দ্বিধা নে দ্বন্দ্ব নে দায়বদ্ধতা (অনামিকা বৰুৱা)

অলপদিন আগতে ল’ৰাটোক ইমচ’নেলি ব্লেকমেইল কৰিছিলোঁ। তাৰ বাহিৰে আন উপায় নাছিল। কম্পিউটাৰত গেম খেলি আছিল সি। মোৰ হাত এখন তাৰ ফালে আগবঢ়াই দি তাক ক’লোঁ—”বাবা, এটা প্ৰমিজ কৰা।” উচপ্‌ খাই উঠিল সি। এনেও মোলৈ ভয় কৰে। ক’ত, কেতিয়া, কেনেকৈ তাক শলঠেকত পেলাওঁ তাৰ ঠিকনা নাই। সি কোনোপধ্যেই মোৰ হাতত তাৰ হাত নিদিয়ে। কি বা কৰিবলৈ দিওঁ তাক! নতুবা সি কৰি ভালপোৱা কোনটোবা নকৰিবলৈ কম! কৈছিলোঁ তাক—”মোকতো তুমি জানা। বিশ্বাসো কৰা। তোমাক কেতিয়াও এনেকুৱা একো কৰিবলৈ নকওঁ যিটো তুমি কৰিব নোৱাৰা!” থেৰোঁ-গেৰোঁ কৰি সি কোনোমতে তাৰ হাত থৈছিল মোৰ হাতত। তাৰ হাতখন ধৰি কৈছিলোঁ—

: আজিৰপৰা পৰীক্ষা শেষ নোহোৱালৈ তুমি কম্পিউটাৰ চুব নোৱাৰা| চুলেই মোৰ মৃত্যু হ’ব|
লগে লগেই সি চিঞৰি উঠিছিল—
: মা, এনেকৈ কিয় কোৱা? ইমানদিন নেখেলাকৈ থাকিব পাৰি নেকি?
: তাৰমানে তোমাক মোক নালাগে?
: লাগে| তুমি নহ’লে কেনেকৈ হ’ব! সেইবুলি এইটো কিবা এটা কথা হ’ল নেকি?
: তেতিয়াহ’লে তুমি নিজে ঠিক কৰা তোমাক কি লাগে| কেইদিনমানহে, তাকো পৰীক্ষা বুলি| মোৰ কাৰণে তুমি এইকণো কৰিব নোৱাৰা?
: অ’কে অ’কে হ’ব| নুচুওঁ দিয়া কম্পিউটাৰ| অ’ মা, তেতিয়া তুমি মোক এটা গে’ম্‌ দিবা?
: দিম|
: প্ৰমিজ?
: তুমি জানা মই কথা দি কথা কেতিয়াও নেপেলাওঁ|

…তাক এনেকৈ বান্ধি মই কষ্ট পাইছিলোঁ যদিও বান্ধিবলৈ বাধ্য হৈছিলোঁ| কাৰণ সেই একেটাই-কিতাপ নপঢ়া| আৰু তাকে লৈ পুৱা-গধূলি, দিন-ৰাতি ঘৰখনত হুলস্থুল| দেউতাকে আন কিবা কৰক নকৰক পুৱা শুই উঠাৰ পৰা ৰাতি বিছনাত নপৰালৈকে তাক বকি থাকে ”নপঢ়ে” বুলি| আজিলৈকে দেউতাক হিচাপে কৰাৰ ভিতৰত তেওঁ সেই কামটোকে কৰিছে– তাক বকি থাকে| বকেহে হয়, কিন্তু বকাখিনি কিমান কামত আহিল তাক নাচায়| কোনোদিনে তাৰ বহী এখন মেলি চাই পোৱা নাই; তাক প্ৰশ্নোত্তৰ এটা কৰাত সহায় কৰি দি পোৱা নাই| সেই লৈ মই কিবা ক’লে কয়- মই পঢ়াৰ বিষয়ে একো নাজানো| এইবাৰ মই কোৱাৰ বাবে টিউচন ঠিক কৰি দিছে হয়| কিন্তু টিউচনত কি শিকাইছে, শিকোৱাখিনি সি আয়ত্ত কৰিব পৰিছে নে নাই তাক লৈ কোনোদিনে মূৰ ঘমোৱা নাই| তাক কোনোদিনে ফুৰাবলৈ নি পোৱা নাই| তাৰ মনৰ জগতখনৰ উমান লোৱা নাই| সময় নাই অসময় নাই মাত্ৰ হিচাপ উলিয়ায় কাৰ ল’ৰাই ক’ত পঢ়িছে! ইয়াক লৈ অভিযোগৰ অন্ত নাই– এনেকৈ কি হ’ব! টেবুলতে নবহে ই! মই কিবা কব খুজিলেই কয় তুমি কিয় আছা? তুমিতো পাৰা তাক চাব| নোচোৱা কেলে’? এইয়া এক অন্য প্ৰসংগ|

…সন্দেহ নাই বাবাই প্ৰয়োজনতকৈ কম পঢ়ে| ময়ো জানো| ক্লাচ নাইনত পঢ়া ল’ৰা হিচাপে যিমানখিনি সময় অধ্যয়ন কৰিব লাগে সি নকৰে| তাৰ ধাণ্ডা কেবল মাত্ৰ কম্পিউটাৰত গেম খেলা| আৰু দেউতাকৰ এই কথাটোতে বিৰাট আপত্তি| যোৱা বছৰলৈকে ময়ে পঢ়াই আছিলোঁ তাক| টিউচন-চিউচন নাছিল| অফিচৰ পৰা গৈ ভাগৰ লাগে যদিও তাৰ কাৰণে সেইখিনি কষ্ট কৰি বেয়া নালাগে মোৰ| সিও কম নহয় মাকজনী ওচৰত বহি থকালৈকে ভালকৈ পঢ়ি থাকে| যেই মই ভাত ৰান্ধিবলৈ উঠি গ’লোঁ সিও বিস্কুট বিচাৰি পাকঘৰ পায়গৈ| বহুত চোকা নহয় মোৰ ল’ৰাটো| কিন্তু পঢ়োঁ বুলিলে পাৰে মাত্ৰ তাৰ পিছে পিছে লাগি থাকিব লাগে| যোৱা বছৰৰ পৰাই তাক অলপ অলপকৈ এৰি দিছিলোঁ মই| ইয়াৰ কাৰণ দুটা- প্ৰথম কাৰণ মোৰ মানুহজন| এই কাৰণটো আজি বিশ্লেষণ নকৰোঁ| কাৰণ ক’ব খোজা প্ৰসংগটো তাৰ লগত নিমিলে| দ্বিতীয় কাৰণটো বাবা নিজেই| লক্ষ্য কৰিছিলোঁ পঢ়া ক্ষেত্ৰত সি সম্পূৰ্ণৰূপে মোৰ ওপৰত নিৰ্ভৰ কৰিবলৈ লৈছে| যিটো এজন ছাত্ৰ হিচাপে মুঠেই গ্ৰহণযোগ্য নহয়| অষ্টমমানত পঢ়া ল’ৰা এজনক যদি প্ৰথম দ্বিতীয় শ্ৰেণীত পঢ়া ল’ৰাৰ দৰে পঢ়ুৱাব লগা হয় তেন্তে সি নিজাকৈ কি শিকিব? নিজে একো নাজানি নুবুজি যদি ভাটৌ চৰাইৰ দৰে মুখস্থ মাতি পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পায়েই ই ভৱিষ্যতে তাক প্ৰকৃততে শিক্ষিত কৰি তুলিবনে? নালাগে সি টপাৰ হ’ব কিন্তু যিখিনি শিকিলে যিখিনি পঢ়িলে সেইখিনি যাতে তাৰ মনত ৰয় ভৱিষ্যতে তাৰ কামত আহে মই সেইটো বিচাৰিছিলোঁ| মই নিবিচাৰোঁ সি ৰবট হওক লাগে অলপ গাধাই হওক কিন্তু যোগ-বিয়োগ-পূৰণ-হৰণ অংক কৰাত সি নিজৰ মগজুৰ কচৰত্‌ কৰক| অসমীয়া-ইংৰাজী-হিন্দীৰ পাঠবোৰ পঢ়ি উঠি নিজেই তাৰ প্ৰশ্নোত্তৰ সম্পূৰ্ণ কৰক| ভুল হওক একো নাই শুধৰাই দিম, নম্বৰ কম পাওক কোনো কথা নাই, পাছৰ বছৰ বেছিকৈ পাব সেইবুলি হকে নহকে অনবৰতে তাক চিঞৰি থকাৰ পক্ষপাতী মই নহয়| এইবছৰ এৰি দিছিলো তাক নিজে নিজে পঢ়িবলৈ| টিউচন দিছিলো অংক, ইংৰাজী আৰু সমাজ অধ্যয়নত| এইবাৰৰ অংকবোৰ কৰিবলৈ মই সঁচাকৈ টান পাইছিলোঁ| আৰু ইংৰাজীখন জোঁটাই জোঁটাই পঢ়ি অসমীয়াত ভাঙনি কৰি পঢ়ি নিজে বুজি উঠি তাক পঢ়াবলৈ সিমান মানসিক প্ৰস্তুতি নাছিল মোৰ| কাৰণ আজিকালি অফিচৰ আহোঁতে মোৰ বহুত পলম হয়| ভাগৰো লাগে অলপ|

…দেউতাকৰ যুক্তি ল’ৰাই দিনে ৰাতিয়ে সকলো বাদ দি মাত্ৰ পঢ়া টেবুলত বহক| মোৰ যুক্তি অলপ সময়েই পঢ়ক কিন্তু যিখিনি পঢ়ে মনপুতি পঢ়ক| আচলতে বাবাই নপঢ়াতকৈ মই তাক নপঢ়োৱাটোতহে এওঁৰ আপত্তি বেছি| তেওঁ মোক কিজানি মেচিন বুলি ভাবে! কোনোদিনে ক্ষয়-ক্ষতি নোহোৱা এটা আটক ধুনীয়া আজৱ মেচিন! তেওঁৰ দৰে সকলো সময়তে কামোৰি নাথকিলেও তাৰ প্ৰতিটো কৰ্মকাণ্ডই মোৰ নখ্‌-দৰ্পণত| কেতিয়া সি সঁচাকৈ পঢ়ে, তাৰ কিমানখিনি পঢ়া সম্পূৰ্ণ হ’ল, কিমানখিনি বাকী আছে সি নোকোৱাকৈয়ে গম পাওঁ মই| দেওবাৰৰ দিনটোত কানি-কাপোৰ ধুই ঘৰৰ কাম-বন সামৰি আজৰি হৈ আমি দুটা সদায়ে পঢ়িবলৈ বহোঁ| কেতিয়াবা ভাত খোৱাৰ আগতে; কেতিয়াবা ভাত খোৱাৰ পাছত| পঢ়িবলৈ পালেও মোৰ লগত বহিবলৈ পোৱাৰ কাৰণেই সি বৰ বিশেষ ওজৰ আপত্তি নকৰে| উভতি যুঁজে কেতিয়াবা নুযুঁজা নহয়; কিন্তু ক্ষন্তেক সময়ৰ বাবেহে| কাৰণ সি জানে মোৰ লগত ওজৰ আপত্তি কৰি লাভ নাই| ল’ৰা-ছোৱালী হ’ল বুলিয়েই অপত্য মৰমত অন্ধ হৈ উটি-ভাঁহি নাযাওঁ মই| খোৱা পাতৰ পৰা মাছ-মাংস খুৱাই দি ইহঁতক মৰম নেদেখুৱাওঁ| লাগ বুলিলেই যিহকে লাগে তাকে আনিও নিদিওঁ| যিটো সিহঁতৰ প্ৰয়োজন হয় সেইটো মই নিজেই চাই-মেলি আনি দিওঁ| দেউতাকৰ তুলনাত মই বেছিকৈ শাসন কৰোঁ চাগে ইহঁতক| তথাপিও মই নহ’লে এক মূহুৰ্ত নচলে ইহঁতৰ| সিহঁতৰ প্ৰয়োজনত মোকেই বিচাৰে| মই সন্মতি নিদিয়ালৈকে যিকোনো এটা কাম কৰিবলৈ সাহস নকৰে| বাবাৰ বিশ্বাস তাৰ মাকজনী পৃথিৱীৰ বেষ্ট মাক| বেষ্ট নহ’লেও তাক বুজি পাওঁ মই| সি নোকোৱাকৈয়ে তাৰ মনৰ খবৰবোৰ গম পাওঁ| কেতিয়াবা চুৰ কৰি ধৰা পৰি সি কয় মা তোমাক কিন্তু মানিব লাগিব| তুমি চব কথা কেনেকৈ গম পোৱা? সৰৱজান নেকি তুমি? প্ৰিয় বান্ধৱী মই তাৰ| তাৰ সকলো অনুভৱ ভগাওঁ মই| সময় উলিয়াই বহুত কথা পাতোঁ আমি| গুণগুণকৈ কৈ যায় সি তাৰ মনৰ কথাবোৰ| কেতিয়াবা তাৰ সপোনবোৰৰ প্ৰশ্ৰয় বিচাৰি সি মোৰ মুখলৈ চায়| নতুন কিবা এটা কৰিলেই খৰধৰকৈ আহি মোক কয়| দেউতাকে বেছিকৈ তৰ্ক-বিতৰ্ক কৰিলে সি অসহায় হৈ মোৰ মুখলৈ চায়| দেউতাকে বকি থকা সময়ত প্ৰশ্ৰয় নিদিওঁ তাক| কিন্তু পাছত বুজাই কওঁ কিয় দেউতাকে তাক তেনেকৈ কব লগীয়া হ’ল| তাৰ ভুল ক’ত হ’ল|

…আজিৰ যুগত ভালকৈ পঢ়া-শুনা নকৰিলে, পৰীক্ষাত ভাল ফলাফল নাপালে উঠি অহা তৰুণ-তৰুণীৰ যে ভৱিষ্যত অন্ধকাৰ তাক অস্বীকাৰ কৰাৰ উপায় নাই| অপ্ৰয়োজনীয় প্ৰতিযোগিতাৰ দৌৰত অনিচ্ছাসত্বেও ভাগ লবলৈ বাধ্য| কিন্তু এই প্ৰতিযোগিতাই কি দিছে? মোৰেই ল’ৰা-ছোৱালী দুটাক মই কি দিছোঁ? দি দিব পাৰিছোঁ? সিহঁত দুটাৰ ভৱিষ্যত সুৰক্ষাৰ নামত এটা উন্নত জীৱনৰ সন্ধানত আমি দুয়োজনে চাকৰি কৰিছোঁ| পুৱাতেই ওলায় যাওঁ, আবেলি আহি সোমাওঁ| ইহঁত দুটাক কিমানকণ সময় পাওঁ? যিকণ সময় পাওঁ তাৰে সিংহভাগ দেখোন পঢ় পঢ় কৰোঁতেই যায়| ইহঁতৰ শৈশৱ-কৈশোৰ বন্দী কৰি পেলাইছোঁ আধুনিকতাৰ নামত| জীৱন গঢ়াৰ নামত| ভৱিষ্যতৰ প্ৰতিশ্ৰুতিৰ নামত| নিৰ্মমভাবে মোহাৰি পেলাইছো সিহঁতৰ হাঁহিবোৰ| অযুক্তিকৰ অকাৰণ বিৰক্তিৰে পুতি পেলাইছো সিহঁতৰ আলসুৱা মনবোৰ| ৰাতিপুৱা ৮টাতেই পিঠি এবোজা বোজা লৈ স্কুললৈ ওলায় গৈ আবেলি চাৰিটাত ঘৰলৈ উভতে| স্কুলৰ পৰা অহাৰ পাছত যি অলপ মুকলি সময় তাতো বাধ্যবাধকতা| টিউচনৰ বান্ধোন| ইহঁতৰ বাবে শৈশৱ-কৈশোৰ উপভোগ কৰাৰ আহিলা হ’ল টি.ভি চোৱা, কম্পিউটাৰত গেম খেলা, কেতিয়াবা এদিন ওলায় গৈ চিপ্‌চ খোৱা-চক’লেট খোৱা, মন গ’লে এখন কমিক্‌‍চ পঢ়া, তাকো নহ’লে এনেয়ে এপাক চাইকেল চলোৱা(ল’ৰাটোৰ ক্ষেত্ৰত), লগৰ কোনোবা এটা আহিলে অলপ ল’ৰা-ধপৰা কৰা| দেওবাৰ বুলি যি এদিন বন্ধ পায় তাকো আৰ্ট স্কুল, গিটাৰ স্কুল, দবাখেলাৰ স্কুললৈ গৈ বন্ধ দিনটোৰ সদ্‌ব্যৱহাৰ কৰা ইত্যাদি ইত্যাদি| ইহঁতক দেখি দুখত বুকু ফাটি যায় মোৰ| বেবিলনৰ ওলমা বাগানৰ দৰে দেখাই-শুনাই ধুনীয়া এটা সপোন দেখুৱাইছোঁ ঠিকেই কিন্তু তাৰ বাবে সঁজাৰ চৰাইৰ দৰে বন্দী কৰি নিষ্ঠুৰভাবে কাঢ়ি নিছো সিহঁতৰ ইস্পিত সোণোৱালী শৈশৱ| ইহঁতৰ ঠাইত নিজক বহুৱাই চাওঁ| কেনে আছিল মোৰ শৈশৱ???

…জীৱন দিবলৈ গৈ জীৱনৰ পৰা বিছিন্ন কৰি আনিছো সিহঁতক| মোৰ ল’ৰা-ছোৱালীয়ে নাজানে গাঁৱৰ বোকা-পানীৰ গোন্ধ ল’ব! সিহঁতে নাজানে ভূঁই ৰুবলে গ’লে কেনে লাগে, ধান ধাবলে গ’লে কেনে লাগে, ধানৰ নৰাই কাটিলে হাত-ভৰিৰ চেক্‌চেকনি কেনে লাগে| সিহঁতে কোনোদিনে উপলব্ধি কৰি নাইপোৱা ধানৰ লেচেৰি বুটলাৰ আনন্দ, পথাৰত চেচু খন্দাৰ আনন্দ, বিল-পুখুৰী সিঁচি মাছ ধৰাৰ আনন্দ, নৈ-পুখুৰীত জোবোৰা মাৰি গা ধুৱাৰ আনন্দ, মাঘৰ বিহুত ৰাজহুৱা ভোজ খোৱাৰ আনন্দ, ভোজ খাবলৈ আনৰ বাৰীৰ পৰা শাক-পাচলি আৰু গঁৰালৰ পৰা হাঁহ-কুকুৰা চুৰ কৰাৰ আনন্দ, বহাগ বিহুত ঘৰে ঘৰে বিহু মাৰিবলৈ গৈ চাহ-পিঠাৰ জুতি লৈ ঘৰত ৰাতি ভাত খাব নোৱাৰাৰ আনন্দ, দূৰৈত বিহু মাৰিবলৈ গৈ ৰাতি বৰষুণত তিতাৰ আনন্দ, আৰ বাৰীত তাৰ বাৰীত সোমায় লেটেকু-পনিয়ল-বগৰী পাৰি খোৱাৰ আনন্দ, ফাগুণত চিলা উৰুৱাৰ আনন্দ, বৰশীৰে মাছ ধৰাৰ আনন্দ, ৰবাব টেঙাৰে ফুটবল খেলাৰ আনন্দ, পথাৰত ৰুৱাৰ দিনত জলপান খোৱা আৰু ধান দোৱাৰ দিনত লাইশাক ভজা, শুকতি মাছেৰে ভাত খোৱাৰ আনন্দ…আৰু কিমান কম! মাঘৰ বিহুত একেলগে ভোজভাত খাই পোৱা নাই, গৰু বিহুত নদীলৈ গৈ গৰুক গা ধুৱাই পোৱা নাই মোৰ ল’ৰা ছোৱালীয়ে!!!

(২)

…দেউতাৰ চাকৰিৰ খাতিৰতে বিভিন্ন ঠাই ভ্ৰমি ফুৰিছিলোঁ যদিও নিভাঁজ গ্ৰাম্য জীৱনৰ সোৱাদ লোৱাৰ পৰা বঞ্চিত হোৱা নাছিলোঁ| সৰু নিচাদেউৰ ছোৱালী মিনু মোৰ সৈতে একে বয়সৰ আছিল| মামাহঁতৰ ঘৰলৈ গ’লেই আমি দুইজনীয়ে পিন্‌পিনাই ঘূৰি ফুৰোঁ| বাধা দিওঁতা কোনো নাই| কচু-ঢেকীয়া বুটলোঁ| ঘৰত খৰি নাথাকিলে বাঁহৰ আগ শুকান গছৰ ঠানি বিচাৰি ফুৰোঁ| সেই চেগতে যাৰে তাৰে বাৰী লুংলুঙাই ফুৰোঁ| বছৰেকীয়া পৰীক্ষা শেষ হ’লেই মাৰ লগত আমি লাহোৱাললৈ যাওঁ এনাইৰ ঘৰলৈ| ধান দোৱাৰ দিনত আমি সৰুকেইজনীয়ে ধান দাবলৈ নাযাওঁ| যাওঁ পথাৰত ভাত খাবলৈ আৰু চেচু খান্দিবলৈ| মিনুৱে দুডাল হোলাং (ফলা বাঁহৰ টুকুৰাৰে আগতো জোঙা কৰি লোৱা আমাৰ চেচু খন্দাৰ সঁজুলি) তৈয়াৰ কৰি থৈ দিয়ে| চেচু খান্দি খান্দি এসোপামান হ’লে ঘৰলৈ গুচি আহোঁ| আহি টিউবেলৰ পানীত ভালকৈ হাত-ভৰি ধোৱাৰ লগতে চেচুবোৰো ধোওঁ| তাৰপাছত মিঠাতেল হাত-ভৰিত সানি চেচুবোৰ সকলোৰে সৈতে ভগাই খাওঁ| সন্ধ্যা নমাৰ লগে লগে মামীয়ে বিস্কুতৰ লগত ৰঙা চাহ দিয়ে| অলপ অলপ আন্ধাৰ হোৱাৰ লগে লগে জেওৰাত বগা কাপোৰ এখন মেলি দি ওচৰত কেৰাচিন তেলৰ চাকি এটা জ্বলাই লৈ দুডাল শুকান বাহেঁৰে টুকুৰিয়াই টুকুৰিয়াই চাক্‌চন মাতোঁ| এই কামটো সদায় নকৰোঁ| আকাশত জোন নাথাকিলেহে কৰোঁ| আকাশত জোন থাকিলে ডাঙৰ নিচাদেউহঁতৰ চোতালত বহোঁ| ডাঙৰ নিচাদেউ সাধু কথাৰ ভঁৰাল| ক’ত ৰকমৰ যে সাধু কয়! বেছিভাগ ভূতৰ সাধু| কাণঢপলা, বুকুত চকু লগা, হাতৰ তলুৱাত ফুটা থকা, ভৰি দুটা উভতি থকা, পৰুৱাই পোৱা, আঁহতৰ তলৰ ভূত, বাঁহ গছৰ তলৰ ভূত মুঠৰ ওপৰত সাধুৰ শেষ নাই| ভূতৰ সাধু শুনি আমি পোৱালিবোৰ ভয়ত তাপ মাৰোঁ| গাটো লৰচৰ কৰিবলৈকো ভয়| এপাদেৱে ভাত খাবলৈ মাতিলে ইটোৱে-সিটোৰ হাতত ধৰাধৰিকৈ যাওঁ| আনকি সৰুপানী চুবলৈ গ’লেও আটাইকেইটা শাৰী পাতিহে যাওঁ| ৰাতি ভয়তে মাত নোলোৱাকেইটাৰ দিন হোৱাৰ লগেই লগেই ৰূপ সলনি হৈ যায়| চাহ খাই ৰাতিপুৱাৰ ভাতকেইটা পেটত পৰাৰ লগে লগেই গোটেইবোৰ যেনি তেনি পিয়াপি পি নোহোৱা হৈ যাওঁ| তাত শাসন কৰোঁতা কোনো নাই| একমাত্ৰ মাক অলপ ভয় লাগে| মই বুলিয়েই নহয় মালৈ সকলোৱে ভয় কৰে| সৰু এপাদেৱেতো বাঘ দেখা দি দেখে| মাঘ বিহুৰ ক’ত যে কাহিনী আছে! ধন মামাৰ মামীজনীৰ হাতখন অলপ টান| ইমান ডাঙৰ বাৰীখনত শাক-পাছলিয়ে উভৈনদীকৈ থাকিলেও দিবলৈ টান পায়| সেয়ে এবাৰ অনুপ কাহঁতে খঙতে কৰিলে কি ৰাতি ভোজ-ভাত খাই আজৰি হৈ সকলোবোৰ শুই যেতিয়া নিঃপালি দিলে ধন মামাহঁতৰ বাৰীৰ পৰা লাইশাক-ফুলকবি-বন্ধাকবি-ধনীয়া যেয়ে যি পাৰে তুলি নি গাঁৱৰ প্ৰত্যেক ঘৰৰে দুৱাৰমুখত এসাঁজ খাবৰ জোখাৰে পাছলি থৈ দিছিল| পুৱা উঠি দুৱাৰ মেলিয়েই দুৱাৰ মুখত পাছলি দেখি সকলো অবাক হৈছিল| পাছত অৱশ্যে কথাটো সকলোৱে গম পাইছিল| ধন মামাহঁতেও কাকো দোষাৰূপ কৰা নাছিল| বহাগ বিহুত গছৰ তলত বিহু মাৰিবলৈ যোৱাৰ আনন্দই সুকীয়া আছিল| আমি সৰুবোৰে স্কাৰ্ট-ফ্ৰক পিন্ধি বিহুৰ ঢাপত উঠিব পাৰিছিলোঁ যদিও পুষ্পিতা হোৱাকেইজনীয়ে মেখেলা-চাদৰ পিন্ধি যোৱাটো বাধ্যতামূলক আছিল| নিয়ম হেনো| আমাৰ গাভৰুৰ ঢাপত ডেকা ল’ৰা উঠিব নোৱাৰিছিল| ডেকাবোৰে ওচৰৰে আন এটা ঢাপৰ পৰাই কেতিয়াবা জোৰা নাম গাই ছোৱালীবোৰৰ লগত প্ৰতিযোগিতাত নামিছিল| লাহোৱালৰ বিহুনামৰ এক অন্য মাধুৰ্য আছে| সাতদিনলৈকে গছৰ তলত বিহুমৰাটো বাধ্যতামূলক আছিল| সেই কেইদিনত ঢাপত এজনী হ’লেও ছোৱালী উঠি নাম এষাৰ গাই এগছি বন্তি জ্ব্লাব লাগিছিল| সাতদিনৰ পাছত বিহু উৰুৱাইছিলোঁ| গাঁৱে গাঁৱে হুঁচৰি গোৱাৰ সুযোগো পাইছিলোঁ| ৰাতি চাইকেলত উঠি দূৰলৈ হুঁচৰি গাবলৈ যাওঁ| মাৰ পাটৰ ৰিহাখন শাৰী কৰি পিন্ধাৰ বয়সৰ পৰাই মই বিহু নাচিছোঁ| ডুমডুমাত থাকোঁতে আমাৰ সৰু হুঁচৰি দলটোৰ নাচনীকেইজনীৰ মেখেলা-চাদৰ পিন্ধোৱাৰ দায়িত্ব আছিল মাৰ আৰু ল’ৰাহঁতক চুৰিয়া পিন্ধোৱাৰ দায়িত্ব আছিল দেউতাৰ| ভাদ-মাহত, কালি পূজাত ভাওনা উপভোগ কৰাৰ আমেজৰ কথা আৰু কি কম! ভাওনাৰ লগততো দেধাৰ স্মৃতি জড়িত হৈ আছে| এবাৰ কোনোবা এখন ভাওনাত ৰাক্ষসে কৰা টনা-আঁজোৰাত কোনোবা সুন্দৰীৰ চুলি খুলি পৰিছিল| সেই লৈ কি যে অৱস্থা হৈছিল!!!

…কঠীয়া তুলিবলৈ শিকিছিলো শিৱসাগৰলৈ গৈ| তেতিয়া প্ৰাথমিক বিদ্যালয়তে আছিলো চাগে! মাজনী বা আৰু পুতু বাক কঠীয়া তুলি থকা দেখি মোৰো তুলিবলৈ মন গ’ল| চুচুক-চামাককৈ গৈ ক’লো ময়ো কঠীয়া তুলিম| মোক দেখি দুয়োজনীয়ে হাঁহিলে| ক’লে-পাৰিবি জানো? নেলাগে যা বোকা লাগিব তোৰ গাত| নাই মই তুলিমেই| সিহঁতক চাই চাই এবাৰ একোচা কঠীয়া তুলি লৈ ভৰিটো দাঙি কোবাবলৈ লওঁতেই কঠীয়া হাতৰ পৰা ছিঙি গৈ ক’ৰবাত পৰিলগৈ| মোৰ অৱস্থা দেখি সিহঁতে আকৌ হাঁহিলে| পুতু বাই শিকাই দিলে এনেকৈ অলপ ওচৰত ধৰ আৰু এনেকৈ ভৰিত এচাৰি দিবি| প্ৰথমে কম কমকৈ ল| তই নাজান নহয়| আৰু এইখিনিত মাটি অলপ বেছিকৈ আহে পানীত ভালকৈ জুবুৰিয়াই লবি বুজিছ| আগ্ৰহেৰে সিহঁত দুইজনীৰ লগত কঠীয়া তুলিছিলোঁ| অভ্যস্ত হৈ পৰিছিলোঁ| ভাল লাগিছিল| শালি ধানৰ কঠীয়া আছিল সেইবোৰ| পাছত অলপ ডাঙৰ হৈ লাহোৱালত আহু ধানৰ কঠীয়া তুলিবলৈ শিকিছিলোঁ| কি ধানৰ কঠীয়া এবিধ তুলিছিলোঁ জানো মনত নাই| ছুটি ছুটি| ভৰিত মাৰিব নোৱাৰি| সেইবাৰ আমাৰ ঘৰত মানে ককাৰ ঘৰত প্ৰথম ভূঁই ৰোৱাৰ দিনা ময়ো পথাৰত নামি ৰুবলৈ গৈছিলোঁ| কোনোমতে হিচাপ কৰি কৰি তিনিডাল চাৰিডাল কঠীয়া গোঁজ মাৰি ৰুই গৈছিলো| আঙুলি পিছল নেখায়| কঠীয়া বোলাব নাজানো| মোক দেখিয়েই পথাৰত নামিবলৈ টান পোৱা কৃষ্ণ দাইদ’ৰ সৰু ছোৱালী তুতুমণিও পথাৰত নামিছিল| পাছে বেছি সময় ভূঁই ৰুবলৈ নাপালো| মোৰ ভৰিত জোক এটা লগাত ভয়তে চিঞৰি বাখৰি হুলস্থুল কৰি দৌৰাদৌৰি কৰাত যিখিনি ৰুইছিলোঁ সেইখিনিও উভাল খাই গ’ল| কোনে মোৰ জোক এৰুৱাই দিছিল মনত নাই| জোকৰ ভয়ত আৰু পথাৰত নমাৰ সাহস নহ’ল| পুখুৰীলৈ আহি গা ধুইছিলোঁ| পুখুৰীত গা ধোৱাটো এটা সমস্যা| বিৰাট দ’ পুখুৰীটো| সঁচা-মিছা নাজানো দীপ দাই কয় তিনিডাল বাঁহ কাটি জোৰা দি পুখুৰীটোত জুবুৰিয়াই দিলেও হেনো ডুব যাব| সাঁতুৰিবতো নাজানো| পুখুৰীত পৰি মৰাৰ ভয়ত পানী তুলিবলৈ সাজি দিয়া বাঁহৰ চাংখনতে বহি বহি গা ধোওঁ| খুঁটা এটাত জোৰকৈ ধৰি কোনোমতে এবাৰ দুবাৰ পানীত জোবোৰা মাৰোঁ| গাঁৱৰ এটা কথা মোৰ ভাল লাগিছিল প্ৰথম ভূঁই ৰোৱাৰ দিনা সৰহভাগ মানুহেই আহি সহায়-সহযোগ আগবঢ়াইছিল| এনেকৈ সহায় কৰাতো হেনো পৰম্পৰা| এতিয়া এই পৰম্পৰা আছে নে নাই নাজানো| বহুত বছৰ হ’ল মই শিৱসাগৰলৈ নোযোৱাৰ| লাহোৱালতো সেই গছতলৰ ঢাপটো নাই| তাৰ কোনো চিনচাবেই নাই এতিয়া তাত| শিৱসাগৰত থকাকেইদিন তুতুমণিৰ লগত কলঠৰুৱাৰ কঠ লৈ তাইৰ স্কুললৈ যাওঁ ধাইআলিলৈ| মাটিত কঠ পাৰি বহোঁ| এই কথাটোত মই বৰ ৰস পাইছিলোঁ| ঘৰলৈ আহিলে বৰ আইতাই ৰন্ধা ভাত খাওঁ| বৰ আইতাই যিয়ে ৰান্ধক খাবলৈ বৰ সোৱাদ হয়| আমি চহৰত খাবলৈ নাপাওঁ বুলিয়েই বৰ আইতাই মাতি মাতি ইটো-সিটো খাবলৈ দি থাকে| সান্দহ, হুৰুম, ভজা পিঠাগুৰি…| ইফালে পেটত নাটে| বৰ আইতাক দেখিলেই মই ভয়ত পলাওঁ| এনেও মই আমাৰ ঘৰত বেছি সময় নাথাকিছিলোঁ খুৰীদেউৰ কাৰণে| খুৰীদেৱে কথাই কথাই তুতুমণিক মোৰ লগত তুলনা কৰে| তুতুমণি মোৰ কাণ সমনীয়া| পঢ়াত তাই চোকা নে মই চোকা এই লৈ খুৰীদেৱে অনবৰতে প্ৰশ্ন সুধি থকাৰ কাৰণে মই ৰাজেন বৰদেউতাহঁতৰ ঘৰলৈ গুচি যাওঁ| ৰাজেন বৰদেউতাৰ ভনীয়েক(নামটো পাহৰিলো) পেহীৰ লগতহে মোৰ আচল দিয়া-লোৱা| মোৰ প্ৰতিটো কথাৰ উত্তৰ পেহীৰ ওচৰত পাওঁ| পেহীয়ে মোৰ সকলো আব্দাৰ পূৰা কৰে| কেতিয়াবা ৰাতি তেওঁলোকৰ ঘৰতেই থাকি যাওঁ| আমাৰ ঘৰৰ পৰা পেহীৰ ঘৰলৈ গ’লে পানী বঢ়াৰ দিনত পথাৰৰ মাজত জুইৰ আগ দেখোঁ| সেইয়া হেনো ধনগুলৈ| ধনগুলৈৰ বিভিন্ন কাহিনী শুনো| ভয় লাগে| কেতিয়াবা জাৰকালি মাজু বৰ দেউতাই আটাইকেইটাকে মাতি আনি জুইৰ কাষত বহুৱাই লয়| জুইত আলু পুৰিবলৈ দি সাধু কয়| মাজু বৰদেউতাৰ এটা বিশেষ সাধু টুনি চৰাইৰ ধান কঢ়িওৱা যিটো কাহানিও অন্ত নপৰিল| সাধুটো ৰস লগাকৈ আৰম্ভ কৰি অলপ সময়ৰ পাছত মনে মনে থাকে| আমি ভাবো পাছৰখিনি ক’ব| ৰৈ থাকো শুনিবলৈ| আমনি লাগি তাৰপাছত বুলি সুধিলে কয়—হেৰ’ টুনি চৰায়ে ধান আনিয়েই আছে ৰ’| এখন পথাৰৰ ধান আনিবলৈ কিমান সময় লাগিব তহঁতেই অলপ ভাবি চা! মাজু দেউতাক অভিযোগ কৰোঁ সদায় সদায় ঠগে এনেকৈ! আবেলি আবেলি ককাই বৰকাঁহ বজায় নামপ্ৰসংগ গায়| আমি সৰুকেইটাই দুহাত জুৰি ককাৰ লগত ঘৰৰ নামঘৰত বহোঁ| চকু মুদি প্ৰাৰ্থনা গাওঁ| পদূলি মুখত থিয় দি শিৱদৌলৰ চুড়াটো চাওঁ| গাঁৱৰ নিৰিবিলি আনন্দত বুৰ যাওঁ| আমাৰ থকা ঠাইলৈ উভতি অহাৰ দুদিনমান আগৰ পৰাই বৰদেউতাই মাক কয় ভঁৰালত গুটি ধান আছেই| আৰু কি কি নিব খোজা নিজে যা-যোগাৰ কৰি লোৱা| মই মিলিকক কৈ ধান কুটাই দিম| মায়ে নালাগে বুলি ক’লেও বৰদেউতাই মানুহ মাতি আনি নিজেই বাচত চাউলৰ বস্তা তুলি দিয়ে|

…বয়স বাঢ়ি আহিছিলো যদিও ধেমালিবোৰে লগ এৰা দিয়া নাছিল| লাহোৱালত থাকোতে পূজাত বাগানবোৰত দেখুওৱা ডাঙৰ পৰ্দাৰ চিনেমা চাবলৈ আমি জাকপাতি গৈছিলোঁ| তেনেকৈ একেলগে দুখন তিনিখন চিনেমা চাই ৰাতি পুৱাই দিছিলোঁ| তালাপলৈ আহিও এই বাগানত চিনেমা চোৱাৰ আনন্দ উপভোগ কৰিছিলোঁ| আমাৰ ঘৰৰ ওচৰেৰে বৈ যোৱা পানীৰ সৰু সুঁতিটোত গা ধুইছিলোঁ| কাপোৰ ধুইছিলোঁ| বালি খুচৰি খুচৰি বতিয়া মাছ ধৰিছিলোঁ| ধলাৰ আহোম গাঁৱলৈ গৈ গোঁহাই মামাহঁতৰ লগত বিহুৰ অনুশীলন কৰিছিলোঁ| আহোম গাঁৱৰ মুকলি বিহুজোৰাই প্ৰায়ে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল| তাতেই মই ভীম বুঢ়া গোঁহাইক পাইছিলোঁ| ডাঙৰীত হোৱা বিহুৱতী প্ৰতিযোগিতাত তেওঁ বিচাৰক আছিল| গোঁহাই মামাহঁতৰ ঘৰলৈ গ’লে ভীম বুঢ়াহোঁহাইৰ পদূলি পালেই সাৱধান হৈ যাওঁ| তেওঁৰ ঘৰলৈ সাধাৰণতে গাঁৱৰ মানুহ নাযায়| গ’লেও সতকাই এৰা খাই আহিব নোৱাৰে| তেতিয়াই শুনামতে বিভিন্ন দিশত তেওঁৰ ইমান দখল আছিল যে মানুহে তেওঁৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিহে ভয়ত পলাইছিল| নানা ৰকমৰ ফুলেৰে তেওঁ বাৰীখন ভৰি আছিল| পদূলি মুখখন সদায় সাৰি-পুচি ইমান পৰিষ্কাৰ কৈ ৰাখিছিল যে তেওঁৰ ঘৰৰ সন্মুখ পালেই গম পাই যাওঁ| তালাপত অনুষ্ঠিত হোৱা বিভিন্ন অনুস্থান সমূহত ভাগ লৈছিলো| ছাত্ৰ সন্থাৰ মিটিং কৰিছিলোঁ, প্ৰদীপ দাহঁতৰ লগত নাটক, সংগীতালক্ষ কৰিছিলো| গাঁৱে গাঁৱে গৈ সুৰ বাহিনীৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিছিলোঁ| কলেজ পোৱাৰ পাছতো নাটক কৰিছিলোঁ| ৰাজীৱক দম দি একেদিনাই নাটক লিখাইছিলোঁ| ৰাজীৱহঁতে নিজেই ঠিক কৰিছিল কলেজ উইকত নাটক কৰিম বুলি| মোক সুধিলে তুমি আমাৰ লগত কৰিবা নেকি বুলি| কৰিম বুলি ক’লোঁ| কিন্তু তাৰ পাছত নাটকৰ দেখা দেখি নাই| কথা আছিল ৰাজীৱে এখন নতুন নাটক লিখিব আৰু সেইখনেই মঞ্চস্থ কৰিব| আজি লিখিম কালি লিখিম কৰি থাকোঁতে কলেজ উইকলৈ আৰু মাত্ৰ পাঁচদিন আছে| নাটকৰ উম-ঘাম নাই| এদিন ৰাজীৱক জোৰ কৰিয়েই বয়জ হোষ্টেললৈ লৈ গ’লোঁ| তাক হেঁচা মাৰি বহুৱাই ক’লোঁ তুমি লিখা মই কপি কৰিম| জিন্তু-পোপিয়ে মোক চকুৰে ইঙ্গিত দিছে তাক যেন কোনোপধ্যেই এৰি নিদিওঁ| মূৰে কপালে হাত দি বহি আছে ৰাজীৱ| ময়ো বহি আছো আজি লিখিবই লাগিব বুলি| বেচেৰাই যুঁজি যুঁজি দুপেজমান কিবা লিখিলে| কিন্তু এনেকৈ জানো নাটক লিখিব পাৰি? মোক ক’লে অ’ই চা আজি ৰাতিয়ে ফাইনেল লিখিম| এতিয়া মোক এৰি দে প্লিজ| এনেকৈ মূৰৰ পৰা একো নোলায়| একদম গড্‌ প্ৰমিজ| কাইলৈ আমি ৰিহাৰ্চেল কৰিমেই তোক কথা দিলোঁ| তাৰ অৱস্থা দেখি মোৰ হাঁহি উঠিছিল যদিও আকৌ তাকহে দম দি ক’লোঁ কাইলৈ যদি নাটক নাপাওঁ তোমাক কেঁচাই খাম| পাছদিনা নাটক লিখাই নহয় প্ৰত্যেকৰে হাতে হাতে একোটাকৈ কপি পৰিছিল| আমাৰ নাটকৰ পাণ্ডুলিপিও জমা দিয়া হৈ গৈছিল| সেইবাৰ আমাৰ নাটকে শ্ৰেষ্ঠ নাটক, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল| কেণ্টিনত পাৰ্টি খাইছিলোঁ আমি ফূৰ্তিতে| এই নাটকখনেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত অংহগ্ৰহণ কৰাৰ নিমন্ত্ৰণ লাভ কৰিছিল| মই যাবলৈ পোৱা নাছিলোঁ ব্যক্তিগত অসুবিধাৰ কাৰণে| সেইয়া এক অন্য কাহিনী| পাছত শুনিছিলো মই অভিনয় নকৰাৰ কাৰণেই আমাৰ নাটকখনে পুৰস্কাৰ নাপালে| বেয়া লাগিছিলো মোৰ তেতিয়া|

…এক সহজ গতিৰে পাৰ হৈ গৈছিল আমাৰ জীৱন| কিন্তু ইহঁতৰ! ইহঁতৰ ঠাইত নিজক বহুৱাই চালে পৰ্বতৰ টিঙৰ পৰা কোনোবাই বগৰাই দিয়া যেন পাওঁ| কোনো চাঞ্চল্য নাই, কোনো উদ্যম নাই, কোনো আমেজ নাই, কোনো তৰংগ নাই, কোনো শিহৰণ নাই, কোনো উৎসাহ নাই, কোনো হেঁপাহো নাই| এক নিঃসাৰ-নিস্তেজ জীৱন| গতানুগতিক দিনপঞ্জী| সেই একেই স্কুল, হোমৱৰ্ক, টি.ভি, ভিডিঅ’ গেম, কম্পিটাৰত গেম খেলা, মন গলে দুই এখন কমিক্‌চ পঢ়া| এনেকৈ ল’ৰাই পঢ়িব কেনেকৈ? নিজকে সুধোঁ মই! মই নিজেও বেছি সময় নপঢ়িছিলোঁ| একেৰাহে বেছি সময় কিতাপ পঢ়াৰ ধৈৰ্য নাছিল মোৰ| কিন্তু কৰিম বুলি ভবা বা ঠিক কৰি লোৱাটো কৰিব পাৰিছিলো| মোৰ ল’ৰাটোক দেখো পঢ়োঁ বুলিলে সি পাৰে কিন্তু নপঢ়ে| বাকী স্বভাৱে চৰিত্ৰই ভালেই সি| তাৰ বয়সৰ আন ল’ৰাৰ দৰে মই খং কৰিব পৰা তেনে কোনো বাজে অভ্যাস নাই| পকেট মানি বিচৰাৰ অভ্যাস নাই| কেতিয়াবা চ’কলেট এটা বা চিপ্‌চ খাবলৈ মন গ’লে মোৰ পৰা দহ টকা খুজি নিয়ে| আচলতে সি নিজাকৈ কিবা কৰিবলৈ মই তাক এৰিয়েই দিয়া নাই| মোৰ অনুমতিৰ অবিহনে লগৰ ল’ৰাৰ ঘৰলৈকো নাযায় সি| কিতাপ পঢ়িবলৈ বিশেষকৈ স্কুলৰ পাঠবোৰ আওৰাবলৈ মনটোক সজীৱ কৰি ৰখাৰ দৰকাৰ| মই তেনেকৈয়ে ভাবোঁ| এইটো বয়সত পঢ়িবলৈ মন নাযায়| কাৰণ মই পঢোঁতেও তেনেকৈয়ে পঢ়িছিলোঁ| মন গ’লে নিশা চাৰিটা বজালৈকে পঢ়িছিলোঁ কেতিয়াবা| সি কিতাপ পঢ়িবলৈকে মাক-দেউতাক হিচাপে আমি অন্য ধৰণে কিছু পদক্ষেপ লোৱাৰ দৰকাৰ| মোৰ সাধ্যৰ ভিতৰত থকাখিনি মই কৰোঁ| চাকৰি নকৰি ঘৰত থকা হ’লে হয়তো মই সিহঁতৰ জীৱনটো অন্য ধৰণে সজাব পাৰিলোঁ হয়| কিন্তু এতিয়া কেতিয়াবা ময়ো ভাগৰি পৰোঁ, বিৰক্তিবোধ কৰোঁ| ফলত অনিচ্ছাকৃতভাবে সিহঁতৰ ওপৰত খৰ্গহস্ত হৈ পৰোঁ| মোৰ ভাগৰ আঁতৰাবলৈকে কেতিয়াবা সিহঁতক আওকাণ কৰোঁ| এই সাধাৰণ কথাটোকে দেউতাকে নুবুজে| দেউতাকে ভাবে পঢ় পঢ়কৈ থাকিলেই তেওঁৰ দায়িত্ব শেষ| দেউতাকৰ মাত্ৰ এটাই কথা নপঢ়ি নুশুনি ভাল ৰিজাল্ট কৰিব নোৱাৰিলে ভৱিষ্যতে সি কি কৰি খাব? মানুহৰ আগতেইবা মুখ উলিয়াম কেনেকৈ? সি আমাক খুৱাব নালাগে নহয়| আগলৈ সিয়ে খাব|

….কথাষাৰৰ অৰ্থ নথকাও নহয়| মানুহৰ আগত মুখ উলিওৱাৰ কথা বাদ দিলেও তাৰ ভৱিষ্যতৰ কথাটোৱে কেতিয়াবা মোকো ভবাই তোলে| তাৰ ভৱিষ্যত মানে? আগলৈ সি ডাঙৰ হ’ব| বিয়া বাৰু কৰাই আমাৰ দৰে সিও সংসাৰ কৰিব| সতি সন্ততি জন্ম দিব| এইখিনি কৰি সুখে সন্তোষে জীয়াই থাকিবলৈ তাক আৰ্থিক নিৰাপত্তা লাগিব| আৰ্থিক নিৰাপত্তা আহৰণ কৰিবলৈকে শিক্ষাগত অৰ্হতা অৰ্জন কৰিব লাগিব| তাৰ কাৰণে ভালকৈ পঢ়িব লাগিব| এটা সৰল সমীকৰণ| অলপো জটিলতা নাই ইয়াত| এইখিনিলৈকে ঠিক আছে| কিন্তু? এই কিন্তুৰ বজ্ৰকামোৰৰ পৰা মই কোনোদিনেই মুক্তি নাপাওঁ| সেইদিনা পেটেলা আহিছিল| পেটেলা মানে মোৰ ভিনিদেউ| মই কোনোদিনে ভিনিদেউ বুলি নামাতো আগৰে পৰা| ভাগিনটোৰ কথা ক’লে| ভুৱনেশ্বৰত কম্পিউটাৰ ইঞ্জিনীয়াৰিং পঢ়ি আছে সি| তেওঁ কোৱামতে এতিয়া হেনো তাৰ বিদেশত পঢ়াৰ মন| সি নিজাববীয়াকৈ তাৰবাবে অনুশীলনো কৰিছে| ভিনিদেউৱে কৈছে যে সি ভালপোৱা বিষয়টোত পঢ়োৱাবলৈ কমেও চল্লিশ লাখ টকা লাগে| অইলত চাকৰি কৰা ভিনিদেউৰ কাৰণে এইখিনি টকাৰ যোগাৰ কৰাটো বৰ এটা টান কাম নহ’ব| পাৰিব তেওঁ| কিন্তু মোক খুলি খুলি খাইছে এটা কথাই সি বিদেশলৈ গৈ যদি নিৰুদ্দেশ হৈ যায়! যদি নিজক বিচাৰি চোৱাৰ নিচাত মোহগ্ৰস্ত হৈ পৰিয়ালৰ পৰা বিছিন্ন হৈ যায়! মই কোৱা নাই যে ঘৰৰ প্ৰতি তাৰ টান নাই বা শিপা ছিঙি যাব পৰাকৈ মাক-দেউতাকে তাক সিমানখিনি শিক্ষা দিয়া নাই| কিন্তু কাইলৈ মাক-দেউতাকৰ অসুখৰ সময়ত তেওঁলোকে যদি তাক কাষত নাপায়? তাক এবাৰ দেখাৰ হেঁপাহতে নেদেখাকৈ যদি মাকৰ চকু মুদ খাই যায়? হাই প্ৰেচাৰে জুৰুলা কৰা ভিনিদেউৰ হঠাত্‌ ষ্ট্ৰ’ক হৈ যদি সি আহি পোৱাৰ আগতেই নোহোৱা হৈ যায়? কি অমংগলীয়া কথাবোৰ কৈ আছোঁ? বিদেশত আৰু মানুহ নাই নেকি? বিদেশতো থাকি মানুহে অসমত থকা পৰিয়ালৰ লগত যোগাযোগ ৰখা নাই নেকি? জীৱন মৰণ এইবোৰতো মানুহৰ হাতত নাই| আৰু নোহোৱা নোপজা, নেদেখা নুশুনা কথাৰ বাবে এতিয়া সি তাৰ সপোন পূৰ নকৰিব নেকি?

…আচলতে মই ভয় কৰিছো কাইলৈ মোৰ ল’ৰাই ভালকৈ পঢ়ি যদি বিদেশলৈ নগ’লেও বাহিৰলৈ পঢ়িবলৈ গৈ মোৰ কাষলৈ উভতি নাহে? যদি সি বাহিৰতে ৰৈ যায়? তেতিয়া কি কৰিম মই? পাৰিম জানো তাৰ সপোন পূৰণৰ নামত তাৰ ভৱিষ্যত সুৰক্ষাৰ দোহাই দি মোৰ মনটোক বুজনি দিব সি য’তেই আছে তাতেই কুশলে থাকক বুলি? প্ৰায়েই শুনো বাহিৰলৈ গৈ শিপা হেৰুওৱা বিভিন্নজনৰ বিভিন্ন কাহিনী| ৰতনৰ মুখত শুনা তিনিচুকীয়া কলেজৰ সেই ছাৰজনৰ কথা| পুত্ৰ-জীয়াৰীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি এতিয়া দুয়োজনেই বিদেশত| ইয়াত বৃদ্ধ মাক-দেউতাক| চাওঁতা কোনো নাই| টকা-পইচাৰ অভাৱ নাই| দুই সন্তানে পঠিয়াই থকাৰ উপৰিও ছাৰৰ সাঁচতীয়া টকা আৰু পেঞ্চনৰ টকাৰেই চলি যায়| কাষত মাথোন চোৱা-চিতা কৰিবলৈ মাত এষাৰ দিবলৈ মানুহ নাই| কাইলৈ মোৰো যদি সেই অৱস্থা হয়? ভয় লাগে মোৰ| নোৱাৰিম মই প্ৰত্যক্ষ কৰিব সেই নিঃসঙ্গতাৰ| এতিয়াও মই নিঃসঙ্গ| কিন্তু এতিয়াৰ লগত তেতিয়াৰ নিঃসঙ্গতাৰ তুলনা নহয়| স্বাৰ্থপৰ হৈ পৰিছো যদিও উপায় নাই| স্বাৰ্থতেইতো সিহঁতক নমাই আনিছিলো এই স্বাৰ্থপৰ পৃথিৱীলৈ| মই নিবিচাৰো বাবাই মোক এৰি কোনোবা দূৰণিলৈ যাওক| পৰীক্ষাত টপাৰ হৈ ভাল ৰিজাল্ট কৰি উচ্চ শিক্ষা বিচাৰি বিদেশলৈ ঢপলিয়াওক| মানুহৰ আগত পৰিচয় দিবৰ বাবেই সি পঢ়াত চোকা হ’ব নালাগে| ইয়াতে থাকক সি মোৰ আশে-পাশে মোৰ উশাহ-নিশাহৰ পৰিধিৰ ভিতৰত| পাৰিম দিব তাক তাৰ ভৱিষ্যতৰ আৰ্থিক নিৰাপত্তা| অৰ্থ উপাৰ্জনৰ বাবেই সি ঘৰ এৰি মোক এৰি দূৰ-দূৰণিলৈ যাব নালাগে| ধনৰ ধনী হ’ব নালাগে মনগে মনৰ ধনী হওক| তাতকৈ সি মাটিৰ মানুহ হওক| মানুহৰ সুখ দুখ ভগাব পৰা কাৰোবাৰ চকুলো মচিব পৰা এজন সঁচা পুৰুষ হওক| মোৰ অসুখত সি কাতৰ হৈ উঠক| যুক্তি তৰ্কৰ উৰ্ধলৈ গৈ জীৱনক সহজ ৰূপত গ্ৰহণ কৰক| মই চকুৰ দৃষ্টি এতিয়াই হেৰুৱাইছোঁ| চশমা নিপিন্ধিলে একো নেদেখো| ঘ্ৰাণ শক্তি হেৰুৱাইছোঁ| যিকোনো গোন্ধ মোৰ সহ্য নহয়| কাইলৈ যদি কলিজাৰ ৰঙো হেৰায় যায়? নাই নাই সি ইয়াতেই থাকক অলপ গাধা হৈ মোৰ মৰমৰ অকণমানি বাবাটো হৈ| মোৰ লগত কাজিয়া কৰক| মোৰ লগত ঠেহ পাতক, তৰ্ক কৰক, উভতি যুঁজক, মোৰ অবাধ্য হওক, তাৰ বাবে মই শাস্তি দিম তাক, শাস্তি পাই সি মোক সুধিব অ’ মা তুমি মোক বেয়া পালা, মই কম পালো বেয়া; তেতিয়া সি মোৰ ডিঙিত দুখ পোৱাকৈ ধৰি চুমা খাব, মই তাক চুমা নিদিয়ালৈকে তাৰ গালখন পাতি ৰৈ থাকিব; চুমাটো দিলেই ক’ব- মা তুমি বহুত ভাল….

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
10 months ago

ভাল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক