দ্য এলকেমিষ্ট : মূলঃ পাওলো কোৱেলহো – অনুবাদঃ জোনমনি কলিতা

 পাতনি
এলকেমিষ্টজনে যাত্ৰীবোৰৰ কোনোবা এজনে কিনি থৈ যোৱা কিতাপ এখন হাতত তুলি ললে৷ পাতবোৰ লুটিয়াই যাওঁতে তেওঁৰ নাৰ্চিচাচৰ গল্পটোৰ ওপৰত চকু পৰিল৷ ‌
নাৰ্চিচাচৰ কাহিনী এলকেমিষ্টজনৰ অৱগত নাছিল যে তেনেকুৱা নহয়, সেই নাৰ্চিচাচ, যি প্ৰতিদিনে এটা হ্ৰদৰ পাৰত বহি তাৰ স্ফটিক যেন পানীত নিজৰ প্ৰতিচ্ছবি চাই নিজৰ ৰূপত বিভোৰ হৈ পৰিছিল৷ তেওঁ নিজৰ ৰূপত ইমানেই বিভোৰ হৈ পৰিছিল যে তেনেকৈ নিজক চাই থাকোঁতে কোনোবা এটা ৰাতিপুৱা তেওঁ হ্ৰদৰ পানীত পৰি ডুবি গৈছিল৷ আৰু তেওঁ পৰা সেই স্থানত এজোপা ফুলগছ গজালি মেলিছিল, যাৰ নাম পিছলৈ মানুহে নাৰ্চিচাচ থৈছিল৷ ‌
কিন্তু এই কিতাপখনৰ লিখকে কাহিনীটো তেনেকৈ সমাপ্ত কৰা নাছিল৷ ‌
তেওঁ কৈছিল, নাৰ্চিচাচৰ মৃত্যুৰ পাছত হ্ৰদটোক বিচাৰি অৰণ্যৰ দেৱীসকল আহিছিল আৰু দেৱীসকলে যেতিয়া হ্ৰদটো বিচাৰি পাইছিল, তেতিয়া হ্ৰদৰ ফটিকৰ দৰে পানীখিনি ক্ৰমশঃ লুণীয়া চকুলোলৈ ৰূপান্তৰ হৈছিল৷
“কিয় কান্দিছা তুমি?”দেৱীসকলে হ্ৰদক সুধিছিল৷ ‌
“মই নাৰ্চিচাচৰ বাবে কান্দিছো৷ “ হ্ৰদৰ উত্তৰ৷ ‌
“আস! তুমি নাৰ্চিচাচৰ বাবে কন্দাটোত কোনো আশ্চৰ্য নাই বাৰু“, দেৱীসকলে কৈছিল, “যদিও আমি সকলোৱে তেওঁক অৰণ্যত পাইছিলো, মাত্ৰ তুমিয়েই তেওঁৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ সুযোগ পাইছিলা! “
“কিন্তু…….. নাৰ্চিচাচ সুন্দৰ আছিলনে? “ হ্ৰদটোৱে সুধিছিল৷
‌“ সেইটো তোমাতকৈ ভালকৈ আৰু কোনেনো জানিব? “ দেৱীসকলে আচৰিত হৈ সুধিলে, “ তেওঁ প্ৰত্যেকদিনাই তোমাৰহে পাৰত বহি নিজৰ ৰূপৰ সুধাপান কৰিছিল৷ “
হ্ৰদটো নিশ্চুপ হৈ ৰ’ল৷ বহুদেৰিৰ মূৰত ক’লে, “মই নাৰ্চিচাচৰ কাৰণে কান্দিছো, কিন্তু নাৰ্চিচাচ কেনে আছিল দেখিবলৈ তেওঁক মই কেতিয়াও লক্ষ্যই কৰা নাছিলো৷ মই কান্দিছো কাৰণ, যেতিয়াই নাৰ্চিচাচ মোৰ পাৰত বহি নিজৰ প্ৰতিচ্ছবি চাইছিল, তেতিয়াই প্ৰতিদিনে তেওঁৰ দুচকুৰ গভীৰতাত মই মোৰ নিজৰ সৌন্দৰ্য্য প্ৰতিফলিত হোৱা দেখা পাইছিলোঁ৷ “ ‌
“কি সুন্দৰ গল্প! “, এলকেমিষ্টজনে ভাবিলে৷

খণ্ড ১
ল’ৰাটোৰ নাম আছিল ছাণ্টিয়াগো৷ সি তাৰ ভেঁড়াৰ জাকটোৰ লগত নিষ্পেষিত গীৰ্জাঘৰটো পাওতে প্ৰায় সন্ধ্যাই নামিছিল ধৰাৰ বুকুলৈ৷ গীৰ্জাঘৰটোৰ মূধচখন কেতিয়াবাই জহি খহি পৰিছিল আৰু গুৰুজনাৰ পৱিত্ৰ বেদীতো বহু ঘাঁহ বন গজি উঠিছিল৷

সি নিশাটো তাতে কটোৱাৰ সিদ্ধান্ত কৰিলে৷ ভেঁড়াবোৰেও ইতিমধ্যে ভগ্নপ্ৰায় জপনাখনেৰে সোমাই আহিছিল আৰু বাহিৰা কোনো বিপদজনক জন্তু সোমাব নোৱাৰাকৈ আৱৰণ এচটা দি উঠিছিল৷ এনেতো সি জনাত সেইখিনিত কোনো তেনে হিংস্ৰ জানোৱাৰ নাই, কিন্তু খোলা জপনাইদি যদি ৰাতি কেনেবাকৈ এটাও ভেঁড়া বাহিৰলৈ ওলাই যায়, তাক চলাথ কৰোতে তাৰ পিছদিনাৰ সমগ্ৰ সময়কণ পাৰ হব৷
তাৰ জেকেটটোৰে মজিয়াখন সাৰি আগদিনাই পঢ়ি শেষ কৰা কিতাপখনকে গাৰু হিচাবে ব্যৱহাৰ কৰি সি তাতে শুই পৰিল৷ “মই আৰু শকত কিতাপ পঢ়া উচিত“, সি নিজকে কব ধৰে, “ কাৰণ, শকত কিতাপবোৰ বহুদিন পঢ়িব পাৰি, আৰু সেইবিলাকৰে আৰু বেছি আৰামদায়ক গাৰুও হৈ যায়৷ “
সি সাৰ পাওঁতে আন্ধাৰ সামৰাই নাছিল, আৰু, চকু মেলিয়েই সি খোলা ক্ষয়িষ্ণু মূধচেৰে নিশাৰ আকাশত তৰাবোৰৰ চিকমিকনি খুব সুন্দৰকৈ দেখা পাইছিল৷ “আৰু অলপ শুবৰ মন আছিল“, সি মনতে পাগুলিলে৷ যোৱা সপ্তাহত দেখা সপোনটো সি আকৌ দেখা পালে আৰু আকৌ এবাৰ সপোনটো সমাপ্ত হোৱাৰ আগতেই তাৰ টোপনি ভাগি গল৷
সি থিয় হ’ল আৰু লাঠীডালেৰে তেতিয়ালৈকে শুই থকা ভেঁড়াবোৰক জগাব ধৰিলে৷ সি লক্ষ্য কৰে, সি সাৰ পোৱাৰ লগে লগেই তাৰ প্ৰায়বোৰ ভেঁড়াই লৰচৰ কৰা আৰম্ভ কৰি দিয়ে৷ এনে লাগে যেন যোৱা দুটা বছৰে খাদ্য পানীৰ সন্ধানত অ’ত ত’ত চৰাই ফুৰা এই ভেঁড়াবোৰৰ লগত তাৰ জীৱনটো কোনোবা ৰহস্যময় অদৃশ্য শক্তিৰে বান্ধি ৰখা হৈছে৷ “ইহঁত মোৰ লগত ইমান অভ্যস্ত যে মোৰ দিনসূচীখন প্ৰায় ইহঁতৰ মুখস্থ হৈ আছে“, সি বিৰবিৰাই উঠিল৷ এনেদৰে এবাৰলৈ ভাবি সি বুজি উঠিল, প্ৰকৃততে সিহে ভেঁড়াবোৰৰ দৈনন্দিন জীৱনটোৰ লগত অভ্যস্ত হৈ পৰিছে৷
কিন্তু সিহঁতৰ মাজত এনে কেইটামান ভেঁড়াও আছিল যি সাৰ পাবলৈ লগাতকৈ বেছি সময় লৈছিল৷ লাঠীডালেৰে সি এটা এটাক খুচি খুচি নামকাঢ়ি মাতি মাতি জগাব ধৰিলে৷ ভেঁড়াবোৰে তাৰ ভাষা বুজি পায় বুলি সি সদায় বিশ্বাস কৰিছিল৷ সেয়ে, সি কেতিয়াবা, কিতাপৰ তাৰ মন চুই যোৱা এটা দুটা পংক্তি সিহঁতক পঢ়ি শুনাইছিল, নতুবা, চৰণীয়া পথাৰত তাৰ দৰে ভেঁড়াপালকৰ সাময়িক নিঃসংগতাৰ অথবা সুখৰ বিষয়ে কৈছিল৷ কেতিয়াবা আকৌ সিহঁতৰ স’তে পাৰ হৈ যোৱা গাওঁবোৰৰ সুন্দৰ দৃশ্যবোৰ বৰ্ণনা কৰিছিল৷
কিন্তু যোৱা কেইদিনমান ধৰি সি সিহঁতৰ আগত একেটা মাত্ৰ বিষয়ৰ ওপৰতে কৈ আছেঃ সেই ছোৱালীজনী, প্ৰায় চাৰিদিনৰ পিছত সিহঁত উপস্থিত হবলগীয়া গাওঁখনৰ সদাগৰজনৰ জীয়েকৰ কথা৷ সি সেইখন গাঁৱলৈ মাত্ৰ এবাৰেই গৈছিল, আগৰ বছৰত৷ শুকান সামগ্ৰীৰ দোকানৰ মালিক সদাগৰজনে সদায় তেওঁৰ দৃষ্টিৰ সন্মুখতে ভেঁড়াবোৰ চৰোৱাটো বিচাৰিছিল যাতে তেওঁ ঠগন নাখায়৷ কোনোবা এজন বন্ধুৱে সদাগৰজনৰ বিষয়ে তাক জনাইছিল আৰু সি তাৰ ভেঁড়াবোৰে তেওঁৰ তালৈ লৈ গৈছিল৷
(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments