁ৷

দুই তিনি মাহ মনটো বহুত উদাস হৈ থাকিল৷

তেনেকৈয়ে চাকৰি কৰি থাকিলোঁ কিয়নো চাকৰিৰ বাহিৰে একো গত্যন্তৰ নাছিল৷ মনৰ ভিতৰত বহুত কিবা কিবি গুণা গঁথা চলি থাকিল৷ দুই তিনি বছৰ চাকৰি কৰি টকা জমা কৰি বিদেশ ফুৰিবলৈ যাম৷ এইটো কৰিম সেইটো কৰিম নানান পৰিকল্পনা কৰিলোঁ৷ এতিয়া কতো মন নবঢ়া হ’ল৷

ঘৰৰ পৰা চিঠি আহিয়েই আছিল ভাল ভাল ঠাইৰ পৰা সম্বন্ধ আহি আছে বুলি৷ পৰিয়ালটো ভাল, ছোৱালীজনী বুদ্ধিমতী আৰু ধুনীয়া৷ পিছত আৰু এনেকুৱা সম্বন্ধ পোৱা নাযাব৷ বিয়া কৰিব লাগিবই যেতিয়া কৰি লোৱাই ভাল আদি নানান কথা লিখি৷ প্ৰতিটো কথাতে মোৰ মতামত সোধে আৰু মই বাৰে বাৰে না কৰি গৈছিলোঁ৷ মই আচৰিত হৈছিলোঁ যে মানুহ কেনেকৈ দ্বিতীয় বিবাহৰ বাবে প্ৰস্তুত হ’ব পাৰে! তেওঁৰ সুন্দৰ আৰু প্ৰতিপ্ৰাণ স্ত্ৰী যি তেওঁৰ বাবে স্বৰ্গৰ এক উপহাৰ স্বৰূপ আছিল তেওঁক ভগৱানে কাঢ়ি নিয়াৰ পিছত৷

সময় পাৰ হৈ গ’ল৷ আকৌ বন্ধু বান্ধৱৰ তাগিদা বাঢ়ি গ’ল৷ কবলৈ ধৰিলে পাহৰি যোৱা তেওঁক, নাৰী ভৰিৰ জোতাৰ দৰে, যেতিয়া এযোৰ ফাটি যায়, তেতিয়া নতুন এযোৰ সলাই লবা৷ নাৰী জাতিৰ কি ভয়ংকৰ অপমান কৰিছা এনেকৈ কৈ মই তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ সক্ষম হৈছিলো৷

আমাৰ সমাজ ব্যৱস্থাই যেতিয়া বিধবাক দ্বিতীয় বিবাহৰ অনুমতি নিদিয়ে তেনেস্থলত মোকো শোভা নিদিয়ে যে মই দ্বিতীয়বাৰৰ বাবে এজনী ছোৱালীৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাটো৷ যেতিয়ালৈকে এই কলংক আমাৰ সমাজ ব্যৱস্থাৰ পৰা আঁতৰি নাযায় মই ছোৱালী কি বিধবাৰ সৈতেও কোনোপধ্যেই বিবাহ নকৰোঁ৷ মনলৈ ভাব আহিল চাকৰি এৰি এই বিষয়টোৰ ওপৰত প্ৰচাৰ কৰোঁ৷

কিন্তু মঞ্চত নিজৰ মনত কথা মুখলৈ কেনেকৈ আনিম৷ ভাৱনাবোৰক ব্যৱহাৰিক ৰূপ দিয়াত,

চৰিত্ৰ মজবুত কৰিবলৈ, যি কথা কোৱা যায় তাক

প্ৰকৃত অৰ্থত কৰি দেখুৱাবলৈ যে আমি কিমান অসমৰ্থ হওঁ সেই কথা মই বুজি উঠিলোঁ যেতিয়া ছয় মাহ পিছত মই এজনী ছোৱালীৰ সৈতে বিবাহ পাশত আবদ্ধ হলোঁ৷

পৰিয়ালৰ লোকসকল সুখী হ’ল যে মই যিকোনো প্ৰকাৰে মান্তি হলোঁ৷ তাৰ মাজতে আমাৰ বংশৰ দুই তিনিজন পঢ়া শুনা লোকে মোক ককৰ্থনা কৰি কলে “ তুমি যে কৈছিলা মই বিধবাক হে বিয়া

কৰাম, দীঘলীয়া ব্যাখ্যা কৰিছিলা, এতিয়া সেই সকলো কথা কত গ’ল? তুমি এটা উদাহৰণও ৰাখি নগলা যাতে পিছৰ প্ৰজন্মই তেনে কিবা এটা কৰিব পাৰে৷ “

মোৰ তেতিয়াহে যেন চকু মুকলি হ’ল৷ ডেকা

তেজত মই এইয়া কি কৰি পেলালোঁ৷ পুৰণা ভাৱবোৰ আকৌ মনত পৰিল আৰু আজিও

মই সেই ভাবতে ডুবি আছোঁ৷

ভাবিছিলোঁ কাম কৰা মানুহজনে লৰাটোক চম্ভালিব নোৱাৰিব৷ নাৰীয়েহে এইটো কাম ভালকৈ কৰিব পাৰিব৷ বিবাহৰ পিছত যেতিয়া

নাৰী ঘৰলৈ আহিব তেতিয়া ৰামস্বৰূপক নিজৰ লগত ৰাখিব পাৰিম আৰু তাৰ ভালকৈ আদৰ যত্ন লব পাৰিম কিন্তু মোৰ সেই ধাৰণা ভুল আখৰৰ দৰে মোহাৰ খাই গ’ল৷ ৰামস্বৰূপক আজি আকৌ গাঁৱলৈ দেউতাৰ ওচৰলৈ পঠিয়াবলৈ বাধ্য হলোঁ৷

কিয় সেইটো সকলোৱে নিশ্চয় ভালকৈ বুজি উঠিছে৷ কোনো নাৰীয়ে নিজৰ সতিনীৰ সন্তানক নিঃস্বাৰ্থ ভাবে মৰম কৰাটো এক অসম্ভৱ কথা৷

বিয়াৰ সময়ত শুনিছিলোঁ ছোৱালীজনী বৰ ভাল

লৰাটোৰ ভালকৈ ধ্যান ৰাখিব আৰু নিজ সন্তান

হেন জ্ঞান কৰিব কিন্তু সকলো মিছা আছিল৷ নাৰী যিমানেই ভাল অন্তৰৰ নহওক কিয় তেওঁ কেতিয়াও সতিনীৰ সন্তানক মৰম কৰিব নোৱাৰে

আৰু মোৰ এই বুকু ভঙা দুখ সেই প্ৰতিজ্ঞা ভংগ কৰাৰ শাস্তি যিটো মই এগৰাকী ভাল পত্নীক দিছিলোঁ তেওঁৰ শেষ সময়ত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক