দ্যুতি- (মানবেন্দ্ৰ কুমাৰ শৰ্মা)

নৈখনে কথা কয়৷ তাৰ বিষাদৰ কথা৷ একালৰ প্ৰাণচঞ্চল নৈখনো যেন আজি দ্যুতিহীন, স্থবিৰ৷ যেন ব’ব লাগে বাবেই নীৰৱধি বৈ আছে৷

মানুহজনীয়ে নৈৰ পাৰত বহি সেই কথা শুনে৷
অকল নৈখনেই কথা কয়নে?
মনৰ ভাৰ পাতলাবলৈ এদিন অহা মানুহজনী এতিয়া সদায় আহে৷ নৈৰ পাৰত বহে আৰু উৎকণ্ঠাৰে বাট চাই ৰয়৷
কিহৰ বাবে বাট চায় তেখেতে যেন নিজেও নুবুজে৷ মুঠতে বাট চায়৷ এই অপেক্ষাৰ মাজতো কিবা শিহৰণ আছে, মাদকতা আছে৷
মানুহজনীয়ে এদিন বিশেষ একো ভবা নাছিল৷ ভাবিছিল নিশ্চয় তেখেতৰ দৰেই কোনোবা৷
কিন্তু এদিন বিশেষত্বহীন যেন লগা সেই দিনবোৰেই যেন লাহে লাহে বিশেষ হৈ উঠে৷ কিবা এটা ভাল লগাই জীৱনটোত পুনৰ ৰঙ সিঁচে৷
মানুহগৰাকীয়ে পিছফালে ঘূৰি চালে৷ নাই, দূৰ-দিগন্তলৈ কেৱল শূন্যতা, তাৰ বাহিৰে একো নাই৷ তেখেত অস্থিৰ হৈ উঠে৷ আজি তিনিদিনৰ এই অসহনীয় অপেক্ষাই তেখেতক চিন্তিত কৰিও তোলে৷ মানুহজনৰ ওপৰতো খং উঠে৷
হঠাৎ, মানুহজনীৰ নিজৰ ওপৰতে খং উঠে, ’ ধেৎ মইয়ো যে আৰু! কাৰ ওপৰত খং কৰোঁ? কিহৰ বাবে কৰোঁ? ’
তেখেতে উভতিব খোজে৷ পিছে মনটোৱে নামানে৷ ’ঠিক আছে বাৰু৷ আৰু অলপ সময়হে বাট চাম কিন্তু! ’, মানুহজনীয়ে নিজকে প্ৰবোধ দিয়ে৷
দূৰ-দিগন্তত বেলিয়ে হেঙুলীয়া ৰহণ চটিয়ায়৷ এইবাৰ তেখেতে সঁচাকৈ মন বান্ধে৷ যোৱাৰ আগতে নৈৰ ফালে চাই কেৱল মনৰ ক্ষোভ উজাৰে, ‘তইয়ো মোক নুবুজিলি নহয়৷ চাই থাক তোৰ কাষলৈও আৰু কোনোকালে নাহোঁ৷’
তেখেতে উচাৎ মাৰি উঠিব খুজে৷ কিন্তু সেই অস্থিৰতাত নৈৰ গৰাত ভৰিখন পিচলে৷
মুহূৰ্ততে পৰি যাব খোজা মানুহজনীক পিছফালৰ পৰা কোনোবাই থাপ মাৰি ধৰিলে৷ মানুহজনীয়ে পিছফালে ঘূৰি চাই দেখে কঁপা কঁপা হাতেৰে তাইক নপৰাকৈ ধৰি ৰাখিব খোজা সেই দুখন হাত!
তাইৰ পিছফালেই সেই মানুহজন৷
মানুহজনে লাহেকৈ হাউলি মানুহজনীৰ পৰি যোৱা চচমাজোৰ তুলিলে আৰু পিন্ধাই দিলে৷
বগা চুলিৰ মাজত মানুহজনীৰ মুখমণ্ডলত সলাজ আভা এটা ধুনীয়াকৈ বিয়পি পৰিল৷
মানুহজনো চাগে’ অলপ উন্মনা হ’ল৷ পৰি যোৱা লাখুটিডাল এইবাৰ মানুহজনীয়ে উঠাই মানুহজনৰ হাতত দিলে৷
‘এই তিনিদিন তীৰকপে জ্বৰ৷ গৰম পানীটুপিও কৰিব পৰা নাই৷ আজি কোনোমতে উঠি ইয়ালৈ দৌৰিছোঁ৷ মই জানো আপুনি যে বাট চাই থাকিব!’
প্ৰথমবাৰৰ বাবে মানুহজনৰ মাত মানুহজনীয়ে শুনিলে৷ দুয়োৰে মাজৰ প্ৰথম কথা৷
“মই আপোনাৰ বিষয়ে একোৱেই নাজানো।”
“মনটোৰ বিষয়েই চোন জানিলে৷ আৰু কি বাকী থাকিল?” -মানুহজনে ক’লে৷

“মোৰ একমাত্ৰ ল’ৰা আমেৰিকাত থাকে।”
“মোৰো৷ ব’লক গধূলি হ’ল৷ ওচৰতে মোৰ ঘৰ৷”- মানুহ জনে ক’লে৷
জোনাকৰ দ্যুতিত নৈখনো মায়াময় হৈ উঠিছিল৷ সেইফালে চাই মানুহজনীয়ে ক’লে,- “আমি কিন্তু নৈখনক অকলশৰীয়া নকৰোদেই৷ সদায় আহিম৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments