দ্ব্যৰ্থক (মনোৰঞ্জন মজুমদাৰ)

দ্ব্যৰ্থক



সম্পাদকৰ ভাষাৰে–
গল্পকাৰৰ চকুত তেতিয়া অপাৰ বিস্ময়৷ ট ট কৈ মোৰ মুখৰ পিনে চাই আছে৷ হয়তো, শুনিব খুজিছে এষাৰ মাত্ৰ মাত… ‘বঢ়িয়া, আপোনাৰ গল্পটো এইবাৰ মোৰ আলোচনীত প্ৰকাশ পাব৷’ কিন্তু, তেনেকুৱা একোৱেই নহ’ল৷ মোৰ মুখৰ ভাবান্তৰ নেদেখি গল্পকাৰ হয়তো হতাশ হৈছে৷ চৰম অৱজ্ঞাৰে তেওঁলৈ গল্পৰ কাগজখিনি দলিয়াই দি ক’লো, ‘এইবোৰ কি আজে-বাজে লিখি মোৰ তালৈ আহিছে? আপুনি জানেনে, মোৰ আলোচনীখন এখন প্ৰতিষ্ঠিত আলোচনী৷ এইবোৰ প্ৰকাশ কৰি কি মই মোৰ সন্মান নষ্ট কৰিম ? আপুনি যাব পাৰে৷’ গল্পকাৰে কাগজখিনি  তেওঁৰ বেগত ভৰাই লাহে লাহে চকীখনৰ পৰা উঠিল৷ তলমুৰকৈ ওলাই যোৱা গল্পকাৰক মই পিছফালৰ পৰা মাত দিলোঁ, ‘শুনক, আপোনাৰ ভৱিষ্যৎ আছে৷ লিখি থাকিব, কিন্তু গল্পত এটা ডেপ্থ থাকিব লাগিব৷’ তেওঁ একো নকৈ মোৰ ৰূমৰ পৰা ওলাই গ’ল৷ বহুদেৰিলৈ মই গল্পটোৰ কথাই ভাবি থাকিলোঁ৷ গল্পটোৰ চৰিত্ৰকেইটা যদিও সাধাৰণ, তথাপিও কিবা এটা যেন নতুন কথা ক’ব বিচাৰিছে গল্পকাৰে গল্পটোৰ জৰিয়তে৷ মোৰ যৌৱনৰ দিনকেইটালৈ মনত পৰিল৷ সেইসময়তো ময়ো এইদৰে গল্প-কবিতা লৈ সম্পাদকৰ টেবুলে টেবুলে ঘূৰি ফুৰিছিলোঁ৷ বহুতেই নাকচ কৰিছিল মোৰ গল্প-কবিতাবোৰ৷ অপমানিত হৈছিলোঁ মই৷ সেই সময়ত হৃদয় দাদাৰ সঁহাৰি নোপোৱা হ’লে হয়তো মই ভাগি পৰিলোহৈ৷ তেওঁ মোক তেওঁৰ আলোচনীত লিখিবলৈ দি উদ্ধাৰ কৰিলে৷ আজি গল্পকাৰজনক বিমুখ কৰাৰ সময়তো মোৰ মূৰত চলি আছিল এক ৰসায়ন৷ ঠিক একেটা ঘটনাৰ পুনৰাবৃত্তি কৰিব খুজিছিলোঁ মই৷ গল্পকাৰজনৰ মুখত ফুটি উঠা কাৰুণ্য আৰু হতাশাৰ ছাঁয়াখিনি ভালকৈয়ে উপলব্ধি কৰিব পাৰিছিলোঁ মই৷ মোৰ মুখত প্ৰকট হোৱা কুটিলতাই মোক নিজকে মনত পেলাই দিছিল সেই দিনবোৰলৈ৷ উপভোগ কৰিছিলোঁ মই গল্পকাৰজনৰ অসহায়তাখিনি৷ এনেতে ৰূমলৈ সোমাই অহা পিয়নজনৰ উপস্থিতিত মোৰ চিন্তাভংগ হ’ল৷ পুনৰ নিজৰ কামত মন দিলোঁ মই৷
গল্পকাৰৰ ভাষাৰে—
বহুদিনৰ মূৰত গল্প এটা লিখিলোঁ৷ গল্পটো লিখি বহু পৰিমাণে মানসিক শান্তি পাইছোঁ৷ আজি ক’তদিনৰ পৰাই এই ধৰণৰ প্ল’ট এটাই মূৰত খুন্দিয়াই আছিল মোৰ৷ চিগাৰেট এটা জ্বলাই বাহিৰলৈ ওলাই গ’লো৷ আনন্দত উকিয়াব মন গৈছে মোৰ৷ পম্পীক ফোন কৰি গল্পটোৰ কথা ক’লো৷ সেইসময়ত তাই অফিচত আছিল৷ বিশেষ উৎসুক প্ৰকাশ নকৰি সাধাৰণভাৱেই তাই মোক ‘ভাল হৈছে’ বুলি ক’লে৷ অলপ আহত হ’লো মই৷ উল্লাস ভালেখিনি কমি গ’ল মোৰ৷ বাহিৰৰ পৰা ঘূৰি আহি পুনৰ কোঠালিত সোমালোহি৷ গল্পটোত পুনৰ চকু ফুৰালো৷ মোৰ গল্পটোৰ বিষয়বস্তু হ’ল ফুটপাথৰ কাষৰ ডাষ্টবিনত বস্তু বিচাৰি ফুৰা সেই শিশুসকলৰ জীৱনশৈলী৷  ৰাতিপুৱাই কান্ধত থৈলা এখন লৈ ডাষ্টবিনে ডাষ্টবিনে ঘূৰি ফুৰা সিহঁতৰ সেই স্বাধীনতাখিনি ভালকৈয়ে উপভোগ কৰোঁ মই৷ বাহ্যিক ধামখুমীয়াৰ পৰা বহু আঁতৰত সিহঁতৰ জীৱন৷ কোনোবা অজানা কবিয়ে সিহঁতক লৈ লিখা কবিতা এটা মনত পৰে মোৰ-
প্ৰেমিকৰ দৰে দুচকুত নাই সিহঁতৰ কোমলতা …
হয়তো কোমলতা হয় পৰে সিহঁতৰ বাবে দুৰ্বলতা …
জীয়াই থকাৰ অদম্য বাসনাত হেৰুৱাই পেলায় সপোনবোৰ
হাতুৰীৰ শব্দৰ ছন্দত সঙ্গীতবোৰো হৈ পৰে নিৰৰ্থক
জোতাৰ চিকমিকনি তোলা ভদ্ৰলোকবোৰে কৰে পুতৌ …
বিপ্লৱীবোৰৰ বাবে সিহঁত মাথো এটা ইছ্যু …
কবিবোৰৰ বাবে নাম কমোৱাৰ আহিলা …
আৰু চিত্ৰকৰৰ বাবে ??? -লাখটকীয়া কেইখনমান ছবি …
নিষিদ্ধ পৃথিৱীত সিহঁতে যদি বিচাৰি পায় জীৱনৰ আনন্দ !
আপুনি ,মই বাধা দিবলৈ কোন ???
পাৰিম জানো আমি চিনেমাত দেখুৱাৰ দৰে চিত্ৰপট সলাব ?
…………………
অলেখ চিন্তাৰ শেষত সকলো শূন্য …
কাহানিও নোলাব উত্তৰবিহীন প্ৰশ্নৰ উত্তৰ …
ঠিক এনে এটা প্ল’টকেই লৈ গল্পটো লিখিছিলোঁ মই৷ এনেতে ম’বাইলটোত মেছেজ অহাৰ শব্দ এটা হ’ল৷ পম্পীৰ মেছেজ৷ লিখিছে,- ‘বেয়া নাপাবা হা৷ বছৰ লগত মিটিং এখনলৈ যাব লগা হ’ল৷ তুমি গল্পটো কোনোবা এখন মেগাজিনত পঠিয়াই দিয়া৷’ গল্পটো এ ফোৰ ছাইজৰ কাগজত লিখি খামত ভৰালোঁ মই৷ প্ৰতিষ্ঠিত আলোচনী এখনৰ সম্পাদকৰ কোঠালিৰ দুৱাৰমুখত থিয় হৈ দুৱাৰখনত টুকুৰিয়ালো৷ ভিতৰৰ পৰা সোমাই যাবলৈ অনুমতি আহিল৷ ভিতৰ সোমাই দেখিলোঁ সম্পাদকজনৰ সৌম্য চেহেৰা৷
– কওকচোন, কেনেকৈ সহায় কৰিব পাৰোঁ আপোনাক?
– ছাৰ গল্প এটা আনিছিলোঁ মই৷ আপোনাৰ আলোচনীখনৰ বাবে৷
– চাওঁ দিয়কচোন৷
খামটো কান্ধৰ বেগৰ পৰা উলিয়াই সম্পাদকজনৰ হাতত দিলোঁ মই৷ তেওঁ খামটোৰ পৰা কাগজখিলা উলিয়াই গল্পটো পঢ়ি যাবলৈ ধৰিলে৷ গল্পটো পঢ়ি যাওঁতে সম্পাদকৰ মুখত কোনো ভাবান্তৰ নেদেখিলোঁ মই৷ কিছুসময় পিছত কাগজখিলা ভাঁজ কৰি তেওঁ মোলৈ দলিয়াই দি ক’লে,‘ এইবোৰ কি আজে-বাজে লিখি মোৰ তালৈ আহিছে? আপুনি জানেনে, মোৰ আলোচনীখন এখন প্ৰতিষ্ঠিত আলোচনী৷ এইবোৰ প্ৰকাশ কৰি কি মই মোৰ সন্মান নষ্ট কৰিম? আপুনি যাব পাৰে৷’ মোৰ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল৷ কোনোমতে চকীখনৰ পৰা উঠি কোঠালিৰ দুৱাৰখন খুলি বাহিৰলৈ ওলাবলৈ লওঁতেই সম্পাদকে পিছৰ পৰা মাত দিলে,‘ শুনক, আপোনাৰ ভৱিষ্যৎ আছে৷ লিখি থাকিব, কিন্তু গল্পত এটা ডেপ্থ থাকিব লাগিব৷’ একো নকৈ তলমূৰকৈ অফিচটোৰ পৰা ওলাই আহি ৰাস্তাত উঠিলোহি৷ পথৰ কাষত সৌটো ডাষ্টবিন৷ এজাক ল’ৰাই এতিয়াও তাতে কিবা খুচৰি আছে৷ বেগৰ পৰা খামটো উলিয়াই ডাষ্টবিনটোলৈ দলিয়াই দিলোঁ৷ ল’ৰা এজনে খামটো খুলি চালে৷
–      অই , কি আছে সেইখনত?
–      একো নাই বে৷ খালী কাগজ৷
–      পেলাই দে৷ মালিকে টুকৰা কাগজ নিব মানা কৰিছে৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments